যুগ যুগ ধৰি আইনী প্ৰক্ৰিয়াৰ মেৰপেছত বন্দী বহু অৱলা নাৰী
জয়ন্ত মুদৈ,নগাঁওঃ আজি আন্তৰ্জাতিক নাৰী দিৱস৷ পূৰ্বৰ বছৰবোৰৰ দৰে এই দিনটোত নাৰীৰ অধিকাৰ তথা নাৰী নিৰ্যাতন, যৌতুক প্ৰথা, উৎপীড়ন, ধৰ্ষণ আদি অমানৱীয় ঘটনাৰাজি ৰোধৰ প্ৰতিবাদত সমগ্ৰ বিশ্বৰ মহিলাসকল একত্ৰিত হোৱাৰ বিপৰীতে পুনৰবাৰ নাৰী সমাজৰ অধিকাৰ সুৰক্ষিত কৰাৰ অৰ্থে চৰকাৰীভাৱে নানা ধৰণৰ আইনী প্ৰক্ৰিয়া বাস্তবায়িত কৰাৰ কথা ঘোষিত হ’ব৷
কিন্তু দেখা গৈছে চৰকাৰীভাৱে ঘোষিত আইনী প্ৰক্ৰিয়াৰ সা-সুবিধাবোৰৰপৰা বঞ্চিত হৈ ৰৈছে সমাজৰ অধিকাংশ মহিলা৷ প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটো গোটেই বিশ্বতে নানা কাৰ্যসূচীৰে পালিত হৈ আহিছে যদিও আমাৰ সমাজৰ নাৰীসকলে আইনী সুৰক্ষা ঠিক মতে পাইছেনে নাই তাক ভাবি চোৱাৰ আহৰি কাৰোয়েই নাই৷
কাৰণ ১৯৯০ চনত বিশ্ব শীৰ্ষ সন্মিলনত গৃহীত প্ৰস্তাৱটোকে চৰকাৰে আজিকোপতি কাৰ্যক্ষম কৰিব পৰা নাই৷ স্মৰ্তব্য যে, ১৯৯০ চনত শিশুৰ জীৱন ৰক্ষা, নিৰাপত্তা আৰু বিকাশৰ লক্ষ্যৰে বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্ব ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল৷ ঘোষণাপত্ৰখনত প্ৰকাশ কৰা হৈছিল যে শিশুৰ জন্মক্ষণত প্ৰতিবছৰে বিশ্বৰ ৫ লাখ মাতৃয়ে অকাল মৃত্যুক সাৱটি লয়৷
তদুপৰি বিশ্বৰ ৩৫ কোটি মহিলা অপুষ্টিজনিত ৰক্তহীনতাত ভূগি আছে আৰু বিশ্বৰ ১০ কোটি শিশুৰ ভিতৰত ২-৩ অংশ কন্যা শিশুয়ে প্ৰাথমিক শিক্ষা লাভ নকৰাকৈ আছে৷ সেয়ে আমাৰ মাজত দেখা দিয়া নাৰী সমাজৰ এই মৌলিক সমস্যাখিনি সমাধানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা ঘোষণাপত্ৰখনত উল্লেখ কৰিছিল আৰু ১৯৯০ চনৰপৰা ২০০৫ চনৰ ভিতৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ আধালৈ হ্ৰাস কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰি লৈছিল৷
কিন্তু এই সকলো অসাৰ প্ৰতিপন্ন কৰি ঘোষণপত্ৰৰ কোনোটো দিশেই অসমত কাৰ্যকৰী নহ’ল৷ যাৰ পৰিণতিত আগৰ দৰেই সন্তান জন্মৰ কালত প্ৰসূতিৰ মৃত্যু তথা অপুষ্টিজনিত ৰক্তহীনতাত ভূগি আজিও ৰাজ্যৰ চুকে-কোনে হাজাৰ হাজাৰ নাৰীয়ে যন্ত্ৰণাদায়ক জীৱন পাৰ কৰি আহিছে৷
কোৱা বাহুল্য মাথোন, বিশ্ব ঘোষণাপত্ৰখন স্বাক্ষৰিত হোৱাৰ সুদীৰ্ঘ ২৮ টা বছৰ পাৰ হৈ গ’ল যদিও মহিলাৰ মৃত্যুৰ হাৰ আৰু কন্যা শিশুয়ে প্ৰাথমিক স্তৰৰ শিক্ষা লাভ নকৰাৰ হাৰৰ কোনোটোয়েই বিশেষ পৰিৱৰ্তন নহ’ল৷
ইফালে, ১৯৯৬ চনত ৰাষ্ট্ৰসংঘৰদ্বাৰা প্ৰকাশিত তথ্যানুযায়ী গোটেই বিশ্বৰ মুঠ ১৩ কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ ভিতৰত শতকৰা ৭০ ভাগেই হৈছে মহিলা আৰু ২ কোটি ৭০ লাখ শৰণাৰ্থীৰ ভিতৰত আকৌ শতকৰা ৭৫ ভাগেই মহিলা৷ আনকি বিশ্বত প্ৰতি বছৰে ১৫-১৯ বছৰ বয়সৰ ১৫ নিযুত নাবালিকাই অকাল মাতৃত্ব বহন কৰে৷ কাজেই, ৰাষ্ট্ৰসংঘৰ এই পৰিসংখ্যাৰপৰা এটা কথা স্পষ্ট হৈ পৰিছে যে সময়ে সময়ে বিশ্বৰ শীৰ্ষস্থানীয় লোকসকলে মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিলেও কিন্তু বাস্তৱ ক্ষেত্ৰত নাৰীসকল আজিৰ তাৰিখটো এইবোৰৰ পৰা বঞ্চিত হৈ আছে।