![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/chinatali.jpg?itok=XC6XP7W2)
মৰিয়নীঃ দেশে স্বাধীনতা লাভৰ সাত দশকৰ পাছতো উন্নয়নৰ আঁচোৰ নপৰিল যোৰহাট লোকসভা সমষ্টিৰ মৰিয়নীৰ এটা অঞ্চলত।
ৰজাঘৰীয়াৰ বাৰাম্বাৰ মাহী আইৰ দৃষ্টিৰ বাবে মৰিয়নীৰ চিনাতলী গাঁওবাসীয়ে এইবাৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্বান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।
চিনাতলী গাঁওবাসীৰ বিধ্বস্ত পথ, দলং, বিশুদ্ধ খোৱাপানীৰ অভাৱ তথা তথৈবচ শিক্ষা ব্যৱস্থাকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। কংগ্ৰেছ-বিজেপি প্ৰতিখন চৰকাৰে কৰি অহা বঞ্চনাই আজি হতাশ কৰি তুলিছে মৰিয়নীৰ চিনাতলী গাঁওবাসীক।