গুৱাহাটীঃ কলিতা জনগোষ্ঠীটোৰ দ্বি-বিভক্ত গোটৰ মাজত একত্ৰিকৰণৰ প্ৰচেষ্টা চলাইছে জনগোষ্ঠীটোৰ সমন্বয়ৰক্ষী সমিতিয়ে। দেওবাৰে গুৱাহাটীৰ ৰূপনগৰৰ মুক্তিযুঁজাৰু ভৱনৰ সভাগৃহত সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান কৰা এখন সভাত জনগোষ্ঠীটোৰ বহুকেইখন জিলাৰপৰা ভালেসংখ্যক বিষয়ববীয়াই অংশ লয়।
বিশিষ্ট আইনজ্ঞ সত্যেন্দ্ৰ প্ৰসাদ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাই আগন্তুক এমাহৰ ভিতৰতেই এই সম্পৰ্কত এক ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰি জনগোষ্ঠীটোক সবল-শক্তিশালী ৰূপে গঢ়ি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।