চলিত বৰ্ষৰ ৩১ অক্টোবৰৰ পুৱা ৯.৩০ বজাত এটি টুইট কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই। টুইটটোত মৈত্ৰাই লিখিছিল যে তেওঁ নিজৰ আইফোনত এপলৰ তৰফৰ পৰা এটি বিশেষ 'ৱাৰ্ণিং মেছেজ’ লাভ কৰিছে। সাংসদগৰাকীয়ে টুইটটোত জনোৱা মতে এপলে তেওঁৰ ফোনটো 'ষ্টেট স্পনছৰড’ অৰ্থাৎ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত চোৰাংচোৱা ছফটৱেৰৰ জৰিয়তে হেক কৰিবলৈ চেষ্টা চলাইছে বুলি সতৰ্কবাণী প্ৰেৰণ কৰিছিল।
মহুৱাৰ লগতে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, কংগ্ৰেছ নেতা শশী থাৰুৰসহ কেবাগৰাকী বিৰোধী সাংসদ আৰু দুই-এগৰাকী সাংবাদিকেও এপলৰ তৰফৰ পৰা সতৰ্কবাণী লাভ কৰা বুলি জনাইছিল। সেই সময়ত চৰকাৰে 'ষ্টেট স্পনছৰড’ হেকিঙৰ অভিযোগ পোনছাটেই অস্বীকাৰ কৰিছিল আৰু কৈছিল যে 'এপলৰ এই সতৰ্কবাণীৰ আঁৰৰ কাৰণ জানিবলৈকে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত কৰা হ’ব’।
উক্ত ঘটনাৰ প্ৰায় দুমাহ পিছত যোৱা ২৮ ডিচেম্বৰত আমেৰিকাৰ আগশাৰীৰ দৈনিক 'ৱাশ্বিংটন পোষ্ট’ত এমনেষ্টি ইণ্টাৰনেশ্যনেল ছিকিউৰিটি লেবৰ উধৃতিৰে এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত প্ৰকাশ পোৱা মতে যিদিনাই বিৰোধী সাংসদ আৰু একাংশ সাংবাদিকলৈ এপলে উক্ত সতৰ্কবাণী প্ৰেৰণ কৰিছিল তাৰ ঠিক এদিন পিছতে নৰেন্দ্ৰ মোদী চৰকাৰে এপ’লৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈ পৰিছিল। এপ’ল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াসকলৰ ওপৰত কেন্দ্ৰ চৰকাৰে উক্ত সতৰ্কবাণী এপলৰ কাৰিকৰী বিসংগতি আছিল বুলি ক’বলৈ হেঁচা প্ৰয়োগ কৰাৰ কথাও মাৰ্কিন কাকতখনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। যদিহে কাৰিকৰী বিসংগতি বুলি পোনপটীয়াকৈ কোৱাত সমস্যা আছে তেন্তে তেনেধৰণৰ আন কোনো বিকল্প বিবৃতি দিবলৈকো চৰকাৰী বিষয়াসকলে এপল ইণ্ডিয়াক আহ্বান জনাইছিল।
ৱাশ্বিংটন পোষ্টৰ এই প্ৰতিবেদনক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে সম্পূৰ্ণৰূপে ভিত্তিহীন আখ্যা দিয়াৰ লগতে এয়া 'অৰ্ধসত্য তথ্য আধাৰিত আৰু মনেসজা কাহিনী বুলি মন্তব্য কৰিছে। উল্লেখ্য যে বিৰোধী সাংসদসকলে যেতিয়া এপলৰ উক্ত নটিফিকেশ্যনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া বিজেপিৰ কেবাগৰাকী নেতাই দাবী কৰি কৈছিল যে উক্ত নটিফিকেশ্যন প্ৰকৃততে এপলৰ ইণ্টাৰনেল থ্ৰেট এলগৰিথাম আৰু সেয়া ভুলতে গ্ৰাহকৰ ফোনলৈ প্ৰেৰিত হৈছিল।
ইয়াৰ বিপৰীতে ৱাশ্বিংটন পোষ্টত প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ পাইছে একাধিক বিস্ফোৰক তথ্য। ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত কোৱা হৈছে যে মোদী চৰকাৰৰ কেবাগৰাকী শীৰ্ষ বিষয়াই এপলৰ ভাৰতীয় কৰ্তৃপক্ষক নিজ কাৰ্যালয়লৈ মাতি নি 'এপলৰ সতৰ্কবাণীক লৈ আৰম্ভ হোৱা ৰাজনৈতিক বিতৰ্কৰ শাম কটোৱাত’ সহায় কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। কেৱল এয়াই নহয়, ভাৰত চৰকাৰে এপলৰ দেশৰ বাহিৰত থকা এগৰাকী জ্যেষ্ঠ সুৰক্ষা বিশেষজ্ঞকো মাতি আনিছিল আৰু উক্ত নটিফিকেশ্যন সন্দৰ্ভত এপলক কৌশলী বিবৃতি দিবলৈ চাপ সৃষ্টি কৰিছিল।
নাম প্ৰকাশ নকৰাৰ চৰ্তত এপলৰ আমেৰিকাস্থিত তিনিগৰাকী শীৰ্ষ বিষয়াৰ উধৃতিৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছে আগশাৰীৰ মাৰ্কিন কাকতখনে। তিনিগৰাকী ব্যক্তিৰ এগৰাকীয়ে কাকতখনৰ সাংবাদিকক জনোৱা মতে এপলৰ নটিফিকেশ্যনক লৈ চৰকাৰী বিষয়াসকল যথেষ্ট ক্ষুব্ধ হৈ আছিল।
বাতৰিটোত আৰু কোৱা হৈছে যে ভাৰত চৰকাৰৰ অত্যাধিক হেঁচা সত্বেও এপলৰ বিদেশী সুৰক্ষা বিশেষজ্ঞগৰাকীয়ে ৱাৰ্ণিং মেছেজক লৈ নিজৰ স্থিতিত অতি দৃঢ়তাৰে অটল হৈ আছিল। কিন্তু যিদৰে ভাৰত চৰকাৰে এপলৰ বিশ্বাসযোগ্যতাক দুৰ্বল কৰিবলৈ চেষ্টা চলাইছিল আৰু চৰকাৰৰ তৰফৰ পৰা যিধৰণৰ হেঁচা প্ৰয়োগ কৰা হৈছিল তাৰ প্ৰভাৱে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কেলিফৰ্ণিয়াৰ কুপাৰটিনোস্থিত এপলৰ মুখ্য কাৰ্যালয়ত বহি থকা মুৰব্বীসকলকো জোকাৰি গৈছিল।
এই সমগ্ৰ ঘটনাক্ৰমে এটা বিষয় স্পষ্ট কৰি তুলিছে যে বিশ্বৰ সৰ্ববৃহৎ টেক কোম্পানীটোৱেও ভাৰতৰ বৰ্তমানৰ চৰকাৰৰ চাপৰ সন্মুখীন হৈ দোধোৰ-মোধোৰত পৰিবলগীয়া হৈছে। কিয়নো কোম্পানীটোৰ সমুখত এফালে আছিল নিজৰ বিশ্বাসযোগ্যতাৰ স্থিতিত অটল হৈ থকাৰ প্ৰশ্ন আৰু আনফালে আছিল অনাগত দিনত এপলৰ বৃহৎ বজাৰ হৈ পৰিবলগীয়া ভাৰতৰ দৰে এখন জনবহুল দেশৰ চৰকাৰৰ তীব্ৰ হেঁচা।
প্ৰতিবেদনক লৈ চৰকাৰৰ প্ৰত্যুত্তৰ
কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ৱাশ্বিংটন পোষ্টৰ এই প্ৰতিবেদন সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই পোষ্টটোত মন্ত্ৰীগৰাকীয়ে উক্ত প্ৰতিবেদনক সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি দাবী কৰা দেখা গৈছে।
বৰ্তমানো নটিফিকেশ্যনক লৈ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ পোষ্টটোত লিখিছে, 'ৱাশ্বিংটন পোষ্টৰ সাধুকথাৰ দৰে বাতৰিক লৈ স্পষ্টীকৰণ দিয়াতো বিৰক্তিদায়ক হৈ পৰে, কিন্তু কোনো নহয় কোনো এজনে সত্যটো ক’বই লাগিব। এয়া হৈছে অৰ্ধসত্য আৰু গোটেই বাতৰিটোৱে মনেসজা।’
তেওঁ আৰু কয় যে বাতৰিটোত ৩১ অক্টোবৰত এপলৰ তৰফৰ পৰা দিয়া বিবৃতিটোৰ উল্লেখেই কৰা হোৱা নাই। 'আইটি মন্ত্ৰণালয়ৰ স্থিতি এই সন্দৰ্ভত সম্পূৰ্ণৰূপে স্পষ্ট। কেনকৈ ৱাৰ্ণিং মেছেজ যাবলৈ পালে সেয়া জনোৱাতো এপলৰ দায়িত্ব। এপলক ভাৰত চৰকাৰৰ তদন্তত সহযোগ কৰিবলৈ কোৱা হৈছে আৰু এই তদন্ত অব্যাহত আছে। এয়া হৈছে তথ্য আৰু বাকী গোটেই বাতৰিত যিবোৰ উল্লেখ কৰা হৈছে সেই সকলোবোৰ হৈছে মনেসজা কাহিনী মাত্ৰ।’-কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।
আদানি সন্দৰ্ভত বাতৰি প্ৰকাশ আৰু সাংবাদিকলৈ এপলৰ নটিফিকেশ্যন
চলিত বৰ্ষৰ অক্টোবৰ মাহত ২০জনকৈ লোকলৈ এপলে ৱাৰ্ণিং নটিফিকেশ্যন প্ৰেৰণ কৰিছিল। এইসকল আছিল বিৰোধী নেতা আৰু সাংবাদিক। আমেৰিকান কাকতখনৰ মতে যি দুগৰাকী সাংবাদিকলৈ এপলে নটিফিকেশ্যন প্ৰেৰণ কৰিছিল তেওঁলোক হৈছে আনন্দ মংগনালে আৰু সিদ্ধাৰ্থ ভৰদৰাজন।
আনন্দ মংগনালেই অৰ্গেনাইজড ক্ৰাইম এণ্ড কৰাপশ্যন ৰিপ’ৰ্টি প্ৰজেক্ট চমুকৈ অচিচিআৰপিৰ দক্ষিণ এছিয়াৰ সম্পাদক। অচিচিআৰপি হৈছে অনুসন্ধানমূলক সাংবাদিকতাৰ বাবে বিখ্যাত এটি স্বেচ্ছাসেৱী সংস্থা। যোৱা ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে ব্ৰিটিছ সংবাদ পত্ৰ 'দ্য গাৰ্ডিয়ান’ আৰু 'ফাইনেন্সিয়েল টাইমছ’ৰ সৈতে একত্ৰিতভাৱে অচিচিআৰপিয়ে এটি বাতৰি প্ৰকাশ কৰিছিল।
উক্ত বাতৰিটোত কৰফাকি দিয়াসকলৰ স্বৰ্গ হিচাপে পৰিচিত দেশ মৰিছাছৰ দুটা কোম্পানী ইমাৰ্জিং ইণ্ডিয়া ফ’কাছ ফাণ্ড (ইআইএফএফ) আৰু ইএম ৰিছাৰ্জেণ্ট উাণ্ড (ইএমআৰএফ)-এ ২০১৩ ৰ পৰা ২০১৮ লৈকে আদানি গ্ৰুপৰ চাৰিটা কোম্পানীত ধন বিনিয়োগ কৰা আৰু নীতি বৰ্হিভূতভাৱে শ্বেয়াৰ ক্ৰয় কৰাৰ কথা প্ৰকাশ পাইছিল।
দ্য ৱাশ্বিংটন পোষ্টৰ বাতৰিটোত প্ৰকাশ পোৱা মতে, চলিত বৰ্ষৰ ২৩ আগষ্টত অচিচিআৰপিয়ে আদানি গ্ৰুপ সন্দৰ্ভত প্ৰতিবেদন যুগুত কৰিবলৈ গ্ৰুপটোৰ মন্তব্য বিচাৰি ই-মেইল পঠিয়াইছিল। মেইল প্ৰেৰণৰ ১০ দিন পিছত প্ৰতিবেদন প্ৰকাশ পাইছিল। কিন্তু আনন্দ মংগনালেৰ ফোনটোৰ যেতিয়া এমনেষ্টি ইণ্টাৰনেশ্যনেলে ফৰেনছিক এনালাইছিছ কৰিলে তেতিয়া ধৰা পৰে যে আদানি গ্ৰুপৰ মন্তব্য বিচাৰি মেইল প্ৰেৰণ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁৰ ফোনত পেগাছাছ স্পাইৱেৰৰ আক্ৰমণ হৈছিল।
উল্লেখ্য যে পেগাছাছ হৈছে এক গুপ্তচৰ সদৃশ ছফটৱেৰ। এই ছফটৱেৰবিধ প্ৰস্তুত কৰিছে ইজাৰাইলী কোম্পানী এনএছঅ’ৱে। কোম্পানীটোৱে জনোৱা মতে তেওঁলোকে এই স্পাই ছফটৱেৰটো কোনো ব্যক্তি বিশেষক বা কোম্পানীক বিক্ৰী নকৰে, কেৱল দেশসমূহৰ চৰকাৰৰ ওচৰতহে বিক্ৰী কৰে।
ইফালে আদানি গ্ৰুপে চৰকাৰৰ সৈতে মিলিত হৈ কোনো ব্যক্তি বিশেষৰ ফোন হেকিং কৰাৰ অভিযোগ খণ্ডন কৰি ৱাশ্বিংটন পোষ্টৰ আগত কয় যে অচিচিআৰপিয়ে গ্ৰুপটোক বদনামী কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে। 'আদানি গ্ৰুপে সদায়েই সম্পূৰ্ণ সততাৰে সত্যনিষ্ঠ পথত থাকি নিয়মৰ মাজেৰে কাম কৰি আহিছে।’-ৱাশ্বিংটন পোষ্টৰ আগত এইদৰে কয় গ্ৰুপটোৰ কৰ্প’ৰেট কমিউনিকেশ্যনৰ মুৰব্বী বৰ্ষা ছেনানিয়ে।
তাৎপৰ্যপূৰ্ণ কথা এয়ে যি আনন্দ মংগনালেৰ আইফোন হেক কৰিবলৈ যিটো এপল আইডি ব্যৱহাৰ কৰা হৈছিল সেই একেটা আইডিৰে দেশৰ আগশাৰীৰ নিউজ ৱেবছাইট 'দ্য ৱায়াৰ’ৰ প্ৰতিষ্ঠাপক সহঃসম্পাদক সিদ্ধাৰ্থ ভৰদৰাজনৰ ফোনটোও হেক কৰিবলৈ চেষ্টা চলোৱাতো ধৰা পৰিছিল এমনেষ্টিৰ ফৰনেছিক এনালাইছিছত। এই এপল আইডিটো হৈছে natalymarinova@proton.me।
কেন্দ্ৰ চৰকাৰে সৰ্বোচ্চ আদালতৰ সৈতে সহযোগ নাই কৰা!
বিবিচত প্ৰকাশিত এক বাতৰিত দ্য ৱায়াৰৰ সহঃ সম্পাদক সিদ্ধাৰ্থ ভৰদৰাজনৰ উধৃতিৰে কোৱা হৈছে যে কেন্দ্ৰ চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ সৈতে পেগাছাছ বিষয়ক লৈ কোনোধৰণৰ সহযোগিতা কৰা নাই। ভৰদৰাজনে জনোৱা মতে ১৬ অক্টোবৰত তেওঁ এপলৰ পৰা ৱাৰ্ণিং লাভ কৰিছিল।
বিবিচিৰ আগত তেওঁ কয়, 'যেতিয়া ২০২১ চনত আমি ফৰবিডেন ষ্টৰীজৰ সৈতে মিলি পেগাছাছ স্পাইৱেৰক লৈ বাতৰি কৰিছিলো তেতিয়া দেখিছিলো যে বহু ফোনত সেয়া প্ৰয়োগ কৰা হৈছিল। সেইসকলৰ মাজত ময়ো এজন আছিলো। সৰ্বোচ্চ ন্যায়ালয়লৈ এই গোচৰটো যোৱাত তদন্ত আৰম্ভ হৈছিল আৰু আদালতে ক’বলৈ বাধ্য হৈছিল যে কেন্দ্ৰ চৰকাৰে তদন্ত কমিটিৰ সৈতে তদন্তত সহযোগ কৰা নাই। এয়া দেখদেখকৈ আদালত অৱমাননা। পিছত গোটেই গোচৰটো হেৰাই যোৱাৰ দৰে হৈ পৰে। মোৰ প্ৰশ্নটো হৈছে সৰ্বোচ্চ আদালতে এই বিষয়টো কিয় ইমান সহজভাৱে লৈছে? শেষত তিনি বছৰ পিছত আকৌ ফোনবোৰ টাৰ্গেট কৰাতো আৰম্ভ হৈ গৈছিল।’
তেওঁ আৰু কয়, 'সেই সময়ত মই ইমানো বেছি স্পৰ্শকাতৰ বাতৰি কৰি থকা নাছিলো। অচিচিআৰপিৰ দৰেকৈ সেই সময়ত আমি কোনো বাতৰি কৰা নাছিলো, কিন্তু দ্য ৱায়াৰে যি বাতৰিয়েই নকৰক কিয় তাৰে ৯০ শতাংশই চৰকাৰৰ পছন্দ নহয়। মই পেগাছাছৰ প্ৰথম লিষ্টত আগতেও আছিলো আৰু এইবাৰো আছো। যেতিয়া আমি কাম কৰো তেতিয়াই জানিব পাৰো যে চৰকাৰে আমাৰ ওপৰত শেন চকু দি আছে। এই ছফটৱেৰৰ জৰিয়তে আমি কি বিষয়ক লৈ বাতৰি কৰিবলৈ পৰিকল্পনা কৰো, সেই বাতৰিৰ ছ’ৰ্চ কি সেয়া বাতৰিটো প্ৰকাশ পোৱাৰ আগতেই চৰকাৰে জানি যায়।’
ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত আৰু উল্লেখ আছে যে কৃষক আন্দোলনৰ সময়তো ভাৰত চৰকাৰে কেইগৰাকীমান নিৰ্দিষ্ট লোকৰ টুইট ডিলিট কৰিবলৈ টুইটাৰ কৰ্তৃপক্ষক চৰকাৰে হেঁচা প্ৰয়োগ কৰিছিল। এই সন্দৰ্ভত ভৰদৰাজনে বিবিচিৰ আগত কয়, 'এপল নিজৰ সুৰক্ষা বা ছিকিউৰিটিৰ বাবে প্ৰসিদ্ধ। কিন্তু বাতৰিত যিধৰণৰ কথা প্ৰকাশ পাইছে যে ভাৰত চৰকাৰৰ হেঁচাৰ ওচৰত সেও মানি এপলে নিজৰ নটিফিকেশ্যন ভুলতে প্ৰেৰিত হোৱা বুলি কৈছে তাৰপিছত ক’বলৈ বিশেষ একো নাথাকে। তেতিয়া ইয়াকে ক’ব পাৰি যে এপলে নিজেই নিশ্চিত হৈ ল’ব লাগিব যে তেওঁলোকে নিজৰ নীতি-আদৰ্শ আৰু যি ছিকিউৰিটিৰ বাবে বিখ্যাত সেয়া বৰ্তাই ৰাখিব বিচাৰে নে বজাৰ দখলৰ স্বাৰ্থত চৰকাৰৰ হেঁচা মানি কাম কৰিব বিচাৰে।’
এপলৰ ৱাৰ্ণি আৰু চৰকাৰৰ হেঁচা
ৱাশ্চিংটন পোষ্টৰ বাতৰিটোত কোৱা হৈছে যে অক্টোবৰত যেতিয়াই বিৰোধী সাংসদসকলে নটিফিকেশ্যনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু এই লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছিল তেতিয়াই ভাৰত চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই এপল ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিৰাট ভাটিয়াক মাতি পঠিয়াইছিল। বিৰাট ভাটিয়া উপস্থিত হোৱাৰ পিছতে বিষয়াগৰাকীয়ে বিভিন্ন কথাৰে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।
ৱাশ্বিংটন পোষ্টৰ মতে বিষয়াগৰাকীয়ে ভাটিয়াক কৈছিল, 'আপোনালোকৰ ৱাৰ্ণিং নটিফিকেশ্যন উঠাই লওক আৰু কওক যে এয়া ভুলতে গুচি গৈছিল।’ এই লৈ বিষয়াগৰাকী আৰু এপল ইণ্ডিয়াৰ পৰিচালন সঞ্চালকৰ কথাৰ কটাকটিও হয়। বিষয়াগৰাকীৰ বাৰম্বাৰ হেঁচাৰ পিছত ভাটিয়াই কয় যে এপলৰ তৰফৰ পৰা খুব বেছি এনে এক বিবৃতি দিব পৰা যাব যে এপলৰ ৱেবছাইটত এইধৰণৰ কথা আগৰে পৰা লিখা আছে।
ইয়াৰ পিছতে এপল ইণ্ডিয়াই এক বিবৃতি জাৰি কৰিছিল। এই বিবৃতিটো আছিল এনেধৰণৰ, 'গোপন ছিগনেলৰ আধাৰত এইধৰণৰ আক্ৰমণৰ কথা ধৰা পেলোৱা হয় আৰু বহুসময়ত এয়া সঠিক নহ’বও পাৰে আৰু অৰ্ধসত্যও হ’ব পাৰে। এনেকুৱাও হ’ব পাৰে যে কিছুমান ৱাৰ্ণিং মেছেজ ওপৰুৱা সতৰ্কবাণীও হ’ব পাৰে অথবা কেতিয়াবা এনেকুৱাও হব পাৰে আক্ৰমণকাৰী কোন সেয়া গমেই পোৱা নাযাব পাৰে।’
বিবৃতিটোত আৰু কোৱা হৈছিল, 'আমি কেনেকৈ কি পৰিস্থিতিত এইধৰণৰ ভাবুকিৰ সৈতে জড়িত তথ্য লাভ কৰো সেয়া আমি জনাব নোৱাৰো। কিয়নো এনে কৰিলে ষ্টেট স্পনছৰড হেকাৰ্ছ বা আন কোনো হেকাৰ্ছে ধৰা নপৰাকৈ থকাৰ পথ বিচাৰি উলিওৱাৰ আশংকা থাকে।’ এই বিবৃতিটোৰ জৰিয়তে এপলে নিজৰ বাৰ্ণিং মেছেজক গুৰুত্বসহকাৰে নল’বলৈ একপ্ৰকাৰ ইংগিত প্ৰদান কৰিছিল।
ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে চৰকাৰী শীৰ্ষ বিষয়াগৰাকীৰ সৈতে সাক্ষাতৰ পিছৰে পৰা এপল ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ভাটিয়া যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল যদিও কোম্পানীৰ বাকী বিষয়াসকলক এই লৈ ভয় কৰাৰ পৰিৱৰ্তে শক্তিশালী হৈ থাকিবলৈ পৰামৰ্শ দিছিল। তাৰ মাজতে চৰকাৰৰ ৰোষৰ পৰা হাত সাৰিবলৈ এপল ইণ্ডিয়াই কৰ্প’ৰেট কমিউনিকেশ্যন বিভাগক দুগৰাকী বিশেষ টেক সাংবাদিকৰ জৰিয়তে কৌশলপূৰ্ণ বাতৰি প্ৰকাশৰ ব্যৱস্থা কৰিবলৈকো কৈছিল। উক্ত বাতৰিত এপলে সাংবাদিক দুগৰাকীক এপলৰ ছিকিউৰিটি ব্যৱস্থাক লৈ সন্দেহৰ অৱকাশ থাকি যোৱা ধৰণে অথচ এপলৰ কোনো বদনামো নোহোৱাকৈ বাতৰি প্ৰকাশ কৰিবলৈ কোৱাৰ কথাও ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
পেগাছাছৰ জৰিয়তে চোৰাংচোৱাগিৰি
২০২১ চনৰ জুলাইত অৰ্থাৎ ফৰিবিডেন ষ্ট’ৰীজৰ সৈতে একেলগে মিলি বিশ্বৰ কেবাটাও সংবাদ সংস্থাই এক বাতৰি প্ৰকাশ কৰিছিল। উক্ত বাতৰিত দাবী কৰা হৈছিল যে সমগ্ৰ বিশ্বতে একাধিক সাংবাদিক আৰু সমাজসেৱাৰ সৈতে জড়িত ব্যক্তিৰ ফোন হেক কৰা হৈছে।
বাতৰিটোত পেগাছাছ নামৰ যিটো স্পাইৱেৰৰ জৰিয়তে ফোন হেক কৰা বুলি কোৱা হৈছিল সেই ইজৰাইলী কোম্পানীটোৱে বিছত স্পষ্টীকৰণ দি কৈছিল যে তেওঁলোকে কেৱল দেশসমূহৰ চৰকাৰকহে সেই ছফটৱেৰ বিক্ৰী কৰে। 'সন্ত্ৰাসবাদী আৰু অপৰাধ’মূলক কাম-কাজ ৰোধ কৰাত দেশসমূহৰ চৰকাৰক সহায় কৰিবলৈকে তেওঁলোকে এই ছফটৱেৰ চৰকাৰসমূহক বিক্ৰী কৰি আহিছে বুলিও কৈছিল কোম্পানীটোৱে।
সেই সময়ত ভাৰতত উক্ত বাতৰিটো প্ৰকাশ কৰিছিল 'দ্য ৱায়াৰ’-এ। তাত দাবী কৰা হৈছিল যে ভাৰতৰ ৪০ গৰাকী সাংবাদিক, ৩ গৰাকী শীৰ্ষ বিৰোধী নেতা, এগৰাকী সাংবিধানিক পদত থকা ব্যক্তি, মোদী চৰকাৰৰ দুগৰাকী মন্ত্ৰী আৰু সুৰক্ষা সংস্থাৰ বৰ্তমানৰ আৰু পূৰ্বৰ বিষয়াসহ কেবাগৰাকী ব্যৱসায়ীৰ ফোনতো পেগাছাছ প্ৰয়োগ কৰা হৈছে।
বাতৰিটো প্ৰকাশৰ পিছতে আইটি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদনত বিবৃতি দি কৈছিল যে এয়া সম্পূৰ্ণৰূেপ মনে গঢ়া বাতৰি আৰু বাতৰিটোত কেৱল ডাঙৰ ডাঙৰ অভিযোগ কৰাৰ বাদে সত্যতা একোৱেই নাই। গ্ৰীষ্মকালীন অধিৱেশনৰ এদিন পূৰ্বে এই বাতৰি প্ৰকাশ পোৱাতো হৈছে চৰকাৰক আৰু ভাৰতৰ গণতন্ত্ৰক বদনামী কৰাৰ ষড়যন্ত্ৰ। এই চোৰাংচোৱাগিৰিৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অৱশ্যে ভাৰত চৰকাৰে ইজৰাইলী কোম্পানী এনএছঅ’ গ্ৰুপৰ পৰা পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে নে নাই সেই সম্পৰ্কে কিন্তু আজি পৰ্যন্ত স্পষ্টকৈ কোনো মন্তব্য কৰা নাই।
পেগাছাছে কেনেকৈ কাম কৰে?
পেগাছাছ হৈছে এবিধ স্পাইৱেৰ অৰ্থাৎ চোৰাংচোৱাগিৰি কৰিব পৰা ছ’ফটৱেৰ। এই ছফটৱেৰ প্ৰস্তুত কৰিছে ইজৰাইলৰ চাইবাৰ সুৰক্ষা কোম্পানী এনএছঅ’ গ্ৰুপ টেকন’লজিয়ে। এয়া হৈছে এনে এক ছফটৱেৰ যাক নেকি দূৰৈৰ পৰা যিকোনো স্মাৰ্টফোনতে গোপনে ভৰাই দিব পৰা যায়। এবাৰ পেগাছাছ ফোন এটাত ইনষ্টল হ’লেই ফোনটোৰ মাইক্ৰ’ফোন, কেমেৰা, অডিঅ’, টেক্সট মেছেজ, ই-মেইল আৰু লোকেশ্যনসহ সকলোধৰণৰ ডিজিটেল তথ্য হেকাৰে নিমিষতে লাভ কৰে।
চাইবাৰ সুৰক্ষা সংস্থা কেস্পাৰস্কাইৰ এক প্ৰতিবেদন অনুযায়ী পেগাছাছৰ জৰিয়তে এনক্ৰিপ্টেড অডিঅ’ শুনিব পৰা আৰু এনক্ৰিপ্টেড হোৱাটছএপ মেছেজ বা আন যিকোনোধৰণৰ মেছেজো পঢ়িব পৰা কৰি তোলে। এনক্ৰিপ্টেড হৈছে এনে এক সুৰক্ষা ব্যৱস্থা হৈছে যিয়ে নেকি যিকোনো বাৰ্তা প্ৰেৰক আৰু প্ৰাপকৰ মাজতে সীমাৱদ্ধ কৰি ৰাখে আৰু সেয়া সেই দুজনৰ অনুমতি অবিহনে তৃতীয় কোনেও পঢ়িব নোৱাৰে, আনকি যিটো কোম্পানীৰ প্লেটফৰ্মৰ জৰিয়তে সেয়া প্ৰেৰণ কৰা হয় সেই কোম্পানীটোৱেও সেয়া জনাৰ উপায় নাথাকে।
কিন্তু পেগাছাছ সোমাই যোৱাৰ লগে লগে হেকাৰ্ছে উক্ত ফোনটোৰ সকলো সাধাৰণ তথ্যৰ লগতে এনক্ৰিপ্টেড তথ্যবোৰো খুলি চোৱাৰ সক্ষমতা অৰ্জন কৰে। উল্লেখ্য যে পেগাছাৰ সৈতে জড়িত কথা প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল ২০১৬ চনত। সংযুক্ত আৰৱ এমিৰেটছৰ মানৱাধিকাৰ কৰ্মী আহমদ মনছুৰে এয়া প্ৰথমে জানিব পাৰিছিল। তেওঁ কেবাটাও এছএমএছ লাভ কৰিছিল আৰু সন্দেহ জন্মিছিল। তেওঁ সেই মেছেজৰ সৈতে থকা লিংক কোনোৱে অসৎ উদ্দেশ্যৰে প্ৰেৰণ কৰাতো ধৰা পেলাইছিল।
নিজৰ সন্দেহ দূৰ কৰিবলৈ তেওঁ ফোনটো টৰণ্টো বিশ্ববিদ্যালয়ৰ 'চিটিজেন লেব’ক পৰীক্ষা কৰিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ চাইবাৰ সুৰক্ষা সংস্থা 'লুকআউট’ৰ সহায় লৈছিল। অৱশেষত তেওঁৰ সন্দেহ সত্য প্ৰমাণিত হৈছিল আৰু জানিব পাৰিছিল যে যদিহে তেওঁ লিংকটোত ক্লিক কৰি দিলেহেতেন তেন্তে তেঁওৰ ফোনটো হেক হোৱাতো নিশ্চিত আছিল। লুকআউটৰ গৱেষকসকলেও ইয়াক এণ্ড্ৰইডৰ ওপৰত চলোৱা ভয়াৱহ চাইবাৰ আক্ৰমণ আখ্যা দিছিল আৰু উক্ত স্পাইৱেৰবিধক পেগাছাছ বুলি চিহ্নিত কৰিছিল।
সকলোতকৈ ডাঙৰ কথা এয়ে যে সমগ্ৰ বিশ্বতে সুৰক্ষাৰ দিশৰ পৰা প্ৰসিদ্ধ এপলৰ আইফোনৰ সুৰক্ষা বেহুকো ভেদ কৰিবলৈ সমৰ্থ হৈছে এই পেগাছাছ স্পাইৱেৰে। অৱশ্যে এপলে উক্ত আক্ৰমণৰ পৰা বাচিব পৰাকৈ ছ’ফটৱেৰ আপডেট কৰা হৈছে বুলি দাবী কৰিছিল। ইয়াৰ পিছত ২০১৭ চনত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদনত মেক্সিকো চৰকাৰে পেগাছাছৰ জৰিয়তে দেশখনৰ কেবাগৰাকী চৰকাৰ বিৰোধী নেতা, সাংবাদিক, মানৱাধিকাৰ কৰ্মীৰ ফোন হেক কৰাৰ কথা পোহৰলৈ আহিছিল।
মেক্সিকোৰ কেবাগৰাকী আগশাৰীৰ সাংবাদিক, সামাজিক কৰ্মী য়ে চৰকাৰৰ বিৰুদ্ধে মোবাইল ফোন হেকিঙৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ তুলি দেশখনৰ আদালতত গোচৰো ৰুজু কৰিছিল। বাতৰিটোত কোৱা হৈছিল যে ইজৰাইলী কোম্পানী এনএছঅ’ই মেক্সিকো চৰকাৰক পেগাছাছ ছফটৱেৰ এই চৰ্তত বিক্ৰী কৰিছিল যে উক্ত ছফটৱেৰ কেৱল অপৰাধী আৰু বিচ্ছিন্নতাবাদীসকলৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হ’ব।
নিউয়ৰ্ক টাইমছৰ মতে এই পেগাছাছ স্পাইৱেৰৰ আন এক বিশেষত্ব হ’ল ই স্মাৰ্টফোনৰ মাইক্ৰ’ফোন আৰু কেমেৰাক গৰাকীৰ গোপনে সক্ৰিয় কৰি ৰাখিব পাৰে। উল্লেখ্য যে পেগাছাছৰ কোম্পানী এনএছঅ’ৰ বিৰুদ্ধে ছৌদি আৰৱ চৰকাৰকো ছফটৱেৰবিধ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই পেগাছাছৰ জৰিয়তেই ছৌদি আৰৱে সাংবাদিক জামাল খানছোজিৰ হত্যাৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰিছিল বুলিও একাধিক বাতৰিত প্ৰকাশ পাইছে।
পেগাছাছক লৈ সমগ্ৰ বিশ্বতে এইধৰণৰ একাধিক বিতৰ্ক অব্যাহত থাকিলেও ইজৰাইলী চাইবাৰ কোম্পানীটোৱে বাৰম্বাৰ দাবী কৰি আহিছে যে তেওঁলোকে কেৱল সাৰ্বভৌমত্ব থকা যিকোনো দেশৰ চৰকাৰী সংস্থাকহে ছফটৱেৰ বিক্ৰী কৰে আৰু ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে সন্ত্ৰাসবাদ আৰু অপৰাধৰ বিৰুদ্ধে যুদ্ধ। কোম্পানীটোৱে কেলিফৰ্ণিয়াৰ এখন আদালততো এক গোচৰৰ শুনানিত কৈছিল যে তেওঁলোকে কেতিয়াও নিজেই ছ’ফটৱেৰিবধ ব্যৱহাৰ নকৰে, কেৱল চৰকাৰসমূহক বিক্ৰীহে কৰে আৰু ইয়াৰ ব্যৱহাৰৰ বাবে কোম্পানীটো কোনধৰণে দায়ৱদ্ধ নহয়।
চৰকাৰে নিজৰ বিৰুদ্ধে নিজে কেনেকৈ তদন্ত কৰিব?
পেগাছাছৰ ব্যৱহাৰ আৰু এপলৰ ৱাৰ্ণিং নটিফিকেশ্যনৰ তদন্ত চলি থকা বুলি চৰকাৰে কৰি অহা দাবীক হাস্যকৰ আখ্যা দিছে ভিন্নজনে। এই সন্দৰ্ভত শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, 'এপলৰ দামী আইফোন ক্ৰয় কৰাৰ কাৰণ এটাই। সেয়া হৈছে যাতে আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত হীনদেড়ি নহয়। যদিহে বিশ্বৰ আটাইতকৈ নামী-দামী কোম্পানীটোৱেই দেশ এখনৰ চৰকাৰৰ ওচৰত নিজৰ ব্যৱসায়িক লাভৰ স্বাৰ্থত গ্ৰাহকৰ সুৰক্ষাক লৈ হেতালি খেলে তেন্তে ভৱিষ্যতে কি পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে সেয়া কল্পনা কৰিবলৈকে ভয় হয়।
তেওঁ আৰু কয়, 'উচ্চতম ন্যায়ালয়ৰ প্ৰতি সন্মান ৰাখি এই কথা ক’ব খোজো যে গোপনীয়তা হৈছে সকলোৰে এক মৌলিক অধিকাৰ। যদিহে সৰ্বোচ্চ আদালতে বিৰোধী নেতা আৰু সাংবাদিকসকলৰ ওপৰত কৰা চোৰাংচোৱাগিৰিৰ ঘটনাক গুৰুত্ব নিদিয়ে তেন্তে এনেকুৱাও হ’ব পাৰে যে কাইলৈ মুখ্য ন্যায়াধীশৰেই ফোন হেকাৰে হেক কৰি দিব পাৰে। গতিকে বিষয়টোক লৈ আদালতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী।’
আনহাতে, দেশৰ আগশাৰীৰ টেক সাংবাদিক তথা নিউজ ৱেবছাইট মিডিয়ানামৰ প্ৰতিষ্ঠাপক নিখিল পহৱাই কয়, 'ভাৰত চৰকাৰে নিজেই নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কেনেকৈ নিৰপেক্ষভাৱে তদন্ত কৰিব পাৰে? ভাৰত চৰকাৰে কেৱল ক’ব লাগে বাবেই এই ধৰণৰ তদন্তৰ কথা কৈছে। চৰকাৰে কেৱল বিষয়টো শাম কটালৈকে বাট চাই আছে আৰু কেনেকৈ এই লৈ চৰ্চা নাইকিয়া কৰিব পাৰি তাৰেই পৰিকল্পনা কৰি আছে।’
একেদৰে বিষয়টো সন্দৰ্ভত পেগাছাছৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী কৰি অহা সাংবাদিক ভৰদৰাজনে কয়, 'কোনো চৰকাৰেই কঠিন সমালোচনা পছন্দ নকৰে। কিন্তু পাৰ্থক্য এয়াই যে কিছুমান চৰকাৰৰ সহ্য কৰিব পৰা ক্ষমতা অধিক হয় আৰু কিছুমানে তিলমানো সহ্য কৰিব নোৱাৰে। অৱশ্যে যেতিয়াই আমি এই সাংবাদিকতাৰ পেছালৈ আহিছিলো তেতিয়াই বুজি উঠিছিলো যে এই সাংবাদিকতাত ভয় বুলি কোনো কথাই নাথাকে। সাংবাদিকতা বুলিয়েই আচলতে গণতন্ত্ৰতো ভয়ৰ স্থান নাই। যদিহে গণতন্ত্ৰ জীয়াই ৰাখিবলগীয়া হয় তেন্তে প্ৰথমে ভয়ৰ পৰিৱেশ প্ৰথমে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব লাগিব।’