20
Mar
2019

ডিমাকুছিঃ ডিমাকুছিৰ বৰঙাজুলি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ৷
উদ্ধাৰ হোৱা মৃতদেহটো ছহিদ আলি (৫৫) ৰ বুলি জানিব পৰা গৈছে৷ বৰঙাজুলি চাহবাগিছাৰ শ্ৰমিক আলিয়ে ঘাহঁ কাটিব বুলি ওলাওতে এই ঘটনা সংঘটিত হয়৷ মূৰ আৰু ভৰিত আঘাতৰ চিন স্পষ্ট থকাৰ লগতে স্থানীয় লোকে চাহবাগানৰ গাড়ীয়ে দূৰ্ঘটনা সংঘটিত কৰি পেলাই থোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে৷
কেনেদৰে এই ঘটনা সংঘটিত হৈ লোকজনৰ মৃত্যু হ’ল সেয়া বৰ্তমানলৈকে বাগানৰ স্পষ্ট হোৱা নাই৷ উক্ত ঘটনাস্থলীত ডিমাকুছিৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷