কেতিয়াবা সমালোচনা, কেতিয়াবা প্ৰশংসা! এনেকৈয়ে সময়ৰ বাটকুৰি বাই পুনৰ এবাৰ বিশ্বৰ বুকুত অসমীয়াক জিলিকাবলৈ সাজু হৈছে আন এগৰাকী অসমীয়া। শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেটৰ মহা উদযাপন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কৰা প্ৰদৰ্শনেৰে ক্ৰিকেট প্ৰেমীৰ মাজত চৰ্চিত হৈ উঠাৰ পিছত এইবাৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম সন্তান ৰিয়ান পৰাগে। ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে ৰিয়ান পৰাগক শুভেচ্ছা আৰু অভিনন্দনেৰে উপচাই দিছে অসমবাসীয়ে।

চলি থকা বিশ্বকাপ ক্ৰিকেটৰ ঠিক পিছতে অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ জিম্বাবৱে’ ট্যু’ৰৰ বাবে বি চি চি আইয়ে সোমবাৰে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিছে ৰিয়ান পৰাগে। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নীলা জাৰ্চিৰ বাবে এগৰাকী অসমীয়া প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে এতিয়া সুখৰ বন্যা বোৱাইছে সমগ্ৰ অসমত। বি চি চি আইৰ নিৰ্বাচন সমিতিয়ে জিম্বাবৱে’ ট্যুৰ’ৰ বাবে দলৰ তালিকা ঘোষণা কৰাৰ পিছতে ফটকা ফুটাই ৰিয়ানলৈ শুভকামনা জনাইছে বহুতে।

২০১৭ চনত আৰম্ভ হৈছিল ৰিয়ানৰ ক্ৰিকেট কেৰিয়াৰ। বহুবাৰ বেটে-বলে কৰা প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিছে ৰিয়ানে। বহুবাৰ তেওঁৰ ব্যৰ্থতাই আশাহত কৰিছে তেওঁৰ শুভাকাংক্ষী আৰু ক্ৰিকেট অনুৰাগীক। ২০১৮ চনৰ পৰা আই পি এলত কেৰিয়াৰ আৰম্ভ কৰি ক্ৰীড়াঙ্গনত বাৰে বাৰে বিফল প্ৰদৰ্শন কৰি ৰিয়ান পৰাগে নিজৰ ওপৰতে সৃষ্টি কৰিছিল প্ৰশ্নবোধকৰ। কিন্তু ২০২৪ চনৰ আই পি এল চিজনত তেওঁৰ কাম-বেকে পুনৰ এবাৰ আশাৰ সঞ্চাৰ কৰে অনুৰাগীসকলৰ মাজত। আই পি এলৰ এইবাৰৰ চিজনত চাৰিটা অৰ্ধশতেকে পাঁচ শতাধিক ৰান কৰি অসমৰ এই যুৱ ক্ৰিকেটাৰজনে নিজৰ ক্ষমতাৰ প্ৰমাণ দিয়ে। আৰু ইয়াৰ ঠিক পিছতে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম সন্তানগৰাকীয়ে।

ক্ৰিকেটৰ মাজত ক্ৰিকেটৰ বাবেই যাৰ জন্ম...

''মই ৰিয়ানক ভাৰতীয় দলৰ হৈ খেলিবলৈকে ক্ৰিকেট খেলাইছো। সি এদিন নহয় এদিন ভাৰতৰ হৈ খেলিবই।’’ -ৰিয়ানক লৈ  এবাৰ এই মন্তব্য কৰিছিল তেওঁৰ পিতৃ পৰাগ দাসে। পৰাগ দাস নিজেও এগৰাকী সুপৰিচিত প্ৰাক্তন ক্ৰিকেটাৰ। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ হিচাপে অসম, ৰে’লৱে আৰু ইষ্ট জ’ন ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল পৰাগ দাসে।  খড়গপুৰ আৰু গুৱাহাটীত অনুষ্ঠিত ৰে’লৱে প্ৰতিযোগিতাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ সৈতে একেলগে অংশগ্ৰহণ কৰিছিল পৰাগ দাসে। আনহাতে ৰঞ্জী ট্ৰফীতো ধোনীৰ বিৰুদ্ধে খেলপথাৰত নামিছিল ৰিয়ানৰ পিতৃয়ে।

ৰিয়ানৰ মাতৃ মিঠু বৰুৱাও ৫০ মিটাৰ ফ্ৰীষ্টাইলত প্ৰাক্তন ৰাষ্ট্ৰীয় অভিলেখ দখল কৰা সাঁতোৰবিদ, যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি এছিয়ান চেম্পিয়নশ্বিপ আৰু এছ এ এফ গেমছত অংশগ্ৰহণ কৰিছিল। ১৯৮৫ চনত এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপত ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ’কত ৰূপৰ পদক অৰ্জন কৰিছিল মিঠু বৰুৱাই। এয়া আছিল অসমৰ যিকোনো পুৰুষ বা মহিলা সাঁতোৰবিদৰ বাবে এক অভূতপূৰ্ব মাইলৰ খুঁটি। ১৯৯০ চনত তেওঁ ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ’কত ৰাষ্ট্ৰীয় জুনিয়ৰ অভিলেখ গঢ়িছিল আৰু ১৯৯৩ চনত পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত (৫০ মিটাৰ ফ্ৰীষ্টাইলত) ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ১৯৯১ চনত তেওঁ দক্ষিণ এছিয়ান ফেডাৰেচন গেমছত অংশগ্ৰহণ কৰি দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে।

শৈশৱৰ পৰাই ঘৰত ক্ৰীড়াৰ পৰিবেশ লাভ কৰা ৰিয়ান পৰাগে ২০১৬–১৭ আন্তঃৰাজ্যিক টি-২০ প্ৰতিযোগিতাত ২০১৭ চনৰ ২৯ জানুৱাৰীত অসমৰ হৈ টি-২০ত অভিষেক ঘটায়। ২০১৭ চনৰ অক্টোবৰ মাহত তেওঁ ২০১৭ চনৰ এ চি চি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে। একে বছৰৰে ১৭ নৱেম্বৰত তেওঁ অসমৰ হৈ প্ৰথম শ্ৰেণীৰ ৰঞ্জি ট্ৰফীত অভিষেক ঘটায়।

২০১৭ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা দুখন যুৱ টেষ্ট খেলৰ বাবে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলত নিৰ্বাচিত হয় ৰিয়ান পৰাগ। ইংলেণ্ডত অনুষ্ঠিত যুৱ টেষ্ট মেচ দুখনত পৃথ্বী শ্ব’ৰ পিছতে ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে অভিলেখ গঢ়ে ৰিয়ানে। ২০১৮ চনৰ ডিচেম্বৰ মাহত ২০১৯ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামত ৰাজস্থান ৰয়েলছে তেওঁৰ ভিত্তি মূল্য ২০ লাখ টকাত ক্ৰয় কৰিছিল। ২০১৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ১৭ বছৰ ১৭৫ দিন বয়সত তেওঁ এই কৃতিত্ব অৰ্জন কৰি পূৰ্বৰ ১৮ বছৰ ১৬৯ দিনত সঞ্জু চেমচন আৰু পৃথ্বী শ্ব’ৰ নামত থকা অৰ্ধশতকৰ অভিলেখ ভংগ কৰে। 

২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেগা নিলামৰ পূৰ্বে ৰাজস্থান ৰয়েলছে তেওঁক মুকলি কৰি দিছিল যদিও ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত আই পি এলৰ নিলামত ৰাজস্থান ৰয়েলছে তেওঁক পুনৰ ক্ৰয় কৰে। ইফালে ২০২২–২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত তেওঁ অসমৰ বাবে আগশাৰীৰ ৰান সংগ্ৰহকাৰী আৰু ছিজনত সকলো পক্ষৰ ভিতৰতে পঞ্চম সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ৩ টা শতক আৰু এটা অৰ্ধশতকৰে গড়ে ৬৯ ৰান সংগ্ৰহ কৰি ৫৫২ ৰান সংগ্ৰহ কৰে। লেগ ব্ৰেক বলিঙৰ জৰিয়তেও তেওঁ এই ছিজনত ১০টা উইকেট দখল কৰে। প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৩৫১ ৰানৰ বিশাল লক্ষ্যৰ পিছত খেদি তেওঁ ১১৬টা বলত ১৭৪ ৰানৰ এক অপ্ৰতিৰোধ্য ইনিংছ খেলে।

পতনৰ পিছত উত্থান

আই পি এলৰ লগতে ঘৰুৱা ক্ৰিকেটতো ধাৰাবাহিক বিফলতাই ৰিয়ান পৰাগক লৈ বহু প্ৰশ্নৰ উত্থাপন কৰিছিল ক্ৰিকেট অনুৰাগীৰ মাজত। বিশেষকৈ ২০১৯ চনত আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ অভিষেক ঘটাই পৰৱৰ্তী ৫টা ছিজনতে ধাৰাবাহিকভাৱে ব্যৰ্থ প্ৰদৰ্শন কৰিছিল ৰিয়ান পৰাগে। তেওঁৰ ব্যৰ্থ প্ৰদৰ্শনৰ পিছতো বাৰাম্বাৰ ৰাজস্থান ৰয়েলছে কিয় ৰিয়ানক নিজৰ দলত খেলাৰ সুযোগ দি আহিছে তাক লৈও প্ৰশ্ন কৰিছিল ক্ৰিকেট সমালোচকসকলে। সামাজিক মাধ্যমত আৰম্ভ হৈছিল ৰিয়ানৰ উপহাস- ৫ জন বেটাৰ, ৫ জন বলাৰ আৰু এজন ৰিয়ান পৰাগৰে ৰাজস্থান ৰয়েলছে গঠন কৰে তেওঁলোকৰ দল।

কিন্তু এই ধাৰাবাহিক বিফলতা আৰু ক্ষুৰধাৰ সমালোচনাইও বাট ৰুধিব নোৱাৰিলে ৰিয়ান পৰাগৰ। ২০২৪ চনৰ আই পি এল চিজনত তেওঁ পুনৰ এবাৰ ৰাজস্থান ৰয়েলছৰ হৈ খেল পথাৰত নামি এইবাৰ প্ৰমাণ কৰি দেখুৱালে তেওঁৰ বেটিং দক্ষতা। চাৰি নম্বৰত বেটি কৰিবলৈ আহি ১৬ খন মেচত ১৪৯.২১৪ ষ্ট্ৰাইক ৰেটেৰে ৫৭৩ ৰান সংগ্ৰহ কৰি চিজনটোৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে অভিষেক সৃষ্টি কৰে। 

আই পি এলৰ পূৰ্বে চৈয়দ মুস্তাক আলী ট্ৰফী আৰু দেওধৰ ট্ৰফীতো অভিনৱ প্ৰদৰ্শনেৰে ক্ৰিকেট অনুৰাগীৰ মাজত পুনৰ নিজৰ হেৰুওৱা খ্যাতি উভতাই আনিবলৈ সক্ষম হয় ৰিয়ানে। ২০২৩–২৪ চৈয়দ মুস্তাক আলী ট্ৰফীত ক্ৰমে ৫১০ ৰান আৰু ৪০টা ছয়ৰে সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সৰ্বোচ্চ চিক্স হিটাৰ হিচাপে পৰিগণিত হয় ৰিয়ান। তদুপৰি ভাৰতীয় ঘৰুৱা ক্ৰিকেটত একেৰাহে দ্বিতীয়খন টুৰ্ণামেণ্টৰ বাবে ৰান স্ক’ৰিং চাৰ্টত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় যুৱ খেলুৱৈগৰাকীয়ে। টি-২০ ক্ৰিকেটত একেৰাহে ৭টা অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপেও এক অনন্য অভিলেখ সৃষ্টি কৰে ৰিয়ানে। সমান্তৰালভাৱে বলিঙৰ জৰিয়তে তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত ১১টা উইকেট দখল কৰে।

২০২৩ চনৰ দেওধৰ ট্ৰফীত প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান, সৰ্বাধিক চিক্স হিটাৰ আৰু তৃতীয় সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপে ছিৰিজৰ প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে ৰিয়ানে। প্ৰতিযোগিতাখনত তেওঁ ৮৮.৫০ বেটিং গড়ত মুঠ ৩৫৪ ৰান সংগ্ৰহ কৰাৰ লগতে ১৯.০৯ বলিং গড়ত ১১টা উইকেট দখল কৰে। নৰ্থ জ’নৰ বিৰুদ্ধে ২০১০ চনত ৱেষ্ট জ’নৰ হৈ ইউছুফ পাঠানৰ ৯টা চিক্সৰ অভিলেখ অতিক্ৰম কৰি ৰিয়ান পৰাগে নৰ্থ জ’নৰ বিৰুদ্ধে ১১টা চিক্সেৰে প্ৰতিযোগিতাখনৰ ইতিহাসত এটা ইনিংছত সৰ্বাধিক ছিক্সৰ অভিলেখো গঢ়িবলৈ সক্ষম হয় ৰিয়ান। 

২০২৩-২৪ বৰ্ষৰ ৰঞ্জি ট্ৰফীত ৬ ইনিংছত ৭৫.৬০ গড় আৰু ১১৩.৮৫ ষ্ট্ৰাইক ৰেটত মুঠ ৩৭৮ ৰান সংগ্ৰহ কৰাৰ লগতে পুনৰ প্ৰথম শ্ৰেণীৰ শাখাত ২০টা ছয় সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ সৰ্বোচ্চ ছিক্স হিটাৰ হিচাপে পৰিগণিত হয় ৰিয়ান পৰাগ। ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতকৰ অভিলেখ গঢ়ি মাত্ৰ ৫৬টা বলত এই কৃতিত্ব অৰ্জন কৰে ৰিয়ানে। ৰায়পুৰত ছত্তীশগড়ৰ বিৰুদ্ধে খেলপথাৰত নামি অসমৰ হৈ খেলি ১৫৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি এই কৃতিত্ব অৰ্জন কৰে অসম সন্তানগৰাকীয়ে।

ঘৰুৱা ক্ৰিকেটত দেখুৱাই অহা এনে প্ৰদৰ্শনৰ বাবে ২০২২-২৩ বৰ্ষৰ ঘৰুৱা ছিজনৰ বাবে লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটাৰে ৰিয়ানক সন্মানিত কৰিছিল বিচিচিআইয়ে। ছিনিয়ৰ পুৰুষ দলৰ অধিনায়ক ৰোহিত শৰ্মাই তেওঁক এই বঁটা প্ৰদান কৰিছিল। ২০২৩ চনৰ এ চি চি ইমাৰ্জিং টিমছ এছিয়া কাপৰ বাবে ইণ্ডিয়া এ ক্ৰিকেট দলৰ দলতো অন্তৰ্ভুক্ত হৈছিল ৰিয়ান। ৰিয়ানে ফাইনেলত পাকিস্তান এৰ বিৰুদ্ধে খেলি দুটা মিডল অৰ্ডাৰ উইকেট দখল কৰিছিল।

জিম্বাবৱে’ ট্যুৰ’ৰ বাবে নিৰ্বাচিত ভাৰতীয় দলটো...

বিশ্বকাপৰ ঠিক পিছতে অৰ্থাৎ ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত-জিম্বাবৱে’ টি-২০ ছিৰিজৰ বাবে সোমবাৰে ঘোষণা কৰিছে ১৫ জনীয়া ভাৰতীয় ক্ৰিকেট দলটোৰ। অজিত আগৰকাৰ নেতৃত্বাধীন বি চি চি আইৰ পুৰুষ নিৰ্বাচন কমিটীয়ে ঘোষণা কৰা খেলুৱৈৰ তালিকাত এইবাৰ সন্নিৱিষ্ট হৈছে বিগত আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন কৰি নিৰ্বাচন তথা সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰা অভিষেক শৰ্মা, ৰিয়ান পৰাগ, তুষাৰ দেশপাণ্ডে আদি।

উল্লেখ্য যে, ভাৰতে জুলাই মাহৰ প্ৰথম সপ্তাহত জিম্বাবৱে’ৰ চহৰ হাৰাৰেত আয়োজক দলটোৰ বিৰুদ্ধে ৫ খন খেলৰ টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব। ২০২৪ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ পিছত জুলাই মাহৰ আৰম্ভণিতে জিম্বাবৱে’ৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এই টি-২০ শৃংখলাৰ বাবে ভাৰতৰ এটা নতুন দলৰ নেতৃত্ব দিব শুভমন গিলে। এই দলটোত টি-২০ বিশ্বকাপৰ মূল দলৰ মাত্ৰ দুগৰাকী খেলুৱৈ যশস্বী জয়ছৱাল আৰু সঞ্জু চেমছনে স্থান লাভ কৰিছে।

টি-২০ বিশ্বকাপ ট্যুৰিং পাৰ্টিত ৰিজাৰ্ভ হিচাপে থকা গিল, ৰিংকু সিং, আৱেশ খান, খলীল আহমেদৰ দৰে খেলুৱৈকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। দলত এইবাৰ স্থান লাভ কৰিছে আই পি এল ২০২৪ত দৰ্শনীয় প্ৰদৰ্শন কৰা অভিষেক শৰ্মা, নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, আৰু তুষাৰ দেশপাণ্ডেয়ে। 

বিচিচিআইয়ে প্ৰকাশ কৰা ১৫ জনীয়া দলটোত দুটা প্ৰাথমিক স্পিন বিকল্প হিচাপে স্থান লাভ কৰিছে ৰবি বিষ্ণই আৰু ৱাশ্বিংটন সুন্দৰে। আনহাতে পাৰ্ট টাইম স্পিনাৰ হিচাপে থাকিব ৰিয়ান পৰাগ আৰু অভিষেক শৰ্মা। ইফালে পেচ এটেকৰ নেতৃত্বত আছে আৱেশ খান, তুষাৰ দেশপাণ্ডে, মুকেশ কুমাৰ, আৰু খলিল আহমেদ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে এক আকৰ্ষণীয় ছিজন পাৰ কৰা নীতিশ ৰেড্ডী হৈছে আন এজন পেচ বলিং অলৰাউণ্ডাৰ যিয়ে দলত স্থান লাভ কৰিছে। টি-২০ বিশ্বকাপত এতিয়াও খেলাৰ সুযোগ লাভ নকৰা সঞ্জু চেমছনে আৰম্ভণি একাদশৰ স্থানৰ বাবে ধ্ৰুৱ জুৰেলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব। 

জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দলটোত আছে শুভমন গিল (অধিনায়ক), যশস্বী জয়ছৱাল, ৰিতুৰাজ গাইকৱাদ, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু চেমছন (উইকেট কিপাৰ), ধ্ৰুৱ জুৰেল (উইকেট কিপাৰ), নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, আৱেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে।

ভোক পূৰণ হ’ল ৰিয়ানৰ...

এদিন ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিব। - নিজৰ ওপৰত এই বিশ্বাস আছিল ৰিয়ান পৰাগৰ। যিকোনো কঠিন পৰিস্থিতিত ক্ৰীড়াঙ্গনত বেটেৰে যুঁজিব পৰা ৰিয়ানৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাটো আছিল এটা মানসিক ভোক। এটা সাক্ষাৎকাৰত ৰিয়ানে কৈছিল- ''যেতিয়া ভাৰতৰ হৈ খেলাৰ ভোক থাকিব, তেতিয়া ক্ৰিকেটৰ বাবে যিকোনো কাম কৰিবলৈ নিজকে প্ৰস্তুত কৰিব পাৰি।’’

ঘৰুৱা ক্ৰিকেট আৰু আই পি এলৰ ধাৰাবাহিক সফল প্ৰদৰ্শনৰ পিছত আশা কৰা হৈছিল যে এইবাৰ বিশ্বকাপ ক্ৰিকেট দলটোত স্থান লাভ কৰিব পাৰে ৰিয়ানে। তেওঁৰ বাবে সেই সপোন পূৰণ নহ’লেও অৱশেষত জিম্বাবৱে’ৰ বিৰুদ্ধে ৬ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৫ খন মেচৰ ক্ৰিকেট শৃংখলাত নীলা জাৰ্চি পিন্ধাৰ সুযোগ লাভ কৰিলে ৰিয়ানে।

বিশ্বকাপ চলি থকাৰ মাজতে সংবাদ মাধ্যমৰ সৈতে কথা-বতৰাত ৰিয়ানে জনাইছিল যে তেওঁ বিশ্বকাপত ভাৰতৰ খেল চোৱা নাই। ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছিল, ''যেতিয়া মই বিশ্বকাপ চাওঁ, তেতিয়া মই নিজৰ মাজতে এটা অভাৱ অনুভৱ কৰো। এনে লাগে যে মই কিবা ভুল কৰি আছো, যাৰ বাবে মই ভাৰতীয় দলত নাই। সেই অনুভৱটো দূৰ কৰিবলৈকে মই খেল চোৱা নাই, তাৰ বিপৰীতে মই অনুশীলন কৰিছো, নিজকে ফিট ৰখাৰ চেষ্টা কৰিছো।’’ 

আজি পুত্ৰই ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাৰ খবৰ লাভ কৰাৰ পিছত আনন্দত আত্মহাৰা হৈ পৰিছে ৰিয়ানৰ পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱাও। পুত্ৰৰ সাফল্যৰ এই যাত্ৰাত ভাষাৰে বুজাব নোৱাৰা অনুভৱখিনিৰে মাতৃ মিঠু বৰুৱাই কয়, ''দুই-আঢ়ৈ বছৰ বয়সতে সি প্লাষ্টিকৰ বেটেৰে খেলিবলৈ আৰম্ভ কৰিছিল। তাৰ আগ্ৰহ দেখি দেউতাকে তাক আগুৱাই লৈ গৈছিল। দেউতাকে বাৰে বাৰে তাক কৈছিল যে তই যদি ক্ৰিকেট খেল, তেন্তে উচ্চ পৰ্যায়লৈকে খেলিব লাগিব, দেশৰ হৈ খেলিব লাগিব। সেই সপোনটোকে লৈ সি দুগুণ কষ্ট কৰি গৈছে আৰু আজি এনেদৰে ভাৰতীয় দলত স্থান লাভ কৰাটো তাৰ বাবে কিছু সাফল্য। কিন্তু এতিয়াও সি ক্ৰিকেটত বহু কৰিবলগীয়া আছে।’’

পিতৃ তথা প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাসে কয়, ''তাৰ লক্ষ্যই আছিল ভাৰতীয় দলৰ হৈ খেলা। মই নিজে মধ্যম পৰ্যায়ত (ৰাজ্যিক পৰ্যায়ত) ক্ৰিকেট খেলিছোঁ, গতিকে মই তাক বাৰে বাৰে কৈছিলোঁ যে যদি তই ক্ৰিকেট খেলিব বিচাৰ, তেন্তে দেশৰ হৈ খেলিব লাগিব। আজি সি কিবা এটা কৰি দেখুৱাইছে। এয়া আচলতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেই ভাল খবৰ। যোৱা ৭৭ বছৰে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোনো পুৰুষেই ভাৰতীয় দলৰ হৈ খেলা নাছিল। আজি ৰিয়ানে সেই বাট প্ৰশস্ত কৰি দিছে। এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু নতুন প্ৰতিভাই ভাৰতীয় দলৰ হৈ খেলাৰ সপোন দেখিব পাৰিব।’’ 

ৰিয়ানৰ বাবে শুভেচ্ছা...

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নীলা জাৰ্চী পিন্ধাৰ সুযোগ লাভ কৰা প্ৰথমগৰাকী অসমীয়াক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে সমগ্ৰ অসমবাসীয়ে। ৰিয়ানলৈ বুলি শুভকামনাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়াও। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈলেকে বিভিন্নজনে ৰিয়ানৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ''অসমৰ ক্ৰীড়া জগতলৈ অতি আনন্দৰ বতৰা কঢ়িয়াই আনিলে অসম তনয় ৰিয়ান পৰাগে। ইতিহাস সৃষ্টি কৰি নীলা জাৰ্ছিৰ ভাৰতীয় ক্ৰিকেট দলৰ (পুৰুষ)তালিকাত বাছনিভুক্ত হৈ ৰিয়ানে জিম্বাবৱে’লৈ ভ্ৰমণ কৰিবলগীয়া টি-২০ দলত স্থান নিশ্চিত কৰিলে। উন্নত প্ৰদৰ্শনেৰে নিৰ্বাচক, সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ আছিল ৰিয়ান। আজিৰ এই শুভ সংবাদ লাভ কৰি অতি আনন্দিত হৈছোঁ। ৰিয়ানক অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন, শুভকামনা জনালো। কৃতকাৰ্যতাৰ যাত্ৰা অব্যাহত ৰাখি নিজৰ, ৰাজ্যৰ তথা দেশৰ নাম উজ্বলোৱা- আমাৰ শুভেচ্ছা সদায় তোমাৰ লগত থাকিব।’’

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে লিখিছে, ''প্ৰতিজন অসমীয়াৰ বাবে অতিকৈ আনন্দৰ বতৰা! জিম্বাব'ৱেৰ বিৰুদ্ধে আগন্তুক ক্ৰিকেট শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰি অসমৰ বাবে ইতিহাস ৰচা ৰিয়ান পৰাগলৈ আন্তৰিক অভিনন্দন! অসমৰ প্ৰথমগৰাকী পুৰুষ খেলুৱৈ হিচাপে ৰিয়ানে ভাৰতীয় ক্ৰিকেটৰ মূল দলত স্থান লাভ কৰাৰ খবৰে আমাক অত্যন্ত আনন্দিত কৰিছে। অসমৰ ক্ৰীড়া জগতৰ বাবে এক বহু প্ৰতীক্ষাৰ অন্ত পৰিল! ৰিয়ানে আগন্তুক শৃংখলাত অদম্য প্ৰদৰ্শনেৰে উজলি উঠক, তাৰেই কামনা কৰিলোঁ। মোৰ তৰফৰপৰা ৰিয়ানলৈ থাকিল অশেষ শুভকামনা...।’’ 

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিশ্ব দৰবাৰলৈ জয়যাত্ৰাৰ পাতনি মেলা অসম সন্তানগৰাকীলৈ শুভাকামনা জনাই সামাজিক মাধ্যমত লিখিছে, ''ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম জন অসমীয়া ৰিয়ান পৰাগলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।’’ মন্ত্ৰী বিমল বৰা, বিধায়ক সুৰেন ফুকন, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, এ পি চি চিৰ সভাপতি ভূপেন বৰা আদি সকলেও ৰিয়ানক আজি শুভেচ্ছা জ্ঞাপন কৰিছে।