♦ উদমাৰিত সাহিত্যিক-লেখক সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ কৰিলে শতাধিক প্ৰতিবাদী চাহ শ্ৰমিকে

ষড়াণন বৰা, চামগুৰিঃ চৰকাৰী বিদ্যালয়ত পাঠদানৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ দ্ৰুতপাঠ হিচাপে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰদ্বাৰা সদ্য প্ৰকাশিত "বৈচিত্ৰময় অসম" নামৰ পাঠ্যপুথিখনৰ এটা প্ৰবন্ধক কেন্দ্ৰ কৰি সম্প্ৰতি জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। 

ইয়াকে লৈ নগাঁৱৰ চামগুৰিৰ উদমাৰিত শনিবাৰে বিয়লি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। অঞ্চলটোৰ শতাধিক চাহ শ্ৰমিক, মহিলা, নেতা-কৰ্মী ওলাই আহি অঞ্চলটোৰ ৰাজপথত অসম সাহিত্য সভাৰ বিষয়ববীয়া তথা সাহিত্যিক সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ।

উল্লেখ্য যে, ব্ৰিটিছৰ শাসন কালতে ওড়িশা, চত্তিশগড়, ঝাৰখণ্ড আদিৰপৰা অসমত নতুনকৈ আৰম্ভ কৰা চাহ বাগিচাসমূহত শ্ৰমিক হিচাপে নিয়োজিত কৰিবলৈ অনা আদিবাসীমূলৰ জনজাতিটোক সাহিত্যিক তথা লিখক সুশীল কুৰ্মীয়ে নৱম শ্ৰেণীৰ দ্ৰুত পাঠত "চাহ জনগোষ্ঠী" বুলি আখ্যা দিয়াক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা গ'ল। 

চৰকাৰী প্ৰকাশক গোষ্ঠী অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ উপাধক্ষ্য তথা বিগত বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জিতু গোস্বামীক শীঘ্ৰে ইয়াক শুদ্ধ ৰূপত উপস্থাপন কৰিবৰ বাবে দাবী কৰিলে আছাৰ নগাঁও জিলা সমিতিৰ লগতে উদমাৰি আঞ্চলিক সমিতিয়ে।

অন্যথা শুদ্ধ নকৰা পৰ্যন্ত নগাঁও জিলাৰ চাহ অধ্যুষিত অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহত "বৈচিত্ৰময় অসম" নামৰ পাঠ্যপুথিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰে নগাঁও জিলা আছাৰ নেতৃত্বই।

অৱশ্যে ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ আদিবাসী জনসাধাৰণক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই বিতৰ্কই পৰৱৰ্তী সময়ত কোন দিশে গতি কৰে তথা পৰিষদে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতিশয় লক্ষণীয় হ’ব।