বিশ্বনাথঃ মন্ত্ৰী-বিধায়কৰ দৃষ্টিত এইখন অসমত এতিয়া সাধাৰণ লোকৰ জীৱনৰ কোনো মূল্যই নোহোৱা হৈছে৷ মন্ত্ৰী-বিধায়কৰ গাড়ীৰ কনভয়ৰ সন্মুখত কুকুৰ-মেকুৰীৰ দৰে হৈ পৰে মানুহৰ জীৱন৷ বাৰে বাৰে বতাহৰ গতিত চলাচল কৰা মন্ত্ৰী-বিধায়কৰ গাড়ীৰ কনভয়ৰ খুন্দাত সাধাৰণ লোকে প্ৰাণ। হেৰুৱাইছে৷ তথাপিও মন্ত্ৰীৰ কনভয়ৰ গতি কম নহ’ল৷ 

চাইৰেন বজাই ৰজাৰ দৰে চলাচল কৰা মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত পুনৰ সাধাৰণ নাগৰিকৰ প্ৰাণ গৈছে এইখন অসমত৷ মন্ত্ৰীৰ কনভয়ৰ খুন্দাত আজি বিশ্বনাথত থিতাতে নিহত এজন লোকৰ নিথৰ দেহ পৰি ৰ’ল ৰাজপথত৷ পুনৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অভিযোগে এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়ে উত্তৰ অসমত বিশ্বনাথ জিলাত এজন লোকে পথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে খুন্দিয়াই থৈ পলায়ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত খবৰ অনুযায়ী বিশ্বনাথ জিলাৰ সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হয়। 

একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা এটা কনভয়ে লোকজনক তীব্ৰ গতিত খুন্দা মাৰে৷ লোকজনক খুন্দা মাৰি কনভয়ৰ গাড়ীখনক কেনেবাকৈ ৰাজপথতে পৰি নোযোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় চালকজন৷ প্ৰায় ২০ ছেকেণ্ডৰ ভিতৰতে সেই স্থান ত্যাগ কৰে কনভয়ৰ গাড়ীসমূহে৷ লোকজনক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে পথত পেলাই থৈ কনভয়টোৱে পলায়ন কৰে৷ কিছু সময় পাছতে লোকজনে প্ৰাণ ত্যাগ কৰে৷ 

এই খবৰ বনজুইৰ দৰে বিয়পি পৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ লগে লগে শতাধিক লোক একত্ৰিত হৈ পথ অৱৰোধ কৰি হৈ-হাল্লা কৰিবলৈ ধৰে৷ মৃতদেহ পথৰ পৰা নিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে৷ পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাত আৰক্ষী মোতায়েন কৰাৰ লগতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰয়াস কৰে৷ 

একাংশ লোকে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে৷ তেতিয়াই জিলা আয়ুক্তই পীয়ুষ হাজৰিকাৰ কনভয়ৰ গাড়ী বুলি স্বীকাৰ কৰি কয় যে মন্ত্ৰী ছাৰে আগতে ওলাই গৈছে৷ পলমকৈ অহা এছকৰ্টৰ গাড়ীয়েহে খুন্দিয়াইছে৷ তেখেতে বিশ্বনাথ টাউনলৈ মাতিছে৷ কিন্তু ৰাইজে সেই কথা মানি লোৱা নহ’ব বুলি কোৱাত জিলা আয়ুক্তই একাংশ লোকক সৈমান কৰি চাৰিজন লোকক মন্ত্ৰীৰ সৈতে আলোচনা কৰিবলৈ বিশ্বনাথ টাউনলৈ নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ জিলা আয়ুক্তই নিজৰ গাড়ীত লৈ যোৱাৰো প্ৰতিশ্ৰুতি দিয়ে৷

''মন্ত্ৰী ছাৰে মোৰ সৈতে কথা পাতিছে৷ কিবা লাগিলে দিম বুলি কৈছে৷ সকাম কৰিবলৈ বা কিবা লাগিলে দিম কৈছে৷’’- জিলা আয়ুক্তগৰাকীয়ে মন্ত্ৰীৰ ওচৰলৈ লৈ যোৱাৰ বাবে দায়বদ্ধ বুলি উল্লেখ কৰি এইদৰে কয়৷ তেনে সময়তে এখন এম্বুলেন্সত মৃতদেহ ভৰাই নিয়া পৰিলক্ষিত হোৱাত ৰাইজে উত্তেজিত হৈ পৰে৷ সেই সময়ত উচ্চপদস্থ আৰক্ষী বিষয়াক প্ৰশ্ন কৰাত আমি ন্যায় দিব নোৱাৰো বুলি আৰক্ষীয়ে কেৰাহী চকুৰে ৰাইজক চোৱাহে পৰিলক্ষিত হয়৷ 

এজন আৰক্ষীয়ে বিষয়াই কয় যে ভগৱানে যিটো বিচাৰিছে সেইটো হৈ গৈছে৷ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক সহায় লাগিব নে নালাগে বুলি ওলোটাই প্ৰতিবাদকাৰীক প্ৰশ্ন কৰে৷ সেই সময়তে পুনৰ ৰাইজে উত্তেজিত হৈ এমএলএ, মন্ত্ৰী হ’লে কি হ’ল, আমাক ন্যায় লাগে বুলি চিঞৰ-বাখৰ আৰম্ভ কৰে৷ এমএলএক ইয়ালৈকে মাত বুলিও কয় উত্তেজিত ৰাইজে৷ 

আৰক্ষীৰ বিৰুদ্ধে খৰ্গহস্ত লোকে কয় যে আমাক এটা হেলমেট নিপিন্ধিলে ফাইন লগায়৷ কিন্তু এমএলএ কাৰণে এৰি দিয়া হৈছে৷ একাংশ স্থানীয় লোকে উল্লেখ কৰা মতে, স্থানীয় বাগিচাৰ শ্ৰমিক আছিল মৃত ৰাকেশ তেলামী৷ বাগানৰ কাম সমাপ্ত কৰি আহি থকাৰ সময়তে কনভয়ে খুন্দিওৱাত ৰাকেশ নিহত হয়৷ পথ অতিক্ৰম কৰাৰ সময়তে খুন্দা মাৰিছিল ৰাকেশক৷ প্ৰায় দুই ঘণ্টা সময়ৰ মূৰকত আৰক্ষীয়ে ৰাজপথ মুকলি কৰিবলৈ সক্ষম হয়৷ 

উক্ত দুৰ্ঘটনাটোক লৈ গোচৰ ৰুজু হ’ল নে নাই সেয়া এই বাতৰি যুগুত কৰা পৰ্যন্ত জানিব পৰা হোৱা নাই। মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাহস হ’ব নে বিশ্বনাথ আৰক্ষীৰ, সেয়াও লক্ষণীয় হ’ব৷ উল্লেখ্য যে কেইমাহমান পূৰ্বে গুৱাহাটী মহানগৰীতো মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন যুৱক নিহত হৈছিল। যোৱা মাৰ্চ মাহত মহানগৰীৰ খানাপাৰাৰ সমীপত নিশাৰ ভাগত সংঘটিত হৈছিল উক্ত দুৰ্ঘটনাটো। মন্ত্ৰীৰ তীব্ৰবেগী কনভয়ে খুন্দিয়াই পেলাই থৈ গৈছিল কৰ্মস্থলীৰ পৰা ঘূৰি অহা ৰূপমজ্যোতি বৰা নামৰ যুৱকজনক। ফলত ঘটনাটোত থিতাতে নিহত হৈছিল যুৱকজন।