![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/bn_0.jpg?itok=NdWZGjXM)
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলিৰ এখন সাপ্তাহিক বজাৰত অলপতে সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাৰ অনুসন্ধানৰ বাবে জিলা দণ্ডাধীশ পৱিত্ৰৰাম খাউণ্ডে যোৱা ৯ এপ্ৰিলত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল।
অতিৰিক্ত জিলা দণ্ডাধীশ দিগন্ত বৈশ্যৰ ওপৰত ন্যস্ত কৰা এই তদন্তৰ বাবে অহা ২৪ আৰু ২৫ এপ্ৰিল তাৰিখে ৰাজহুৱা শুনানিৰ দিন ধাৰ্য কৰা হৈছে।
এই ঘটনা সন্দৰ্ভত সাক্ষ্য দিবলৈ ইচ্ছুক ব্যক্তিসকলক উক্ত দুদিনত পুৱা ১১ বজাৰপৰা ৪ বজাৰ ভিতৰত বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় ভৱনস্থিত অতিৰিক্ত জিলা দণ্ডাধীশ দিগন্ত বৈশ্যৰ কাৰ্যালয় কক্ষত উপস্থিত থাকিবলৈ এক জাননীযোগে অনুৰোধ জনোৱা হৈছে।