ৰবীন মহন্ত, বৰহোলাঃ বৰহোলাত অসম ঢুলীয়া শিল্পী সন্মিলনৰ ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশনখনি লামথৌ ওজা ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

বৰহোলা কলাকুঞ্জ ভৱনত ২৯ মাৰ্চৰপৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হোৱা সন্মিলনৰ ২৯ মাৰ্চৰ দিনা বিয়লি প্ৰতিনিধি শিবিৰ মুকলি কৰে শিক্ষক বিবুল হাজৰিকাই আৰু প্ৰতিনিধি সভা উদ্বোধন কৰে ওজা জিতেন হাজৰিকাই।

প্ৰতিনিধি সভাই পৰৱৰ্তী কাৰ্যকালৰ বাবে ধৰ্মেশ্বৰ শইকীয়াক সভাপতি, ওজা সোমনাথ বৰাক কাৰ্যকৰী সভাপতি, অজিৎ গগৈক সম্পাদক আৰু বিপিন শইকীয়া সহ-সম্পাদক হিচাবে লৈ এখনি ২১ জনীয়া সমিতি গঠন কৰে।

৩০ মাৰ্চৰ দিনা পুৱা অসম ঢুলীয়া শিল্পী সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি বুদ্ধেশ্বৰ দোৱনীয়াই, স্মৃতি তৰ্পন কৰে ওজা নৰেন বৰা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি লীলা শইকীয়াই।

কাইনা ওজা স্মৃতিত উচৰ্গিত মঞ্চ ওজা ঋতুপৰ্ণ হাজৰিকাই উন্মোচন কৰাৰ পাছতে কেইবাজনো ঢুলীয়াৰ স্মৃতিত ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্মিলন উপলক্ষ্যে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "চ'তৰ মেঘত ঢোলৰ হাত" উন্মোচন কৰে প্ৰাক্তন অধ্যক্ষ বিজয় মোহন সন্দিকৈয়ে। 

সদৌ অসম ভিত্তিত নিম্ন আৰু উচ্চ শাখাত অনুষ্ঠিত হোৱা ঢোল বাদন প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰে তিতাবৰ সাংস্কৃতিক বিষয়া তথা ওজা সোমনাথ বড়াই। প্ৰতিযোগিতাৰ নিম্ন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বৰপথাৰৰ নেহা লহকৰ, দ্বিতীয় স্থান মহিমাবাৰীৰ অভিজ্ঞান কলিতা, তৃতীয় স্থান সৰুপথাৰৰ প্ৰিন্স গগৈয়ে লাভ কৰে আৰু উচ্চ শাখাত প্ৰথম স্থান গৰুমৰাৰ ঋতুপৱন পাচনী, দ্বিতীয় স্থান চিনামৰাৰ জানমনি শইকীয়াই আৰু তৃতীয় স্থান লাভ কৰে গোলাঘাটৰ অভিলাস ভৰালীয়ে। 

৩১ মাৰ্চৰ পুৱা "ঢোল বাদ্যৰ ওপৰত বুৰঞ্জীৰ প্ৰাসংগিকতা আৰু অসমৰ ওজা হাতৰ পৰিবেশ্য কলা" শীৰ্ষক আলোচনা-চক্ৰখনিৰ সঞ্চালনা কৰে সন্মিলনৰ সভাপতি বুদ্ধেশ্বৰ দোৱনীয়া ওজাই আৰু আলোচক হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে প্ৰাক্তন প্ৰধান শিক্ষক মাণিক শইকীয়া, ওজা দন্দেশ্বৰ বৰুৱা, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লোকেন বৰা আৰু প্ৰাক্তন অধ্যক্ষ যোগেন শইকীয়াই। 

দুপৰীয়া ১ বজাৰপৰা সন্মিলনৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি উদ্ধোধন কৰে সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক চাও দেবেন্দ্ৰ চৰণ বৰবৰুৱাই। মুখ্য বক্তা হিচাবে সন্মিলনৰ প্ৰাক্তন সভাপতি ওজা দন্দেশ্বৰ বৰুৱা, নিদিষ্ট বক্তা হিচাবে ওজা ড০ ইন্দেশ্বৰ দাস, বিশিষ্ট অতিথি হিচাবে ওজা নৰেন বৰা আৰু ওজা হিতেশ্বৰ হাজৰিকা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।