জিয়াউল আলী, লখিমপুৰঃ

♦ লখিমপুৰৰ খাদ্যত বিষক্ৰিয়াৰ ঘটনাই লৈছে ভয়ংকৰ ৰূপ 

♦ ইতিমধ্যে মংগলবাৰে পুৱা মৃত্যুক আঁকোৱালি লৈছে বেৰশ্ৰী বড়ো নামৰ 28 বছৰীয়া এগৰাকী মহিলাই 

♦ আনহাতে বুধবাৰে পুনৰ বগীনদী আৰু উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ২০ জনকৈ আক্ৰান্তক 

♦ দেওবাৰে জিলাখনৰ কদম ন ভঙনীয়া বড়ো গাঁৱত সংঘটিত হৈছিল এই বিষক্ৰিয়াৰ ঘটনা 

♦ নামঘৰত সকাম খোৱাৰ পাছৰেপৰাই অসুস্থ হৈ পৰিছিল ডেৰ শতাধিক লোক 

প্ৰাথমিক চিকিৎসাৰ অন্তত কিছু সংখ্যক আক্ৰান্ত সুস্থ হৈ উঠিছিল 

♦ বিপৰীতে মংগলবাৰে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিশু-মহিলাসহ ১৪ জনকৈ আক্ৰান্তক 

♦ কিন্তু বুধবাৰে পুনৰ বগীনদী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু ১০ জন লোকক 

♦ সমান্তৰালকৈ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়তো ভৰ্তি কৰা হয় আন কেইবাজনো লোকক 

♦ ইতিমধ্যে লখিমপুৰ জিলা উপায়ুক্ত আৰু মন্ত্ৰী নৱ দলে চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্তসকলৰ খবৰ লোৱাৰ লগতে চিকিৎসা খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগক