♦ বাগিচা কৰ্তৃপক্ষৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ নামনি অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ সময়তে মঙলবাৰে উত্তাল হৈ পৰে কাজিৰঙাৰ ৰাজপথ৷
উল্লেখ্য যে, এটা বহিৰাগত কোম্পানীৰ মালিকাধীন মেঠনি চাহ-বাগিচা কৰ্তৃপক্ষই বছৰ বছৰ ধৰি শ্ৰমিকসকলক প্ৰৱঞ্চনা কৰি আহিছে৷ বাগিচাখনৰ চিকিৎসা, খোৱাপানীৰ সমস্যা, শিক্ষাৰ সমস্যা, পেঞ্চনৰ সমস্যা আদিৰ সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল মেঠনি চাহ-বাগিচাৰ বহিৰাগত বনিক গোষ্ঠীটোৱে৷
কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ মেঠনি চাহ-বাগিচাৰ অন্তৰ্গত চাৰিখন চাহ-বাগিচাৰ হাজাৰ হাজাৰ শ্ৰমিকে দীৰ্ঘদীন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে৷ এই ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষ তথা অসম চৰকাৰেও শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই৷ ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই৷
অৱশেষত ৰাইজৰ ধৈৰ্যচ্যুতি ঘটিল৷ মঙলবাৰে পুৱাই আটছা বোকাখাত শাখাৰ নেতৃত্বত শ শ চাহ-শ্ৰমিক পুৰুষ তথা মহিলা ৰাজপথলৈ ওলাই আহি মেঠনি চাহ-বাগিচাৰ কলঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াৰ পাছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৰুষ-মহিলা ধৰি সকলো চাহ-শ্ৰমিক বহি পৰে৷
বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি কাজিৰঙাৰ আকাশ-বতাহ উত্তাল কৰে চাহ-শ্ৰমিকসকলে৷ প্ৰায় দুঘণ্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ হৈ থকাৰ ফলত উজনি-নামনিৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷
অৱশেষত বোকাখাতৰ এগৰাকী দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত হৈ আটছা, বাগিচাখনৰ চাহ-শ্ৰমিক আৰু মালিকপক্ষৰ সৈতে এক আলোচনা কৰাৰ আশ্বাস দিয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়৷
পৰৱৰ্তী সময়ত বাগিচা কৰ্তৃপক্ষৰ সৈতে এক আলোচনা অনুষ্ঠিত হয় যদিও বৰ্তমানলৈকে চাহ-শ্ৰমিক সকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই কোনো নিশ্চিত আশ্বাস প্ৰদান নকৰিলে বুলি জানিব পৰা গৈছে৷ বৰ্তমানেও বাগিচাখনত চেপা উত্তেজনা অব্যাহত আছে।