জাজৰিঃ বিশ্বশান্তিৰ উদ্দেশ্যে জাজৰিৰ সমীপৱৰ্তী ২ নং গেদাৰবড়ি নামঘৰ প্ৰাংগনত অহা ২৯, ৩০ আৰু ৩১ মাৰ্চত তিনিদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
উদ্যোক্তা সমিতিৰ সভাপতি মিহিৰাম ভূঞাই জনোৱা মতে ২৯ মাৰ্চত পুৱা উষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত প্ৰতিষ্ঠা, অক্ষয় বন্তি প্ৰজ্বলনৰ পাছত ৯.৩০ বজাত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল বৰাবাপে।
১০ বজাত ভাগৱত পাঠ উদ্বোধন কৰিব জ্যোতিপ্ৰসাদ বৰা বাপে আৰু ৩১ মাৰ্চৰ পুৱা ১০ বজালৈ অবিৰতভাৱে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান চলি থাকিব। শেষৰ দিনা দুপৰীয়া নাম প্ৰসংগৰ পিছত সন্ধ্যা ৫ বজাত ধৰ্মধ্বজা অৱতৰনেৰে অনুষ্ঠানৰ সামৰনি পৰিব।