![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/maruti-suzuki-jpg_710x400xt.jpg?itok=cieyM9f-)
নতুন দিল্লীঃ কৰ’না ভাইৰাছে পৃথিৱী কঁপাই থকাৰ সময়তে গাড়ী নিৰ্মাতা কোম্পানী মাৰুটি চুজুকিয়ে ভেণ্টিলেটৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে। পূৰ্বৰে পৰা ভেন্টিলেটৰ নিৰ্মাণৰ সৈতে জড়িত AgVA Healthcare নামৰ প্ৰতিষ্ঠানৰ সৈতে প্ৰতি মাহে দহ হাজাৰ ভেন্টিলেটৰ প্ৰস্তুত কৰাৰ লক্ষ্যৰে চুক্তিবদ্ধ হয়। মাৰুটি চুজুকিয়ে ভেন্টিলেটৰৰ বাবে কেৱল স্পেয়াৰ পাৰ্টছ যোগান ধৰিব বুলি জানিবলৈ দিয়ে।
আনহাতে AgVA যিহেতু পূৰ্বৰে পৰা এই নিৰ্মাণৰ সৈতে জড়িত গতিকে এই ভেন্টিলেটৰ কৌশল, ইয়াৰ কার্যক্ষমতাৰ সম্পূৰ্ণ দায়িত্বত থাকিব এই কোম্পানীটো। মাৰুটি চুজুকীয়ে কেৱল অধিক উৎপাদনৰ সহায়ক হোৱাকৈ সহযোগিতা আগবঢ়াব। এই উৎপাদনৰ বাবে AgVAই বিচৰাধৰণে সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হব বুলি উল্লেখ কৰি মাৰুটিৰ এগৰাকী শীৰ্ষ বিষয়ববীয়াই কয় যে প্ৰতি মাহে ১০ হাজাৰ ভেন্টিলেটৰ উৎপাদনৰ বাবে AgVAক বিনামূলীয়াকৈ সহযোগিতা আগবঢ়াবলৈ তেওঁলোক সাজু।
মাস্ক, পাৰ্ছনেল প্ৰটেকশ্যন ইকুইপমেণ্টো নিৰ্মাণ মাৰুটি চুজুকিৰ
ভেন্টিলেটৰৰ উপৰিও আন সহযোগী কোম্পানীৰ জৰিয়তে মাৰুটি চুজুকিয়ে মাস্ক আৰু পাৰ্ছনেল প্ৰটেকশ্যন ইকুইপমেণ্ট নিৰ্মাণৰ ক্ষেত্ৰতো নিজকে নিয়োজিত কৰিছে। সহযোগী প্ৰতিষ্ঠান কৃষ্ণা মাৰুটি কেন্দ্ৰৰ জৰিয়তে হাৰিয়ানা চৰকাৰৰ স্বাস্থ্য বিভাগৰ বাবে মাস্ক প্ৰস্তুত কৰাৰ কাম অতি সোনকালেই আৰম্ভ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে মাৰুটি চুজুকিয়ে। আন এটা সহযোগী কোম্পানী ভাৰত ছিটছে প্ৰস্তুত কৰিব স্বাস্থ্যকৰ্মীসকলৰ বাবে অতি জৰুৰী পাৰ্ছনেল প্ৰটেকশ্যন ইকুইপমেণ্ট।
টেষ্টিং কিট নিৰ্মাণ কৰিব হুণ্ডাইয়ে
দক্ষিণ কোৰিয়াৰ মটৰ নিৰ্মাতা প্ৰতিষ্ঠান হোণ্ডাইয়েও কৰ’নাৰ বিৰুদ্ধে যুঁজত ভাৰতক সহায় কৰিবলৈ সাজু হৈছে। প্ৰতিষ্ঠানটোৱে ভাৰতত থকা উৎপাদন শাখাত কৰ’না টেষ্টিং কিট নিৰ্মাণৰ বাবে স্বাস্থ্য বিভাগৰ পৰা বিচাৰিছে টেষ্টিং কীটৰ ফৰ্মূলা। টেষ্টিং কিট নিৰ্মাণৰ ফলত ভাৰতৰ ২৫০০০ লোক উপকৃত হ’ব বুলি আশা কৰা হৈছে। কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ মটৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে চৰকাৰক সকলো সময়তে সহযোগিতা আগবঢ়াই যাব বুলিও সদৰী কৰিছে।
৭৫০০ টকাত মহিন্দ্ৰাৰ ভেন্টিলেটৰ
যি সমূহ কোম্পানীয়ে ভেন্টিলেটৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল সেইবোৰৰ মাজত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাও অন্যতম। কোম্পানীটোৱে দাবী কৰা মতে তেওঁলোকে ৭৫০০ টকা মূল্যৰ ভেন্টিলেটৰ ইতিমধ্যে সাজু কৰি তুলিছে। বৃহৎ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিবৰ বাবে দুটা চৰকাৰী কোম্পানীৰ লগত আলোচনা চলি থকাৰ কথাও জনাইছে প্ৰতিষ্ঠানটোৱে।
ভেন্টিলেটৰ কি?
ৰোগীক চিকিৎসা প্ৰদানৰ এক সঁজুলি ভেন্টিলেটৰ। ইয়াৰ জৰিয়তে ৰোগীৰ হাওফাঁওত অক্সিজেন আৰু বায়ুৰ কৃত্ৰিমভাৱে যোগান ধৰা হয়। যিহেতু কৰ’না ভাইৰাছে ডিঙিৰ পৰা হাওঁফাওঁলৈকে আক্ৰমণ কৰে গতিকে ৰোগীক জীয়াই ৰাখিবৰ বাবে এই যন্ত্ৰৰ প্ৰয়োজনীয়তা অপৰিসীম। বৰ্তমান ভেন্টিলেটৰৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাইছে। এনে ভেণ্টিলেটৰৰ এটাৰ দাম ৫ লাখৰ পৰা ১২ লাখ টকা পৰ্যন্ত। সম্প্ৰতি ভাৰতলৈ বিদেশৰ পৰাই ভেন্টিলেটৰ আনি থকা হৈছে। যদিহে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ দাবী সত্য হয় তেন্তে ভাৰতে এই সংকটৰ সময়ত যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে।