অনলাইন প্ৰতিবেদনঃ আয়ুস্মান ভাৰত আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাই ১ কোটি অতিক্ৰম কৰিছে। বুধবাৰে পুৱাই টুইটাৰ একাউণ্টযোগে এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে সকলোৱে আঁচনিখনৰ লগতে মোদী চৰকাৰক এই বৃহৎ সাফল্যৰ বাবে অভিনন্দন জনাবলৈ আৰম্ভ কৰে। অভিনেতা অমিতাভ বচ্চন, অজয় দেৱগণৰ পৰা আৰম্ভ কৰি বিজেপিৰ সৰু-বৰ সকলো নেতাই সেয়া ৰিটুইট কৰে।
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰধানমন্ত্ৰী মোদীৰ উক্ত টুইট ৰি-টুইট কৰি এনে সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এনেদৰে বুধবাৰৰ দিনটোত লক্ষ লক্ষ লোকে দাবী কৰে যে কেৱল ভাৰতেই নহয়, ১ কোটি হিতাধিকাৰী থকা আয়ুস্মান ভাৰত আঁচনি বিশ্বৰ ভিতৰতে এক বৃহৎ স্বাস্থ্য বীমা আঁচনি।
It would make every Indian proud that the number of Ayushman Bharat beneficiaries has crossed 1 crore. In less than two years, this initiative has had a positive impact on so many lives. I congratulate all the beneficiaries and their families. I also pray for their good health.
— Narendra Modi (@narendramodi) May 20, 2020
আঁচনিখনৰ প্ৰথমগৰাকী হিতাধিকাৰী কোন?
২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল এইখন আঁচনি। কিন্তু আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বেই আগষ্ট মাহত ট্ৰায়েল হিচাপে এই আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছিল হাৰিয়ানাত। সেই হিচাপত ট্ৰায়েল আঁচনিৰ সুবিধা লাভ কৰি ৰাজ্যখনৰ কৰনালত জন্মগ্ৰহণ কৰা 'কৰিশ্মা’ নামৰ শিশুটিক এই আয়ুস্মান ভাৰত আঁচনিৰ প্ৰথমগৰাকী হিতাধিকাৰী হিচাপে গণ্য কৰি অহা হৈছে।
এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকসকলৰ প্ৰতিজন সদস্যই আয়ুস্মান কাৰ্ড লাভ কৰে। উক্ত কাৰ্ডৰ জৰিয়তে চিকিৎসালয়ত ভৰ্তি হ’লে ৫ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় চৰকাৰে বহন কৰে।
দাবী কৰাৰ দৰেকৈ নাই ১ কোটি হিতাধিকাৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটত যি ১ কোটিৰ কথা উল্লেখ কৰিছে প্ৰকৃততে সেয়া ১ কোটি লোক নহয়। সেয়া হৈছে আঁচনিখনৰ জৰিয়তে কৰা হোৱা মুঠ চিকিৎসাৰ সংখ্যাহে। অৰ্থাৎ বুধবাৰৰ দিনটোলৈকে আঁচনিখনৰ জৰিয়তে ১ কোটি বাৰ চিকিৎসা কৰা হৈছে।
চিকিৎসাৰ সংখ্যা আৰু হিতাধিকাৰীৰ সংখ্যা, এই দুয়োটাৰে মাজত আছে আকাশ-পাতাল প্ৰভেদ। আয়ুস্মান ভাৰতৰ চিইঅ’ ইন্দু ভূষণে বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিষয়টো স্পষ্ট কৰি দি কৈছে যে বুধবাৰলৈকে হিতাধিকাৰীসকলে ১ কোটি বাৰ এই আঁচনিৰ সুবিধা লাভ কৰিছে, ১ কোটি লোকে নহয়। চিইঅ’গৰাকীয়ে জনোৱা মতে আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা এতিয়াও ১ কোটি হোৱা নাই।
'বহুতে ধৰি লৈছে যে আয়ুস্মান ভাৰতৰ সুবিধা ১ কোটি লোকে লাভ কৰিছে। পিছে কথাটো তেনে নহয়। যিটো ১ কোটিৰ কথা কোৱা হৈছে সেয়া হৈছে এই আঁচনিখনৰ জৰিয়তে বুধবাৰলৈকে যিমান চিকিৎসা কৰা হৈছে তাৰ মুঠ সংখ্যাহে।’-ইন্দু ভূষণে কয়।
কৰ’নাৰ চিকিৎসাত আয়ুস্মান ভাৰত
আয়ুস্মান ভাৰতৰ জৰিয়তে কৰ’না মহামাৰীৰ এই সময়ত কৰ’নাৰো চিকিৎসা অব্যাহত আছে। জানিব পৰা মতে, এই ২১০০ গৰাকী কৰ’না ৰোগীয়ে আয়ুস্মান ভাৰতৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে। আনহাতে আঁচনিখনৰ জৰিয়তে কৰ’নাৰ টেষ্ট কৰা হৈছে ৩০০০ লোকৰ।
চিইঅ’ ইন্দুভূষণে জনোৱা মতে, কৰ’না ৰোগীসকলৰ চিকিৎসা চৰকাৰী হাস্পতালতে কৰা হৈছে। কিন্তু কিছু সংখ্যাক লোকে ব্যক্তিগত চিকিৎসালয়তো চিকিৎসা কৰিছে। যি ২১০০ কৰ’না ৰোগীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিছে বুলি কোৱা হৈছে সেয়া ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাসকলৰ তথ্য বুলিও জনাইছে আঁচনিখনৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে।
এইসমূহ ৰাজ্যত নাই আয়ুস্মান ভাৰত
আয়ুস্মান ভাৰতক এখন যুগান্তকাৰী আঁচনি হিচাপে কেন্দ্ৰ চৰকাৰে দাবী কৰি অহাৰ সময়তে ভাৰতৰ কেবাখনো ৰাজ্যই এই পৰ্যন্ত উক্ত আঁচনিখন কাৰ্যকৰী কৰা নাই। আঁচনিখনত একাধিক সমস্যা আছে বুলি উল্লেখ কৰি কাৰ্যকৰী নকৰা ৰাজ্যকেইখন হৈছে দিল্লী, তেলেংগানা, ওড়িশা আৰু পশ্চিমবংগ।
দিল্লী বিধানসভা নিৰ্বাচনত আয়ুস্মান ভাৰত কাৰ্যকৰী কৰা নকৰা বিষয়টো নিৰ্বাচনী প্ৰচাৰৰো অন্যতম বিষয় হৈ পৰিছিল। অৱশেষত দিল্লীৰ আপ চৰকাৰে নিৰ্বাচনৰ পিছত আঁচনিখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও এই পৰ্যন্ত সেয়া প্ৰযোজ্য হোৱা নাই। আনহাতে তেলেংগানা, ওড়িশা আৰু পশ্চিম বংগ চৰকাৰে নিজৰ ৰাজ্যত অনুৰূপ আঁচনি আছে বুলি কৈ সেয়া কাৰ্যকৰী নকৰে বুলি স্পষ্ট কৰি দিছে।
প্ৰবাসী শ্ৰমিকসকলৰ বাবে সুবিধাদায়ক আঁচনি
আয়ুস্মান ভাৰত আঁচনি দিল্লীৰ আপ চৰকাৰে কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ ফলত বহু প্ৰবাসী শ্ৰমিক উপকৃত হ’ব বুলি আশা কৰা হৈছে। কিয়নো এই আঁচনিৰ কাৰ্ড লাভ কৰা লোকসকলে দেশৰ যি ৰাজ্যতেই নাথাকক কিয় যদিহে সেই ৰাজ্যত উক্ত আঁচনি কাৰ্যকৰী কৰা হৈছে তেন্তে তাৰ পৰা ৫ লাখ টকালৈকে চিকিৎসা লাভ কৰিব পাৰিব।
সেই হিচাপত দিল্লীত লকডাউনৰ ফলত আৱদ্ধ বাকী ৰাজ্যসমূহৰ শ্ৰমিকসকলৰ যিসকলৰ আয়ুস্মান কাৰ্ড আছে সেইসকলে চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হ’ব। অৱশ্যে সমালোচকসকলে ক’ব খোজে যে দাবী কৰা ধৰণে আচলতে আঁচনিখন ইমান ফলপ্ৰসূ নহয়। আঁচনিখনৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে কৰা নীতি-নিয়মসমূহ অস্পষ্ট বুলিও দাবী কৰি আহিছে সমালোচকসকলে।
আয়ুস্মানৰ ১ কোটি সংখ্যাক চিকিৎসা কোনে পালে?
আয়ুস্মান ভাৰত আঁচনিৰ ১ কোটি সংখ্যক চিকিৎসা লাভ কৰা ৰোগীগৰাকীক লৈও বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। যিগৰাকী ৰোগীয়ে ১ কোটি সংখ্যক চিকিৎসা লাভ কৰিছে সেইগৰাকী ৰোগী হৈছে মেঘালয়ৰ পূজা থাপা।
পূজাই কিডনী ষ্ট’নৰ বিষত ৰ’ব নোৱাৰি কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি হৈছিল। যোৱা ১৮ মে’ত উক্ত আঁচনিৰ অধীনত পূজাৰ কিডনী ষ্ট’নৰ অপাৰেশ্যন কৰা হয়। বৰ্তমানো পূজা চিকিৎসালয়তে আছে।
পূজাৰ স্বামী ভাৰতীয় সেনা বাহিনীত কৰ্মৰত হোৱাৰ পিছতো কেনেদৰে আয়ুস্মান ভাৰতৰ সুবিধা লাভ কৰিলে সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে। উক্ত প্ৰশ্নৰ উত্তৰত আয়ুস্মান ভাৰতৰ তৰফৰ পৰা কোৱা হৈছে যে এই আঁচনিৰ লাভ ২০১১ চনৰ আৰ্থ সামাজিক পিয়লৰ তথ্যৰ ভিত্তিত দিয়া হৈছে আৰু তেতিয়া পূজাৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল।
♦ ১ কোটি সংখ্যক চিকিৎসা সুবিধা লাভ কৰা পূজা
'পূজা য’ত থাকে তাত সেনাৰ হাস্পতাল নাই। তেওঁ আগৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য বীমাৰ হিতাধিকাৰী আছিল আৰু আয়ুস্মান ভাৰত আঁচনি ৰূপায়ণৰ পিছত উক্ত ৰাষ্ট্ৰীয় স্বাস্থ্য বীমাক একত্ৰিত কৰাত পূজাও অন্তৰ্ভুক্ত হৈ পৰে। সেয়ে পূজাৰ স্বামী সেনাবাহিনীত কৰ্মৰত হোৱা সত্বেও এই সুবিধা লাভ কৰিছে।’-এইদৰে সংবাদ মাধ্যমক জনাইছে চিইঅ’ ইন্দু ভূষণে।
আনহাতে, বিবিচি আৰু মেঘালয়ৰ একাংশ স্থানীয় সংবাদ মাধ্যমৰ আগত পূজাই কৈছে যে তেওঁ আজিলৈকে সেনাৰ হাস্পতাললৈ গৈয়েই পোৱা নাই। 'মই আজিলৈকে আৰ্মি হাস্পতাল দেখাই নাই। মোৰ স্বামী বৰ্তমান মণিপুৰত কৰ্মৰত হৈ আছে। সেয়ে যেতিয়া পেটৰ বিষ অনুভৱ কৰিলো তেতিয়া ঘৰৰ মানুহৰ লগত ইয়ালৈকে গুচি আহিলো আৰু কাৰ্ডখন দেখুৱালো।’-আয়ুস্মান ভাৰতৰ ১ কোটি সংখ্যাক চিকিৎসা সুবিধা লাভ কৰা পূজাই কয়।
এনেদৰেই একাধিক ভুল-ক্ৰুটিৰ মাজেৰে ভাৰত চৰকাৰে দাবী কৰি অহা বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনিখনে হিতাধিকাৰীসকলক ১ কোটি বাৰ চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। চিইঅ’ ইন্দু ভূষণে বিবিচিৰ সৈতে হোৱা সাক্ষাৎকাৰত এয়া স্বীকাৰ কৰিছে যে আঁচনিখনত বৰ্তমানো যথেষ্ট সমস্যা হৈয়ে আছে। অৱশ্যে শেহতীয়াকৈ বহু নিয়মৰ সালসলনি কৰা হোৱাৰ লগতে অধিক সংখ্যক ব্যক্তিগত চিকিৎসালয়ক ইয়াৰ সৈতে সংযুক্ত কৰা হৈছে বুলি জনায় ইন্দু ভূষণে।