05
Jan
2020

ডিজিটেল ডেস্কঃ দেশ উত্তাল কৰি ৰখা নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী জন আন্দোলনলৈ সমৰ্থন ঘোষণা কৰিলে শিৱ সেনায়ো৷ বিজেপিৰ একালৰ বিশ্বস্ত সহযোগী দলটোৱে সম্প্ৰতি মহাৰাষ্ট্ৰত কংগ্ৰেছ আৰু এন চি পিৰে মৰ্চা গঠন কৰি চৰকাৰ গঠন কৰি ৰাখিছে৷
'কা’ৰ সপক্ষে বিজেপিয়ে জনমত গঠনৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰখাৰ সময়তে মহাৰাষ্ট্ৰত এখন সভাত ভাষণ দি শিৱ সেনাৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱটে ’কা’ বিৰোধী আন্দোলনলৈ সমৰ্থন ঘোষণা কৰে৷ “আমি ঐক্যৱদ্ধ হৈ থাকিব লাগিব৷ কোনেও ভয় নকৰিব৷ এইখন আমাৰ দেশ৷” ৰাৱটে এইদৰে কয় ৷ ’কা’ দেশৰ বাবে কোনোপধ্যে মংগলজনক হ’ব নোৱাৰে বুলিও তেওঁ ইংগিত দিয়ে৷
উল্লেখ্য যে আজি মহাৰাষ্ট্ৰৰ নৱগঠিত মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত বিভাগ বিতৰণ কৰা হয়৷