- সেনাৰ এটা কনভয়ৰ ওপৰত সন্ত্ৰাসৱাদীৰ IED বিস্ফোৰকেৰে আক্ৰমন
- এই পৰ্য্যন্ত ৯ গৰাকী জোৱান আহতৰ হোৱাৰ বাতৰি আহিছে

জম্মু-কাশ্মীৰঃ যোৱা ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফৰ জোৱানৰ কনভয়ত ঘটোৱা ভয়ঙ্কৰ আক্ৰমনৰ পিচত সন্ত্ৰাসৱাদীয়ে আজি আকৌ সেই পুলৱামাতেই সেনাৰ এটা কনভয়ৰ ওপৰত বিস্ফোৰেকেৰে এক অতি ভয়ঙ্কৰ আক্ৰমন সংঘটিত কৰে৷ এই পৰ্য্যন্ত ৯ গৰাকী জোৱান আহতৰ হোৱাৰ বাতৰি আহিছে৷ বিশেষ সূত্ৰৰ খৱৰ মতে দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়া-গুলী চলি আছে৷
খৱৰ অনুসৰি পুলৱামাৰ আৰিহাল গাঁওৰ ওচৰত ৪৪ ৰাষ্ট্ৰীয় ৰাইফলচ বাহিনীৰ এটা কনভয়ৰ ওপৰত এই আক্ৰমন সংঘটিত কৰা হৈছে৷ এই আক্ৰমনত সেনাই ব্যৱহাৰ কৰা বুলেটপ্ৰুফ গাড়ী এখন ক্ষতিগ্ৰস্থ হৈছে৷
সন্ত্ৰাসবাদীয়ে সেনাৰ গাড়ীখনৰ ওপৰত বোমাবৰ্ষন কৰাৰ পিচতেই তুমুল গুলী বৰ্ষন আৰু শিলগুটি নিক্ষেপ কৰে৷ সেনাৰ জোৱানসকলেও সন্ত্ৰাসৱাদীসকলত তীব্ৰ প্ৰত্যাহ্বান জনাই প্ৰত্যাক্ৰমন কৰে৷ এই মুহুৰ্তলৈকে গুলীয়া-গুলী চলি আছে বুলি জানিব পৰা গৈছে৷