নলবাৰীঃ বহু দিনৰে পৰা নলবাৰীত অব্যাহত আছে বালিৰ অবৈধ ব্যৱসায় কাৰ্য৷ কৰ ফাকিৰে মুকলিকৈ চলিছে এই অবৈধ কাৰবাৰ৷ বন বিভাগৰ আওকণীয়া আৰু কমিছনলোভী মনোভাবৰ বাবেই দিনে নিশাই এইদৰে চলি আছে বালিৰ ট্ৰাক তথা ডাম্পাৰ৷ 

অবৈধ খনন আৰু বালি সৰবৰাহ মুকলিকৈ চলি থকাৰ পিচতো ৰহস্যজনকভাৱে মৌন হৈ আছে বন বিভাগৰ বৰমুৰীয়াসকল৷ নলবাৰী আৰক্ষীয়ে জব্দ কৰে এখন চালানবিহীন বালিভৰ্তি ডাম্পাৰ। আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় চালানবিহীন এই ডাম্পাৰখন৷ 

দৈনিক আৰক্ষীৰ নাকৰ তলেৰেই পাৰ হৈ থকা এই অবৈধ বালিৰ ট্ৰাক তথা ডাম্পাৰসমূহে নলবাৰীত সন্ত্ৰাসৰ সৃষ্টি  কৰিছে৷ চালান বিহীনভাবে চলি থকা এই বালি ভৰ্তি ডাম্পাৰখন মুকলি কৰি দিবলৈ ইতিমধ্যে এক গোপন বুজাবুজি চলি থকা বুলিও অভিযোগত প্ৰকাশ হৈছে৷ সাংবাদিকে ঘটনাৰ বুজ ল'বলৈ যোৱাৰ লগে লগে আৰক্ষীয়ে এই ডাম্পাৰখন অন্য ঠাইলৈ স্থানান্তৰিত কৰে৷