দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই অৱশেষত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে আজি ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ হোৱা উচিত সেই সম্পৰ্কে চূড়ান্ত ৰায় প্ৰদান কৰে। এই ৰায়দানৰ পিছতে সংবাদ মাধ্যমৰ আগত অসমৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইয়ে নিজৰ মত দাঙি ধৰে। NNOৰ পঢ়ুৱৈসকলৰ বাবে সেই মন্তব্যৰ লিখিত ৰূপ আগবঢ়োৱা হ'ল।


বহু শুভবুদ্ধি সম্পন্ন অসমীয়া মানুহৰ দৰেই মই এই ৰায়দানত অত্যন্ত সুখী হৈছো৷ ডাঙৰ সকাহ অনুভৱ কৰিছো৷ গোটেই অসমখন এতিয়া নানাধৰণৰ বিভেদ আৰু সংঘাতত জৰ্জৰিত৷ বিভিন্ন সম্প্ৰদায়, ধৰ্ম, জনগোষ্ঠীৰ মাজত বিভেদ বাঢ়িছে৷ শাসক শ্ৰেণীয়ে সুবিধা বুজি এইবোৰত সাৰ-পানী দি আছে৷ গতিকে আমাৰ কি হৈছে, শাসক শ্ৰেণীয়ে অসমত কি কৰি আছে আমি ধৰিব নোৱাৰা হৈছো৷ তেওঁলোকৰ কিছুমান কাম-কাজে যে ভীষণ ক্ষতি কৰিছে, অসমবাসীৰ সুৰক্ষিত ভৱিষ্যত বিপদগ্ৰস্ত কৰিছে এই সম্পৰ্কত কোনো সন্দেহ নাই৷

মানুহে এইবোৰ কথা ভাবিবলৈ লোৱাৰ সময়তে এনআৰচিৰ ১৯৫১, ১৯৭১ কৰাক লৈ হুলস্থূল লাগি গ’ল৷ তেতিয়া পৰস্পৰ বিৰোধী, অসহিষ্ণু কিছুমান মতামতে প্ৰাধান্য লাভ কৰে৷ মানুহৰ চিন্তাত আউল লাগি যায়৷ গতিকে সকলো ফালৰ পৰা এইটো আনন্দৰ কথা৷ যদি আমি তাৰ সুযোগ গ্ৰহণ কৰো তেন্তে হয়তো অসমত এটা দীৰ্ঘস্থায়ী মিলা-মিছা, সমতাবোধ আৰু ভাতৃত্ববোধৰ জন্ম ল’ব পাৰে৷

১৯৭১ চনলৈকে কোনো মানুহৰ নাগৰিকত্বক লৈ প্ৰশ্ন উঠিব নোৱাৰে৷ এইটে কিন্তু কাৰ্যকৰী কৰিবলৈ এনআৰচিখন যথা শীঘ্ৰে কাৰ্যকৰী কৰা দৰকাৰ৷ এই আউলবিলাক লগাবলৈ কেন্দ্ৰই এআৰচিখন গ্ৰহণো কৰা নাই, প্ৰত্যাখনো কৰা নাই৷ ওলমি থাকিবলৈ দিছে৷ ভাৰতৰ মহাপঞ্জীয়কে এইখন নটিফাই কৰা নাই৷ বিজ্ঞপ্তিযোগে গ্ৰহণ কৰাত কোনো অসুবিধা নাই৷ সেয়া অসমবাসী ৰাইজৰ আৰু অসম চৰকাৰৰ প্ৰধান দাবী হোৱা উচিত৷ প্ৰথমে কওক এনআৰচিখন বৈধ৷ তাৰ পাছত কৰণীয় আৰু শুধৰণিবোৰ কৰক৷ ৫০ শতাংশ শুধৰণি ল’ৰা-ধেমালি৷ ২ বা ৩ বা ৫ শতাংশ সম্ভৱ৷ হয়তো এয়া উচিতো হ’ব পাৰে সন্দেহ নিৰসনৰ বাবে৷

বাকীসকলক নিৰাপদে ক’ৰ্টলৈ যাবলৈ, আদালতৰ ওচৰ চাপিবলৈ সুযোগ দিব লাগে৷ যাতে তেওঁলোকৰ নাগৰিকত্ব যদি আছে সেইটো প্ৰতীয়মান কৰিব পাৰে৷ যান্ত্ৰিক পদ্ধতিত কিছুমান বাদ পৰি যোৱাতো স্বাভাৱিক৷ যিসকলৰ নাম সোমাল সেইসকলৰ নাম উলিয়াব লাগে বুলি কৰাটো অস্বাভাৱিক দাবী৷ যদি দাবী কৰে তেন্তে ২ বা ৩ শতাংশ সংশোধন কৰিব পৰা যাব৷

এতিয়া আৰু এটা কথা হৈছে এয়াই যে ১৯৭১ চন গৃহীত হোৱাৰ লগে লগে যিবোৰ বিভেদ, সংঘাত চলি আছিল সেইবোৰৰ এটা সুস্থ সমাধানৰ ভাতৃত্ববোধ জগাই তুলিবলৈ বিভিন্ন সম্প্ৰদায়ে চেষ্টা কৰিব লাগিব৷ ৰাইজে বুজিব লাগে, কাজিয়াবোৰ লগাই থকা যিবোৰ নেতা আছে সেইবোৰ আচলতে চৰকাৰৰ দালাল৷

সিঁহতে অসমত শাস্তি নিবিচাৰে৷ সিহঁতে অসমৰ ৰাইজৰ মাজত সমভাৱ নিবিচাৰে, উন্নয়ন বা ডেভলপমেণ্ট নিবিচাৰে৷ ডেভলপমেণ্ট মানে আদানি-আম্বানিৰ সুবিধা মতে, হোৱা ডেভলপমেণ্ট নহয়৷ সেইটো সিঁহতৰ ডেভলপমেণ্ট৷ সেইটো আমাৰ ডেভলপমেণ্ট নহয়৷ সিঁহতৰ পুঁজি বাঢ়িব৷ ৰাইজ তললৈ যাব৷ ইমান নিবনুৱা সমস্যা৷ ৬০-৭০ শতাংশ মানুহ চৰকাৰী চাউলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে৷ ঔষধৰ দাম বাঢ়িছে৷ পাচলিৰ দাম বাঢ়িছে৷ মানুহে কেৱল ভাত আৰু আলু সিঁজোৱা খাই থাকে৷ তেনেকৈ খাই থাকিলে মানুহৰ বেমাৰ হ’ব৷ বেমাৰৰ পৰা ভাল হ’বলৈ যিবোৰ দৰৱ আছে সেইবোৰৰ দাম বঢ়াই আছে৷

মানুহৰ দুৰ্গতিৰ পুৰা-পুৰি সুযোগ লৈছে চৰকাৰে৷ গতিকে আমি সেইবোৰ প্ৰশ্ন কৰিম৷ সমভাৱে কৰিম, সমবেতভাৱে কৰিম, ঐক্যবদ্ধভাৱে কৰিম৷ কাৰণ এতিয়া ভাৰতত দুটাই জাতি— ধনী আৰু দুখীয়া৷ যি নহওক, অসমীয়াৰ দৰে ক্ষুদ্ৰ জাতিটোৱে এতিয়া কিছু উশাহ ল’ব পাৰিব৷ ‘কা’ আইনৰ বিৰোধী৷ ‘কা’ আইনখন বাতিল হোৱাই ভাল৷ কথা-বাৰ্তা নাই, মানুহৰ সন্মতি নাই৷ চৰকাৰে কোনো যুক্তি নোহোৱাকৈ ২০১৪ চনলৈকে মানুহ ৰাখিব খুজিছে৷ যদি ২০১৪ চন হ’ব পাৰে ২০২৪ চনো হ’ব পাৰে৷ তাৰ কি কাৰণ আছে?

১৯৭১ চন ধৰাৰ এটা কাৰণ আছে৷ এইটো সকলোৱে জানে যে বাংলাদেশৰ সৃষ্টি হৈছিল ১৯৭১ চনত৷ ভাৰত চৰকাৰে তাৰ পৰৱৰ্তী মানুহখিনিৰ দায়িত্ব গ্ৰহণ কৰিব নোৱাৰে৷ ২০১৪ চনৰ কৰাৰ ভিত্তি কি? একো ভিত্তি নাই৷ এওঁলোকে নিজৰ ভোটাৰ বঢ়াব খুজিছে৷ মই এটা কথা কও যে যিসকল বাদ পৰিল সেইসকলক গৰুৰ পালৰ দৰে খেদি দিয়াৰ ধাৰণাটো অমানৱীয়তো হয়েই, লগতে অন্যায়ো৷ ভাৰতীয় সংবিধানে কৈছে যে আমি সকলোকে সমানে ব্যৱহাৰ কৰিম৷ সমানে চকুৰে চাম৷ কোৱা নাই যে কেৱল নাগৰিককে সমান চকুৰে চাম৷ নাগৰিকৰ সুকীয়া অধিকাৰসমূহ বেলেগ কথা৷

সকলো মানুহে যাতে ন্যায় লাভ কৰে সেয়া হৈছে মূল কথা৷ যিসকল ৰৈ গ’ল তেওঁলোকক গৰু-ছাগলীৰ দৰে খেদি দিয়াৰ প্ৰশ্ন এতিয়া উঠা নাই৷ আলাপ-আলোচনাৰ যোগেদি চৰকাৰে এইবোৰ ঠিক কৰিব লাগিব৷ কিন্তু এটা কথা স্পষ্ট যে অসমে তাৰ দায়িত্ব ল’ব নোৱাৰে৷