নতুন দিল্লীঃ  সুদীৰ্ঘ অপেক্ষাৰ অন্তত আজি অসমৰ বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত আদালতত চলি থকা দীৰ্ঘদিনীয়া গোচৰৰ শুনানিৰ অন্তত ভাৰতীয় নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ সাংবিধানিক বৈধতাক ন্যায্যতা প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে আজি বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ৰ বিপৰীতে ১৯৭১ চনৰ ২৫ মাৰ্চ নিৰ্ধাৰণ কৰে।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। ইয়াৰ লগে লগে বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া 'কা’ আইন বলৱৎকৰণ অব্যাহত ৰখাৰ ক্ষেত্ৰতো জটিলতা আহি পৰে।

আজিৰ ৰায়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দৰেশ আৰু মনোজ মিশ্ৰই ১৯৭১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে। আনহাতে, জে বি পাৰ্দিৱালাই ১৯৫১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে। ইফালে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে। এই ধাৰাই বিদেশী ভূখণ্ড বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে। ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিচত নাগৰিকত্ব আইন, ১৯৫৫ত অন্তৰ্ভুক্ত কৰা ৬(ক) ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাটাও পক্ষৰ আবেদনৰ ভিত্তিত শীৰ্ষ ন্যায়ালয়ে এই ৰায় ঘোষণা কৰে।

প্ৰণিধানযোগ্য যে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ সাংবিধানিক বিচাৰপীঠে ২০২৩ চনৰ ১২ ডিচেম্বৰত এই গোচৰৰ ৰায় সংৰক্ষিত ৰাখিছিল। ২০১২ চনত অসম সন্মিলিত মহাসংঘৰ নেতা মতিউৰ ৰহমানে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ ভিত্তিতে দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷ মহাসংঘৰ নেতা মতিউৰ ৰহমানে নাগৰিকত্ব আইনৰ ৬(ক) অনুচ্ছেদক প্ৰত্যাহ্বান জনাই অন্য ৰাজ্যৰ দৰেই অসমৰ নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৫১ কৰিবলৈ দাবী জনাইছিল।

পৰৱৰ্তী সময়ত এই গোচৰত সদৌ অসম ছাত্ৰ সন্থা, আছাম পাব্লিক ৱৰ্কছ, আমছু আৰু জমিয়তো জড়িত হৈ পৰে। মহাসংঘ আৰু পাব্লিক ৱৰ্কছে ভিত্তিবৰ্ষ ১৯৫১ দাবী কৰাৰ বিপৰীতে বাকীকেইটা সংগঠনে ১৯৭১ৰ পক্ষ লৈছিল। মন কৰিবলগীয়া যে, নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাত কোৱা হৈছে যে যিসকল লোকে ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিচত বা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি নিৰ্দিষ্ট অঞ্চলসমূহৰ পৰা অসমলৈ আহিছিল আৰু তেতিয়াৰে পৰা উত্তৰ-পূবৰ ৰাজ্যখনৰ বাসিন্দা, ১৯৮৫ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ ১৮ ধাৰাৰ অধীনত নিজকে পঞ্জীয়ন কৰিব লাগিব। অৰ্থাৎ এই ব্যৱস্থাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখটো অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ কাট-অফ তাৰিখ নিৰ্দিষ্ট কৰি দিয়ে।

১৯৮৫ চনৰ ১৫ আগষ্টত তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰে অসম আন্দোলনৰ নেতাসকলৰ সৈতে স্বাক্ষৰ কৰা 'অসম চুক্তি'ৰ সন্দৰ্ভত ১৯৫৫ চনৰ আইনখনত ৬(ক) ধাৰা অন্তৰ্ভুক্ত কৰা হৈছিল, যাতে অসমৰ সংস্কৃতি, ঐতিহ্য, ভাষিক আৰু সামাজিক পৰিচয়ক ৰক্ষা আৰু সুৰক্ষা দিব পৰা যায়। আনহাতে, শীৰ্ষ ন্যায়ালয়ে শুনানি সমাপ্ত কৰাৰ পূৰ্বে চাৰি দিন ধৰি এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণী, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা শ্যাম ডিভান, কপিল চিবাল, সঞ্জয় হেজ, চি ইউ সিং আৰু অন্যান্যসকলৰ পৰা যুক্তি শুনে। ৰায়ৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দৰেশ আৰু মনোজ মিশ্ৰৰ সংখ্যাগৰিষ্ঠতাৰে নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ বৈধতা বজাই ৰাখে। অৱশ্যে ন্যায়াধীশ জে বি পাৰ্দিৱালাই ভিন্ন মত পোষণ কৰে।

মুখ্য ন্যায়াধীশে সংখ্যাগৰিষ্ঠ ৰায়টো ঘোষণা কৰি কয় যে সংসদৰ ইয়াক প্ৰণয়ন কৰাৰ আইনী ক্ষমতা আছে। অৱশ্যে ন্যায়াধীশ পাৰ্দিৱালাই ৬(ক) ধাৰাক অসাংবিধানিক বুলি অভিহিত কৰি এক ভিন্ন মত প্ৰকাশ কৰি ৰায় দিয়ে। মুখ্য ন্যায়াধীশে কয় যে অসম চুক্তি অবৈধ প্ৰব্ৰজন সমস্যাৰ এটা ৰাজনৈতিক সমাধান আৰু ধাৰা ৬(ক) ইয়াৰ আইনী সমাধান আছিল। শীৰ্ষ ন্যায়ালয়ে কয় যে স্থানীয় জনসাধাৰণক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ সৈতে মানৱীয় উদ্বেগৰ ভাৰসাম্য ৰক্ষাৰ বাবে ধাৰা ৬(ক) প্ৰণয়ন কৰা হৈছিল। লক্ষণীয় যে, এই ৰায়ৰ ফলত অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰু অধিক স্পষ্ট হ'ব বুলি দাবী কৰিছে বিভিন্নজনে। উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ে অসম চুক্তিৰ মূল উদ্দেশ্যক সাৰ্থক কৰি তোলাৰ লগতে ৰাজ্যখনৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য হ'ব বুলি মন্তব্য কৰিছে বহুতে। এনে পৰিপ্ৰেক্ষিততে সৰ্বোচ্চ ন্যায়ালয়ক ৰায়ক আদৰণি জনাইছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনেও।

উল্লেখ্য যে, অসমীয়াৰ হেঁপাহৰ কাতি বিহুৰ দিনাখনেই ন্যায়ালয়ে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই ৰায়ক আদৰণি জনাই কয় যে এই ৰায়ে অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিছে। তেওঁ উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাই কয় যে এতিয়া ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা অবৈধ নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লুৰীণজ্যোতি গগৈয়ে লগতে উল্লেখ কৰে যে আছুৰ শপতনামাত তেওঁ স্বাক্ষৰকাৰী আছিল। তেওঁ বিজেপি চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইন অসমত বাতিল কৰিবলৈকো দাবী জনায়।