মাইনা এদিন গাঁৱৰ পৰা আঁতৰি গ'ল। তাৰ পাছত আৰম্ভ অইন এক সংগ্ৰাম। সমাজে মাইনাক কিয় গ্ৰহণ নকৰে? মাইনা পুৰুষ, মহিলা নে আন কিবা! এই বিষয়টোক প্ৰাধান্য দি প্ৰকাশ ডেকাই নিৰ্মাণ কৰা ফিচাৰ ফিল্ম 'জোনাকী পৰুৱা’ই দেশ-বিদেশৰ দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
সামাজিক যদিও অসামাজিক কিয় 'জোনাকী পৰুৱা'?
LGBT communityক প্ৰাধান্য দি নিৰ্মিত প্ৰথমখন অসমীয়া ছবি 'জোনাকী পৰুৱা’ সামাজিক মাধ্যমতো যথেষ্ট চৰ্চিত হৈছে। বিশ্বৰ ২০খনৰো অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ ছবিখন মনোনীত হোৱাৰ লগতে শেহতীয়াভাৱে দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত মুখ্য চৰিত্ৰত অভিনয় কৰা বেঞ্জামিন দৈমাৰীয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। moviesaint.comত মুক্তি প্ৰাপ্ত ছবিখনৰ স্ক্ৰিপ্ট আৰু নিৰ্দেশনা প্ৰকাশ ডেকাৰ। মিলিন দত্তৰ প্ৰযোজনাত নিৰ্মিত ছবিখনৰ সংগীত তৰালী শৰ্মাৰ। ছবিখনে চৰ্চা লভাৰ মূলতেই হৈছে কাহিনী। LGBT Communityৰ চৰিত্ৰ একোটাক ছবিসমূহত সদায় হাঁহিৰ খোৰাক অথবা পুতৌৰ দৃষ্টিৰে উপস্থাপন কৰা হয়। প্ৰথমবাৰৰ বাবে প্ৰকাশ ডেকাই এই চৰিত্ৰক মুখ্য বিষয় হিচাপে লৈ তেওঁলোকে পদে পদে সন্মুখীন হোৱা সমস্যাসমূহ সাৱলীলভাৱে দাঙি ধৰিছে।
কবি হিমাংশু প্ৰসাদ দাসক কিয় জোনাকী পৰুৱাই দিলে নতুন দৃষ্টিকোণ!
ছবিখনক লৈ অসমৰ বহুকেইজন চলচ্চিত্ৰপ্ৰেমী তথা সমালোচকে নিজা নিজা মতামত দাঙি ধৰিছে। নাটক আৰু চলচ্চিত্ৰৰ সৈতে যুক্ত কবি তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে ছবিখনৰ সম্পৰ্কে NNO ৰ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত এনে এখন ছবিৰে অসমৰ ছবি জগতখন সমৃদ্ধ কৰাৰ বাবে প্ৰকাশ ডেকাক ধন্যবাদ জ্ঞাপন কৰে।
"ছবিখনে চলচ্চিত্ৰ মহোৎসৱৰ সমাদৰে নহয় অসমৰ তথা ভাৰতবৰ্ষত প্ৰতিজন চলচ্চিত্ৰ প্ৰেমীৰে সমাদৰ লাভ কৰিছে আৰু কৰিব বুলি মই আশাবাদী। আমাৰ দেশত চৰ্চাৰ আওতাত থকা বিষয় এটা LGBT লোকসকল, যাক সমাজৰে অংশ বুলি আমি মানি লব নোখোজো। কোনোবা ল’ৰা হিচাপে জন্ম হৈ ছোৱালীৰ দৰেকৈ থাকি ভালপায়, কোনোবাই আকৌ ছোৱালী হৈয়ো ল’ৰাৰ আচৰণ কৰে, কোনোৱা নপুংসক হৈ ওপজে এইটো সম্পূূৰ্ণ জীৱ-বিজ্ঞানৰ অন্তৰ্গত বিষয়। এনেকৈ জন্মলভাতো তেওঁলোকৰ দোষ নহয়। কিন্তু আমি আমাৰ সমাজখনে এনে লোকসকলক সামাজিকভাৱে বৰ্জিত কৰিব খোজো। যিটো মুঠেই গ্ৰহণযোগ্য নহয়।’-হিমাংশু দাসে কয়।
LGBT চৰিত্ৰ এটাক মুখ্য চৰিত্ৰৰূপে লৈ নিৰ্মিত এইখন অসমৰে নহয়, খুৱসম্ভৱ ভাৰতবৰ্ষৰে প্ৰথমখন ছবি যিয়ে দেশৰ লগতে বিদেশতো ইমান সমাদৰ লাভ কৰিছে বুলিও কবি-অভিনেতাগৰাকীয়ে দোহাৰে। "মই নিজেও বিষয়বস্তুটো অধ্যয়ন কৰিছিলো যদিও তেওঁলোকৰ জীৱনসংগ্ৰাম সম্পৰ্কে মনোযোগ দিয়া নাছিলো।প্ৰকাশ ডেকালৈ মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ কেৱল এখন ছবি দিয়া নাই, আমাৰ দৃষ্টিক অন্য এক ন দৃষ্টি দিছে। মোৰ মনত ছবিখন চোৱাৰ পাছৰে পৰা এটা কথাই খুব আমনি কৰিছে। কেইবছৰ পূৰ্বে মই লিখা নাটক এখনত দৰ্শকক হাঁহিৰ খোৰাক দিবৰ বাবে এটা চৰিত্ৰ সৃষ্টি কৰিছিলো যিটো চৰিত্ৰ LGBT সমাজখনৰ পৰা তুলি লোৱা। তেতিয়া মই বিষয়টো ইমান সংবেদনশীল বুলি ভৱা নাছিলোঁ। এতিয়া মই অনুশোচনা কৰিছো। এইয়া কৰিব নালাগিছিল।"-তেওঁ কয়।
'ময়ো GAY'... নিজা পৰিচয়ক লৈ গৌৰৱান্বিত বেঞ্জামিন
'জোনাকী পৰুৱা’ৰ মূল চৰিত্ৰত অভিনয় কৰা অভিনেতা বেঞ্জামিন দৈমাৰীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজেও LGBT সমাজখনৰ এগৰাকী সদস্য বুলি জনায়। "মই ছবিখনত জাহ্নৱীক যেনেদৰে উপস্থাপন কৰিছো সেয়া মোৰ ব্যক্তিগত জীৱনৰ সৈতে অমিল হ'লেও প্ৰকাশ ডেকা দাৰ কাহিনীৰ বিষয়বস্তুটোত কিন্তু মই প্ৰভাৱিত। কাৰণ মই পুৰুষ যদিও নিজকে GAY বুলি ক’বলৈ ভাল পাম।’-বেঞ্জামিনৰ মন্তব্য।
তেওঁ আৰু কয়, 'জোনাকী পৰুৱা মোৰ প্ৰথমখন ছবি। ছবিখনে ৰাইজৰ সমাদৰ লাভ কৰাত মই সুখী। তাতোকৈ সুখী যে মই মোৰ সমাজখনক অভিনয়ৰ জৰিয়তে ৰাইজৰ মাজলৈ নিব পাৰিছো। আমি জীয়াই থকাৰ বাবে সমাজখনত কৰি থকা সংগ্ৰাম, পৰিচয়ক লৈ আমাৰ দ্বিধাগ্ৰস্থতাই মোক মনোকষ্ট দিছিল। কিন্তু জোনাকী পৰুৱাই মোৰ দ্বিধাগ্ৰস্থতা আতঁৰাই নিজা পৰিচয় দিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছে। সাধাৰণ লোকসকলক বাদ দি যদি চাওঁ আমাৰ সাংস্কৃতিক জগতখনত যাক সমাজৰ প্ৰতিটো স্তৰৰ মানুহে অনুসৰণ কৰে আমাৰ সাংস্কৃতিক কৰ্মীসকলৰ মাজতো এনে কৰ্মী আছে যিসকলে নিজা পৰিচয় লুকুৱাই ৰাখে। হয়তো লাজ আৰু শংকাৰ বাবে। সমাজে আমাক কেনেদৰে গ্ৰহণ কৰিব এই শংকাই তেওঁলোকক আৱৰি থাকে। মই নাম ল’ব নোখোজোঁ যদিও তেওঁলোক বিখ্যাত অভিনেতা একোজন।’
এই বিষয়টো আলোচনা কৰিবলৈ অন্যান্য কিছু দিশ জুঁকিয়াই চাব লাগিব বুলি উল্লেখ কৰি বেঞ্জামিনে কয়, 'লিংগ বৈষম্য সম্পৰ্কীয় কথা-বাৰ্তা তথা sex educationক আমাৰ পাঠ্যপুথিসমূহত বৰ্তমানো প্ৰাধান্য দিয়া হোৱা নাই। যাৰ বাবে আমি মুকলিকৈ ইয়াৰ আলোচনা কৰিবলৈ শংকাবোধ কৰো। নিজা পৰিচয় লুকুৱাই ৰাখি মানসিক অন্তৰ্দ্বন্দত ভুগি থাকোঁ। পুং আৰু স্ত্ৰী লিংগক বাদ দিও তৃতীয় লিংগ থাকে যাক আমি হিচাপত নলওঁ। সমগ্ৰ বিশ্বতে এতিয়া এই LGBT সদস্যসকলে নিজৰ অধিকাৰ বিচাৰি যুঁজ আৰম্ভ কৰিছে। জোনাকী পৰুৱাৰ কাহিনীও এই বিষয়টোক কেন্দ্ৰ কৰিয়েই। মই খুবেই আশাবাদী ৰাইজে জোনাকী পৰুৱাকেই নহয় সমগ্ৰ LGBT সমাজখনকে এদিন আকোঁৱালি ল'ব।’
অভিনয় জগতখনত আৰু বহুদূৰ আগুৱাই যোৱাৰ লক্ষ্য বুকুত বান্ধি ৰখা বেঞ্জামিনে নিজৰ অভিনয়ৰ লগতে LGBT সমাজখনৰ বাবে কাম কৰি যাবলৈ সদা প্ৰস্তুত বুলিও জনায়। 'অভিনয়ক লৈ মোৰ বহু সপোন আছে। আৰু বহুদূৰ যাবলগা আছে। লগতে LGBT সমাজখনৰ বাবেও কাম কৰি যাবলৈ মই সদায় প্ৰস্তুত হৈ আছো।’-বেঞ্জামিনে কয়।
জোনাকী পৰুৱা আমাৰ সংগ্ৰামৰ সাংস্কৃতিক উপস্থাপন
LGBT সদস্যসকলৰ বাবে অসমতো ২০১৪ চনৰ পৰা সুকীয়া, সমন্বয়কে আদি কৰি কেইবাটাও বেচৰকাৰী সংস্থাই তেওঁলোকৰ পৰিচয় তথা সামাজিক অৱস্থিতি, অধিকাৰক লৈ সংগ্ৰাম আৰম্ভ কৰিছে। এই সংগ্ৰামৰ সৈতে জড়িত এগৰাকী কৰ্মী ময়ূৰী ডেকা।
তেওঁ NNO ৰ যোগেদি সমগ্ৰ অসমবাসীকে ডিজিটেল প্লেটফৰ্মত মুক্তি লাভ কৰা ছবিখন ছাবলৈ আহ্বান জনাই কয়," সংবিধানে আমাক স্বীকৃতি দিলেও সমাজৰ দৃষ্টিকোণ আমাক লৈ সলনি নোহোৱালৈকে আমি জয়ী নহয়। ছবিখনত আমাৰ সমাজখনকে তুলি ধৰা হৈছে। ৰাইজে জাহ্নৱীকেই নহয় আমাৰ গোটেই LGBT সমাজখনক আকোঁৱালি ল'লে আমি সুখী হ'ম। আমি আশাবাদী আমাৰ সংগ্ৰামক লৈ। লগতে প্ৰকাশ ডেকালৈ ধন্যবাদ সমাজে উপেক্ষা কৰা আমাক আপুনি ন'কৈ তুলি ধৰিছে। জোনাকী পৰুৱা আমাৰ সংগ্ৰামৰেই সাংস্কৃতিক উপস্থাপন।"
উল্লেখ্য যে, ২৮ আগষ্টত মুক্তিপ্ৰাপ্ত বহুল চৰ্চিত ছবিখনে ব্যৱসায়িক লাভালাভক গুৰুত্ব প্ৰদান নকৰাটোৱেও বহু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে শেহতীয়াকৈ ছবিখনে ব্যৱসায়িক সফলতা লাভৰ দিশেও অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে।