নথি-পত্ৰৰ পৰীক্ষণ নোহোৱাকৈয়ে অনলাইন এপৰ জৰিয়তে তাৎক্ষণিকভাৱে ঋণ লাভ কৰি পিছত ৰিকভাৰী এজেণ্টৰ দ্বাৰা মানসিক হাৰাশাস্তিৰ বলি হোৱা অলেখ ঘটনা ঘটি আছে ভাৰতত। লোন এপ সমূহেও অলেখ ব্যক্তিক ফান্দত পেলাই ব্লেকমেইলিঙৰ এখন বৃহৎ ঘৃণনীয় বজাৰ চলাই আহিছে।
তথ্য অনুসৰি ঋণ সংগ্ৰহকাৰী এজেণ্টৰ দুৰ্ব্যৱহাৰৰ বাবে কমেও ৬০ জন ভাৰতীয়ই ইতিমধ্যে আত্মহত্যাৰ দৰে পথ বাছি ল’বলগীয়া হৈছে। সংবাদ সংস্থা বিবিচিয়ে পোহৰলৈ অনা এক তদন্তমূলক প্ৰতিবেদনে উদঙাইছে কিদৰে ভাৰত আৰু চীনৰ পৰা একাংশ ঋণদাতা কোম্পানীয়ে গ্ৰাহকক ব্লেকমেইলিং কৰি মৃত্যুৰ দুৱাৰ দলিলৈকে ঠেলি দি আহিছে।
এদিন পুৱাই বাজি উঠিছিল মুম্বাই নিৱাসী ১৭ বছৰীয়া আস্থা সিনহাৰ মোবাইল ফোনটো। টোপনিয়ে হেঁচা মাৰি ধৰি থকা চকুহাল মেলি আস্থাই মোবাইল স্ক্ৰীণত দেখিছিল- পুৱাই পেহীয়েকৰ ফোন। কলটো ৰিচিভ কৰাৰ লগে লগে এক অস্থিৰ মাতেৰে ফোনৰ সিপাৰৰ পৰা পেহীয়েকে কয়, “তোমাৰ মাক আজি ক’লৈকো ওলাই যাবলৈ নিদিবা। তুমি তেওঁৰ কাষতে থাকিবা…।”
পেহীয়েকৰ এই কথাখিনিৰ অৰ্থ বুজি পোৱা নাছিল আস্থাই। কিন্তু বিচনাৰ পৰা উঠি আহি মাক ভূমি সিনহাৰ কোঠাত প্ৰৱেশ কৰাৰ পিছতে তেওঁৰ চকুত পৰে অসহায় হৈ মাকে মাথো কান্দি আছে! পুৱাৰ এই অস্বাভাৱিক পৰিৱেশে ভিতৰৰ পৰা জোকাৰি থৈ যায় আস্থাক।
মুম্বাইৰ এগৰাকী ভদ্ৰ মহিলা ভূমি সিনহা। স্বামীৰ বিয়োগৰ পিছত তেঁৱেই অকলে ডাঙৰ কৰিছে একমাত্ৰ কন্যা আস্থাক। সদায় নিৰ্ভীক আৰু হাঁহি থকা মাতৃয়ে সেইদিনা এনেদৰে হতাশ হৈ কিয় কান্দিবলগীয়া হ’ল সেয়া বুজিবলৈ সময় লাগিছিল আস্থাক।
আস্থাই কয়, “সেই সময়ত মাৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ নাছিল। তেওঁ কেৱল কান্দিছিল আৰু কান্দিছিল। তেওঁৰ চকুত চকুপানী দেখি মই বহু ভয় খাইছিলো। মায়ে মোক সকলো কথা কৈছিল। তেওঁ কৈছিল কিদৰে তেওঁ ব্লেকমেইলিঙৰ বলি হৈছে... কিদৰে তেওঁক প্ৰতিদিনে মানসিকভাৱে হাৰাশাস্তি কৰি থকা হৈছে।”
ভুক্তভোগী ভূমি সিনহা, ফটোঃ বিবিচি
মাতৃ ভূমি সিনহাৰ পৰা সকলো কথা জনাৰ পিছত তেওঁৰ কাষত সাহস হৈ থিয় দিছিল আস্থা। তেওঁ মাকক বুজনি দিছিল। লগতে পেহীয়েকৰ কথা মানি মাকক ঘৰৰ পৰা ওলাই যাবলৈও মানা কৰিছিল। আস্থাই ভয় খাইছিল, জানোছা মাকে কোনো নল’বলগীয়া সিদ্ধান্ত গ্ৰহণ কৰি পেলায়..!
দৰাচলতে বিশ্বব্যাপী আৰম্ভ হোৱা এক প্ৰৱঞ্চনাৰ চিকাৰ হৈছিল ভূমি সিনহা। বিশ্বৰ কমেও ১৪ খন দেশত শিপাই থকা এই প্ৰৱঞ্চক চক্ৰটোৱে মানসিক নিৰ্যাতন আৰু ব্লেকমেইলিং কৰি অলেখ লোকৰ জীৱন ধ্বংস কৰি আহিছে। এই প্ৰৱঞ্চনাৰ জালতেই সোমাই পৰিছিল ভূমি সিনহাও।
ঋণ এপৰ জালত পৰিছিল ভূমি সিনহা
কোনো ধৰণৰ ভেৰিফিকেশ্যন তথা ক্ৰেডিট স্ক’ৰ নোহোৱাকৈ কেইমিনিটমানৰ ভিতৰতে ঋণ দিয়াৰ দাবী কৰা বহু এপৰে ভৰি আছে ইন্টাৰনেট। তেনে কিছু এপেই পৰৱৰ্তী সময়ত ঋণ পৰিশোধ কৰাত অসমৰ্থ হোৱা বা পৰিশোধ কৰাৰ পিছতো ভয়-ভাবুকি আৰু ব্লেকমেইলিঙৰ জৰিয়তে গ্ৰাহকক হাৰাশাস্তি কৰে। তেনে এপ ডাউনলোড কৰাৰ লগে লগেই ব্যৱহাৰকাৰীৰ যোগাযোগ, ফটো আনকি পৰিচয় পত্ৰও নিজৰ দখললৈ লৈ যায়। এই তথ্য তেওঁলোকে ধন দাবীৰ বাবে ব্যৱহাৰ কৰে।
যেতিয়া গ্ৰাহকে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰে আৰু কেতিয়াবা ঋণ পৰিশোধ কৰাৰ পিছতো এই এপসমূহে এই সকলো তথ্য কল চেণ্টাৰৰ হাতত গতাই দিয়ে। এই কল চেণ্টাৰত অস্থায়ীভাৱে নিযুক্তি দিয়া হৈছে যুৱ এজেণ্টক। লেপটপ আৰু ফোনেৰে সজ্জিত এই এজেণ্টসকলক মানুহক হাৰাশাস্তি আৰু অপমান কৰি ধন সংগ্ৰহ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে।
ভূমি সিনহাই ২০২১ চনৰ শেষৰ ফালে আৰ্থিক প্ৰয়োজনৰ বাবে বিভিন্ন ঋণ এপৰ পৰা প্ৰায় ৪৭ হাজাৰ টকা ঋণ লৈছিল। লগে লগে তেওঁ ঋণৰ ধন পালে যদিও তাৰ এটা বৃহৎ অংশ কিছু চাৰ্জ হিচাপে কৰ্তন কৰা হয়। এই ধনৰাশি তেওঁ সাত দিনত ঘূৰাই দিব লগা আছিল যদিও তেওঁ লাভ কৰিবলগীয়া পেমেণ্ট সময়মতে লাভ নকৰাত ঋণ পৰিশোধত পলম হয়। এনে পৰিস্থিতিত তেওঁ আন এটা এপৰ পৰা ঋণ লয়, আৰু তাৰ পিছত আন এটা এপৰ পৰা ঋণ ল’বলগীয়াত পৰে। লাহে লাহে ঋণ আৰু ইয়াৰ সুত বৃদ্ধি পাই মুঠ ধনৰাশি ২০ লাখ টকা হয়গৈ।
ইয়াৰ পিছত তেওঁলৈ ৰিক’ভাৰী এজেণ্টৰ পৰা ফোন আহিবলৈ আৰম্ভ কৰে। অলপ সময়ৰ ভিতৰতে এই এজেণ্টসকলে ভূমিক অপমান আৰু গালি-গালাজ কৰিবলৈ ধৰিলে। আনকি ভূমিয়ে বাকী থকা ধন পৰিশোধ কৰাৰ সময়তো তেওঁ মিছা কথা কোৱা বুলি ওলোটাই গালি-গালাজ আৰম্ভ কৰে। দিনটোত ২০০ বাৰলৈকে ফোন কৰি মানসিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে এই ৰিক’ভাৰী এজেণ্টসকলে। সমান্তৰালভাৱে তেওঁক প্ৰদান কৰে বিভিন্ন ভয়-ভাবুকি।
লাহে লাহে গালি-গালাজ বাঢ়ি আহিল। ভাবুকি দিয়া হৈছিল যে তেওঁৰ ফোনৰ কন্টেক্ট লিষ্টত থকা ৪৮৬ জন লোকৰ নম্বৰলৈ ফোন আৰু মেছেজ কৰি তেওঁ চোৰ আৰু যৌনকৰ্মী বুলি প্ৰচাৰ চলাব। কিন্তু ভূমিৰ নিদ্ৰা হৰণ হয় তেতিয়া, যেতিয়া ৰিক’ভাৰী এজেণ্টে কন্যা আস্থাৰ ভাৱমূৰ্তিও কলংকিত কৰাৰ ভাবুকি প্ৰদান কৰে।
ভূমি সিনহাৰ কন্যা আস্থা
ঋণ এপৰ ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰোতে কৰোতে ভূমি সিনহাই মুঠ ৬৯টা এপৰ পৰা ঋণ লয়। ৰিক’ভাৰী এজেণ্টৰ হাৰাশাস্তিৰ বলি হৈ ভূমিয়ে প্ৰতি নিশাই প্ৰাৰ্থনা কৰে- এই ৰাতি যেন কেতিয়াও নুপুৱায়। কিন্তু পুৱা ৭ বাজে কি নাবাজে, আকৌ ভূমিৰ মোবাইললৈ নিৰ্দয় ৰিক’ভাৰী এজেণ্টৰ ফোনকল আহিবলৈ আৰম্ভ কৰে।
অৱশেষত ভূমিয়ে সম্পূৰ্ণ ধন পৰিশোধ কৰিলে যদিও ‘আছান লোন’ নামৰ এপটোৰ পৰা তেওঁলৈ হাৰাশাস্তিমূলক ফোন অহা বন্ধ নহ’ল। এনে চৰম হাৰাশাস্তিৰ বলি হৈ কামত মনোনিৱেশ কৰিব নোৱাৰি পেনিক এটেকো হ’বলৈ ধৰে ভূমি সিনহাৰ।
সহকৰ্মীলৈ প্ৰেৰণ নগ্ন ফটো
ভূমি সিনহাৰ এজন সহকৰ্মীয়ে এদিন তেওঁৰ কাষলৈ আহি মোবাইলত তেওঁক এখন ফটো দেখুৱায়। সেই ফটোখন বেলেগ একো নাছিল, আছিল এটি কন্যা সন্তানৰ মাতৃ ভূমি সিনহাৰ এখন উলংগ ফটো। ফটোশ্বপৰ জৰিয়তে প্ৰস্তুত কৰা এই ফটোখন তেওঁৰ সহকৰ্মীলৈ প্ৰেৰণ কৰিছিল আছান লোন নামৰ লোন এপটোৱে।
সহকৰ্মীৰ লগতে তেওঁৰ ফোনৰ যোগাযোগ তালিকাত থকা পৰিয়ালৰ সদস্য, অধিবক্তা, স্থপত্যবিদ সকলোলৈ এই কৃত্ৰিম উলংগ ফটোখন লোন এপটোৱে প্ৰেৰণ কৰাত লাজত ম্ৰিয়মান হৈ পৰে ভূমি সিনহা। এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি আত্মহত্যা কৰাৰ কথাও ভাৱিবলৈ ধৰে তেওঁ।
যিদিনা পুৱতি নিশা কন্যা আস্থাই মাতৃ ভূমি সিনহাক কান্দি থকা দেখিছিল, সেইদিনা সমস্যাৰ সমাধান বিচাৰি আত্মহত্যাৰ কথাই ভাৱিছিল তেওঁ। কিন্তু কন্যাই দিয়া সাহসৰ বাবেই তেওঁ জীয়াই থকাৰ সিদ্ধান্ত লয়।
ভূমি সিনহাই কয়, “আছান লোনে মোৰ কন্টেক্ট লিষ্টৰ সকলোলৈ প্ৰেৰণ কৰা উলংগ ফটোখন প্ৰকৃত নাছিল যদিও সিয়ে যেন মোক গোটেই বিশ্বৰ বুকুতেই উলংগ কৰি পেলাইছিল। মই মোৰ আত্মসন্মান, নৈতিকতা, সুনাম সকলো মাত্ৰ এটা মুহূৰ্তৰ ভিতৰতে হেৰুৱাই পেলাইছিলো।” ভূমিয়ে কয় যে এই ফটোখন প্ৰচাৰ কৰাৰ পিছতে তেওঁৰ প্ৰতি পৰিচিত মানুহবোৰৰ দৃষ্টিভংগী সলনি হৈছিল।
এটা শেঁতাপৰা হাঁহি ওঁঠত সানি ভূমিয়ে কয়, “যোৱা ৪০ বছৰ ধৰি মই বাস কৰা ঠাইখনৰ পৰা চুবুৰীয়াই আজি মোক বহিষ্কাৰ কৰি ৰাখিছে। আজি মোৰ কোনো বন্ধু নাই, মই অকলশৰীয়া।” তেওঁ কয় যে তেওঁৰ পৰিয়ালৰ কিছুমান সদস্যই আজিও তেওঁৰ লগত কথা নাপাতে। আজিও সহকৰ্মীসকলৰ চকুৱে চকুৱে পৰিলে তেওঁ ভাৱে- সিঁহতে বাৰু মোক উলংগ ৰূপত কল্পনা কৰি আছে নেকি?
কন্যা আৰু দুই এজন শুভ চিন্তকৰ পৰামৰ্শৰ পিছত ভূমি সিনহাই আছান লোনৰ হাৰাশাস্তিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীৰ পৰা কোনো প্ৰত্যুত্তৰ লাভ নকৰা বুলি মন্তব্য কৰে। এই মানসিক অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি ভূমিয়ে এতিয়া মাথো তেওঁৰ পুৰণি ছিম কাৰ্ডখন সলনি কৰিছে। কিন্তু তাৰ পিছত ৰিকভাৰী এজেণ্টে কন্যা আস্থালৈও একেদৰে ফোন কৰিবলৈ আৰম্ভ কৰাত অৱশেষত আস্থায়ো নিজৰ নম্বৰ সলনি কৰিবলৈ বাধ্য হয়। ভূমিয়ে পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলকো তেনে ফোন আৰু মেছেজক আওকাণ কৰিবলৈ কয়।
ঋণ এপৰ প্ৰৱঞ্চনাৰ ৰহস্য ফাদিল বিবিচিৰ
কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এনে ধৰণৰ প্ৰৱঞ্চনা চলি থকা বুলি মন্তব্য কৰে সংবাদ সংস্থা বিবিচিয়ে। সংবাদ সংস্থাটোৰ মতে, কেৱল ভাৰততে কমেও ৬০ জন লোকে হাৰাশাস্তিৰ পিছত আত্মহত্যা কৰিছে। ইয়াৰে ৫০ শতাংশতকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত।
লোন এপৰ হাৰাশাস্তিৰ সন্মুখীন হৈ মৃত্যু হোৱাসকলৰ অধিকাংশই আছিল ২০ৰ পৰা ৪০ বছৰৰ ভিতৰত। বিবিচিৰ মতে, ইয়াৰ ভিতৰত এজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক, এজন বঁটা বিজয়ী সংগীতজ্ঞ, তিনি আৰু পাঁচ বছৰীয়া কন্যা সন্তানক এৰি থৈ যোৱা পিতৃ-মাতৃ, বন্ধকী ঋণৰ এপৰ বলি হোৱা এজন ককাক আৰু নাতি আৰু ৪জন কিশোৰো আছে।
এই ধৰণৰ প্ৰৱঞ্চনাৰ বলি হোৱা বেছিভাগ মানুহেই এই বিষয়ে ক’বলৈ লাজ অনুভৱ কৰে। আনহাতে তেওঁলোকক হাৰাশাস্তি কৰা লোকসকল সাধাৰণতে বেনামী হোৱাৰ লগতে ৰহস্য ফাদিল কৰিবলৈ আগবাঢ়ি নাহে বুলি মন্তব্য কৰে বিবিচিয়ে।
কি কৰে ৰিক’ভাৰী এজেণ্টে?
বিবিচিয়ে কেইবামাহো ধৰি এই ব্যৱসায়ৰ অন্তৰ্নিহিত কথা জনা কোনোবা এজনক বিচাৰি ফুৰিছিল। অৱশেষত বিভিন্ন ঋণৰ এপ সেৱা আগবঢ়োৱা কল চেণ্টাৰত ৰিক’ভাৰী এজণ্ট হিচাপে কাম কৰা এজন যুৱকৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় সংবাদ সংস্থাটোৰ সাংবাদিক।
ৰোহন (নাম সলনি কৰা) নামৰ ৰিক’ভাৰী এজেণ্টজনে জনোৱা মতে, কল চেণ্টাৰৰ এনে কাৰ্য আৰু অত্যাচাৰত তেঁৱো বিচলিত হৈ পৰিছে। তেওঁ কয় যে আগতে বহু গ্ৰাহকে কান্দিছিল, আনহাতে কিছুমানে আত্মহত্যাৰ কথা কৈছিল। ৰোহনে কয়, “প্ৰথম অৱস্থাত গ্ৰাহকে কন্দা বা আত্মহত্যাৰ কথা ক’লে গোটেই ৰাতি মই টোপনি মাৰিব পৰা নাছিলো।” এই প্ৰৱঞ্চনাৰ খেলখন উদঙাই দিবলৈ তেওঁ বিবিচিক সহায় কৰিবলৈ সন্মত হয়।
তেওঁ দুটা ভিন্ন কল চেণ্টাৰত চাকৰিৰ বাবে আবেদন কৰিছিল। সেই দুটা হৈছে, মেজেষ্টী লিগেল চাৰ্ভিচেছ আৰু কলফ্লেক্স কৰ্প’ৰেশ্যন। কেইবা সপ্তাহ ধৰি আণ্ডাৰকাভাৰ হৈ থাকি তেওঁ এই স্থানসমূহৰ গোপনে চিত্ৰগ্ৰহণ কৰিছিল।
তেওঁলোকৰ ভিডিঅ’ত কম বয়সীয়া এজেণ্টে গ্ৰাহকক হাৰাশাস্তি কৰাৰ দৃশ্য বন্দী হৈছে। এগৰাকী মহিলা এজেণ্টে গ্ৰাহকক অশ্লীল গালি-গালাজ কৰাৰ দৃশ্য বন্দী হৈছে ভিডিঅ’ত। আন এজন এজেণ্টে গ্ৰাহকক ঋণ পৰিশোধ কৰিবলৈ মাকক যৌনকৰ্মী হিচাপে কাম কৰাবলৈ কয়। ৰোহনে একেধৰণৰ হাৰাশাস্তি আৰু অপমানৰ ১০০ৰো অধিক গোচৰ লিপিবদ্ধ কৰিছে। এই প্ৰণালীবদ্ধ ধন দাবী কেমেৰাতো বন্দী হৈছে।
তেওঁ দেখা আটাইতকৈ বেয়া আচৰণটো আছিল নয়দাৰ কলফ্লেক্স কৰ্প’ৰেশ্যনত। ইয়াত এজেণ্টসকলে গ্ৰাহকক ভাবুকি আৰু অপমান কৰিবলৈ অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল। এই লোকসকলে নিয়ম ভংগ কৰি ইচ্ছাকৃতভাৱে এই কাম কৰা নাছিল, বৰঞ্চ কল চেণ্টাৰৰ মেনেজাৰসকলে তেওঁলোকৰ ওপৰত চকু ৰাখিছিল আৰু নিৰ্দেশনাও দিছিল। ইয়াৰে এজন মেনেজাৰৰ নাম আছিল বিশাল চৌৰাছিয়া।
ৰোহনে মেনেজাৰ বিশাল চৌৰাছিয়াৰ আস্থাভাজন হৈ বিবিচিৰ এগৰাকী সাংবাদিকক বিনিয়োগকাৰী সজাই তেওঁৰ সৈতে সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰি দিয়ে। সাংবাদিকগৰাকীয়ে মেনেজাৰজনক এই গোটেই খেলখন কেনেকৈ চলে সেই বিষয়ে প্ৰশ্ন কৰিছিল।
মেনেজাৰ বিশাল চৌৰাছিয়া, ফটোঃ বিবিচি
চৌৰাছিয়াই কয়, “যেতিয়া কোনো গ্ৰাহকে ঋণ লয়, তেতিয়া তেওঁ অজানিতে এপটোক নিজৰ ফোনটোৰ কণ্টেক্ট লিষ্ট হস্তগত কৰাৰ অধিকাৰ দিয়ে। তাৰ পিছত ঋণ প্ৰদান কৰা এপটোৱে কলফ্লেক্স কৰ্পৰেশ্যনক ধন আদায় কৰিবলৈ চুক্তি দিয়ে। যদি গ্ৰাহকে ঋণৰ বাবদ ধন পৰিশোধ নকৰে তেন্তে কোম্পানীয়ে তেওঁক আৰু তেওঁৰ চিনাকি মানুহক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে।’’ চৌৰাছিয়াই লগতে এই কথাও কয় যে ধন ঘূৰাই পাবলৈ যিকোনো কথা ক’বলৈ তেওঁৰ কৰ্মচাৰীসকলক স্বাধীনতা দিয়া হৈছে। তেওঁ কয়, “প্ৰত্যেকজন গ্ৰাহকৰ কণ্টেক্ট লিষ্টতে এনে এজন ব্যক্তি আছে, যিয়ে তেওঁৰ জীৱন ধ্বংস কৰিব পাৰে। সেয়ে লাজত পৰি গ্ৰাহকে ধন পৰিশোধ কৰে।’’
হাঁহি ভালপোৱা মণিকায়ো কৰিলে আত্মহত্যা!
২৪ বৰ্ষীয় কেয়াৰ্ণি মণিকা আছিল ঘৰখনৰ সকলোৰে আলাসৰ লাড়ু। তিনিজন ককায়েকৰ মাজৰ একমাত্ৰ ভগ্নী মণিকাক লৈ কৃষক পিতৃৰো আছিল অলেখ সপোন। মেধাৱী মণিকা চৰকাৰী চাকৰি পোৱা পৰিয়ালটোৰ একমাত্ৰ সদস্য আছিল। কিন্তু চাকৰিৰ পৰিৱৰ্তে মণিকাক অধিক পঢ়ুওৱাৰহে ইচ্ছা আছিল পৰিয়ালটোৰ। সেয়ে তেওঁক স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণৰো মন মেলিছিল পিতৃ আৰু তিনি ভাতৃয়ে।
কিন্তু পৰিয়ালটোৰ সেই সপোন বাস্তৱ হোৱাৰ পূৰ্বেই চৰম পথ বাছি লয় মণিকাই। যিদিনা তেওঁ আত্মহত্যা কৰিছিল, সেইদিনা মণিকা বন্ধুৰ বিয়াত উপস্থিত থকাৰ কথা আছিল। অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ নিজৰ জীৱন ত্যাগ কৰা সকলৰ ভিতৰত মণিকাও এগৰাকী।
তিনি বছৰ পূৰ্বে আত্মহত্যা কৰিছিল মণিকাই। সেইদিনা আছিল সোমবাৰ। প্ৰতিদিনৰ দৰেই স্কুটীৰে সেইদিনাও কৰ্মস্থলীলৈ বুলি ওলাই গৈছিল মণিকা। কিন্তু তেওঁ আৰু ঘূৰি নাহিল ঘৰলৈ।
যুৱতীগৰাকীৰ আত্মহত্যাৰ তদন্তৰ সময়ত আৰক্ষীয়ে মনিকাৰ ফোন আৰু বেংক একাউণ্টত তালাচী চলাই ৫৫টা ভিন্ন লোন এপৰ পৰা ঋণ লোৱা বুলি গম পায়। ১০ হাজাৰ টকাৰ পৰা আৰম্ভ হোৱা ঋণ ৩০ গুণলৈ বৃদ্ধি পাইছিল। মণিকাই আত্মহত্যাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ইতিমধ্যে ১০ হাজাৰ টকাৰ পৰিৱৰ্তে তিনি লাখৰো অধিক ধন দিছিল। আৰক্ষীয়ে জনোৱা মতে, এই এপসমূহে মণিকাক ফোন কৰি অশ্লীল মেছেজ প্ৰেৰণ কৰি হাৰাশাস্তি কৰিছিল আৰু লগতে তেওঁৰ কণ্টেক্ট লিষ্টত থকা লোকসকললৈও মেছেজ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছিল।
হাঁহি ভালপোৱা মণিকা এতিয়া কেৱল ফটো হৈ ৰৈছে
মণিকাৰ কোঠাত এতিয়া কেৱল স্মৃতিহে আছে। দুৱাৰত চৰকাৰী চাকৰিৰ পৰিচয় পত্ৰ ওলমি আছে। কন্যাৰ বিয়াৰ বাবে মাকে সংগ্ৰহ কৰা সামগ্ৰীৰে ভৰা বেগটো এতিয়াও পৰি আছে। মণিকাৰ পিতৃ কেয়াৰ্নি ভূপানীয়ে কয়, “তাই সদায় হাঁহিছিল। কিন্তু এবাৰলৈও আমাক তাইৰ পৰিস্থিতিৰ কথা নক’লে। তাই কোৱা হ’লে আমি কেনেবাকৈ নহ’লেও টকাখিনিৰ ব্যৱস্থা কৰিব পাৰিলোহেঁতেন!”
আনকি মণিকাৰ মৃতদেহ হাস্পতালৰ পৰা ঘৰলৈ আনি থকাৰ সময়তো বাৰে বাৰে বাজি উঠিছিল তেওঁৰ ফোনটো। পিতৃয়ে ফোনটো ৰিচিভ কৰি মণিকাৰ আত্মহত্যাৰ কথা কোৱাৰ পিছতো সিঁহতে অশ্লীল গালি-গালাজ কৰিছিল।
প্ৰৱঞ্চক আৰু চোৰ বুলি মেছেজ পৰিয়াল-বন্ধুলৈ
মণিকাই ঋণ লোৱা এপ এটাৰ ৰিক’ভাৰীৰ কাম কৰা কলচেণ্টাৰটোতে কাম কৰে হৰি (নাম সলনি কৰা হৈছে)য়ে। তেওঁ বৰ আক্ষেপেৰে কয়, “এই কামত দৰমহা বৰ ভাল দিয়ে। কিন্তু গ্ৰাহকক তীব্ৰ গালি-গালাজ দি আত্মহত্যাৰ বাবেও প্ৰৰোচিত কৰা হয়। প্ৰথমে আমাক ভদ্ৰভাৱেই কথা ক’বলৈ দিয়া হৈছিল, কিন্তু পিছত মেনেজাৰে অশ্লীল গালি-গালাজ দিবলৈ নিৰ্দেশ দিয়ে।"
হৰিয়ে লগতে কয় যে ৰিক’ভাৰী এজেণ্টে প্ৰায়ে যোগাযোগৰ তালিকাত অন্তৰ্ভুক্ত লোকসকললৈ বাৰ্তা প্ৰেৰণ কৰি ঋণ লোৱা ব্যক্তিজনক প্ৰৱঞ্চক আৰু চোৰ বুলি কৈছিল। হৰিয়ে কয়, “প্ৰত্যেকেই পৰিয়ালৰ সন্মুখত নিজৰ ভাৱমূৰ্তি বজাই ৰাখিব বিচাৰে। কেৱল পাঁচ হাজাৰ টকাৰ বাবে এই ভাৱমূৰ্তি কোনেও নষ্ট কৰিব নিবিচাৰে।”
ঋণ লোৱাজনে ধন পৰিশোধ কৰাৰ লগে লগে এজেণ্টৰ ব্যৱস্থাত ‘সফলতা’ৰ বাৰ্তা আহে আৰু তাৰ পিছত তেওঁলোকে আন এজন ঋণ লোৱা ব্যক্তিক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। গ্ৰাহকে আত্মহত্যাৰ কথা ক’লে কোনেও গুৰুত্বসহকাৰে লোৱা নাছিল যদিও তাৰ পিছতে আত্মহত্যাৰ ধাৰাবাহিকতা আৰম্ভ হয়। কৰ্মচাৰীসকলে তেওঁলোকৰ বছ পৰশুৰাম টকভেক ফোন কৰি এই সকলোবোৰ বন্ধ কৰিব লাগে নেকি বুলি প্ৰশ্ন কৰে।
পিছদিনা টকভে অফিচলৈ আহি কৰ্মচাৰীৰ ওপৰতে খং দেখুৱায়। তেওঁ কয়, “তোমাক যি কোৱা হয় তাকেই কৰা আৰু টকাখিনি আদায় কৰা।” হৰিয়ে কয় যে কৰ্মচাৰীসকলে সেয়াই কৰে। অৱশেষত সঁচাকৈয়ে কেইমাহমান পিছতে আত্মহত্যাৰ পথ বাছি লয় মণিকাই।
চীনৰ সৈতে সংযোগ লোন এপৰ
মেনেজাৰ টকভে নিৰ্দয় আছিল। কিন্তু তেওঁ এই ব্যৱসায় অকলে চলাই থকা নাছিল। হৰিয়ে কয় যে বহু সময়ত তেওঁৰ ছফট্ৱেৰৰ ইন্টাৰফেচ স্বয়ংক্ৰিয়ভাৱে চীনা ভাষালৈ সলনি হৈছিল।
দৰাচলতে টকভেৰ বিবাহ হৈছিল লিয়াং টিয়ান নামৰ এগৰাকী চীনা মহিলাৰ সৈতে। দুয়ো মিলি পুণেত ‘জিয়ালিয়াং’ নামৰ ঋণ আদায়ৰ ব্যৱসায় এটা স্থাপন কৰিছিল। হৰিয়েও পূৰ্বে তাতেই কাম কৰিছিল।
মণিকাৰ আত্মহত্যা আৰু নিৰ্যাতনৰ গোচৰৰ তদন্ত কৰি থকা আৰক্ষীয়ে ২০২০ চনৰ ডিচেম্বৰ মাহত টকভে আৰু লিয়াঙক গ্ৰেপ্তাৰ কৰে যদিও কেইমাহমানৰ পিছতে দুয়োজনে জামিন লাভ কৰে। ২০২২ চনৰ এপ্ৰিল মাহত তেওঁলোকৰ বিৰুদ্ধে ধন দাবী, ভয় দেখুৱাই আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু বছৰৰ শেষৰফালে দুয়োজনে পলায়ন কৰিবলৈ সক্ষম হয়। বিবিচিৰ মতে, এই ‘জিয়ালিয়াং’ কোম্পানীটোৰ সৈতেই সম্পৰ্ক আছে লি ছিয়াং নামৰ এজন চীনা ব্যৱসায়ীৰ।
বিবিচিৰ সাংবাদিকে বিনিয়োগকাৰীৰ ৰূপ লৈ লি ছিয়াঙৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত লিয়ে ভাৰতত নিজৰ ব্যৱসায়ৰ বিষয়ে উৎসাহেৰে কথা পাতে। তেওঁ কয়, ‘আমি এতিয়াও কাম কৰি আছো, কেৱল ভাৰতীয়ক কোৱা নাই যে আমাৰ কোম্পানী চীনা।’
ঋণ এপৰ কাৰ্যকলাপৰ তদন্ত কৰি আৰক্ষীয়ে ২০২১ চনত লিৰ দুটা কোম্পানীত অভিযান চলাই তেওঁৰ বেংক একাউণ্ট ফ্ৰীজ কৰি ৰাখিছিল। লিয়ে কয়, “আপুনি বুজিব লাগিব যে আমাৰ লক্ষ্য হৈছে আমাৰ বিনিয়োগ তৎক্ষণাত উদ্ধাৰ কৰা। আমি ভাৰতত কৰ আদায় নিদিওঁ আৰু আমাৰ সুতৰ হাৰেও স্থানীয় নিয়ম উলংঘা কৰে।”
লিয়ে লগতে জনায় যে তেওঁৰ কোম্পানীৰ ভাৰত, মেক্সিকো আৰু কলম্বিয়াত নিজাকৈ ঋণৰ এপ আছে। তেওঁলোকে দক্ষিণ-পূব এছিয়াত বিপদ নিয়ন্ত্ৰণ আৰু ঋণ আদায় সেৱাৰ ক্ষেত্ৰত আগশাৰীৰ বুলি দাবী কৰে আৰু এতিয়া লেটিন আমেৰিকা আৰু আফ্ৰিকালৈও সম্প্ৰসাৰণ ঘটাইছে। লগতে, ‘পষ্ট-লেণ্ডিং সেৱা’ৰ বাবে তেওঁলোকৰ পাকিস্তান, ভাৰত আৰু বাংলাদেশত ৩০০০ৰো অধিক কৰ্মচাৰী আছে।
লিয়ান তিয়াং আৰু পৰশুৰাম
লি ছিয়াঙে এই কথাও কয় যে তেওঁৰ কোম্পানীয়ে ঋণ আদায়ৰ বাবে কি কি কৰিব পাৰে। “আপুনি যদি ঋণ পৰিশোধ নকৰে তেন্তে আমি আপোনাক হোৱাটছএপত এড কৰিব পাৰো আৰু তাৰ পিছত তৃতীয় দিনৰ পৰা আমি আপোনাক বা আপোনাৰ চিনাকি মানুহলৈ ফোন বা মেছেজ দিম। তাৰ পিছত যদি ধনৰাশি দিয়া নহয় তেন্তে চতুৰ্থ দিনৰ পৰা আমি এটা বিশেষ বিশদ পদ্ধতি গ্ৰহণ কৰোঁ।” –ছিয়াঙে কয়।
তেওঁ লগতে কয়, “আমি ঋণ লোৱাজনৰ কল ৰেকৰ্ডত প্ৰৱেশ কৰোঁ আৰু তেওঁৰ বিষয়ে বহু তথ্য সংগ্ৰহ কৰোঁ। অৰ্থাৎ এক প্ৰকাৰে ঋণ লোৱা গ্ৰাহকজন আমাৰ সন্মুখত সম্পূৰ্ণ উলংগ হৈ পৰে।”
ঋণ এপৰ জালত নপৰিব!
ঋণ ৰিক’ভাৰীৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হোৱা ‘আছান লোন’ আৰু বৰ্তমান আত্মগোপন কৰি থকা লিয়াং টিয়ান টিয়ান আৰু পৰশুৰাম টকভেৰ সৈতে সাংবাদিকে যোগাযোগৰ চেষ্টা চলায় যদিও কোম্পানী বা দম্পতীহালৰ পৰা কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম নহল। ইফালে লি ছিয়াঙক মন্তব্যৰ বাবে সোধাত তেওঁ জনায় যে তেওঁ আৰু তেওঁৰ কোম্পানীয়ে স্থানীয় নিয়ম মানি চলে, তেওঁলোকে কেতিয়াও এনে ধৰণৰ লোন এপ চলোৱা নাই আৰু জিয়ালিয়াঙৰ সৈতে কাম কৰা বন্ধ কৰি দিছে।
তেওঁ কয় যে তেওঁৰ ঋণ আদায়ৰ কল চেণ্টাৰসমূহে কঠোৰ নিয়ম মানি চলিছে আৰু সাধাৰণ ভাৰতীয়ক হাৰাশাস্তি কৰা কথা তেওঁ অস্বীকাৰ কৰে। অন্যহাতে মেজেষ্টী লিগেল চাৰ্ভিচেছে ঋণ সংগ্ৰহৰ বাবে গ্ৰাহকৰ কণ্টেক্ট লিষ্ট ব্যৱহাৰ কৰা বুলি উঠা অভিযোগো অস্বীকাৰ কৰে। কোম্পানীটোৱে কয় যে এজেণ্টসকলক গালি-গালাজ আৰু ভাবুকিমূলক ফোন নকৰিবলৈ কোৱা হৈছে আৰু কোম্পানীৰ নীতি উলংঘা কৰিলে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব বুলিও সকীয়াই থোৱা হৈছে।
কিন্তু কোম্পানীয়ে যিমানেই এয়া অস্বীকাৰ নকৰক কিয়, বাস্তৱত আজিও বহু ভাৰতীয়ই এনে ঋণ এপৰ হাৰাশাস্তিৰ সন্মুখীন হৈয়েই আছে। টকাৰ প্ৰয়োজন সকলোৰে হয়। চাকৰিয়ালৰ হাততো সকলো সময়তে ধন নাথাকিব পাৰে। এনে পৰিস্থিতিত অনলাইন 'ঋণ এপ’সমূহে অতি কম সময়ৰ ভিতৰতে আৰু নথি-পত্ৰবিহীনভাৱে ঋণ প্ৰদান কৰি তেওঁলোকৰ আৰ্থিক চাহিদা দূৰ কৰে। কিন্তু পিছত এনে ঋণ এপৰ ৰিক’ভাৰী এজেণ্টৰ অশ্লীল ব্যৱহাৰ আৰু ভাবুকিত জীৱন বিষময় হৈ উঠে। সামাজিক মাধ্যম আৰু ইণ্টাৰনেট এতিয়া এনে অজস্ৰ সহজলভ্য ঋণ প্ৰদান কৰা এপৰে ভৰি আছে।
অসমৰো বহু লোকে অনলাইন এপৰ জৰিয়তে অতি কম পৰিমাণৰ ধন লৈ অৱশেষত দুগুণ, তিনিগুন বা কেইবাগুণ ধন আদায় দিবলগীয়া হোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই এনে ঋণ এপৰ ব্যৱহাৰক লৈ সতৰ্ক হ’বলৈও আহ্বান জনাই আহিছে। শেহতীয়াকৈ ভাৰত চৰকাৰেও ভাৰতত ঋণ প্ৰদান কৰা কেইবাটাও চীনা এপ নিষিদ্ধ কৰিছিল। কিন্তু তৎসত্বেও ভাৰতৰ অনলাইন ক্ষেত্ৰখনত গভীৰভাৱে শিপাইছে এই প্ৰবঞ্চনাৰ জাল। বিশেষকৈ বিভিন্ন অভাৱ তথা আন একাধিক সমস্যাৰে জৰ্জৰিত হৈ থকা লোকসকলক এতিয়া সহজ টাৰ্গেট কৰি লৈছে এই ঋণ এপসমূহে।
যদিহে মোবাইল ইউজাৰ এজনে ইণ্টাৰনেটত গুগলকে ধৰি যিকোনো ছাৰ্চ ইঞ্জিনত ঋণ বিষয়ক তথ্য ছাৰ্চ কৰে তাৰ পিছতে এআইৰ জৰিয়তে চলা বৰ্তমানৰ অনলাইন মাৰ্কেটিঙৰ জৰিয়তে ছ’চিয়েল মিডিয়া যেনে ফেচবুক, ইউটিউব আদিত সেই ইউজাৰজনে ঋণ এপৰ বিজ্ঞাপন দেখিবলৈ আৰম্ভ কৰে। গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এপসমূহে ফেচবুক, ইউটিউবত সহজ ঋণ প্ৰদানৰ বিজ্ঞাপন প্ৰকাশ কৰি আহিছে। ফলত যেতিয়াই কোনো লোকক ধনৰ প্ৰয়োজন হয় আৰু তেতিয়াই চিনাকি বা আত্মীয়-স্বজনক ধন বিচৰাতকৈ এই ঋণ এপত ক্লিক কৰে। তাৰ পিছতেই ঋণ এপে আৰম্ভ কৰে নিজৰ আচল খেল। প্ৰলোভন দিয়াত অকণো কুণ্ঠাবোধ নকৰা ঋণ এপৰ এনে ভয়ানক খেলৰ পৰা পৰিত্ৰাণ বিচাৰি আজি হাহাকাৰ কৰিবলগীয়া হৈছে বহু ভাৰতীয়ই।