কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুৱা এটা প্ৰকাণ্ড গঁড়ৰ আক্ৰমণত এজন বন সুৰক্ষাকৰ্মী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যাখনৰ বাগৰি বনাঞ্চলৰ ভুলোকাজান বন শিবিৰ এলেকাত পুৱা প্ৰায় ৯ঃ৩০ বজাত কাজিৰঙাৰ অটব্য অৰণ্যৰ মাজত কৰ্তব্য কৰি থাকোঁতে হঠাৎ এটা প্ৰকাণ্ড গঁড়ে সুৰক্ষাকৰ্মী চন্দ্ৰধৰ ডেকাক আক্ৰমণ কৰাত হাত, কাণ আদিত আঘাত পায়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বন বিষয়া পংকজ বৰাই জানিবলৈ দিয়া মতে, আজি পুৱা উক্ত বন শিবিৰ এলেকাত অৰণ্যৰ ইকৰাণিত জুই দি থকা অৱস্থাত হঠাৎ এটা প্ৰকাণ্ড গঁড়ে বন কৰ্মীজনক আক্ৰমণ কৰে।

আক্ৰমণকাৰী গঁড়টোৰপৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে সুৰক্ষা কৰ্মীজনে কিছুদূৰ দৌৰি গৈছিল যদিও গঁড়টোৱে খেদি গৈ হাতৰ আঙুলি কামোৰি চিঙাৰ লগতে কাণত আক্ৰমণ কৰে। উল্লেখ্য, আন এজন সংগী  বনকৰ্মী লগত আছিল যদিও তেওঁ কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

আহত সুৰক্ষা কৰ্মীজনক জখলাবন্ধা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য, বিগত কেইটামান দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, ম'হ আদি বন্য প্ৰাণীৰ আক্ৰমণত ইতিমধ্যে কেইবাজনো সুৰক্ষা কৰ্মী আহত হোৱাৰ লগতে এজন বনকৰ্মী  মৃত্যুৰ মুখত পৰিব লগা হৈছে।