প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰণজিৎ হাজৰিকাৰ নেতৃত্বত শুকুৰবাৰে নিশা এটা আৰক্ষীৰ দলে অসম-নগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজানৰ পহৰা আৰক্ষী চকীৰ সমীপৰপৰা মাৰণাস্ত্ৰসহ ৪ জন লোকক আটক কৰিবলৈ সক্ষম হয়৷ 

আটকাধীন লোক কেইজন হৈছে ক্ৰমে হোমেন আও (৪০), বিনোদ বসুমতাৰী (২৭), আখাট' চাকচন (২৭) আৰু হছেট' জিম' (৪৬)। উল্লেখ্য যে আৰক্ষীয়ে উক্ত অস্ত্ৰধাৰী দলটোক আটক কৰাৰ লগতে এন এল-০২-চিএ-০৯০৬ নম্বৰৰ নীলা ৰঙৰ এখন মাৰুতি গাড়ীত এটা পইন্ট ২২ ৰাইফল, এটা মেগজিন,  ৮০ জাঁই সজীৱ গুলী, ১২ বৰ ৰাইফলৰ ২০ জাঁই সজীৱ গুলী, তিনিটা ম'বাইল হেণ্ডছেট, তিনিটা টৰ্চলাইটৰ লগতে দীপাৱলীত ফুটুওৱা ভালেকেইটা ব'ম উদ্ধাৰ কৰে। 

উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা মাৰণাস্ত্ৰসহ উক্ত দলটোৱে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰপৰা কাৰ্বি পাহাৰৰ ঘন অৰণ্যত বন্যপ্ৰাণীৰ চিকাৰ কৰিবলৈ আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে ডিলাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন লোক কেইজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷