গুৱাহাটীঃ অৱশেষত লোকসভাৰ নিৰ্বাচনৰ ব্যৰ্থতা প্ৰকাশ কৰি কংগ্ৰেছৰ হাইকামান্দলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে এই পদত্যাগ-পত্ৰ।

উল্লেখ যে পত্ৰখনত ৰিপুন বৰাই লোকসভাৰ নিৰ্বাচনত অসমত দলটোৰ ব্যৰ্থতা কথা উল্লেখ কৰাৰ লগতে দলটোক নেতৃত্ব দিয়াত তেওঁ ব্যৰ্থতা হোৱা কথাও উল্লেখ কৰিছে।

লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগতে সভাপতি ৰিপুন বৰাৰ পদত্যাগৰ দাবী তুলিছিল একাংশ কংগ্ৰেছীয়ে। ফলাফল ঘোষণাৰ পাছতো সভাপতি ৰিপুন বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্বৰপৰা পদত্যাগ কৰিব লাগে বুলি একাংশ দলটোৰ শীর্ষ নেতায়ো দাবী কৰিছিল।

তাৰ পাছতে দেওবাৰে সভাপতি ৰিপুন বৰাই ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ-পত্ৰ।