
ডিজিটেল ডেস্কঃ প্ৰতাৰণা অসহনীয়। কোনো কাৰণতে মানি ল'ব নোৱাৰি আপোনজনৰ প্ৰতাৰণা। এনে কাৰণতে আপোনজনৰ দ্বাৰা প্ৰতাৰিত মানুহে হেৰুৱাই পেলাই হিতাহিত জ্ঞান। সংঘটিত কৰে অঘটন।
কিন্তু প্ৰতাৰণা কৰিলে বুলিয়েই এইজন পুৰুষে তেওঁৰ প্ৰতাৰিকা স্ত্ৰীৰ ক্ষেত্ৰত যি কাণ্ড সংঘটিত কৰিলে সেয়া এখন সভ্য সমাজৰ বাবে কোনোপধ্যে গ্ৰহণযোগ্য় হ'ব নোৱাৰে।
ব্যাভিচাৰী স্ত্ৰীক এশিকনি দিবলৈ বুলি নিৰ্মম আৰু আমানৱীয় শাস্তি বিহিলে এইজন দানৱ স্বামীয়ে। স্ত্ৰীৰ গোপন অংগত সানি দিলে জালুক আৰু শুকান জলকীয়াৰ গুড়ি।
নৃশংস আৰু ঘৃণনীয় এই ঘটনাৰ ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভাইৰেল হৈ পৰা ছবিখনত স্পষ্টকৈ দেখা গৈছে লোকজনে স্ত্ৰীৰ গোপন অংগত জালুক আৰু শুকান জলকীয়াৰ গুড়ি সানি দিয়া দৃশ্য।
কেৱল জলকীয়া গুড়ি সানি দিয়াতে ক্ষান্ত নাথাকি স্ত্ৰীৰ মুখতো প্ৰচণ্ড গোৰ শোধায় এইজন দানৱ স্বামীয়ে। স্ত্ৰীয়ে তেওঁক প্ৰতাৰণা কৰিছে বুলি জানিব পৰাৰ পিছতে খঙৰ ভমকত এনে অমানুষিক শাস্তি প্ৰদানৰ সিদ্ধান্ত লয় লোকজনে।
ফেচবুকত Kabet নামৰ এটা প্ৰফাইলত প্ৰথমে পোষ্ট কৰা হয় এই ছবি। কিন্তু কোন মুহূৰ্তত আৰু ক’ত এই ঘটনা ঘটিছে, সেয়া এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই।