গুৱাহাটীঃ তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ বাবে গুৱাহাটীৰপৰা চলিবলগীয়া দূৰণিবটীয়া বাছসেৱাৰ ক্ষেত্ৰত প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নির্দেশনা।
অহা ২০ এপ্ৰিলৰপৰা ২৩ এপ্ৰিললৈকে গুৱাহাটীৰপৰা চলাচল কৰিবলগীয়া দূৰণিবটীয়া বাছ সেৱাসমূহ আইএছবিটিৰ পৰিৱৰ্তে চলিব খানাপাৰা আৰু জালুকবাৰী-আদাবাৰীৰপৰা। প্ৰশাসনে জাৰি কৰা এক নির্দেশ অনুসৰি উক্ত দিনকেইটাত উজনিমুৱা বাছসমূহ আইএছবিটিৰ পৰিৱৰ্তে চলাচল কৰিব খানাপাৰাৰপৰা আৰু নামনিমুৱা বাছসমূহ চলাচল কৰিব আদাবাৰী আৰু জালুকবাৰীৰপৰা।
উল্লেখ যে লোকসভাৰ নিৰ্বাচনৰ অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ইভিএম মেচিনসমূহ ৰখাৰ বাবে 'ষ্টং ৰূম' স্থাপন কৰা হ’ব।
ফলত ৰাজ্য ১৪ টা সমষ্টিৰ ভোটিং মেচিনসমূহ উক্ত দিনকেইটাত ইয়ালৈ অনা হ’ব। ফলত তীব্ৰ যান-জঁটৰ সমস্যাৰ সৃষ্টি হোৱা আশংকা কৰি প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।