কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ বাবে চলি থকা অতি আকৰ্ষণীয় এলিফেণ্ট ছাফাৰী পহিলা মে'ৰপৰা বন্ধ কৰা হ’ব বুলি উদ্যান কৰ্ত্তৃপক্ষই এক জাননীৰদ্বাৰা জানিবলৈ দিয়ে।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ পোহনীয়া হাতী আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰদ্বাৰা চলি থকা এলিফেণ্ট ছাফাৰী পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ১ মে'ৰপৰা বন্ধ কৰা হ’ব।
গৰমৰ প্ৰকোপ বৃদ্ধি হোৱা তথা বাৰিষা অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ কামত বন বিভাগৰ হাতীকেইটা ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিবলৈ দিয়ে।
উল্লেখ্য যে ক্ৰমান্নয়ে বাঢ়ি অহা গৰমৰ বাবে হাতীৰ পিঠিত গাদী বান্ধি দেশ-বিদেশৰ পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাৰ ক্ষেত্ৰত হাতীবোৰে বিভিন্ন সমস্যাৰ সন্মূখীন হোৱা দেখা গৈছে। গৰমৰ সময়চোৱাত হাতীৰ পিঠিত উঠাই পৰ্যটকক উদ্যান ভ্ৰমণ কৰাওতে দুৰ্ঘটনা সংঘটিত হোৱাৰো যথেষ্ট সম্ভাৱনা থাকে।
প্ৰাসংগিক এনে সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই পশু চিকিৎসক, বন বিষয়া আদিৰ সৈতে আলোচনা কৰি পহিলা মে'ৰপৰা কাজিৰঙাত এলিফেণ্ট ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত লয় বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।
অন্যহাতে ৰাষ্ট্ৰীয় উদ্যাখনৰ কহঁৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে ভ্ৰমণ কৰা উদ্যানৰ ভিতৰৰ বাট-পথবোৰ গাড়ী চলিব পৰা হৈ থকালৈকে পৰ্যটকৰ সুবিধা হোৱাকৈ জীপ ছাফাৰী অব্যাহত থাকিব বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিবলৈ দিয়ে।
উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকে দৰ্শন কৰাৰ বাবে পূৰ্বে ছমাহ, অৰ্থাৎ পহিলা নৱেম্বৰৰপৰা ৩০ এপ্ৰিল পৰ্যন্ত মুকলি ৰখা হৈছিল যদিও সৰ্বানন্দ সোনোৱাল চৰকাৰ অহাৰ পাছত স্থানীয় ৰাইজ আৰু পৰ্যটকৰ সুবিধাৰ্থে ছমাহৰ ঠাইত আঠ মাহ, অৰ্থাৎ পহিলা অক্টোবৰৰপৰা ৩১ মে’ পৰ্যন্ত বৃদ্ধি কৰিছিল যদিও আজিলৈকে উদ্যান কৰ্ত্তৃপক্ষই চৰকাৰৰপৰা বৃদ্ধি কৰাৰ কোনো আনুষ্ঠানিক নিৰ্দেশ লাভ কৰা নাই বুলিও সূত্ৰ এটাৰপৰা জানিব পৰা গৈছে। যাৰ ফলত পৰ্যটক আৰু পৰ্যটন ক্ষেত্ৰখনৰ স’তে জড়িত এক বৃহৎ সংখ্যক লোক দোধোৰ-মোধোৰ অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷