'শৈশৱ কালৰ কথা। সেই সময় আছিল শৈশৱৰ পৰা কৈশোৰলৈ ভৰি দিয়াৰ সময়। তেতিয়া বহুতেই কৈছিল মই অতি আৱেগিক, অতি সংবেদনশীল, অতি খঙাল।’ বিহেভেৰিয়েল এণ্ড ডাটা ছায়েণ্টিষ্ট প্ৰজ্ঞা আগৰৱালাই নিজৰ জীৱনৰ কথাৰ উদ্ধৃতি দি আৰু কৈছে, ' কৈশোৰৰ সেই সময়ৰ পৰা মই যেতিয়া এখন বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিলো তেতিয়া এগৰাকী জ্যেষ্ঠ পুৰুষ সহকৰ্মীয়ে মোক কেইটামান উপদেশ দিছিল। তেওঁ বুজাইছিল কেনে আচৰণ কৰিলে মানুহে বেয়া নাপায়। কেনে আচৰণ কৰা উচিত। তেওঁ মোক বাৰে বাৰে কৈছিল, মই নিজকে কাৰো আগতেই যাতে দুৰ্বল নেদেখুৱাও। নিজকে শক্তিশালী ৰূপত যাতে সদায়ে তুলি ধৰো। পৰাপক্ষত আৱেগ লুকুৱাই ৰখাৰ লগতে কোনো বিশেষ মুহূৰ্তত আক্ৰমণাত্মক হৈয়ো দেখুৱাবলৈ কৈছিল।’
তেওঁ লগতে কয় যে, সৰুতেই আমাৰ মনত অনুভৱৰ কথাবোৰক লৈয়ো লিংগভেদ ৰখা হৈছে। মোৰ জ্যেষ্ঠ সহকৰ্মীগৰাকীয়ে এই বিষয়সমূহক লৈ এখন গ্ৰন্থও লিখিছে। গ্ৰন্থখনৰ নাম হৈছে, 'এক্সপ্লডিং দ্যা মিথ অৱ জেণ্ডাৰ ইমোশ্যন’। এই গ্ৰন্থখনত লিংগ ভেদে কেনেকৈ অনুভৱক ভাগ কৰা হৈছে সেই বিষয়টো বিস্তৃতৰূপত উল্লেখ কৰা হৈছে। কোন মানুহে কেনেকৈ লিংগৰ ওপৰত ভিত্তি কৰি নিজৰ নিজৰ ভাৱনা প্ৰকাশ কৰে সেই সন্দৰ্ভত আমি কেনেকৈ জানিম, বা কোন ব্যক্তিৰ পৰা কেনে ব্যৱহাৰ আশা কৰিম সেই সম্পৰ্কেও উল্লেখ আছে বিশেষ গ্ৰন্থখনত।
জ্যেষ্ঠ সহকৰ্মীজনে লগতে কয়, 'মহিলাসকলক আৱেগৰ দিশটোতেই সকলোৱে লক্ষ্য কৰি আক্ৰমণ কৰে। প্ৰায়সমূহ লোকৰেই মত যে মহিলাসকল অতি আৱেগিক। এই আৱেগৰ বশৱৰ্তী হৈয়েই মহিলাসকলে বিবেকক হত্যা কৰাধৰণৰ কাম কৰে। যিটো পুৰুষসকলৰ ক্ষেত্ৰত বিপৰীত। পুৰুষ সচৰাচৰ মহিলাতকৈ কম পৰিমাণে আৱেগিক হয়। সেয়ে পুৰুষৰ সিদ্ধান্তক বহুসময়ত 'পুৰুষত্ব’ বুলি বিশেষ নাম দিয়া হয়। কিন্তু এই চিন্তাধাৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলাই ৰখাটো সমীচিন নে? নে এই চিন্তাক প্ৰত্যাহ্বান জনাই মহিলাইয়ো আৱেগতকৈ বিবেক আৰু যুক্তিৰে সিদ্ধান্ত ল’বলৈ আগবঢ়া উচিত?’
অনুভূতিসমূহক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
পুৰণিকালত কলা আৰু সাহিত্যত মহিলাৰ এনে কিছু আচৰণৰ কথা উল্লেখ আছে যিসমূহে মহিলাক দুৰ্বল হিচাপে অংকিত কৰে। কিছুমান আচৰণৰ কথা কেৱল পুৰুষৰ ক্ষেত্ৰতেই প্ৰযোজ্য ধৰণৰ কথাও উল্লেখ আছে। উদাহৰণস্বৰূপে ঈর্ষা বা বস্তুবাদী ধাৰণাটো মহিলাৰ সৈতে সম্পৰ্কিত, আনহাতে সাহসিকতাৰ দৰে কথাবোৰ পুৰুষৰ সৈতে যুক্ত বুলি ঐতিহাসিক প্ৰায়সমূহ গ্ৰন্থত উল্লেখ আছে। সময় সলনি হৈছে। যুগ বাগৰিছে। কথাবোৰ কিছু পৰিমাণে সলনিও হৈছে। কিন্তু এই সলনি সম্পূৰ্ণ নহয়। এই সলনিয়ে মহিলাক লৈ চিন্তাধাৰা একেবাৰে সলনি কৰিব পৰা নাই। দিল্লীৰ এগৰাকী মনোবিজ্ঞানী শিৱানী মিশ্ৰী সাধুয়ে কয় যে, আজিও পুৰুষৰ ক্ষেত্ৰতহে খং শব্দটো গ্ৰহণযোগ্য বুলি সমাজৰ এই পুৰণিকলীয়া ধাৰণাটো বিয়পি আছে। মহিলা মানেই সহানুভূতিশীল, যত্ন ল’ব পৰা, অনুভূতিশীল এক ব্যক্তিত্ব এই ভাৱ বিৰাজমান।
মনোবিজ্ঞানী শিৱানীয়ে লগতে কয়, 'পুৰুষে তেওঁলোকৰ আৱেগিক দিশটোক সামৰি ৰাখিব খোজে। তেওঁলোকৰ মনত শিপাই থকা ধাৰণা যে, পুৰুষ আৱেগিক হৈ দেখুওৱাটো উচিত নহয়। পুৰুষসকলে দুখ বা ভয় আদিৰ বহিঃপ্ৰকাশ কৰাটো একেবাৰেই সমীচিন নহয়। যেনেদৰে মহিলাই খং দেখুৱাব নোৱাৰে।’ যেতিয়াই মহিলাই এই ভাৱধাৰা সলাই মুক্তমনে নিজৰ মত ৰাখে তেতিয়াই তেনে মহিলাক সমাজৰ প্ৰায় সকলো শ্ৰেণীয়েই নাম দিয়ে, অতি সংবেদনশীল, আক্ৰমণাত্মক, সমাজৰ বিষবাষ্প ইত্যাদি। মনোৰোগ বিশেষজ্ঞ তথা অধ্যাপক প্ৰজ্ঞাই কয়, 'এই শব্দসমূহ মহিলাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাতো একেবাৰেই অনুচিত। এই শব্দসমূহে মহিলা একোগৰাকীৰ এখন ভুৱা ছবি সমাজৰ আগত তুলি ধৰে। মহিলাই একবিংশ শতিকাতো এই উপনামসমূহৰ বাবে আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ বাধ্য হৈ পৰে। আচলতে বাধ্য হৈ পৰে ক’লে ভুল হ’ব। তেওঁলোকক আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য কৰোৱা হৈছে।’
একেদৰে খঙৰ উদাহৰণ যদি লোৱা হয় তেন্তে পুৰুষ আৰু মহিলা প্ৰত্যেকৰে খঙৰ কাৰণ আৰু প্ৰকাশশৈলী পৃথক পৃথক। যদি পুৰুষ এজন খং কৰে তেন্তে এয়া স্বাভাৱিক বুলি আমি মানি লও। কিন্তু এগৰাকী মহিলাৰ খঙক আমি স্বাভাৱিক বুলি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো। আমাৰ মনত মহিলাৰ খং দেখিলেই ভিন্ন প্ৰশ্ন উত্থাপন হয়। মহিলাগৰাকীয়ে কিয় খং কৰিছে। তেওঁৰ ব্যক্তিত্বত কিবা সমস্যা আছে নেকি? ইত্যাদি ইত্যাদি...
মহিলাৰ খং কেন্দ্ৰিক এটা সমীক্ষা মাজতে চলোৱা হৈছিল। সমীক্ষাটো চলাইছিল দেশৰ আগশাৰীৰ এটা সংস্থাই। সেই সমীক্ষাৰ তথ্যত প্ৰকাশ পাইছিল যে খঙাল চৰিত্ৰৰ প্রভাৱ মহিলাৰ ক্ষেত্ৰত পৃথককৈ বিবেচিত হয়। কৰ্মক্ষেত্ৰৰে যুক্ত মহিলাই যদি খঙৰ বহিঃপ্ৰকাশ ঘটাই তেন্তে তেওঁৰ দৰমহাকেন্দ্ৰিক দিশতো ইয়াৰ প্ৰভাৱ পৰে। কিন্তু পুৰুষে খং দেখুৱালে সেয়া সাধাৰণ কথা বুলি আমাৰ দেশৰ প্ৰায়সমূহ সংস্থাই মানি লয়। তেওঁলোকৰ দৰমহাত প্ৰভাৱ পৰিব লগা কথাই নাহে। ইয়াৰ মাজত এনে এক শ্ৰেণী আছে যাক আমি ট্ৰান্সজেণ্ডাৰ বুলি কওঁ, তেওঁলোকৰ ওপৰত সমীক্ষা চলোৱা হোৱা নাই যদিও নিজেও ট্ৰান্সজেণ্ডাৰ শ্ৰেণীৰ একাংশই তেওঁলোকৰ সমস্যাৰ কথা বহুসময়ত প্ৰকাশ কৰি আহিছে। তেওঁলোকৰ সমস্যা পুৰুষ-মহিলাতকৈ পৃথক। ট্ৰান্স মহিলা আৰু ট্ৰান্স পুৰুষে জনোৱা অনুসৰি তেওঁলোকে প্ৰায়েই পৰিচয়কেন্দ্ৰিক সমস্যাত ভূগি আহিছে।
পুৰুষ-মহিলাৰ ভাৱনাৰ পৃথকীকৰণ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
আমাৰ চিন্তাধাৰা যুগ যুগ ধৰি শতিকা শতিকাজুৰি সৃষ্টি হোৱা সামাজিক সাংস্কৃতিক মাপকাঠিৰ ওপৰত আধাৰিত। আমি সৰুৰে পৰাই শুনি অহা দেখি অহা কথাবোৰেই আমাৰ মনত ধাৰণাৰ জন্ম দিয়ে। আৰু এই ধাৰণাক লৈয়েই আমি আত্মবিশ্বাসী হৈ থাকো। গৱেষণাই কোৱামতে, অভিভাৱকসকলে লৰা আৰু ছোৱালীক বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰে। অৰ্থাৎ সৰুতে যদি ল’ৰা সন্তানে কান্দে তেন্তে মাতৃ-পিতৃ বা পৰিয়ালৰ জ্যেষ্ঠজনে কয়, 'কিয় ছোৱালীৰ দৰে কান্দিছ?’ আনহাতে কন্যা সন্তানে যদি কোনো বিষয়ত জেদ কৰে তেন্তে কোৱা হয়, এনেকৈ ল’ৰাৰ দৰে কিয় জেদ কৰা?’ শৈশৱতেই এই বিভেদ আমাৰ মনত সুমুৱাই দিয়া হয়। একোগৰাকী কন্যা সন্তানে যদি জোৰকৈ হাঁহেও তাতো সমাজে বাধা দিয়াটো সহজ ঘটনা। নাৰীয়ে এনেকৈ জোৰে জোৰে হাঁহিব নাপায়।
মনোবিজ্ঞানী শিৱানী মিশ্ৰী সাধুয়ে কয়, 'আৱেগো লিংগ বিভাজনৰ সৈতে সংপৃক্ত। অৰ্থাৎ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই ধাৰা বৈ আহিছে।’ তেওঁ লগতে কয়, 'প্ৰাচীন সমাজত জীয়াই থাকিবলৈকে লিংগ বিভাজন কৰা হৈছিল। পুৰুষসকলে চিকাৰ কৰাৰ লগতে সুৰক্ষা দিয়া আদি কামবোৰ কৰিছিল। তেনেক্ষেত্ৰত তেওঁলোক সাহসী হোৱাতো খুবেই প্ৰয়োজন আছিল। সাহসৰ লগতে শক্তিৰো প্ৰয়োজন আছিল। একেসময়তে সেই সময়ত মহিলাসকলৰ কাম আছিল যি গুহাত বাস কৰে সেই গুহা পৰিষ্কাৰকৈ ৰখা, সন্তানৰ লালন-পালন কৰা, খাদ্য ৰন্ধা ইত্যাদি। তাৰবাবে তেঁওলোক সংবেদনশীল হোৱাতো খুবেই প্ৰয়োজন আছিল।’
এই ধৰণৰ ভূমিকাসমূহেই পাছলৈ ধৰ্মীয় আৰু সামাজিক বিশ্বাসলৈ ৰূপান্তৰিত হয়। তাৰপিছত যেতিয়া গুহাৰ জীৱনৰ পৰা ওলাই আহি ঔদ্যোগিক বিপ্লৱৰ কথা মানুহে ভাৱিবলৈ ধৰিলে তেতিয়াও পুৰুষসকলেই প্রথমে কাৰখানালৈ ওলাই গৈ কাম কৰিবলৈ ধৰিলে। তেতিয়া পুৰুষৰ আৱেগৰ কথা নাই তেওঁলোক সাহসী হোৱাতো খুবেই প্ৰয়োজন হৈ পৰিল। আনহাতে মহিলাসকলৰ ঘৰুৱা দায়িত্ব বাঢ়িল। কাম কৰিবলৈ ওলাই যোৱা পুৰুষজনক সময়মতে খাদ্য যোগান ধৰা, যত্নশীল হোৱা ইত্যাদি কামত তেওঁলোক নিয়োজিত হ’ল। যুগৰ পৰা যুগলৈ এনেকৈয়ে আগবাঢ়ি থাকিল মহিলা আৰু পুৰুষ উভয়ৰে কামসমূহ। লাহে লাহে এই চিন্তাধাৰা গভীৰ হৈ গৈ থাকিল।
কিন্তু কথাবোৰ সময়ৰ লগে লগে আকৌ সলনি হ’ব ধৰিলে। মহিলাই পুৰুষৰ সমান্তৰালকৈ সকলো কামতেই আগভাগ ল’বলৈ ল’লে। কিন্তু মহিলাক লৈ যি ধাৰণা সেয়া সলনি নহ’ল। মহিলাই কৰ্মক্ষেত্ৰত ওলাই আহিলেও তেওঁলোকে পুৰুষৰ দৰে লক্ষণ প্ৰকাশ কৰিব নোৱাৰিব। তেওঁলোকৰ নাৰী গুণ যেনে নম্ৰতা আৰু সৰলতা থাকিব লাগিব। মহিলাই যদি পুৰুষৰ সমান্তৰালকৈ সকলো কাম কৰিবই পাৰে তেন্তে কিয় এই বিশেষ গুণকেইটা মহিলাই কঢ়িয়াব লাগে এই প্ৰশ্ন উত্থাপিত হ’বলৈ ধৰিলে।
অধ্যাপক প্ৰজ্ঞাই এই সন্দৰ্ভত কয়, 'পুৰুষতান্ত্ৰিক এনে চিন্তা মহিলাসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপ হৈছে।’ উদাহৰণস্বৰূপে তেওঁ কয়, 'ৰাজনীতিত মহিলাসকল এতিয়া বহু পৰিমাণে সক্ৰিয়। কিন্তু ৰাজনীতি কৰিবলৈ ওলাই অহা মহিলাক লৈ আমাৰ সমাজৰ প্ৰায়সংখ্যক লোকৰ দৃষ্টিভংগী যদি চোৱা হয় তেন্তে সেয়া খুবেই বেয়া। হিলাৰী ক্লিণ্টনৰ কথা যদি চাওঁ তেওঁ অতি স্পষ্টবাদী আছিল সেয়ে তেওঁক সমাজে নাম দিছিল খঙাল।’
সংবাদ মাধ্যমৰ ভুমিকা কি?
সংবাদ মাধ্যম, ছিৰিয়েল আৰু চিনেমাই লিংগবৈষম্য বঢ়োৱাত সহায় কৰিছে। সংবাদমাধ্যমসমূহে বেছিভাগ সময়তে ৰক্ষণশীল দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পুৰুষ আৰু মহিলাক বিভাজিত কৰিছে। চিনেমা, ছিৰিয়েলসমূহত পুৰুষসকলক প্ৰায়েই শক্তিশালী আৰু আত্মবিশ্বাসী ৰূপেৰে দেখুওৱা হয়। আনহাতে মহিলাক আৱেগিক, কথাই কথাই কান্দি দুৰ্বল হৈ থকা ধৰণে দেখুওৱা হয়।
অৱশ্যে, সাম্প্ৰতিক সময়ত চিন্তাধাৰা কিছু পৰিৱৰ্তন হৈছে। মনোবিজ্ঞানী শিৱানী মিশ্ৰী সাধুয়ে কয়, 'মিডিয়াইয়ো এই দিশত ইতিবাচক ভূমিকা পালন কৰিব পাৰে। সেই পৰম্পৰাগত বিশ্বাস সলনি কৰিব পাৰে। পুৰুষকো এনে চৰিত্ৰত দেখুওৱাব লাগে যাতে পুৰুষসকলৰো আৱেগ থাকে সেই কথা দৰ্শকে বুজি পায়। পুৰুষেও ভয় কৰে, আৱেগিক হয়। মহিলাসকলক শক্তিশালী ভূমিকাত দেখুওৱাব লাগে যাতে দৰ্শকৰ মনৰ আওপুৰণি ধাৰণাবোৰ ভঙাত সহায়ক হয়।’
সলনি কেনেকৈ হ’ব?
আমি যেতিয়া নতুন এক পৰিৱেশলৈ যাওঁ তেতিয়া সেই পৰিৱেশৰ সৈতে খাপ খাবলৈ আমাৰ আচৰণত সাল সলনি আনো বা আনিবলৈ বাধ্য হওঁ। কিছু লোকৰ ক্ষেত্ৰত এই আচৰণ সলনি কৰাটো এটা চাপ হৈ পৰে। কিন্তু এই ধৰণৰ চাপ কিছুমান লোকৰ ওপৰত অত্যাধিক হৈ পৰে। যদি কোনোৱে তেওঁৰ অনুভূতি প্ৰকাশ কৰিবলৈ সক্ষম নহয়, তেনেহ'লে তেওঁৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। তেনেক্ষেত্ৰত চাপ, অস্থিৰতা, অনিদ্ৰা আনকি হতাশাৰো চিকাৰ হ’ব পাৰে।
অধ্যাপক প্ৰজ্ঞা আগৰৱালে কৈছে যে আদৰ্শ আমাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত এটা বিষয়। আমি কেনেকৈ চিন্তা কৰো আৰু চিন্তাৰ বহিঃপ্ৰকাশ কেনেকৈ ঘটাও সেই স্বাধীনতাও আমাৰ থাকিব লাগে। অৰ্থাৎ অনুভূতি প্ৰকাশৰ স্বাধীনতা থাকিব লাগে। সমাজে কি ভাৱিব বুলি চিন্তা কৰিয়েই নিজৰ মত প্ৰকাশৰ স্বাধীনতাত নাকি লগোৱাটো অনুচিত। লিংগভেদে এই মত প্ৰকাশৰ স্বাধীনতা যিদিনাই সমান হ’ব সেইদিনাৰ পৰাই সমাজত নতুন যুগৰ সূচনা হ’ব। দুখ বা আন নেতিবাচক অনুভূতি প্ৰকাশ কৰিবলৈ সকলোৱেই ওলাই আহিব। লাজবোধত পৰি কোনো লোকেই আৰু পিছপৰি নাথাকিব। প্ৰজ্ঞাই লগতে কয়, 'আমি মনত ৰখা উচিত যে অনুভূতি প্ৰকাশৰ ক্ষমতাইহে আমাক অন্য প্ৰাণীৰ পৰা পৃথক কৰিছে আৰু মানুহ কৰি তুলিছে।’
সাংবাদিক আদৰ্শ ৰাথোৰৰ মূল হিন্দী প্ৰতিবেদন इमोशन ज़ाहिर करने वाली महिलाओं को समझा जाता है तेज़तर्रार, धौंस जमाने वाली... NNOৰ বাবে অসমীয়ালৈ অনুবাদ কৰিছে ৰূপ ৰূপোৱালীয়ে।