![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ug_0.jpg?itok=qLt-RRp-)
নলবাৰীঃ উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ। গোলাঘাট আৰক্ষীয়ে নলবাৰীৰপৰা উদ্ধাৰ কৰে। বুধবাৰৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰি নতুন মূৰ্তি প্ৰতিষ্ঠাৰ বাবে যো-জা চলোৱাৰ সময়তে আৰক্ষীয়ে এই সফলতা লাভ কৰিছে|
গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নলবাৰীৰপৰা চুৰি বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি কুখ্যাত চোৰক।
কুখ্যাত চোৰ কেইটা হৈছে নলবাৰী জিলাৰ বাটচৰৰ চান হুচেইন, টিহুৰ আদিল আলী, মুকালমুৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায়। নিশাই চাৰিওটাকে গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ লৈ অনা হয়।
উগ্ৰতাৰা মন্দিৰৰ মূল পূজাৰীয়ে গোলাঘাটত উপস্থিত হৈ বিগ্ৰহ চিনাক্ত কৰাৰ পাছতে তেওঁৰ হাতত গতাই দিয়া হ’ব বিগ্ৰহ। দিনৰ দহ বজাত গোলাঘাটত পূজাৰীসহ মন্দিৰৰ এটা দল উপস্থিত হয় । যোৱা বছৰৰ ১৭ নৱেম্বৰত মন্দিৰৰপৰা চুৰি হৈছিল বিগ্ৰহ। উল্লেখ্য যে এপিএছচিৰ পাছত সুৰজিৎ সিং পানেছাৰৰ এয়া আন এক বৃহৎ সফলতা বুলি ক’ব পৰি।