নিজৰ ঘৰৰ কাম কৰা মানুহজনতকৈও বেছি মৰমৰ পোহনীয়া কুকুৰটোহে! দিনে-নিশাই গেবাৰী খটা দৰিদ্ৰ ভৃত্যজনতকৈও অধিক সন্মানৰ অধিকাৰী যেতিয়া পোহনীয়া কুকুৰটো হৈ পৰিল, তেতিয়াই আদালতৰ ৰঙা চকুৱে জ্বলাই শেষ কৰাৰ উপক্ৰম ঘটালে এটা ভাৰতীয় মূলৰ ধনাঢ্য পৰিয়ালৰ গৰ্ব, অহংকাৰ। ঘৰুৱা শ্ৰমিকক শোষণ কৰাৰ অপৰাধত এতিয়া কাৰাদণ্ড বিহা হৈছে পৰিয়ালটোৰ চাৰিজনকৈ সদস্যক।

ঘৰৰ পোহনীয়া কুকুৰটোৰ নামত কৰা খৰছতকৈও ঘৰুৱা শ্ৰমিকক কম দৰমহা প্ৰদান কৰাৰ অভিযোগত শেহতীয়াকৈ আইনী বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল ব্ৰিটেইনৰ আটাইতকৈ ধনাঢ্য হিন্দুজা পৰিয়াল। ভাৰতীয় মূলৰ এই পৰিয়ালটোৱে ছুইজাৰলেণ্ডৰ জেনেভাত থকা তেওঁলোকৰ ভিলাত কাম কৰিবলৈ ভাৰতৰ পৰা কেইজনমান কৰ্মচাৰীক লৈ গৈছিল। কিন্তু এই কৰ্মচাৰীসকলে পিছত পৰিয়ালটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে তেওঁলোকক দিনটোত ১৮ ঘণ্টাতকৈও অধিক কাম কৰিবলৈ বাধ্য কৰোৱাৰ বিপৰীতে মাত্ৰ সাত পাউণ্ডহে মজুৰি প্ৰদান কৰে। উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ আইন অনুসৰি ইয়াৰ বাবে কৰ্মচাৰীসকলে কমেও ৭০ পাউণ্ড লাভ কৰিব লাগে।

অন্যহাতে ভিলাত কাম কৰিবলৈ অনা কৰ্মচাৰীসকলৰ পাছপ’ৰ্ট হিন্দুজা পৰিয়ালে নিজৰ লগত ৰাখি তেওঁলোকক বাহিৰলৈ ওলোৱা-সোমোৱাতো নিষেধাজ্ঞা আৰোপ কৰা বুলি অভিযোগ কৰে। এই অভিযোগ সন্দৰ্ভত ব্ৰিটেইনৰ আদালতত দাখিল কৰা আবেদনত শেহতীয়াকৈ আদালতে ঘৰুৱা কৰ্মচাৰীৰ শোষণ আৰু অবৈধ কৰ্মসংস্থাপন প্ৰদানত হিন্দুজা পৰিয়ালৰ ৪ সদস্য ক্ৰমে- প্ৰকাশ হিন্দুজা, কমল হিন্দুজা, তেওঁৰ পুত্ৰ অজয় হিন্দুজা আৰু বোৱাৰী নম্ৰতাক দোষী সাব্যস্ত কৰি চাৰি বছৰ আৰু চাৰে চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে। অৱশ্যে আদালতে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত মানৱ সৰবৰাহৰ দৰে গুৰুতৰ অভিযোগৰ পৰা মুক্ত কৰিছে।

হিন্দুজা পৰিয়ালৰ হৈ আদালতত গোচৰৰ যুঁজ দিয়া অধিবক্তাসকলে এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন কৰিব বুলি কয়। তেওঁৰ অধিবক্তা ৰবাৰ্ট এচেলে কয়, “মই স্তম্ভিত হৈছো। আমি শেষলৈকে যুঁজ দিম।”

কুকুৰতকৈও কম মূল্য মানুহৰ

উল্লেখ্য যে, হিন্দুজা পৰিয়ালৰ জেনেভাস্থিত ভিলাত কাম কৰিবলৈ ভাৰতৰ পৰা নিয়া ৩ গৰাকী কৰ্মচাৰীয়ে পৰিয়ালটোৰ বিৰুদ্ধে আৰ্থিক আৰু দৈহিক-মানসিক শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৪৭ বিলিয়ন ডলাৰৰ ব্যৱসায়িক সাম্ৰাজ্য থকা পৰিয়ালটোৱে নিজৰ চাকৰতকৈ কুকুৰৰ বাবে অধিক ধন খৰচ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী কৰ্মচাৰী কেইজনে।

লক্ষণীয়ভাৱে কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ সন্দৰ্ভত প্ৰায় ৬ বছৰ পূৰ্বৰে পৰাই হিন্দুজা পৰিয়ালটোৰ ওপৰত নজৰ ৰাখিছিল চুইজাৰলেণ্ডৰ প্ৰশাসনে। প্ৰশাসনে হিন্দুজা পৰিয়ালৰ বিৰুদ্ধে জেনেভাৰ এটা ঘৰত তেওঁলোকৰ কৰ্মচাৰীৰ ভৰণ-পোষণৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল। এই তদন্তৰ সময়তে পোহৰলৈ আহে হিন্দুজা পৰিয়ালৰ কুকীৰ্তি।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি চৰকাৰী অধিবক্তা ইভ বাৰ্টোছাই আদালতত কয় যে, “তেওঁলোকে (হিন্দুজা পৰিয়ালে) এজন চাকৰতকৈ তেওঁলোকৰ এটা কুকুৰৰ বাবে অধিক খৰচ কৰিছিল।” বিষয়াগৰাকীয়ে কয় যে এগৰাকী কৰ্মচাৰীয়ে দিনটোত ১৮ ঘণ্টা কাম কৰে আৰু তাৰ বিনিময়ত তেওঁক মাত্ৰ ৭.৮৪ ডলাৰহে দিয়া হয়, আনহাতে নথি-পত্ৰত দেখা গৈছে যে পৰিয়ালটোৱে বছৰি ১০ হাজাৰ মাৰ্কিন ডলাৰ নিজৰ কুকুৰটোৰ খাদ্য আৰু ৰক্ষণাবেক্ষণৰ বাবে ব্যয় কৰে।

বিষয়াগৰাকীয়ে লগতে কয় যে বহু চাকৰে সপ্তাহত সাত দিনেই কাম কৰিবলগীয়া হয়, আৰু তেওঁলোকৰ দৰমহা ফ্ৰাংকৰ পৰিৱৰ্তে ভাৰতীয় টকাতহে প্ৰদান কৰি আহিছিল হিন্দুজা পৰিয়ালে। কিন্তু হিন্দুজা পৰিয়ালৰ অধিবক্তাই এই অভিযোগ খাৰিজ কৰি কয় যে ঘৰত কাম কৰিবলৈ অনা লোকসকলক হিন্দুজা পৰিয়ালে পৰ্যাপ্ত সুবিধা প্ৰদান কৰি আহিছিল, আৰু তেওঁলোকৰ চলাচলত কোনো ধৰণৰ বাধা আৰোপও কৰা হোৱা নাছিল।

বিতৰ্কিত বক্তব্য

হিন্দুজা পৰিয়ালৰ অধিবক্তাই ঘৰুৱা কৰ্মচাৰীক কম দৰমহা প্ৰদানৰ অভিযোগ অস্বীকাৰ কৰা নাই যদিও তেওঁলোকক প্ৰদান কৰা দৰমহাৰ ভিতৰত থকা আৰু খোৱাৰ ব্যৱস্থাও অন্তৰ্ভূক্ত বুলি মন্তব্য কৰে। অধিবক্তা য়ায়েল হায়াটে কয় যে পৰিয়ালটোৱে ঘৰুৱা কৰ্মচাৰীক পৰ্যাপ্ত সুবিধা প্ৰদান কৰি আহিছে। 

ইফালে কৰ্মচাৰীক অধিক সময় কাম কৰিবলৈ বাধ্য কৰোৱা বুলি উত্থাপিত অভিযোগ খণ্ডন কৰি পৰিয়ালটোৰ অধিবক্তাই কয় যে ল’ৰা-ছোৱালীৰ সৈতে বহি একেলগে চিনেমা উপভোগ কৰাটো কাম বুলি গণ্য কৰিব নোৱাৰি। হিন্দুজাৰ অধিবক্তাই জানিবলৈ দিয়া মতে, ভুক্তভোগী বুলি অভিযোগ উত্থাপন কৰা বহু লোকে কেইবাবাৰো হিন্দুজা পৰিয়ালৰ বাবে কাম কৰিছিল। ইয়াৰ পৰা বুজা যায় যে কৰ্ম পৰিৱেশত সকলোৱে সন্তুষ্ট আছিল।

পৰিয়ালটোৰ পক্ষ লোৱা অধিবক্তাসকলে পূৰ্বে পৰিয়ালটোৰ বাবে কাম কৰা বহু লোককো আদালতত সাক্ষ্য দিবলৈ মাতে। এই লোকসকলে আদালতত হিন্দুজা পৰিয়ালটোৱে কৰ্মচাৰীৰ সৈতে ভাল আচৰণ কৰা আৰু সন্মান প্ৰদান কৰা বুলি মন্তব্য কৰে।হিন্দুজা পৰিয়ালৰ অধিবক্তাই চৰকাৰী অধিবক্তাগৰাকীৰ বিৰুদ্ধে নিষ্ঠুৰতা আৰু মানহানিৰ অভিযোগ উত্থাপন কৰে।

ভাৰতৰ পৰা শিপাই বিশ্বলৈ যাত্ৰা হিন্দুজা পৰিয়ালৰ

উল্লেখ্য যে, বৰ্তমানৰ সময়ত ব্ৰিটেইনৰ আটাইতকৈ ধনাঢ্য পৰিয়াল হিচাপে পৰিচিত হিন্দুজা পৰিয়ালৰ ব্যৱসায়িক ভেটি গঢ় লৈ উঠিছিল ভাৰতৰ পৰাই। হিন্দুজা গ্ৰুপ হিচাপে পৰিচিত হিন্দুজা পৰিয়ালে নিৰ্মাণ, বস্ত্ৰ, অটোম’বাইল, তেল, বেংকিং আৰু বিত্ত আদি খণ্ডৰ সৈতে জড়িত হৈ আহিছে।

হিন্দুজা গ্ৰুপৰ প্ৰতিষ্ঠাপক পৰমানন্দ দীপচান্দ হিন্দুজাৰ জন্ম হৈছিল অবিভক্ত ভাৰতৰ সিন্ধৰ বিখ্যাত চহৰ শিকাৰপুৰত। ১৯১৪ চনত তেওঁ ব্যৱসায়ৰ সপোন লৈ শিকাৰপুৰৰ পৰা ভাৰতৰ বাণিজ্যিক আৰু বিত্তীয় ৰাজধানী বোম্বাই (বৰ্তমানৰ মুম্বাই)লৈ আহিছিল।

হিন্দুজা গ্ৰুপৰ ৱেবছাইট অনুসৰি পৰমানন্দ দীপচান্দ হিন্দুজাই মুম্বাইত বাণিজ্যৰ অন্তৰ্নিহিত বিষয়বোৰ ভালদৰে বুজি উঠাৰ পিছত ১৯১৯ চনত ইৰাণত এটা কাৰ্যালয় স্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত প্ৰৱেশ কৰে। তাৰ পিছত ১৯৭৯ চনলৈকে এই গ্ৰুপটোৱে ইৰাণৰ মুখ্য কাৰ্যালয়ৰ পৰাই ব্যৱসায়িক কাম-কাজ পৰিচালনা কৰে। পৰৱৰ্তী সময়ত তেওঁলোকৰ মুখ্য কাৰ্যালয়লৈ ইউৰোপলৈ স্থানান্তৰিত কৰা হয়।

সময়ৰ লগে লগে গ্ৰুপৰ প্ৰতিষ্ঠাপক পৰমানন্দ দীপচন্দ হিন্দুজাৰ তিনি পুত্ৰ ক্ৰমে শ্ৰীচান্দ, গোপীচান্দ আৰু প্ৰকাশে পৰৱৰ্তী সময়ত কাম-কাজৰ দায়িত্ব গ্ৰহণ কৰি দেশ-বিদেশত কোম্পানীটোৰ সম্প্ৰসাৰণ ঘটায়। ২০২৩ চনত শ্ৰীচান্দ হিন্দুজাৰ মৃত্যুৰ পিছত তেওঁৰ ঠাইত তেওঁৰ কনিষ্ঠ ভাতৃ গোপীচান্দে হিন্দুজা গ্ৰুপৰ মুৰব্বী হিচাপে দায়িত্ব লয়। ছুইজাৰলেণ্ডত মানৱ সৰবৰাহৰ গোচৰৰ সন্মুখীন হোৱা প্ৰকাশে মনাকোত ভিত্তি কৰি এটা ব্যৱসায় পৰিচালনা কৰে।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত হিন্দুজা গ্ৰুপে লণ্ডনৰ হোৱাইটহলত অৱস্থিত পুৰণি যুদ্ধ কাৰ্যালয়ত ৰেফেলছ নামেৰে এখন হোটেল নিৰ্মাণ কৰিছিল, যিটো পূৰ্বতে ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আছিল। এই হোটেলখনৰ বিশেষত্ব হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ টেন ডাউনিং ষ্ট্ৰীটৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত্বত এই হোটেলখন অৱস্থিত। ইফালে একেটা গ্ৰুপৰ মালিকানাধীন কাৰ্লটন হাউছৰ ছাদৰ এটা অংশও আছে, যিটো অট্টালিকাত কেইবাটাও কাৰ্যালয়, বাসগৃহ আৰু ইভেণ্ট ৰুম আছে। ইয়াৰ উপৰিও ই বাকিংহাম পেলেচৰ অতি ওচৰত। হিন্দুজা গ্ৰুপৰ দাবী অনুসৰি সমগ্ৰ বিশ্বতে ২ লাখ লোকে তেওঁলোকৰ কোম্পানীত কাম কৰি আছে।

লক্ষণীয় যে, সময়ে সময়ে পাৰিবাৰিক সংঘাতৰ বাবেও চৰ্চালৈ আহিছে হিন্দুজা পৰিয়াল। ২০২০ চনৰ জুন মাহত ব্ৰিটেইনৰ আদালতত দাখিল কৰা শপতনামা অনুসৰি হিন্দুজা ভাতৃদ্বয়ৰ মাজত সম্পৰ্ক বিবাদস্পষ্ট আছিল। জানিব পৰা মতে, ভাতৃদ্বয়ৰ ভিতৰত জ্যেষ্ঠ শ্ৰীচান্দে ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত বেংকৰ মালিকীস্বত্ব লাভৰ বাবে নিজৰ কনিষ্ঠ ভাতৃৰ বিৰুদ্ধে গোচৰ তৰিছিল।

জেনেভাৰ ক'লা অধ্যায়

উল্লেখ্য যেস বিশ্বৰ ধনী লোক আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ কেন্দ্ৰস্থল জেনেভাত কৰ্মচাৰীৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত ইয়াৰ পূৰ্বেও পুঁজিপতিৰ গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছে। ২০০৮ চনত লিবিয়াৰ প্ৰাক্তন একনায়কত্ববাদী মুয়াম্মাৰ গাদ্দাফিৰ পুত্ৰ হেনিবাল গাদ্দাফিকো আলপাইন চিটি আৰক্ষীয়ে পঞ্চ তাৰকাযুক্ত হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। হেনিবেল গাদ্দাফি আৰু তেওঁৰ পত্নীয়ে নিজৰ চাকৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

পৰৱৰ্তী সময়ত এই গোচৰটো বন্ধ কৰা হৈছিল যদিও ইয়াৰ ফলত লিবিয়া আৰু ছুইজাৰলেণ্ডৰ মাজত কূটনৈতিক সম্পৰ্কত বিভাজন ঘটিছিল। হেনিবেলৰ গ্ৰেপ্তাৰৰ প্ৰতিশোধস্বৰূপে সেই সময়ত লিবিয়া প্ৰশাসনেও ট্ৰিপলিত দুগৰাকী ছুইজাৰলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল।

অন্যহাতে যোৱা বছৰ ফিলিপিনৰ চাৰিগৰাকী ঘৰুৱা শ্ৰমিকেও তেওঁলোকক বছৰ বছৰ ধৰি দৰমহা নিদিয়াৰ অভিযোগ তুলি ৰাষ্ট্ৰসংঘৰ এগৰাকী ৰাষ্ট্ৰদূতৰ বিৰুদ্ধে গোচৰ তৰিছিল।