নতুন দিল্লীঃ দেশত অৰ্থনৈতিক মন্দাৱস্থা অব্যাহত থকাৰ মাজতে ভূতৰ ওপৰত দানহ হৈ পৰিছে মুদ্ৰাস্ফীতি। সৰ্বাসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই বিগত ৫ বছৰৰ ভিতৰত এতিয়া মুদ্ৰাস্ফীতিয়ে গঢ়িছে অভিলেখ। প্ৰকাশিত বাতৰি অনুযায়ী ২০১৯ বৰ্ষৰ ডিচেম্বৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ৭.৩৫ শতাংশ। নৱেম্বৰ মাহত এই হাৰ আছিল ৫.৫৪ শতাংশ। অৰ্থাৎ এমাহৰ ভিতৰতে খুচুৰা পণ্যৰ মূল্যবৃদ্ধি হৈছে ১.৮১ শতাংশ।
ৰাষ্ট্ৰীয় পৰিসংখ্যা দপ্তৰ(NSO)ৰ তথ্য অনুযায়ী যোৱা ডিচেম্বৰ মাহত কেৱল মাত্ৰ খাদ্যদ্ৰব্যৰ মূল্য বৃদ্ধি পাইছে ১৪.১২ শতাংশ। কিন্তু এবছৰ পূৰ্বে ২০১৮ বৰ্ষত ডিচেম্বৰ মাহত এই হাৰ আছিল মাত্ৰ ২.৬৫ শতাংশ। ইমানেই নহয়, বিগত বৰ্ষত নৱেম্বৰ মাহত খাদ্যদ্ৰব্যৰ মূল্যবৃদ্ধিৰ হাৰ আছিল ১০.০১ শতাংশ। এই সময়ছোৱাত শাক-পাচলিৰ লগতে চাউল-দাইল, আটা-ময়দা, মাছ-মাংস তথা আন ভিন্ন ধৰণৰ খাদ্য দ্ৰব্যৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে। পৰিণতিস্বৰূপে উৰ্ধগামী হৈ পৰে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ।
উল্লেখ্য যে ২০১৪ চনৰ জুলাই মাহত শেষবাৰৰ বাবে মুদ্ৰাস্ফীতিৰ হাৰ ইমান বৃদ্ধি পাইছিল। কেন্দ্ৰত মোদী চৰকাৰে প্ৰথমবাৰ শাসনভাৰ লাভ কৰাৰ লগেলগেই তেতিয়া মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি হৈ হৈছিলগৈ ৭.৩৯ শতাংশ। অৱশ্যে পৰৱৰ্তী সময়ত সেয়া এটা পৰ্যায়লৈ হ্ৰাস পোৱাত সাধাৰণ ৰাইজে কিছু সকাহ লাভ কৰে।
শাসনভাৰ লাভ কৰাৰ সময়তেই মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সামগ্ৰীৰ মূল্যবৃদ্ধি ৪ শতাংশৰ ভিতৰত ৰাখিবলৈ কেন্দ্ৰক লক্ষ্য নিৰ্ধাৰণ কৰি দি থৈছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। তৎসত্বেও ডিচেম্বৰত মুদ্ৰাস্ফীতিয়ে অতিক্ৰম কৰে সেই সীমা। গুৰুত্বপূৰ্ণ এয়ে যে, মুদ্ৰা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত মুদ্ৰাস্ফীতিকে প্ৰাথমিক মানদণ্ড হিচাপে নিৰ্ধাৰণ কৰি আহিছে ৰিজাৰ্ভ বেংকে।
মুদ্ৰাস্ফীতিয়ে ৰাক্ষসৰ ৰূপ লোৱাৰ সময়তে ২০২০-২১ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট অহা ১ ফেব্ৰুৱাৰীত দাখিল কৰিবলৈ সাজু হৈছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। সংসদত বাজেট দাখিলৰ ৫ দিন পিছতে ৬ ফেব্ৰুৱাৰীত ৰিজাৰ্ভ বেংকে ঘোষণা কৰিব পৰৱৰ্তী মুদ্ৰা নীতি। পূৰ্বে মুল্যবৃদ্ধি হোৱাৰ আশংকাতে সুতৰ হাৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তনৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছিল দেশৰ কেন্দ্ৰীয় বেংকটো। মুদ্ৰাস্ফীতিৰ শেহতীয়া পৰিস্থিতিলৈ চাই অৱশ্যে আৰবিআই-এ সুতৰ ক্ষেত্ৰত পুনৰ নতুন সিদ্ধান্ত ল’ব পাৰে বুলি মত প্ৰকাশ কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে।
ইফালে, মুদ্ৰাস্ফীতিৰ এই তথ্য প্ৰকাশ পোৱাৰ পিছতে মোদী চৰকাৰক উভতি ধৰিছে বিৰোধী কংগ্ৰেছ দলে। ২০১৪চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধিৰ প্ৰসংগটোকে অন্যতম নিৰ্বাচনী ইছ্যু হিচাপে লৈ কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ কাষ চাপিছিল বিজেপি। শাসনলৈ আহিলে বিজেপিয়ে মূল্যবৃদ্ধি একেবাৰে নাইকিয়া কৰি পেলোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত তাৰ এখন সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পাই স্বাভাৱিকতে হতাশ হৈ পৰিছে দলটোৰ প্ৰতি আস্থা ব্যক্ত কৰা কোটি কোটি ভাৰতীয়।