তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাৰ কলনি চাহ বাগিচাত সোমবাৰে স্থানীয় সংগঠন আৰু মহিলাসকল অবৈধভাৱে সুৰা বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কলনি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰসন্থা(আট্ছা), সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) আৰু মহিলা সমিতিয়ে এক চুলাই মদৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বেনাৰ লৈ চাহ বাগিচাখনৰ শ্ৰমিক ৰাইজক মদ বৰ্জন কৰাৰ আহ্বান জনাই সজাগতামুলক এক সমদল উলিয়ায়৷
ইফালে, সজাগতা সমদলৰ সময়তে মহিলা, আট্ছা, আছাৰ সদস্যসকলে একাংশ শ্ৰমিক ৰাইজৰ বাসগৃহত মজুত কৰি ৰখা চুলাই, গেলা মদ(লাওপানী) নষ্ট কৰি পেলায়৷ আনহাতে, ৰঙাপৰাৰ ঢোলকোবাত প্ৰায় ২০০ লিটাৰ চুলাই মদ জব্দ কৰে আট্ছা, অসম চাহ মজদুৰ সংঘ আৰু গাঁওৰক্ষী বাহিনীয়ে৷
এনেদৰে সম্প্ৰতি ৰঙাপৰা বালিপৰা অঞ্চলৰ চাহবাগিচা সমূহত অবৈধ চুলাইৰ বিৰুদ্ধে সংগঠন সমুহে অভিযান অব্যাহত ৰাখিছে৷