দিনদিয়েক পূৰ্বে সেনাৰ অত্যাচাৰত হেৰাই গৈছিল তিতাবৰৰ জয়ন্ত। কেৱল জয়ন্তইনে? বছৰৰ পিছত বছৰ ধৰি উজনি অসমৰ ভিন্ন প্ৰান্তত এনেদৰে হেৰাই গৈছে অনেক তেজাল যুৱক। কোনোৱে যদি মাছ মৰা জাল কিনিবলৈ গৈ পিছদিনা মৃতদেহ হৈ ঘৰ পাইছে আন কোনোজনে আকৌ বজাৰলৈ বুলি ওলাই গৈ বুকুত গুলী লৈ শ্মশানলৈ যাবলৈ সেনা-আৰক্ষীৰ জীপত আহি চোতাল পাইছে। এইসকল নীৰিহৰ পৰিয়ালে ন্যায়ৰ আশাৰে বছৰৰ পিছত বছৰ বাট চালে। কিন্তু ন্যায় পালেনে? সবিশেষ সামৰি জ্যেষ্ঠ সাংবাদিক দিগন্ত শৰ্মাৰ এক বিশেষ প্ৰতিবেদন।
বিশেষ প্ৰতিবেদনঃ যোৰহাট জিলাৰ তিতাবৰ অঞ্চলৰ বৰহোলা বালিজান গাঁৱৰ লীলা বৰা নামৰ বিধৱা মহিলাগৰাকীৰ বাবে জীৱনৰ প্ৰধান সাৰথি আছিল একমাত্ৰ পুত্ৰ জয়ন্ত। কিন্তু যোৱা ১৫ জুন (২০২০ চন)ৰ মাজনিশা সেই বালিজান গাঁৱৰ (গাভৰু ১৫নং ব্লকৰ) জয়ন্ত বৰা নামৰ একুৰি ছয় বছৰীয়া যুৱক এজনক সেনা আৰক্ষীয়ে শোৱাপাটীৰ পৰা তুলি নিয়ে। জয়ন্তক সেনা-আৰক্ষীয়ে এনেদৰে নিৰ্যাতন চলালে যে পিছদিনা চিকিৎসালয়লৈ নিওতে যুৱকজনৰ মৃত্যু হয়। এয়া সেনা-আৰক্ষীৰ জিম্মাত সংঘটিত হত্যা কাণ্ড (custodial torture and killing) বুলি বিবেচিত হৈছে৷
২৬ বছৰীয়া জয়ন্ত আছিল ঘৰখনৰ একমাত্ৰ পুত্ৰ৷ জয়ন্তৰ পিতৃ হেম বৰাই ভাৰতীয় সেনাবাহিনীত কাম কৰিছিল যদিও তেওঁৰ মৃত্যু হৈছে৷ হেম বৰাৰ পত্নী লীলা বৰাৰ সৈতে বাস কৰিছিল বৃদ্ধা মাতৃ লেলেশ্বৰী শইকীয়া। তেঁওলোকৰ বাবে জীৱনৰ প্ৰধান সম্বল আছিল একমাত্ৰ জয়ন্ত৷ কিন্তু জয়ন্তক সেইনিশা আৰক্ষী সেনাবাহিনীয়ে ঘৰৰ পৰা লৈ গৈ এনেদৰে অত্যাচাৰ কৰিলে যে যুৱকজনৰ মৃত্যু হ’ল৷ নিঠৰুৱা হৈ পৰিল জয়ন্তৰ বিধৱা মাতৃ আৰু বৃদ্ধ আাইতাক৷
সেনা-আৰক্ষী তথা ৰাষ্ট্ৰসন্ত্ৰাসে একোখন ঘৰ নিশেষ কৰি দিয়াৰ শেহতীয়া উদাহৰণ এয়া৷ ৰাষ্ট্ৰসন্ত্ৰাসৰ বিভীষিকাই যে কেৱল জয়ন্তৰ ঘৰখনকেই ক্ষতিগ্ৰস্ত কৰিছে তেনে নহয়, অঞ্চলটোৰ স্বাভাৱিক পৰিৱেশকেই সম্প্ৰতি ভাৰাক্ৰান্ত কৰি তুলিছে৷ চৰকাৰে ধন দিছে, কিন্তু লাখটকীয়া চেক মানুহৰ পৰিপূৰক নহয়। চিৰদিনৰ বাবে কাঢ়ি নিয়া হল শান্তি পৰিয়ালটোৰ পৰা।
জয়ন্ত বৰাৰ এই ঘটনাৰ পূৰ্বে তিনিচুকীয়া জিলাৰ পুৰণি মতাপুং গাঁৱৰ বহাগী চুতীয়া নামৰ বিধৱা মহিলাগৰাকীৰ পুত্ৰ দ্বীপ চুতীয়াও বলি হৈছিল ৰাষ্ট্ৰসন্ত্ৰাসৰ৷ ২০১৬ চনৰ ১৪ ডিচেম্বৰৰ দিনা দ্বীপ চুতীয়াক হত্যা কৰিছিল সেনাবাহিনীয়ে৷ দৰিদ্ৰ ঘৰখনৰ বাবে দ্বীপ আছিল একমাত্ৰ উৰ্পাজনকৰ্তা ব্যক্তি৷ স্থানীয় বিলত মাছ মাৰি বিক্ৰী কৰি পৰিয়ালটো চলাইছিল দ্বীপে৷
পিতৃ বিয়োগৰ পিছত দ্বীপ আছিল বিধবা মাতৃ বহাগী চুতীয়া আৰু অশীতিপৰ আইতাক ঝাপৈ চুতীয়াৰ বাবে একমাত্ৰ ভৰসা৷ পিছে এদিন মাছ ধৰা জাল কিনিবলৈ যোৱা দ্বীপ ঘৰলৈ ঘূৰি নাহিল৷ সেনাবাহিনীয়ে আলফা সন্দেহত আটক কৰি নি অৰুণাচল সীমান্তত গুলীয়াই হত্যা কৰিলে দ্বীপক৷ চিৰদিনৰ বাবে নিঠৰুৱা হৈ পৰিল বহাগীৰ জীৱন৷
এফালে বৃদ্ধা শাহু আনফালে আন দুটি সন্তান। বহাগীৰ সমুখত এন্ধাৰৰ বাহিৰে একো নাই। চিৰদিনৰ বাবে বহাগীৰ দৰে মহিলাই হেৰুৱালে জীৱন-বহাগৰ ৰং। আজিলৈকে বহাগীয়ে ন্যায়ৰ নামত পালে কি? উত্তৰ শূন্য। মতাপুং গাৱৰ এটি উৰুখা পজাত চৰম অৰ্থ সংকট, মানসিক যন্ত্ৰণাৰে দিন অতিবাহিত কৰিছে।
ঠিক একেদৰে তিনিচুকীয়া জিলাৰে দীঘলীপথাৰ গাঁৱৰ ১৬ বছৰীয়া কিশোৰ অনুপম মৰানকো সেনাই আলফা সজাই হত্যা কৰিছিল৷ ফুৰিবলৈ যোৱা অনুপম সন্ধানহীন হৈছিল আৰু পিছত মৃতদেহ হৈ উভতি আহিছিল৷ বুকুত সেনাবাহিনীৰ আগ্নেয়াস্ত্ৰৰ গুলী৷
অনুপমৰ পৰিয়ালটো, দ্বীপৰ পৰিয়ালটো আজিও ন্যায়প্ৰাপ্তিৰ পৰা বহু দূৰৈত৷ সেইদৰে জিলাখনৰ মতাপুং গাঁৱৰ দেবেশ্বৰ মৰান আৰু ৰত্নেশ্বৰী মৰানৰ পুত্ৰ জনক মৰানক ২০১১ চনৰ ২৫ ডিচেম্বৰৰ নিশা সেনাবাহিনীয়ে ধৰা নি অৰুণাচলৰ লোহিত জিলালৈ লৈ গৈ ভুৱা সংঘৰ্ষৰে হত্যা কৰিছিল৷ একেদৰে গাঁৱখনৰ ধীৰাজ দুৱৰা আৰু শিৱ মৰানকো ভুৱা সংঘৰ্ষৰে সেনাবাহিনীয়ে হত্যা কৰিছিল৷
এয়া বিগত বছৰৰ কেইটামান পৰিক্ৰমা৷ আনহাতে, আমি এনে কেইটামান পৰিয়ালক সাক্ষাৎ কৰিছিলো যিকেইটা পৰিয়ালক সেনাবাহিনীয়ে নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল৷ যাৰ বাবে তেওঁলোকে পিছৰ পৰ্যায়ত স্বাভাৱিকভাৱে কাম বন কৰিব নোৱৰা হৈ পৰিছিল৷ লগতে মনত এক আতংক কঢ়িয়াই লৈ ফুৰিছিল৷ অৰ্থাৎ ৰাষ্ট্ৰসন্ত্ৰাসে তেওঁলোকক উপহাৰ দিছিল বিধ্বস্ত শৰীৰ আৰু কাঢ়ি নিছিল শংকামুক্ত মনৰ জীৱন৷
উদাহৰণস্বৰূপে, তিনিচুকীয়া জিলাৰ ডিমৰুহোলা গাঁৱৰ দ্বীপ মৰান, সোণোৱাল গাঁৱৰ পোনাৰাম সোণোৱাল৷ চৰাইদেউ জিলাৰ কানু খনিকৰ, যাদৱ ফুকনৰ দৰে যুৱক এতিয়া শয্যাশায়ী৷ আত্মীয়ৰ সহায় অবিহনে এই যুৱকৰ জীৱন অচল। সেনাৰ নিৰ্যাতনে অচল কৰিলে জীৱন। উল্লেখ্য যে, যোৱা ১৫ জুনত তিতাবৰ বৰহোলাৰ যুৱক জয়ন্ত বৰাক নিৰ্যাতন চলাই হত্যা কৰা সেনাবাহিনী চৰাইদেউ শিবিৰৰ পৰাই গৈছিল বুলি প্ৰকাশ৷ অৱশ্যে লগত আছিল স্থানীয় আৰক্ষী৷
হত্যাকাণ্ডৰ তদন্ত চলি আছে। কিন্তু বিচাৰ হব কেতিয়া! বিগত দিনত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা কিমান পৰিয়ালে ন্যয় লাভ কৰিলে? গুপ্তহত্যাৰ তদন্ত হ’ল। দোষীয়ে শাস্তি পোৱা দূৰৈৰ কথা তদন্ত আয়োগৰ প্ৰতিবেদন মতে এই ঘটনাত জড়িত আৰক্ষী বিষয়াই পদোন্নতি লাভেৰে ওখ আসনত আজিও কৰ্মৰত। মুঠতে অসমৰ ৰাষ্ট্ৰসন্ত্ৰাসৰ ইতিহাসত দোষীৰ শাস্তি, ভুক্তভোগীৰ ন্যায় প্ৰাপ্তি সুদূৰ পৰাহত।
আজি জয়ন্ত বৰাৰ দৰে যুৱকক সেনা-আৰক্ষীয়ে মিলি নিশেষ কৰি দিয়া কাৰ্যই প্ৰমাণ কৰিছে জনগণৰ নিৰপত্তা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ দোহাই দি ৰাজ্যত উলংঘা হৈছে মানৱ অধিকাৰ। সমান্তৰালকৈ ন্যয়প্ৰাপ্তিৰ অধিকাৰকো শাসকে নস্যাৎ কৰি আহিছে। দ্বীপ চুতীয়া, অনুপম মৰাণহঁতৰ পৰিয়ালেই তাৰ প্ৰমাণ। কেইদিনমান পূৰ্বে দীপৰ মাতৃ বহাগী চুতীয়াই আমাক প্ৰশ্ন কৰিছিল, "মই ন্যায় পাম কেতিয়া?"
সেই প্ৰশ্নৰ উত্তৰ আমি দিব পৰা নাছিলো। হয়তো তিতাবৰৰ জয়ন্তৰ বিধৱা মাতৃ, বৃদ্ধা আইতাকে বছৰ বাগৰাৰ পিছত একেটা প্ৰশ্নকে ৰাজ্যবাসীক সুধিব! অসমৰ বহু মাতৃয়ে বিগত দিনতো একেটা প্ৰশ্নকেই সুধি আহিছে। উত্তৰ কাৰো হাতত নাই। জয়ন্ত বৰাৰ মাতৃক ৰাষ্ট্ৰই ন্যায় দিবনে? নে আগন্তুক দিনত 'অনেক জয়ন্ত'ৰ হত্যা হ’ব?