'গোৱা ভাৰতৰ ধুনীয়া মুখত এটা শালমইনা (পিম্পল)ৰ দৰে।’- এসময়ত গোৱাক লৈ এই মন্তব্য কৰিছিল বিদেশৰ মাটিৰ পৰা ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিয়া কৃষ্ণ মেননৰ দৰে নেতাই। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আগত প্ৰায়ে তেওঁ গোৱা সন্দৰ্ভত এইদৰে মন্তব্য কৰিছিল।

পিছে গোৱাক লৈ নেহৰুৰ আছিল এক অন্য দৃষ্টিভংগী। পশ্চিমীয়া দেশক তেওঁ প্ৰতিশ্ৰুতি দিছিল- কেতিয়াও বলপূৰ্বকভাৱে গোৱাক ভাৰতৰ সৈতে চামিল কৰাৰ প্ৰয়াস নকৰে। নেহৰুৰ বিপৰীতে কৃষ্ণ মেনন আছিল সম্পূৰ্ণ পৃথক। তেওঁ যিকোনো প্ৰকাৰে গোৱাক ভাৰতৰ সৈতে অন্তৰ্ভূক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নেহৰুক জোৰ দিছিল। গোৱা তেতিয়া পৰ্তুগীজৰ দখলত।

কৃষ্ণ মেননৰ পৰামৰ্শ মানি নেহৰুৱে প্ৰথমে শান্তিপূৰ্ণভাৱে পতুৰ্গীজক গোৱাৰ পৰা খেদি পঠিওৱাৰ চেষ্টা চলায়। কিন্তু এই চেষ্টাত বিফল হোৱাত অৱশেষত সেনাবাহিনী প্ৰ্ৰেৰণ কৰি পৰ্তুগালৰ হাতৰ পৰা গোৱাক মুক্ত কৰাৰ পৰিকল্পনাক সেউজ সংকেত প্ৰদান কৰে পণ্ডিত নেহৰুৱে।

বাল্মিকী ফালেৰোৰ সদ্য প্ৰকাশিত 'গোৱা, ১৯৬১ দ্য কম্প্লিট ষ্ট’ৰী অৱ নেশ্যনেলিজম এণ্ড ইণ্টিগ্ৰেশ্যন’ শীৰ্ষক গ্ৰন্থখনত তেওঁ গোৱাৰ ইতিহাস উদঙাই লিখিছে, "১৯৬১ চনৰ ২ ডিচেম্বৰৰ পৰা ভাৰতীয় সেনাৰ সংগঠন আৰম্ভ হৈছিল। আগ্ৰা, হায়দৰাবাদ আৰু মাদ্ৰাজৰ পৰা ৫০ নং পেৰাচুট ব্ৰিগেডক বেলগামলৈ অনা হৈছিল।"

তেওঁ আকৌ লিখিছে, "উত্তৰ, পশ্চিম আৰু দক্ষিণ ভাৰতৰ ১০০ৰো অধিক যাত্ৰীবাহী ৰে'লৰ পথ সলনি কৰি ব্ৰিগেডৰ সেনা বেলগামলৈ অনা হৈছিল। যাত্ৰীবাহী ৰে'লৰ উপৰিও বেলগামলৈ সামৰিক সা-সৰঞ্জাম কঢ়িয়াই নিয়াৰ বাবে কেবাখনো মালবাহী ৰে'ল ব্যৱহাৰ কৰা হৈছিল। কাৰণ আহমেদাবাদৰ বহু মিল কয়লাৰ নাটনিৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল।" 

গোৱালৈ প্ৰেৰণ পৰ্তুগালৰ জাহাজ

ভাৰত যিদৰে গোৱা দখলৰ যুঁজৰ বাবে সাজু হৈছিল, সেইদৰেই পৰ্তুগালেও ভাৰতৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছিল। যুদ্ধংদেহী তৎপৰতাৰে পৰ্তুগালে তেওঁলোকৰ এখন 'ইণ্ডিয়া’ জাহাজ গোৱালৈ প্ৰেৰণ কৰে। এই জাহাজখন প্ৰেৰণৰ কাৰণ আছিল যাতে পৰ্তুগীজ নাগৰিকে ‘বাকো নেশ্যনেল আল্ট্ৰামেৰিনো’ত জমা কৰা সোণ আৰু তেওঁলোকৰ পত্নী-সন্তানক লিছবনলৈ প্ৰেৰণ কৰিব পাৰে।

পি এন খেদাই তেওঁৰ গ্ৰন্থ 'অপাৰেচন বিজয়, দ্য লিবাৰেচন অৱ গোৱা এণ্ড অদাৰ পৰ্তুগীজ কলনীজ ইন ইণ্ডিয়া'ত লিখিছে, "১৯৬১ চনৰ ৯ ডিচেম্বৰত পৰ্তুগীজ জাহাজখন লিছবনৰ পৰা মৰ্মুগাঁৱত উপস্থিত হয়। জাহাজখনে ১২ ডিচেম্বৰৰ পৰা লিছবনলৈ উভতনি যাত্ৰা আৰম্ভ কৰে। জাহাজখনৰ বহন ক্ষমতা সৰ্বাধিক ৩৮০ জন আছিল যদিও জাহাজত ৭০০ মহিলা আৰু শিশুক তালৈ প্ৰেৰণ কৰা হৈছিল। জাহাজখনত ইমানেই মানুহ আছিল যে কিছুমান মানুহ শৌচাগাৰৰ ভিতৰত পৰ্যন্ত বহিবলগীয়া হৈছিল"

১৯৬১ চনৰ ডিচেম্বৰ মাহত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত জন কেনেথ গালব্ৰেইথে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে কেইবাবাৰো সাক্ষাৎ কৰি গোৱাত সামৰিক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত পিছুৱাবলৈ হেঁচা প্ৰয়োগ কৰে। এই হেঁচাত পৰিয়েই পণ্ডিত নেহৰুৱে গোৱাত সামৰিক কাৰ্যৰ প্ৰথম দিনটো ১৪ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ পিছুৱাই দিয়ে। ১৫ ডিচেম্বৰত গালব্ৰেইথে নেহৰুৰ লগতে তেওঁৰ বিত্তমন্ত্ৰী মোৰাৰজী দেশাইকো সাক্ষাৎ কৰে।

এডেলা গেইটণ্ডে তেওঁৰ 'ইন চাৰ্চ অৱ টুম'ৰ'' নামৰ গ্ৰন্থখনত লিখিছে, "মোৰাৰজী দেশাইয়ে গোৱাত হিংসাৰ আশ্ৰয় লোৱাৰ বিৰোধিতা কৰিছিল। কাৰণ তেওঁ ব্যক্তিগতভাৱে ঔপনিৱেশিক সমস্যা সমাধানৰ বাবে অহিংসাৰ পথ লোৱাৰ পক্ষপাতী আছিল।"

"আমেৰিকাৰ কূটনীতিৰ সফলতাৰ প্ৰতি পৰ্তুগীজসকল ইমানেই আত্মবিশ্বাসী আছিল যে ১৬ ডিচেম্বৰৰ নিশা পৰ্তুগীজ গৱৰ্ণৰ জেনেৰেল আৰু তেওঁৰ সেনাবাহিনীৰ মুখ্য সেনাধ্যক্ষই যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতো বন্ধুৰ কন্যাৰ বিয়াৰ অভ্যৰ্থনাত অংশগ্ৰহণ কৰিছিল।"

১৭ ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে নেহৰুক সাক্ষাৎ কৰি ভাৰতে গোৱাৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা ছমাহৰ বাবে পিছুৱাই দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। সেই বৈঠকত উপস্থিত থকা কৃষ্ণ মেননে নেহৰু আৰু গালব্ৰেইথক কয় যে সামৰিক ব্যৱস্থা পিছুৱাবলৈ ইতিমধ্যে বহু দেৰি হৈছে। ভাৰতীয় সেনা ইতিমধ্যে গোৱাত প্ৰৱেশ কৰিছে আৰু তেওঁলোকক ওভতাই অনা এতিয়া আৰু সম্ভৱ নহয়।

কিন্তু এই ঘটনাৰ বহু বছৰৰ পাছত কৃষ্ণ মেননে এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে সেইদিনা দৰাচলতে তেওঁ মিছা মাতিছিল। ভাৰতীয় সেনা তেতিয়ালৈকে গোৱাৰ সীমান্ত পাৰ হোৱাই নাছিল। সেই নিশাই কৃষ্ণ মেননে গোৱা সীমান্তত উপস্থিত হৈ ভাৰতীয় সেনাৰ স্থিতি পৰিদৰ্শন কৰে। মেননে সামৰিক কাৰ্য্যৰ সময় নেহৰুক কোৱাৰ পূৰ্বেই ভাৰতীয় সেনাই গোৱাত প্ৰৱেশ কৰিছিল।

অপ্ৰতিৰোধ্যভাৱে আগবাঢ়িছিল ভাৰতীয় সেনা

১৭-১৮ ডিচেম্বৰৰ মাজনিশা ভাৰতীয় সেনাই গোৱা সীমান্ত অতিক্ৰম কৰে। ১৯৬১ চনৰ ১৯ ডিচেম্বৰত 'টাইমছ অৱ ইণ্ডিয়া’ই এই বিষয়ে প্ৰচাৰ কৰিছিল বাতৰি। যাৰ শিৰোনাম আছিল, ‘অৱশেষত গোৱা, দমন আৰু ডিউত প্ৰৱেশ আমাৰ সেনাৰ’। অৱশ্যে গোৱাত প্ৰৱেশ কৰাৰ সময়ত সামান্য প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় সেনা। সেই সময়ত গোৱা দখলৰ দায়িত্ব দিয়া হৈছিল মেজৰ জেনেৰেল কেণ্ডেথৰ নেতৃত্বত ১৭ নং পদাতিক বিভাগক।

বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহাই তেওঁৰ 'ইণ্ডিয়া আফটাৰ গান্ধী' গ্ৰন্থত লিখিছে, "১৮ ডিচেম্বৰৰ পুৱা উত্তৰে সাৱন্তৱাড়ী, দক্ষিণে কাৰৱাৰ আৰু পূবে বেলগাওঁৰ পৰা ভাৰতীয় সেনাই গোৱাত প্ৰৱেশ কৰিছিল।"

"ইফালে ভাৰতীয় বিমানে গোৱাবাসীক শান্ত আৰু সাহসী হ'বলৈ অনুৰোধ কৰি আকাশ মাৰ্গৰ পৰাই প্ৰচাৰ পত্ৰিকা বিলাইছিল। য’ত লিখা আছিল, আপোনালোকৰ স্বাধীনতাত আনন্দিত হওক আৰু ইয়াক শক্তিশালী কৰক। ১৮ ডিচেম্বৰৰ সন্ধিয়ালৈকে ৰাজধানী পানাজী চৌদিশৰ পৰা ঘেৰি ধৰিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ এই অভিযানত সহায়ৰ হাত আগবঢ়াইছিল স্থানীয় নিৱাসীসকলেও। পৰ্তুগালে বাৰুদৰ সুৰংগ স্থাপন কৰি ৰখা ঠাইসমূহ দেখুৱাই দি ভাৰতীয় সেনাক সতৰ্ক কৰি দিছিল স্থানীয় লোকে।"

অভিযান আৰম্ভ হোৱাৰ ৩৬ ঘণ্টাৰ ভিতৰতে পৰ্তুগীজৰ গৱৰ্ণৰ জেনেৰেলে নিঃচৰ্ত আত্মসমৰ্পণৰ নথিত স্বাক্ষৰ কৰে। পঞ্জাৱ ৰেজিমেণ্টৰ সেনাসকলে যেতিয়া পানাজীত প্ৰৱেশ কৰিছিল, সেই সময়ত কেৱল আণ্ডাৰৱেৰ হে পৰিধান কৰি আছিল পৰ্তুগীজ বিষয়া আৰু তেওঁলোকৰ সেনাই। ইয়াৰ কাৰণ সোধাত তেওঁলোকে কৈছিল যে ভাৰতীয় সেনাসকল ইমানেই নিৰ্দয় যে যদি কোনো পৰ্তুগীজ সৈনিকক তেওঁৰ ইউনিফৰ্মৰ পৰা চিনি পায় তেন্তে নিমিষতে গুলীয়াই হত্যা কৰিব পাৰে।

গোৱা দখলৰ অভিযানত ব্ৰিগেডিয়াৰ সগত সিঙৰ ভূমিকা

ব্ৰিগেডিয়াৰ সগত সিং নেতৃত্বাধীন ৫০ নং পেৰাচুট ব্ৰিগেডে নিষ্ঠা পৰায়ণতাৰে সকলোকে স্তম্ভিত কৰি খুব সোনকালেই ৰাজধানী পানজীত উপস্থিত হ’বলৈ সক্ষম হৈছিল।

ব্ৰিগেডিয়াৰ সগত সিঙৰ জীৱনী লিখা জেনেৰেল ভি কে সিঙে কৈছে, "চৌবিশ ঘন্টাৰ ভিতৰতে তেওঁৰ বেটেলিয়ন পানাজীত উপস্থিত হয়। নিশা তাতেই পাৰ কৰে সগত সিঙৰ বেটেলিয়ানে। পানাজী জনবসতিপূৰ্ণ অঞ্চল। এনে পৰিপ্ৰেক্ষিতত নিশা আক্ৰমণ হ’লে বহু সাধাৰণ নাগৰিকৰ মৃত্যু ঘটিব পাৰে বুলি ভয় খাইছিল সগত সিঙে। সেয়ে পুৱা তেওঁলোক পুনৰ পানাজীৰ পৰা ৰাওনা হয়। আনফালে পৰ্তুগীজ চৰকাৰে ভাৰতীয় সেনাক প্ৰতিৰোধ কৰিবলৈ দলংখন ভাঙি পেলাইছিল। যাৰ বাবে সগত সিঙৰ সেনাই একপ্ৰকাৰ সাঁতুৰি নৈ পাৰ হ’বলগীয়া হয়।"

১৯৬২ চনৰ জুন মাহলৈকে ভাৰতীয় সেনাই গোৱাত অভিযান সমাপ্ত কৰি পুনৰ আগ্ৰালৈ উভতি আহিছিল। আগ্ৰাৰ বিখ্যাত ক্লাৰ্কছ শ্বিৰাজ হোটেলত সংঘটিত হয় এক আমোদজনক ঘটনা। মেজৰ জেনেৰেল ভি কে সিঙে কয়, "ব্ৰিগেডিয়াৰ সগত সিং অসামৰিক পোছাক পিন্ধি হোটেললৈ গৈছিল। আমেৰিকান পৰ্যটক কিছুমানেও তেওঁক অতি মনোযোগেৰে চাই আছিল। কিছু সময়ৰ পিছত তেওঁলোকৰ এজনে তেওঁৰ ওচৰলৈ আহি সুধিলে যে 'আপুনি ব্ৰিগেডিয়াৰ সগত হয় নে?’

সগত সিঙে পৰ্যটক জনক প্ৰশ্ন কৰিলে, আপুনি কিয় সুধিছে? উত্তৰত পৰ্যটকজনে ক’লে যে আমি এতিয়া পৰ্তুগালৰ পৰা আহি আছো। তাত আপোনাৰ ফটোসহ ডাঙৰ ডাঙৰ পোষ্টাৰ দেৱালত আঁৰি থোৱা হৈছে। য’ত লিখা আছে যে আপোনাক ধৰি আনিব পাৰিলে দহ হাজাৰ ডলাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।’

আমেৰিকান পৰ্যটকৰ এই কথা শুনি সগত সিঙে হাঁহি হাঁহি ক’লে- আপুনি যদি বিচাৰে তেন্তে মই আপোনাৰ সৈতে যাব পাৰো। সগত সিঙৰ কথা শুনি এইবাৰ পৰ্যটকে ক’লে, আমি এতিয়া আৰু পৰ্তুগাললৈ উভতি নাযাও।

ভাৰতীয় সেনাৰ গোৱা দখলৰ খবৰ গোপনে ৰখাৰ প্ৰয়াস পৰ্তুগালৰ

আনহাতে, পৰ্তুগালৰ ৰাজধানী লিছবনত চৰকাৰৰ অধীনত কাম কৰা সংবাদ মাধ্যমে তাত থকা জনসাধাৰণক গোৱাত পৰ্তুগীজ সেনাৰ কঠোৰ প্ৰতিৰোধ আৰু ভাৰতীয় সেনাৰ যুঁজৰ খবৰ দি আহিছিল। কিন্তু সেই খবৰ দিয়া হৈছিল সম্পূৰ্ণ মিছাকৈ। পৰ্তুগালৰ সংবাদ মাধ্যমত ছপা হৈছিল যে গোৱাত ভাৰতীয় সেনাক বন্দী কৰিবলৈ সক্ষম হৈছে পৰ্তুগীজ সেনাই। 

পৰ্তুগালৰ নাগৰিকক কোৱা হোৱা নাছিল যে গোৱাত পৰ্তুগালৰ সৈনিক অতি কম। তেওঁলোকৰ যুদ্ধৰ অভিজ্ঞতাও নাই আৰু এনে অভিযানৰ বাবে প্ৰশিক্ষণো পোৱা নাই। তেওঁলোকে সাংকেতিক প্ৰতিবাদ কৰিব বিচাৰিলেও তাৰ বাবে তেতিয়া হাতত নাছিল পৰ্যাপ্ত সামৰ্থ্য। পৰ্তুগালে যেতিয়া নিৰাপত্তা পৰিষদত এই বিষয়টো উত্থাপন কৰিছিল, তেতিয়া পৰ্তুগীজ প্ৰেছে অতিৰঞ্জিতভাৱে দাবী কৰিছিল যে এতিয়ালৈকে ভাৰতৰ ১৫০০ সৈনিকৰ মৃত্যু হৈছে। ১৮ ডিচেম্বৰত গোটেই দিনটো পৰ্তুগাল চৰকাৰৰ অধীনস্থ গোৱা ৰেডিঅ’ই যুদ্ধ সংগীত সম্প্ৰচাৰ কৰি আছিল যদিও ভাৰতীয় সেনা গোৱাত প্ৰৱেশ কৰাৰ কোনো খবৰ প্ৰচাৰ কৰা নাছিল।

তাৰ পিছত যেতিয়াই ভাৰতীয় বিমানে ডেবলিম বিমানবন্দৰত বোমা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ঘৰলৈ উভতি যাবলৈ আহ্বান জনোৱা হয়।

ডেবলিম বিমান বন্দৰত যুদ্ধ বিমানৰ বোমাক্ৰমণ

১৮ ডিচেম্বৰৰ পুৱা সাত বজাত স্কোয়াড্ৰন নেতা জয়ন্ত সিঙৰ নেতৃত্বত পুণেৰ বায়ুসেনাৰ ঘাটিৰ পৰা ছখন হাণ্টাৰ বিমানে উৰা মাৰে। তাৰ পিছতে ৰকেট আৰু বন্দুকৰ কামানেৰে আক্ৰমণ কৰি ১০ মিনিটৰ ভিতৰতে ধ্বংস কৰি পেলোৱা হয় বাম্বোলিমত অৱস্থিত ৰেডিঅ’ ষ্টেচনটো।

ইয়াৰ পিছতে বহিঃজগতৰ সৈতে সংযোগ হেৰুৱায় পেলায় গোৱাই। গোৱা ৰেডিঅ’ত প্ৰচাৰিত সেই বিখ্যাত ঘোষণা, 'এয়া পৰ্তুগাল, আপুনি শুনি আছে ৰেডিঅ’ গোৱা’ সেইদিনাৰ পৰাই চিৰদিনলৈ বন্ধ হৈ পৰিল। একে সময়তে ১২খন কেনবেৰা আৰু ৪খন হাণ্টাৰ বিমান পুণেৰ পৰা গোৱালৈ উৰা মাৰে। তেওঁলোকে গোৱাৰ ডেবলিম ৰাণৱেত ১০০০ পাউণ্ডৰ ৬৩টা বোমা নিক্ষেপ কৰে।

বাল্মিকী ফালেৰোৱে লিখিছে, "প্ৰথম ৰাউণ্ডত ৬৩ পাউণ্ড বোমা নিক্ষেপ কৰাৰ পিছতো ভাৰতীয় বায়ুসেনাই পিছুৱাই নাথাকিল। প্ৰায় আধা ঘণ্টাৰ পিছত তেওঁলোকে পুনৰ আঘাত কৰিলে আৰু এইবাৰ মুঠ ৪৮,০০০ পাউণ্ড বোমা নিক্ষেপ কৰে।"

"আধা ঘণ্টাৰ পিছত ফ্লাইট লেফটেনেণ্ট ভিভিয়ান গুডউইনক ডেবলিম বিমানবন্দৰত বোমা বিস্ফোৰণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ফটো তুলিবলৈ প্ৰেৰণ কৰা হয়। ফটোবোৰত দেখা যায় যে বিমানপথটোৰ বিশেষ ক্ষতি হোৱা নাই। তাৰ পিছত পুৱা ১১:৪০ বজাত ডেবলিমত তৃতীয়টো আক্ৰমণ কৰা হয়।"

মহিলা আৰু শিশুসকলক লিছবনলৈ প্ৰেৰণ

ভাৰতীয় বায়ুসেনাৰ প্ৰচণ্ড বোমাবৰ্ষণ সত্ত্বেও ডেবলিম বিমানবন্দৰত মাত্ৰ কেইটামান গাঁতৰহে সৃষ্টি হৈছিল। গোৱাত থকা পৰ্তুগীজ বিষয়াসকলে নিজৰ পত্নী আৰু সন্তানক বিমানেৰে পৰ্তুগাললৈ পঠিয়াবলৈ সিদ্ধান্ত লয়। সেই সময়ত ডেবলিমত মাত্ৰ দুখন বিমানহে উপলব্ধ আছিল আৰু আন্ধাৰ হৈ পৰা ডেবলিম বিমানপথৰ গাঁতবোৰ খৰখেদাকৈ মেৰামতি কৰা হৈছিল। ভাৰতীয় সেনাই ঘেৰি ৰখাৰ পিছতো গৱৰ্ণৰ জেনেৰেল ছিলভাই এই বিমানবোৰক উৰণৰ অনুমতি প্ৰদান কৰিছিল।

বাল্মিকী ফালেৰোৱে লিখিছে, "পৰ্তুগীজ বিষয়াসকলৰ পত্নী-সন্তানৰ সৈতে বিমান দুখন ভৰ্তি হৈ আছিল আৰু প্ৰয়োজনীয় চৰকাৰী নথি-পত্ৰও ৰখা হৈছিল। এই বিমানবোৰে পোহৰবিহীন তীব্ৰ অন্ধকাৰত ডুব গৈ থকা মাত্ৰ ৭০০ মিটাৰ দীঘল ৰাণৱেৰ পৰা উৰা মাৰিছিল।"

সাগৰত নিয়োজিত ভাৰতীয় যুদ্ধজাহাজে এই বিমানবোৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল যদিও বিমানসমূহ পলায়ন কৰিবলৈ সক্ষম হৈছিল। আকাশ মাৰ্গৰ কম উচ্চতাৰে উৰি এই বিমান দুখনে পাকিস্তানৰ কৰাচী বিমানবন্দৰত অৱতৰণ কৰিছিল।’ ইফালে গোৱাৰ গৱৰ্ণৰ জেনেৰেল মেজৰ জেনেৰেল ছিলভা ভাস্কো দা গামাত উপস্থিত হৈছিল। মেজৰ বিল কাৰ্ভেলোৰ নেতৃত্বত শিখ ৰেজিমেণ্টৰ সেনাই প্ৰথমে তাত উপস্থিত হয়।

ব্ৰিগেডিয়াৰ ৰবি মেহতাই বাল্মিকী ফালেৰোক এক সাক্ষাৎকাৰত কয়, "মেজৰ বিল কাৰ্ভেলো, কেপ্তেইন আৰ এছ বালি আৰু মই জেনেৰেল ছিলভা উপস্থিত থকা বিল্ডিঙৰ গেটত উপস্থিত হ'লোঁ। আমি জেনেৰেল ছিলভা বহি থকা মেছটোৰ টেবুলখনৰ ওচৰ পালোঁ। তেতিয়ালৈকে স্পষ্ট হৈ পৰিল যে ভাৰতীয় সেনাই তেওঁলোকক চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল আৰু তেওঁলোকৰ হাতত প্ৰতিৰোধ কৰাৰ কোনো উপায় নাছিল।"

মেজৰ বিল কাৰ্ভেলোই জেনেৰেল ছিলভালৈ চাই কয়, আপুনি আপোনাৰ সৈন্যসকলক অস্ত্ৰ-শস্ত্ৰ থৈ বেৰেকৰ ভিতৰলৈ যাবলৈ নিৰ্দেশ দিয়ক। কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কৰ্ণেল নন্দই সিদ্ধান্ত লয় যে আনুষ্ঠানিক আত্মসমৰ্পণ অনুষ্ঠানটো নিশা হ’ব।

জেনেৰেল ছিলভাৰ আত্মসমৰ্পণ

১৯৬১ চনৰ ১৯ ডিচেম্বৰত নিশা ৯:১৫ বজাত আত্মসমৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। সেই সময়ত অতি কম মানুহ উপস্থিত আছিল। তাৰে এজন আছিল গোৱাৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা ডাক্তৰ সুৰেশ কানেকাৰ।

পিছত তেওঁ ২০১১ চনত লিখা 'গোৱাজ লিবাৰেচন এণ্ড দিয়েৰ আফটাৰ' নামৰ গ্ৰন্থখনত লিখিছে, "এখন মুকলি পথাৰত আত্মসমৰ্পণ অনুষ্ঠান অনুষ্ঠিত হৈছিল। ব্ৰিগেডিয়াৰ ধিলন জীপত বহি আছিল। তেওঁ গাড়ীবোৰক ইংৰাজী আখৰ 'চি' ফৰ্মেচনত ৰখাইছিল আৰু হেডলাইটবোৰ অন কৰি ৰখা হৈছিল। গাড়ীৰ সেই হেডলাইটৰ পোহৰ সেইখিনি ঠাইত কেন্দ্ৰিত কৰা হৈছিল, য’ত জেনেৰেল ছিলভাই আত্মসমৰ্পণ কৰিছিল।"

"জেনেৰেল ছিলভাক প্ৰায় ৮:৪৫ বজাত তালৈ অনা হৈছিল। তেওঁৰ লগত আছিল তেওঁৰ মুখ্য কৰ্মচাৰী লেফটেনেণ্ট কৰ্ণেল মাৰ্ক ডি এণ্ড্ৰেড। তেওঁক প্ৰায় আধা ঘণ্টা অপেক্ষা কৰিবলৈ বাধ্য কৰা হৈছিল। তেওঁৰ কাষে কাষে শাৰী পাতি ভাৰতীয় সৈনিক আছিল।"

ড° কানেকাৰে আৰু লিখিছে, "যেতিয়া ব্ৰিগেডিয়াৰ ধিলনক সকলো ব্যৱস্থা কৰা হৈছে বুলি কোৱা হৈছিল, তেতিয়া তেওঁ নিজৰ জীপৰ পৰা নামি জেনেৰেল ছিলভাৰ সন্মুখত থিয় হৈছিল। ব্ৰিগেডিয়াৰ ধিলনক সম্বোধন কৰি লেফটেনেণ্ট কৰ্ণেল নন্দই কৈছিল যে গোৱা, দমন আৰু ডিউৰ গভৰ্ণৰ জেনেৰেলে তেওঁৰ সন্মুখত আত্মসমৰ্পণ কৰিব বিচাৰে।’’

ইয়াৰ পিছতে জেনেৰেল ছিলভাই আত্মসমৰ্পণ কৰে। তাৰ পিছত তেওঁক আটক কৰি ৰখা অট্টালিকাটোলৈ লৈ যোৱা হয়। গোটেই অনুষ্ঠানটোৰ সময়ত ছিলভা বা ধিলোনে এটা শব্দও কোৱা নাছিল। ভাৰতীয় সেনাৰ অধিনায়ক জেনেৰেল কেণ্ডেথে ভাস্কো দা গামাত উপস্থিত নথকাৰ বাবে আত্মসমৰ্পণ কৰিব নোৱাৰিলে। আত্মসমৰ্পণৰ সময়ত কেণ্ডেথে নাজানিছিল যে ভাৰতীয় সেনা ভাস্কো দা গামাত উপস্থিত হৈছে। নিশা ১১ বজাত তেওঁ টেলিফোনযোগে এই বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰে।

এই আত্মসমৰ্পণ অনুষ্ঠানৰ কোনো ফটো নাই। ড° সুৰেশ কানেকাৰে লিখিছে, "লেফটেনেণ্ট কৰ্ণেল নন্দই অনুষ্ঠানটোৰ ফটো তুলিবলৈ ফটোগ্ৰাফাৰৰ ব্যৱস্থা কৰিছিল যদিও ফটোগ্ৰাফাৰৰ কেমেৰাত ফ্লেছ নাছিল। নন্দই ফটোগ্ৰাফাৰক ইংগিত দি থৈছিল যে তেওঁ ইংগিত দিলেহে ফটো তুলিব লাগিব। কিন্তু শেষ মুহূৰ্তত লেফটেনেন্ট কৰ্ণেল নন্দই ইংগিত দিবলৈ পাহৰি থাকিল। পৰিণামস্বৰূপে ফটোগ্ৰাফাৰেও ফটো নুতুলিলে।’’

পৰ্তুগীজ জেনেৰেলৰ সৈতে বৈঠক

কিছুদিন পিছত দক্ষিণ কমাণ্ডৰ মুৰব্বী জেনেৰেল জে এন চৌধুৰী পৰ্তুগীজ জেনেৰেল ছিলভাক তেওঁৰ কাৰাগাৰৰ কোঠাত লগ কৰিবলৈ যায়। জেনেৰেল ছিলভাৰ সহকৰ্মী জেনেৰেল কাৰ্লোছ আজেৰেডোৱে তেওঁৰ 'ৱৰ্ক এণ্ড ডেজ অৱ এ চোল্ডাৰ অৱ দ্য এম্পায়াৰ' নামৰ গ্ৰন্থখনত লিখিছে, "জেনেৰেল চৌধাৰীয়ে ছিলভাৰ কোঠাত অকলে প্ৰৱেশ কৰি তেওঁক সম্ভাষণ জনাইছিল। জেনেৰেল ছিলভাই থিয় হৈ তেওঁক ছ্যেলুট দিব বিচাৰিছিল। তাৰ পিছত জেনেৰেল চৌধাৰীয়ে চকী এখন টানি জেনেৰেল ছিলভাৰ সন্মুখত বহিল।"

তেওঁ ক’লে যে কিবা প্ৰয়োজন হ’লে কমাণ্ডাৰ বিল কাৰ্ভেলোক ফোন কৰিব পাৰে। জেনেৰেল চৌধুৰীয়ে ছিলভাক আশ্বাস দিছিল যে তেওঁৰ পত্নী সুৰক্ষিত আৰু ভাৰত চৰকাৰে অতি সোনকালে তেওঁক লিছবনলৈ প্ৰেৰণ কৰিব।

ইয়াৰ পিছত ভাৰতীয় সেনা প্ৰধান জেনেৰেল পি এন থাপাৰেও ছিলভাক সাক্ষাৎ কৰিবলৈ গৈছিল। ইয়াৰ পিছত ছিলভাক এটা ভাল ঘৰলৈ স্থানান্তৰ কৰা হয়। ভাৰতীয় সেনাৰ মেজৰ চেজাৰ লোবোক জেনেৰেল ছিলভাৰ তত্বাৱধানত ৰখা হৈছিল, লবোৱে পৰ্তুগীজ ভাষা সাৱলীলভাৱে ক’ব পাৰিছিল।

পৰ্তুগালৰ ৩,৩০৭ জন সৈনিকক যুদ্ধবন্দী

জেনেৰেল চৌধুৰীয়ে এই প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ছিলভাৰ পত্নী ফাৰ্নাণ্ডা ছিলভাৰ লগত ভাল ব্যৱহাৰ হোৱা নাছিল। বাল্মিকী ফালেৰোৱে লিখিছে, "তেওঁক ডোনা প'লা ৱালে চৰকাৰী বাসগৃহৰ পৰা জোৰকৈ বাহিৰলৈ উলিয়াই অনা হৈছিল। তেওঁক পানাজীৰ ৰাজপথত ঘূৰি ফুৰা দেখা গৈছিল। প্ৰাক্তন মুখ্য সচিব এবেল ক'লাছ'ই তেওঁক তেওঁৰ চৰকাৰী ঘৰত আশ্ৰয় দিছিল।"

"যেতিয়া সংসদত বিষয়টো উত্থাপিত হৈছিল, তেতিয়া নেহৰুৱে ক'লাছ'ক প্ৰশংসা কৰি কয় যে তেওঁ দুৰ্দশাগ্ৰস্ত মহিলাগৰাকীক এজন মান্য মানুহৰ দৰে ব্যৱহাৰ কৰিছিল। ১৯৬১ চনৰ ২৯ ডিচেম্বৰত ফাৰ্নাণ্ডা ছিলভাক ভাৰতীয় বায়ুসেনাৰ বিমানেৰে বম্বেলৈ লৈ যোৱা হৈছিল। তাৰ পিছত তেওঁক লিছবনলৈ প্ৰেৰণ কৰা হয়।’’

তেওঁৰ স্বামী জেনেৰেল ছিলভাই পাঁচ মাহৰ পাছত নিজৰ দেশলৈ যাব পাৰিব। এই সমগ্ৰ অভিযানত ২২ জন ভাৰতীয় জোৱান নিহত হোৱাৰ বিপৰীতে আন ৫৪ জন জোৱান আহত হয়। অৰ্জুন সুব্ৰমণিয়ামে তেওঁৰ ‘ইণ্ডিয়াজ ৱাৰছ ১৯৪৭-১৯৭১’ নামৰ গ্ৰন্থখনত লিখিছে যে এই অভিযানত ৩০ জন পৰ্তুগীজ সৈনিকৰ মৃত্যু হৈছিল আৰু ৫৭ জন আহত হৈছিল।

বাল্মিকি ফালেৰোই লিখিছে, "লিছবনত উপস্থিত হোৱাৰ লগে লগে পৰ্তুগীজ যুদ্ধবন্দীসকলক সাধাৰণ অপৰাধীৰ দৰে সামৰিক আৰক্ষীয়ে আটক কৰিছিল। তেওঁলোকৰ পৰিয়াল বিমানবন্দৰত তেওঁলোকক লগ কৰিবলৈ আহিছিল যদিও তেওঁলোকক লগ কৰিবলৈ দিয়া হোৱা নাছিল আৰু অজ্ঞাত স্থানলৈ তেওঁলোকক লৈ যোৱা হৈছিল। তেওঁলোকক কাপুৰুষ আৰু বিশ্বাসঘাতক বুলি অপমান কৰা হৈছিল।"

গৱৰ্ণৰ জেনেৰেল ছিলভাকে ধৰি প্ৰায় এক ডজন বিষয়াক সেনাবাহিনীৰ পৰা বহিষ্কাৰ কৰা হয়। কেৱল এয়াই নহয়, তেওঁক গোটেই জীৱন কোনো চৰকাৰী পদত অধিষ্ঠিত কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ১৯৭৪ চনত যেতিয়া ক্ষমতাৰ পৰিৱৰ্তন ঘটিছিল, তেতিয়া এই বৰ্খাস্ত কৰা লোকসকলক পুনৰ নিযুক্তি দিয়া হৈছিল আৰু মেজৰ জেনেৰেল ছিলভাক পুনৰ সেনাবাহিনীত নিজৰ পুৰণি পদবীলৈ নিযুক্তি দিয়া হৈছিল।

ভাৰতে গোৱাত বসবাস কৰা সকলো লোককে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছিল। কিন্তু ভাৰতে তেওঁলোকৰ পৰ্তুগীজ নাগৰিকত্ব ত্যাগ কৰাৰ কোনো চৰ্ত নিৰ্ধাৰণ কৰা নাছিল। সেয়ে ভাৰতৰ আইনত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নথকা স্বত্বেও ১৯৬১ চনৰ পূৰ্বে গোৱাত বসবাস কৰা লোকসকলে ভাৰতৰ লগতে পৰ্তুগালৰো নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছিল।


সাংবাদিক ৰেহান ফজলৰ হিন্দী প্ৰতিবেদন गोवा को जब भारतीय सैनिकों ने पुर्तगालियों से कराया आज़ादৰ অনুবাদ। অনুবাদঃ পংকজ তৰুণ।