চামগুৰিঃ চামগুৰিৰ বৰমাবিলত মংগলবাৰে সংঘটিত হয় এক নৃসংশ হত্যাকাণ্ড। বৰমাবিলৰ এটা পৰিয়ালৰ মঞ্জিলা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আহি উদ্ধাৰ কৰে স্বামী গৃহৰ সমীপত।

দুটিকৈ সন্তানৰ মাতৃ মঞ্জিলা খাটুনক অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামী ওৱাইদুল্লাৰ বিৰুদ্ধে। ইফালে দীৰ্ঘদিন ধৰি চলি অহা পাৰিবাৰিক কন্দলৰ বাবেই এই ৰহস্যজনক হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।

মৃতদেহত থকা আঘাতৰ চিনলৈ চাই তথা মহিলা গৰাকীৰ মৃত্যুৰ পাছত মুখত বিহ ঢালি স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা চলাইছিল বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।

ইফালে লোমহৰ্ষক ঘটনাটো সংঘটিত হোৱাৰ পাছৰেপৰা সম্প্ৰতি পলাতক অৱস্থাত আছে স্বামী ওৱাইদুল্লাৰ লগতে স্বামী পৰিয়লৰ আটাইকেইজন সদস্য। অৱশ্যে মোৱামাৰি আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে ৰহস্যজনক হত্যাকাণ্ডটোৰ সন্দৰ্ভত প্ৰাৰম্ভিক অনুসন্ধান।