![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/c6797dde-06c0-4c19-952c-4605bf2eeae0.jpg?itok=8vHy2Wpf)
মৰিগাঁওঃ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মৰিগাঁও আবকাৰী বিভাগে অবৈধ সুৰা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।
আবকাৰী বিভাগৰ এই অভিযানৰ মাজতে দেওবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ধিং আটি গাৱঁৰপৰা ৩০০ বটল কাপ চিৰাপ জব্দ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মৰিগাঁও জিলা আবকাৰী বিষয়া মুছাৰব হুছেইনৰ নেতৃত্বত চলা এই অভিযানত জিয়াৰো ৰহমান নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে মৰিগাঁও আবকাৰী বিভাগে লাভ কৰা গোপন তথ্যৰ ভিত্তিত আজি অতৰ্কিতে অভিযান চলায় ধিং আটি গাৱঁত। জিয়াৰো ৰহমান নামৰ লোকজনৰ ঘৰত গোপনে মজুত কৰি ৰখা এই নিচাযুক্ত দ্ৰব্যখিনি আবকাৰী বিভাগে জব্দ কৰাৰ লগতে জিয়াৰো ৰহমানকো গ্ৰেপ্তাৰ কৰে।
কাইলৈ আবকাৰী বিভাগে গ্ৰেপ্তাৰ কৰা লোকজনক আদালতত হাজিৰ কৰাব বুলি জনিব পৰা গৈছে। আবকাৰী বিভাগে জব্দ কৰা নিচাযুক্ত দ্ৰব্যখিনি মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি প্ৰকাশ কৰিছে মৰিগাঁও আবকাৰী বিষয়া মুছাৰব হুছেইনে।