বাংগালুৰুঃ আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথমটো শতকীয় ইনিংছ। এই দিনটোৰ বাবেই কিমান যে পৰিশ্ৰম কৰা নাছিল ছৰফৰাজ খানে। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান কৰি গৈছিল। তাৰপিছতো তেওঁৰ বাবে খোল খোৱা নাছিল টীম ইণ্ডিয়াৰ দুৱাৰ। এই বছৰৰ আৰম্ভণিতে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটাইছিল ছৰফৰাজে। অৱশেষত অভিষেক ঘটোৱা বৰ্ষটোতে বিপদৰ ত্ৰাণকৰ্তা ৰূপত অৱতীৰ্ণ হৈ সংগ্ৰহ কৰিলে শতক। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৪৬ ৰানত অল আউট হৈ নিশ্চিত পৰাজয়ৰ দিশে গতি কৰাৰ পৰা দলক উদ্ধাৰ কৰে ছৰফৰাজৰ এই শতকীয় ইনিংছে। এই ইনিংছেৰে তেওঁ দলত স্থান নিগাজী কৰাই নহয়, প্ৰয়োজনৰ সময়ত দলক উদ্ধাৰ কৰিবলৈকো সমৰ্থ হৈছে।

শুকুৰবাৰে ছৰফৰাজ আৰু বিৰাট কোহলিয়ে মিলি ১৩৬ ৰানৰ যুটি গঢ়িছিল। এই যুটিয়ে ৰণত পৰা দলটোলৈ আশা ঘূৰাই আনিছিল যদিও তৃতীয় দিনৰ অন্তিমটো বলত বিৰাট আউট হোৱাৰ লগে লগে ছৰফৰাজৰ কান্ধত আহি পৰিছিল ইনিংছ সম্ভালি ৰখাৰ গুৰু দায়িত্ব। ছৰফৰাজে সেই দায়িত্ব পালন কৰিব পাৰিব নে নাই তাক লৈ সন্দিহান হৈ পৰিছিল ভাৰতীয় দৰ্শকসকল। কিন্তু আজি টিম ছাউথিৰ অভাৰৰ তৃতীয়টো বল বেকফুটলৈ আহি কভাৰলৈ ঠেলি দিয়েই ভাৰতীয় অনুৰাগীসকলৰ মনত আশা জগাই তোলে ছৰফৰাজে। বলটো বাউণ্ডেৰী পাৰ হ’ব বুলি নিশ্চিত হৈ হেলমেট খুলি দিছিল ছৰফৰাজে। তাৰপিছত স্ক’ৰবৰ্ডত অংকিত হৈছিল ছৰফৰাজৰ নামত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ প্ৰথমটো শতক।

১৭ বছৰ বয়সতে প্ৰথম বাৰৰ বাবে ক্ৰিকেট বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সমৰ্থ হৈছিল ছৰফৰাজে। প্ৰথমে পিতৃ নৌশাদ খানৰ অধীনতে অনুশীলন চলাই গৈছিল। নৌশাদে নিজেও একালত মুম্বাইৰ হৈ ক্ৰিকেট খেলিছিস। ২০১৪ চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে ছৰফৰাজৰ। দুখনকৈ অনুৰ্ধ ১৯ বিশ্বকাপত অৱতীৰ্ণ হোৱাৰো গৌৰৱ অৰ্জন কৰিছে ছৰফৰাজে। ২০০৯ চনত হেৰিছ শ্বিল্ডৰ এখন মেচত ৪৩৯ ৰান স্ক’ৰ কৰি সকলোকে অবাক কৰি তুলিছিল ছৰফৰাজে। মাত্ৰ ১২ বছৰ বয়সতে শচীন তেণ্ডুলকাৰৰ ২১ বছৰৰ অভিলেখ ভংগ কৰিছিল তেওঁ। তাৰপিছতেই ছৰফৰাজক মুম্বাইৰ অনুৰ্ধ ১৯ দলত স্থান দিয়া হয়। তেনেকৈয়ে তেওঁ ভাৰতৰ অনুৰ্ধ ১৯ দলত স্থান লাভ কৰে। অনুৰ্ধ ১৯ বিশ্বকাপৰ ইতিহাসত ছৰফৰাজে সংগ্ৰহ কৰা ৫৬৬ ৰান হৈছে তৃতীয় সৰ্বোচ্চ ৰান। প্ৰথম দুটা স্থানত আছে ইয়ান মৰ্গান আৰু বাবৰ আজম।

ছৰফৰাজৰ ক্ৰিকেট জীৱনক নিচেই কম বয়সৰে পৰা বিতৰ্কয়ো বাৰুকৈয়ে জোকাৰি গৈছে। বয়স বঢ়োৱাৰ অভিযোগত মুম্বাই ক্ৰিকেট সংস্থাই তেওঁক নিলম্বিত কৰে। প্ৰথমে মানি লোৱা নাছিল যদিও পিছত নিজৰ অপৰাধ স্বীকাৰ কৰিছিল ছৰফৰাজে। টিঙৰিতুলা স্বভাৱৰ বাবেও কেবাবাৰো বিপদত পৰিছে ছৰফৰাজ। এমচিএৰ কেম্পৰ পৰাও অনুশাসনহীনতাৰ বাবে নিৰ্বাসিত কৰা হৈছিল ক্ৰিকেটাৰজনক। ২০১৪-১৫ বৰ্ষত ঘৰুৱা ক্ৰিকেটত তেওঁৰ মেচ-ফী কৰ্তন কৰা হৈছিল। অনুৰ্ধ ১৯ ক্ৰিকেটৰ এখন মেচত নিৰ্বাচকক উদ্দেশ্যি কটু মন্তব্য কৰা বাবেই এই শাস্তিৰ সন্মুখীন হৈছিল ছৰফৰাজ। ২০১৪-১৫ বৰ্ষৰ পিছতেই ছৰফৰাজে নিজা দল মুম্বাই এৰি উত্তৰ প্ৰদেশৰ হৈ খেলিবলৈ আৰম্ভ কৰে।

উত্তৰ প্ৰদেশ দলত কেবাবছৰো কটালেও ভাল ক্ষণৰ মুখ বহুদিনলৈ দেখা নাছিল ছৰফৰাজে। ফলত জাতীয় দলত প্ৰৱেশৰ আশাও ক্ৰমাৎ ক্ষীণ হৈ আহিছিল। সেয়ে ২০১৯-২০ বৰ্ষত বহু চিন্তা-চৰ্চাৰ অন্তত পুনৰ মুম্বাই দললৈ ঘূৰি আহে ছৰফৰাজ। সেয়াই তেওঁৰ বাবে হৈ পৰিছিল টাৰ্ণিং পইণ্ট। ইয়াৰ পিছতে তেওঁ যি দুৰ্দান্তভাৱে ঘৰুৱা ক্ৰিকেটত ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল সেয়া আঙুলিৰ মূৰত লেখিব পৰা ক্ৰিকেটাৰেহে কৰিব পাৰিছে। ৱাছিম জাফাৰ আৰু আৰু অজয় শৰ্মাৰ পিছত ভাৰতৰ তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে তেওঁ ক্ৰমাগতভাৱে দুবাৰকৈ ৯০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। বিগত বৰ্ষতো সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হৈছিল ছৰফৰাজ। ঘৰুৱা ক্ৰিকেটত ৰানৰ পিছত ৰান সংগ্ৰহ কৰিও জাতীয় দলত স্থান লাভ নকৰাত সুযোগ পালেই প্ৰতিবাদ জনাই আহিছিল তেওঁ।

২০২২ চনত বাংলাদেশৰ বিৰুদ্ধে শৃংখলাত স্থান দিয়াৰ কথা কোৱা হৈছিল যদিও সেয়া হৈ মূৰকত হৈ উঠা নাছিল। তাৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাতো সুযোগ দিয়া হোৱা নাছিল। সেই সময়তে ৰঞ্জিৰ এখন মেচৰ পিছত তেওঁ ক্ষোভত কৈছিল, ''যোৱাবাৰ ৰঞ্জিৰ ফাইনেলত শতক কৰাৰ পিছত নিৰ্বাচকসকলৰ সৈতে মোৰ সাক্ষাৎ হৈছিল। তেওঁলোকে কৈছিল যে বাংলাদেশ ভ্ৰমণত সুযোগ পাম। সেয়ে সাজু হৈ থাকিবলৈ কৈছিল। কিন্তু সুযোগ দিয়া নহ’ল।’’ তদানীন্তন মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ কথাও টানি আনি খঙাল ক্ৰিকেটাৰজনে আৰু কৈছিল, ''চেতন ছাৰৰ সৈতে কথা হোৱা বহুদিনেই হৈ গ’ল। তেওঁ কৈছিল যে মই অতি শীঘ্ৰেই দলত স্থান পাম। নিৰ্বাচকসকলে এনেকৈ বাৰম্বাৰ আশা দিছিল। কিন্তু শেষত বাৰে বাৰে হতাশ হ’বলগীয়া হৈছে। এনেকৈ আশা দি আশাহত কৰাতো ভাল কথা নহয়।’’

এইদৰে একপ্ৰকাৰ 'বিদ্ৰোহী’ হৈ পৰিছিল ছৰফৰাজ। মূল দলত স্থান নাপালেও ভাৰত 'এ’ দলত স্থান দিয়া হৈছিল। কিন্তু ভাল খেলিব পৰা নাছিল। সেই কাৰণেই জাতীয় দলত স্থান পোৱাত বিলম্ব ঘটিছিল নেকি? এই কথা অৱশ্যে মুঠেই মানি নলয় ক্ৰিকেটাৰগৰাকীয়ে। তেওঁ কৈছিল, ''দুই-এখন মেচত ব্যৰ্থ হোৱাতো স্বাভাৱিক। আমি ভগৱান নহয়। কিন্তু ঘৰুৱা ক্ৰিকেটত ৰঙা আৰু বগা দুয়োধৰণৰ বল খেলি ধাৰাবাহিকভাৱে ভাল ৰান কৰিছো। আমাক এদিনৰ বাবে হ’লেও দলত সুযোগ দিব পাৰে। ইমান দিন ধৰি খেলি আহিছো। জাতীয় দলত সুযোগ পাবলৈ ইয়াতকৈ আৰু বেলেগ কি চমক দেখুৱাব লাগিবনো?’’ বিগত বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেষ মুহূৰ্তত দলত স্থান নাপাই কান্দি পেলাইছিল আৱেগিক ছৰফৰাজে। কিন্তু তাৰ পিছত আকৌ নিজে নিজক বুজাইছিল যে তেওঁৰ কামেই হৈছে কেৱল খেলি যোৱাতো। তেওঁ কৈছিল, ''দলত নাম নেদেখি হতাশ হৈ পৰিছিলো। ক’ব নোৱৰাকৈয়ে চকুলো নিগৰিছিল। পিছত আকৌ মনটোক বুজাইছিলো যে মই কেৱল খেলি যাম। ঘৰুৱা ক্ৰিকেটত আৰু ভালকৈ খেলিবলৈ চেষ্টা কৰিম। তেনেকৈয়ে যদি নিৰ্বাচকসকলৰ মনত স্থান পাও পাম, নাপালেও নাই।’’

এই বছৰৰ ১৫ ফেব্ৰুৱাৰীতো কান্দিছিল ছৰফৰাজে। তেওঁৰ পিতৃ আৰু পত্নীৰো চকুৰেও নিগৰিছিল চকুলো। পিছে সেই চকুলো বঞ্চনাৰ নাছিল, সেয়া আছিল আনন্দৰ অশ্ৰু। সতীৰ্থসকলৰ মাজত থিয় হৈ অনিল কুম্বলেৰ হাতৰ পৰা টেষ্ট অভিষেকৰ টুপি লাভ কৰিছিল ছৰফৰাজে। পুত্ৰৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ক্ষণৰ সাক্ষী হৈ ৰৈছিল পিতৃ নৌশাদ। কিছু দূৰৈত থিয় হৈ চাই ৰৈছিল পুত্ৰৰ মূৰৰ টেষ্ট টুপি। সেই দৃশ্য দেখি আৱেগৰ চকুলো ধৰি ৰাখিব পৰা নাছিল পিতৃ নৌশাদ। সকলোৰে সমুখতে কান্দি পেলাইছিল একালৰ মুম্বাইৰ ক্ৰিকেটাৰজনে। টুপি পিন্ধিয়েই প্ৰথমেই পিতৃৰ কাষলৈ দৌৰি আহিছিল ছৰফৰাজ। তেওঁক সেই টুপিটো দেখুৱাইছিল। যি টুপিৰ বাবে বছৰৰ পিছত বছৰ ধৰি ঘৰৰ সমুখত নেট লগাই পিতৃৰ হাতত হাত ধৰি অনুশীলন কৰিছিল সেই পৰম প্ৰত্যাশিত টুপি পাই সাবতি ধৰিছিল পিতৃক।

ইমান দিনৰ অপেক্ষাৰ অৱসানৰ অন্তত নিজক ধৰি ৰাখিব পৰা নাছিল ছৰফৰাজেও। পিতা-পুত্ৰৰ চকুৰে বৈ আহিছিল সাফল্যৰ চকুলো। পুত্ৰৰ টেষ্ট টুপিত চুম্বন কৰিছিল পিতৃয়ে। পত্নীও কাষতে আছিল। পিতৃৰ পিছত পত্নীকো সাবতি ধৰিছিল। স্বামীৰ সাফল্যত পত্নী ৰোমানাৰ চকুৰেও বৈ আহিছিল আনন্দৰ লোটক। সেই বিশেষ আনন্দৰ দিনটোৰ পিছত আজি ছৰফৰাজৰ কেৰিয়াৰত যোগ হ’ল আন এক পৰম প্ৰাপ্তি।

ছৰফৰাজৰ সৈতে বঞ্চনাৰ ইতিহাসো বেছ দীঘলীয়া। যোৱা বছৰো তেওঁ হতাশ হ’বলগীয়া হৈছিল। ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰত দলত স্থান দিম বুলি কৈয়ো দিয়া হোৱা নাছিল স্থান। সেই সময়তে তেওঁৰ কাষত সাহস হৈ থিয় দিছিল সুনীল গাভাস্কাৰ। এক সাক্ষাৎকাৰত ভাৰতীয় দলৰ খেলুৱৈ নিৰ্বাচন সম্পৰ্কে তেওঁ কৈছিল, ''যোৱা তিনিটা বছৰ ধৰি গড়ে ১০০ ৰান কৰি ধাৰাবাহিকভাৱে ভাল খেলি আহিছে ছৰফৰাজে। ইয়াৰ পিছতো তেওঁ দলত সুযোগ পোৱা নাই। দলত সুযোগ পাবলৈ তেওঁ আৰু কি কৰিব লাগিব সেয়া ময়ো বুজা নাই। প্ৰথম একাদশত নহ’লেও অন্তত তেওঁক দলত ৰাখিব লাগিছিল।’’

সেই ছৰফৰাজে সুযোগ পায়েই নিজৰ চতুৰ্থখন টেষ্টত আজি বেটেৰে বুজাই দিলে যে তেওঁ আগলৈকো কিয় সুযোগ পোৱা উচিত! আন্তৰ্জাতিক ক্ৰিকেটত চলিত টেষ্টৰ উপৰিও আগৰ তিনিখন মেচত তেওঁ ২০০ ৰান সংগ্ৰহ কৰিছে। শনিবাৰে তেওঁৰ বেটেৰে নিগৰিল ৩টা অংকৰ ৰান। তাৰপিছতো সেই শতকত আৰু ৫০ ৰান যোগ দি দলক বিপদৰ মুখৰ পৰা ৰক্ষা কৰি ১৫০ ৰানত ছাউথিৰ বলত আজাজ পেটেলৰ হাতত কেচ তুলি দি পেভেলিয়নমুখী হয় ত্ৰাণকৰ্তাৰূপী বেটাৰগৰাকী। দলত সুযোগ লাভ নকৰি আৰু নিৰ্বাচকৰ পৰা বঞ্চনাৰ সন্মুখীন হৈ একাধিকবাৰ বিদ্ৰোহী হৈ উঠা ছৰফৰাজে সহজতে হাৰ নামানি তথা ৰণত পৰি কলীয়া নহৈ বাংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধেও বেটেৰে ঘোষণা কৰে বিদ্ৰোহ।