ছাইদুল ইছলাম, ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো উদযাপিত হ'ল শ্ৰমিকৰ তেজৰ বিনিময়ত লাভ কৰা ১৩৪ সংখ্যক আন্তৰ্জাতিক শ্ৰমিক দিৱস৷
এই পাহাৰীয়া জিলাখনৰ খোদ সদৰ চহৰ ডিফুত ক্ৰমে কাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থা, সদৌ কাৰ্বি আংলং নিৰ্মাণ আৰু অন্যান্য শ্ৰমিক সন্থা আৰু ইণ্টাৰনেছনেল মে' ডে’ চেলিব্ৰেছন কমিটিৰ উদ্যোগত ক্ৰমে ডিফু চহৰৰ ডিটিচি বিল্ডিঙৰ ওপৰ মহলা আৰু ডিফু কলা কেন্দ্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰমিক দিৱসটি উদযাপন কৰা হয়৷
কাৰ্বি আংলং মটৰ পৰিবহন, শ্ৰমিক আৰু চালক সন্থাই আয়োজন কৰা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সন্থাৰ জিলা সভাপতি আব্দুল নুৰে৷ শ্বহীদ তৰ্পণ কৰে উপসভাপতি ৰবিন গয়াৰীয়ে৷ অন্যান্য শ্ৰমিক নেতা আৰু শ্ৰমিকসকলে শ্বহীদ তৰ্পণত ৰবিন গয়াৰীক অনুকৰণ কৰে৷
ইয়াৰ পাছতে সন্থাৰ সভাপতি আব্দুল নুৰৰ পৌৰুহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সহকাৰী শ্ৰম বিষয়া চিংবয় লেইজেন আৰু ডিফু শ্ৰম কাৰ্যালয়ৰ ইনচ্পেক্টৰ চি টাইফা, সন্মানীয় অতিথি প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙ আৰু সন্থাৰ গণ্যমান্য শ্ৰমিক নেতাসকল৷
সভাৰ উদ্দেশ্য বাখ্যাৰ লগতে অতিথি চিনাকি পৰ্বৰপৰা আদৰণি ভাষণ প্ৰদান কৰে সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে৷ মুখ্য অতিথিৰ ভাষণত শ্ৰম ইন্সপেক্টৰ চি টাইফাই সংগঠিত আৰু অসংগঠিত বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিকসকলক চৰকাৰী কল্যাণ মূলক আঁচনিসমূহৰ সুবিধা লবলৈ আগবাঢ়ি অহাৰ বাবে আহ্বান জনোৱাৰ লগতে শ্ৰম আইন মানি চলিবলৈ কয়৷
শ্ৰমিকসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ জিলা শ্ৰম কাৰ্যালয় সদায় প্ৰস্তত আছে বুলি শ্ৰমিকসকলক উদ্দেশ্য ভাষণ প্ৰদান কৰে৷ ইয়াৰোপৰি মটৰ শ্ৰমিকসকলৰ বাবে কল্যাণমূলক আঁচনি আৰু বিভিন্ন অভাৱ-অভিযোগৰ ওপৰতো মূল্যৱান ভাষণ প্ৰদান কৰে সন্থাৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে আব্দুল নুৰ আৰু কৃষ্ণ ভট্টৰায়ে৷
প্ৰাক্তন বিধায়ক বিধায়ক বিদ্যাচিং ইংলেঙ আৰু সদৌ কাৰবি আংলং নিৰ্মাণ আৰু শ্ৰমিক সন্থাৰ উপসভাপতি প্ৰতি ৰাজা বৰভূঁঞাই শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য বাখ্যা কৰে৷ আনহাতে সদৌ কাৰ্বি আংলং নিৰ্মাণ আৰু অন্যান্য শ্ৰমিক সন্থাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত শ্ৰমিক দিৱসৰ পতাকা উত্তোলন কৰে সন্থাৰ জিলা সভাপতি দিলীপ কিলিঙে৷
শ্বহীদ তৰ্পণ কৰে উপসভাপতি প্ৰতিৰাজা বৰভূঁঞা, সাধাৰণ সম্পাদক আচমত আলীৰ লগতে সন্থাৰ কাৰ্যনিৰ্বাহক সদস্যৰ লগতে শ্ৰমিকসকলে৷ দিলীপ কিলিঙৰ পৌৰুহিত্যত অনুষ্ঠিত মুকলি সভাখনত ক্ৰমে, সভাপতি দিলীপ কিলিঙ, উপসভাপতি প্ৰতিৰাজা বৰভূঁঞা, সাধাৰণ সম্পাদক আচমত আলী আৰু গণ্যমান্য ব্যক্তিসকলে শ্ৰমিক সকলৰ ঐক্য, সংহতি আৰু শ্ৰমিকৰ অধিকাৰৰ ওপৰত তাৎপৰ্যপূৰ্ণ বাখ্যা আগবঢ়ায়৷
ইয়াৰোপৰি ডিফু কলা কেন্দ্ৰত ইণ্টাৰনেছনেল মে' ডে’ চেলিব্ৰেছন কমিটিৰ উদ্যোগত আয়োজিত ১৩৪ সংখ্যক শ্ৰমিক দিৱসৰ কাৰ্যসূচীত উপস্থিত থকা প্ৰাক্তন সাংসদ ড: জয়ন্ত ৰংপি, চিপিআই (এম এল) হিলছ কমিটীৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচই শ্ৰমিক ঐক্য আৰু শ্ৰমদিৱসৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে ডিফু চহৰৰ মাজেৰে বৃহৎ সমদল বাহিৰ কৰি বিভিন্ন শ্ল'গানেৰে ডিফুৰ আকাশ-বতাহ উত্তাল কৰি পুঁজিপতিসকলৰ প্ৰতি শ্ৰমিকসকলৰ ঐক্যবদ্ধ শক্তি প্ৰদৰ্শন কৰে৷