![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/d33d0dc9-3efc-416c-bc74-997738c49dfe.jpg?itok=3MKRaGyI)
ছাদিকুজ জামান, মোৰাঝাৰঃ প্ৰতিবন্ধকতাই সাফল্যতাৰ হেঙাৰ হ’ব নোৱাৰে৷ সেই কথা প্ৰমান কৰি দেখুৱালে হোজাই জিলাৰ মোৰাঝাৰৰ এগৰাকী শাৰিৰীকভাৱে বিশেষ অক্ষম ছাত্ৰীয়ে৷
মোৰাঝাৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান হোজাইৰ মৰিয়ম আজমল ৱিমেন কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ অধ্যয়নৰত ছাত্ৰী জেবিন কৌচাৰক লৈ বলিউদৰ তাৰকা অক্ষয় কুমাৰে নিৰ্মাণ কৰি উলিয়াইছে এখন 'চুটি ছবি'৷ ছবিখনৰ প্ৰ'মো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ছাত্ৰী গৰাকীৰ এনে সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে মোৰাঝাৰবাসী৷
সৰু কালতেই এক জটিল ৰোগত আক্ৰান্ত হৈ জেবিন কৌচাৰ নামৰ ছাত্ৰী গৰাকীৰ দুয়োখন হাত বিকল হৈ পৰিছিল৷ মনত পঢ়াৰ প্ৰবল ইচ্ছা থকাৰ পাছতো জেবিনে স্কুলত পঢ়া শুনা কৰাত বিভিন্ন ফালৰপৰা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ সেইবোৰকো নেওঁচি পিতৃ-মাতৃ আৰু শিক্ষা গুৰু সকলৰ অনুপ্ৰেৰণাতেই জেবিনে চলাই় গৈছিল নিজৰ অধ্যয়ন৷
ভৰিৰে খোৱা-বোৱা, কাম-কাজ কৰা জেবিনে লিখামেলাও কৰিছিল ভৰিৰে৷ ভৰিৰে লিখি জেবিনে ২০১৭ বৰ্ষত ভৰিৰে লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল৷ জেবিনৰ এই সফলতাত লৈ পিতৃ-মাতৃ, শিক্ষাগুৰু সকলৰ লগতে মোৰাঝাৰবাসীও উৎফুল্লিত হৈ পৰিছিল৷ জেবিনৰ এই সফলতাৰ কাহিনী বিভিন্ন সংবাদ মাধ্যম যোগে প্ৰচাৰিত হৈছিল৷
সংবাদমাধ্যমত জেবিনৰ সফতাৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী, নগাঁওৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাইঁৰ লগতে বিভিন্ন দল সংগঠনে জেবিনক সম্বৰ্ধনা বিভিন্ন প্ৰকাৰে সহায় সহযোগীতা আগবঢ়াইছিল৷ জেবিনে প্ৰতিবন্ধকতাক আওকান কৰি ভৰিৰে লিখি পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ খবৰ সাংবাদ মাধ্যম যোগে লাভ কৰিছিল বলিউদৰ তাৰকা অক্ষয় কুমাৰে৷
বলিউদৰ তাৰকা শিল্পী অক্ষয় কুমাৰে লগে লগে জেবিনক মুম্বাইলৈ যাবলৈ নিমন্ত্ৰন জনাই়ছিল৷ তাৰকা অক্ষয় কুমাৰৰ নিমন্ত্ৰন ৰক্ষা কৰি ২০১৭ বৰ্ষৰ শেষৰফালে জেবিনে পিতৃক লগত লৈ মায়ানগৰী মুম্বাই উপস্থিত হয়গৈ৷ তাত জেবিনে অক্ষয় কুমাৰক লগ ধৰিছিল আৰু অক্ষয় কুমাৰে জেবিনৰ মুখেৰেই সমগ্ৰ কথা শুনিছিল৷ কথা বতৰাৰ মাজতে তাৰকা অক্ষয় কুমাৰে জেবিনক বিভিন্ন দিশত উৎসাহ দিছিল৷ পঢ়া-শুনাৰ প্ৰতি প্ৰৱল ইচ্ছা থকা জেবিনে ভৱিষ্যতে আই পি এছ বিষয়া হোৱাৰ সপোন পুহি ৰখাৰ কথাও অৱগত কৰাইছিল অক্ষয় কুমাৰক৷
সম্পূৰ্ণ দুদিন তাৰকা শিল্পী গৰাকীয়ে জেবিনক নিজৰ লগত ৰাখি মায়ানগৰী মুম্বাইৰ বিভিন্ন বস্তু তথা ঠাই সমূহ দেখুৱাই সেইবোৰৰ লগত পৰিচয় কৰাই় দিছিল৷ জেবিন আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে অক্ষয় কুমাৰে ইতিমধ্যে জেবিনক লৈ এখন 'চুটি ছবিওঁ' নিৰ্মান কৰি উলিয়াইছে৷ ছবি খনৰ 'প্ৰ'মো' ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত উলায় পৰিছে৷
য’ত অক্ষয় কুমাৰে জেবিনৰ লগত পতা কথা বতৰাৰ দৃশ্যাংশ দেখা গৈছে৷ আনহাতে জেবিনে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে জেবিনে ভৰিৰে অক্ষয় কুমাৰৰ এখন আলোকচিত্ৰ আকি তাৰকা গৰাকীক উপহাৰ হিচাপে দিছে৷ এই উপহাৰ পাই তাৰকা গৰাকী উৎফুল্লিত হোৱা বুলি জানিবলৈ দিছে৷ অতিশীঘ্ৰে জেবিনক লৈ অক্ষয় কুমাৰে নিৰ্মান কৰা চুটি ছবিখন ৰাইজৰ মাজলৈ আহিব বুলি জেবিনৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ লগতে জেবিনে আমাৰ যোগেদি সমূহ প্ৰতিবন্ধীক জনাব বিচাৰিছে যে মনত ইচ্ছা শক্তি থাকিলে সকলো অসম্ভৱ কামকে সম্ভৱ কৰি তুলিব পাৰে৷ গতিকে তাইৰ দৰে যিসকল আছে সেইসকলে নিজকে দুৰ্বল বুলি নাভাবি বুকুত সাহস লৈ এনেদৰেই আগুৱাই গলে, সফলতা এদিন নিজে আহি কাষ পাবহি৷ জেবিন এনেদৰেই আগুৱাই যাওঁক তাৰে কামনা কৰিছে জেবিনৰ অনুৰাগীয়ে৷