তেজপুৰঃ তেজপুৰ চহৰৰ ঐতিহ্যমণ্ডিত বাণথিয়েটাৰত দেওবাৰে দুদিনীয়া কাৰ্য্যসূচীৰে মার্চ মাহৰ ৩০-৩১ মার্চত সদৌ অসম জ্যোতিষ বস্তু আৰু আধ্যাত্মিক পৰিষদৰ তৃতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব। 

উক্ত সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পণ্ডিত মণ্ডলী, স্বনামধন্য গৱেষক, আধ্যাত্মিক গুণী-জ্ঞানী ব্যক্তি উপস্থিত থাকিব। উল্লেখ্য যে, মহাকাশ বিজ্ঞানী ড০ ওম প্ৰকাশ পাণ্ডে (দিল্লী), মহামহোপাধ্যায় ড০ সঞ্জিত কে শাস্ত্ৰী (টাটা-জামছেদপুৰ), ড০ কুন্তল মুকুথী, ড০ কুশল সেন কলিকতাৰ লগতে নেপাল আৰু বাংলাদেশৰ জ্যোতিষী সকলেও সক্ৰিয় অংশগ্ৰহণ কৰিব। 

গৌৰব আৰু আনন্দৰ বিষয় হৈছে যে মহাকাশ বিজ্ঞানীজনে তেজপুৰৰ পৰাই এটি বাৰ্তা প্ৰেৰণ কৰিব "জ্যোতিষ শাস্ত্ৰ বিজ্ঞান’’ এই শাস্ত্ৰ অন্ধবিশ্বাস বা কুসংস্কাৰ নহয়। 

অধিৱেশনত আধ্যাত্মিকতাৰ জৰীৰ লগতে সমাজ কল্যাণৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে সভাপতি তৰুণ ভট্টাচাৰ্যই।

জ্যোতিষ পৰিষদৰ তৰফৰপৰা শোণিতপুৰ জিলাৰ ১০ জন খ্যাতনামা সাংবাদিকক জীৱন যোৰা সাধনা বঁটা আৰু অসম গৌৰব বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিবলৈ দিছে ভট্টাচাৰ্যই।