নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমেৰিকাক বিশ্বৰ 'ক্ৰিপ্টো কেপিটেল’ হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছিল ড’নাল্ড ট্ৰাম্পে। সেয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ জয়ৰ লগে লগে বিটকইনৰ মূল্যই ৮০ হাজাৰ ডলাৰ (ভাৰতীয় টকাৰ হিচাপত ৬৭ লাখ টকা) অতিক্ৰম কৰে। 

বিশ্বৰ বহুল প্ৰচলিত ক্ৰিপ্টোকাৰেন্সি বিটকইনৰ মূল্য চলিত বৰ্ষত ৮০ শতাংশৰো অধিক বৃদ্ধি পাইছে। কেৱল বিটকইনেই নহয়, ডগকইনৰ দৰে ক্ৰিপ্টোকাৰেন্সিৰ মূল্যৰো চলিত বৰ্ষত যথেষ্ট উত্থান ঘটা পৰিলক্ষিত হৈছে। ট্ৰাম্প সমৰ্থক ইলন মাস্কে ডগকইনৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱাৰ পিছতে এইবিধ ক্ৰিপ্টোকাৰেন্সিক লৈয়ো সমগ্ৰ বিশ্বতে কোটি কোটি লোক আগ্ৰহী হৈ পৰিছে।

২০২১ চনত জ’ বাইডেন প্ৰশাসনে জেন্সেলৰক ছিকিউৰিটি এণ্ড একছেঞ্জ কমিছনৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰাইছিল। জেন্সেলৰে এই দায়িত্ব লাভ কৰিয়েই ক্ৰিপ্টোকাৰেন্সিৰ বজাৰৰ গতিৰোধকৰ ভূমিকাত অৱতীৰ্ণ হয়।

ষ্ট’নএক্স ফাইনেন্সিয়েলৰ বজাৰ বিশেষজ্ঞ মেট ছিম্পছনে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, যদিহে ২০২৫ বৰ্ষত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিয়েই ট্ৰাম্পে ক্ৰিপ্টোকাৰেন্সিক লৈ বাইডেন প্ৰশাসনে নিৰ্ধাৰণ কৰা নিয়ন্ত্ৰণ নীতি প্ৰত্যাহাৰ কৰে তেন্তে বিটকইনৰ মূল্যই এক লাখ ডলাৰ অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে পৰিপ্ৰেক্ষিতত আমেৰিকাৰ লগতে ভাৰতসহ সমগ্ৰ বিশ্বতে বিটকইনকে আদি কৰি একাধিক ক্ৰিপ্টোকাৰেন্সিয়ে নিমিষতে বজাৰ দখল কৰাতো নিশ্চিত হৈ পৰিব।

কি এই ক্ৰিপ্টোকাৰেন্সি?

বৃহৎ বৃহৎ কম্পিউটাৰে এক নিৰ্দিষ্ট ফৰ্মূলা অথবা এলগ’ৰিথাম অনুযায়ী কাম কৰে। ইয়াক কোৱা হয় মাইনিং আৰু এই মাইনিঙৰ জৰিয়তেই ক্ৰিপ্টোকাৰেন্সি গঢ় লৈ উঠে। বিটকইন সদৃশ প্ৰায় ৪০০০ ভাৰ্চুৱেল কাৰেন্সি বৰ্তমান বিশ্বৰ (মুদ্ৰা) বজাৰত উপলব্ধ। এই সকলো ভাৰ্চুৱেল কাৰেন্সিকেই কোৱা হয় ক্ৰিপ্টোকাৰেন্সি।

সাধাৰণ মুদ্ৰা বা কাৰেন্সিৰ ওপৰত কোনো নহয় কোনো সংস্থাৰ নিয়ন্ত্ৰণ থাকে। উদাহৰণ হিচাপে ভাৰতীয় মুদ্ৰা 'ৰুপি’ (টকা)ক নিয়ন্ত্ৰণ কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকে নোট ছপা কৰে আৰু ইয়াৰ হিচাপ ৰাখে। বিপৰীতে ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত কোনো সংস্থাৰে প্ৰত্যক্ষ নিয়ন্ত্ৰণ নাথাকে।

ক্ৰিপ্টোকাৰেন্সিয়ে কেনেকৈ কাম কৰে?

ক্ৰিপ্টোকাৰেন্সিৰ প্ৰত্যেকটো লেনদেন বা ট্ৰেনজেকশ্যনৰ ডাটা বিশ্বৰ ভিন্ন কম্পিউটাৰত সঞ্চিত হয়। সহজ ভাষাত ক’বলৈ হ’লে এনে এটা কোঠা ধৰি ল’ব পাৰি যিটো কোঠা বহুত বৃহৎ আৰু তাত বিশ্বৰ সকলো মানুহেই বহি আছে। যেতিয়াই সেই কোঠাটোৰ কোনো এজনে ক্ৰিপ্টোকাৰেন্সিৰ লেনদেন কৰে তেতিয়া সেই কোঠাটোত বহি থকা প্ৰতিজন লোকেই সেই তথ্য লাভ কৰে। অৰ্থাৎ সেই তথ্য কেৱল এটা ঠাইতে জমা হৈ নাথাকে।

ক্ৰিপ্টোকাৰেন্সিৰ তথ্য বিশ্বৰ ভিন্ন প্ৰান্তৰ কোটি কোটি কম্পিউটাৰত জমা হয়। সেয়ে ইয়াৰ হিচাপ ৰাখিবলৈ বেংক সদৃশ কোনো তৃতীয় পক্ষৰ প্ৰয়োজন নাথাকে। ২০০৮ চনত বিটকইন নামৰ ক্ৰিপ্টোকাৰেন্সিয়ে জন্ম লাভ কৰিছিল। ২০০৮ চনৰ পৰা এতিয়ালৈকে বিটকইন কেতিয়া কোনটো ৱালেটৰ পৰা ক্ৰয়-বিক্ৰয় হৈছে সেই সম্পৰ্কে সকলো তথ্য তন্ন-তন্নকৈ লাখ লাখ কম্পিউটাৰত নিৰ্দিষ্ট পদ্ধতিৰে জমা হৈ আছে।

অৱশ্যে ইয়াত এটা কিন্তু আছে। সেই কিন্তুটো এয়াই যে ভাৰ্চুৱেল এছেট হিচাপে কোনটো ৱালেট কোন ব্যক্তিৰ সৈতে সম্পৰ্কিত হৈ আছে সেই তথ্য  জানিব পৰা নাযায়।

ভাৰ্চুৱেল এছেট কি?

ভাৰ্চুৱেল এছেটৰ অৰ্থ হৈছে তেনে সম্পত্তি যাক ফিজিকেলি বা বাস্তৱিকতে স্পৰ্শ কৰিব পৰা নাযায়। বজাৰত উপলব্ধ বিটকইন, ইথিৰিয়াম, ডগকইনকে আদি কৰি যিমান ক্ৰিপ্টোকাৰেন্সি আছে সেই আটাইবোৰকে ভাৰ্ছুৱেল এছেট বুলি কোৱা হয়। ইয়াত নন ফিজিবল টোকেন অৰ্থাৎ এনএফটিও সংযুক্ত হৈ আছে। এনএফটি হৈছে একপ্ৰকাৰৰ ডিজিটেল লিডজাৰ সদৃশ যাক নেকি ব্লকচেইন বুলি কোৱা হয়।

উদাহৰণ হিচাপে বিশ্বৰ প্ৰথমটো এছএমএছ এজন ব্যক্তিয়ে সংৰক্ষণ কৰি ৰাখি তাৰ নন ফিজিবল টোকেন গঢ়ি লৈছে। বহুত পেইণ্টিং আদিকো একাংশ লোকে এনএফটিলৈ ৰূপান্তৰিত কৰিছে। এইবোৰৰো ভাৰ্ছুৱেল পৃথিৱীত ক্ৰয়-বিক্ৰয় চলি থাকে।

ডিজিটেল ৱালেট কি?

যিদৰে এজন লোকে নিজৰ পইছা মানিবেগত ৰাখে, ঠিক তেনেকৈ ক্ৰিপ্টোকাৰেন্সি ৰাখিবলৈ প্ৰয়োজন হয় ডিজিটেল ৱালেটৰ। ডিজিটেল ৱালেট খুলিবলৈ পাছৱৰ্ড থাকে। যাৰ ওচৰতেই ডিজিটেল ৱালেটৰ পাছৱৰ্ড থাকে সেইজনেই সেয়া খুলি ক্ৰিপ্টোকাৰেন্সি ক্ৰয়-বিক্ৰয় কৰিব পাৰে।

ডিজিটেল ৱালেটৰ এক ঠিকনা থাকে। এই ঠিকনা হৈছে ৪০-৫০টা সংখ্যাযুক্ত একো একোটা নম্বৰ। ইয়াত সংখ্যাৰ লগতে বৰ্ণও (এলফাবেট আৰু নিউমেৰিক) থাকে। প্ৰত্যেকটো ৱালেটৰ ঠিকনা সুকীয়া হয়। এনে কোটি কোটি ৱালেট ডিজিটেল দুনীয়াত উপলব্ধ।

ব্লকচেইন কি?

যেতিয়াই ক্ৰিপ্টোকাৰেন্সিৰ সৈতে সম্পৰ্কিত কোনো লেনদেন বা ট্ৰেনজেকশ্যন কৰা হয় তেতিয়া সেয়া কম্পিউটাৰত ব্লক হিচাপে সঞ্চিত হয়। ব্লকত সীমিত লেনদেনহে সঞ্চিত হয়। এটা ব্লক সম্পূৰ্ণ হোৱাৰ পিছত লেনদেন আনটো ব্লকত সঞ্চিত হয়। এনেকৈ এটা ব্লকে আনটো ব্লকৰ সৈতে সংযুক্ত হৈ গৈ থাকে। ইয়াকে কোৱা হয় ব্লকচেইন।

আনধৰণে ক’বলৈ হ’লে ব্লকচেইন হৈছে কোনো এক কম্পিউটাৰ নেটৱৰ্কত বিকেন্দ্ৰীকৃতভাৱে ডিজিটেলি হিচাপ ৰখা সুৰক্ষিত ব্যৱস্থা য’ত তথ্যসমূহ স্বচ্ছ তথা অপৰিৱৰ্তনীয় হৈ থাকে আৰু খেলিমেলিৰ কোনো সম্ভাৱনা নাথাকে। উক্ত নেটৱৰ্কত থকা সকলোৱে সেই হিচাপ চাব পৰাটোৱেই হৈছে ব্লকচেইন ব্যৱস্থাৰ মূল উদ্দেশ্য।

ক্ৰিপ্টোকাৰেন্সি এক্সছেঞ্জনো কি?

এয়া হৈছে এনে এক প্লেটফৰ্ম য’ত এজন ব্যক্তিয়ে ক্ৰিপ্টোকাৰেন্সি ক্ৰয়-বিক্ৰয় কৰিব পাৰে। টকা বা ডলাৰ অৰ্থাৎ সাধাৰণ মুদ্ৰাক এই এক্সছেঞ্জ প্লেটফৰ্মলৈ গৈ ক্ৰিপ্টোকাৰেন্সিৰ ৰূপ দিব পাৰি।

যদিহে কোনোৱে এটা ক্ৰিপ্টোকাৰেন্সি বিক্ৰী কৰি আন এটা ক্ৰিপ্টোকাৰেন্সি কিনিব বিচাৰে তেতিয়াও এই এক্সছেঞ্জ ব্যৱহাৰ কৰিব পাৰে। যিদৰে বস্তু কিনিবলৈ অনলাইন শ্বপিং প্লেটফৰ্ম ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ ক্ৰিপ্টোকাৰেন্সি ক্ৰয় কৰিবলৈ ক্ৰিপ্টো এক্সছেঞ্জ ব্যৱহাৰ কৰা হয়। ইয়াত ক্ৰিপ্টোকাৰেন্সি কিনা আৰু বেচা দুয়োধৰণৰ লোক থাকে।

ক্ৰিপ্টোকাৰেন্সিৰ পৰা হোৱা উপাৰ্জনত কিমান টেক্স দিব লাগে?

ক্ৰিপ্টোকাৰেন্সিৰ পৰা হোৱা উপাৰ্জনৰ ক্ষেত্ৰত ভাৰতত ৩০ শতাংশ কৰ দিবলগীয়া হয়। ২০২২ চনত ক্ৰিপ্টোকাৰেন্সিত ভাৰত চৰকাৰে কৰ আৰোপ কৰে। যদিহে এজন ব্যক্তিয়ে ১ লাখ টকাত ক্ৰিপ্টোকাৰেন্সি ক্ৰয় কৰি দুমাহ পিছত ২ লাখত বিক্ৰী কৰে তেন্তে লোকজনৰ লাভৰ পৰিমাণ হ’ব ১ লাখ টকা। এনেক্ষেত্ৰত লাভ হোৱা এই ১ লাখ টকাৰ ৩০ শতাংশ অৰ্থাৎ ৩০ হাজাৰ টকা লোকজনে কৰ হিচাপত ভাৰত চৰকাৰক দিব লাগিব।  

টেক্সৰ উপৰিও ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত ১ শতাংশ টিডিএছ কি?

ধৰা হ’ল এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ পৰা ১ লাখ টকাৰ ক্ৰিপ্টোকাৰেন্সি ক্ৰয় কৰিছে। তেনেক্ষেত্ৰত প্ৰথমজন ব্যক্তিয়ে এক শতাংশ টিডিএছ অৰ্থাৎ এহেজাৰ টকা কম কৰি ৯৯ হাজাৰ টকা আদায় দিব। এই এহেজাৰ টকা ভাৰত চৰকাৰৰ ওচৰত টিডিএছ হিচাপত জমা কৰিব লাগিব যাক নেকি পিছত কৰ হিচাপে ক্ৰেডিট কৰিব পৰা যাব। এই ব্যৱস্থাৰ জৰিয়তে চৰকাৰে লেনদেনৰ সবিশেষ তথ্য লাভ কৰিব।

ক্ৰিপ্টোকাৰেন্সি উপহাৰ হিচাপে দিলেও কৰ দিব লাগিব?

কিছু কিছু ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ক উপহাৰ প্ৰদান কৰিলে টেক্স দিয়াৰ প্ৰয়োজন নহয়। কিন্তু ভাৰতত ক্ৰিপ্টোকাৰেন্সিক উপহাৰ হিচাপে ধৰা নহয়। যদিহে কোনো লোকে নিজ সন্তানক অথবা ভাতৃ-ভগ্নীক ক্ৰিপ্টোকাৰেন্সি উপহাৰ দিয়ে তেতিয়াও কৰ আদায় দিব লাগিব।

ক্ৰিপ্টোকাৰেন্সিৰ লেনদেনত লোকচান হ’লে কি হ’ব?

বাৰ্ষিক আয়ৰ হিচাপৰ ক্ষেত্ৰত ক্ৰিপ্টোকাৰেন্সিৰ পৰা হোৱা লাভ-লোকচানক সংলগ্ন কৰিব পৰা নাযায়। যদিহে এজন ব্যক্তিৰ ব্যৱসায়ৰ পৰা ৫ লাখ টকা লাভ হ’ল আৰু ক্ৰিপ্টোকাৰেন্সিৰ পৰা ১ লাখ টকাৰ লোকচান হ’ল তেতিয়াও চৰকাৰক সম্পূৰ্ণ ৫ লাখ টকাৰেই কৰ আদায় দিব লাগিব। ইয়াৰ সৈতে ক্ৰিপ্টোকাৰেন্সিৰ পৰা হোৱা লোকচানক এডজাষ্ট কৰিব পৰা নাযাব। অৰ্থাৎ এনেক্ষেত্ৰত বাৰ্ষিক উপাৰ্জন ৪ লাখ টকা দেখুৱাব পৰা নাযায়।

ডিজিটেল ৰুপি পেটিএম, গুগলপেত থকা পইছাতকৈ কেনেকৈ পৃথক?

ডিজিটেল ৰুপিৰ কথা ক’বলৈ হ’লে যিদৰে আমাৰ জেপত নোট বা কইন থাকে তেনেকৈ ডিজিটেল ৰূপত সেয়া ফোন অথবা ই-ৱালেটত থাকিব। ইয়াত বেংকৰ প্ৰয়োজন নাথাকে। বৰ্তমান সময়ত ডিজিটেল পেমেণ্ট কৰিবলৈ হ’লে কোনো বেংক অথবা পেমেণ্ট ৱালেটৰ সহায় ল’বলগীয়া হয়।

পেটিএমৰ দৰে ই-ৱালেট কোম্পানীয়ে এইক্ষেত্ৰত মধ্যস্থতাকাৰী হিচাপে কাম কৰে। কিন্তু ডিজিটেল ৰুপিৰ ক্ষেত্ৰত তেনে কথা নাথাকিব। যিদৰে এতিয়া নগদ ধনেৰে স্বতন্ত্ৰভাৱে লেনদেন কৰিব পাৰি তেনেকৈ ডিজিটেল ৰূপিৰেও কোনো মধ্যস্থতাকাৰীৰ সহায় অবিহনে লেনদেন কৰিব পৰা যাব।

এই ডিজিটেল মুদ্ৰা ব্লকচেইন প্ৰযুক্তি আধাৰিত। ইয়াত ডিজিটেল কাৰেন্সি ক’ৰ ক’ৰ পৰা আহি আমাৰ ওচৰ পাইছে সেয়া জানিব পৰা যাব। সাধাৰণ কাগজৰ নোটৰ অনুৰূপ ধৰণে ডিজিটেল ৰুপিও ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰিব।

ডিজিটেল ৰুপি ক্ৰিপ্টোকাৰেন্সিতকৈ কিদৰে পৃথক?

বিটকইন ২ কোটি ১০ লাখৰ অধিক হ’ব নোৱাৰে। বিটকইনৰ যোগানৰ সীমাৱদ্ধতা আছে। যেতিয়া চাহিদা বাঢ়ে তেতিয়া বিটকইনৰ দাম বৃদ্ধি পাবলৈ লয়।

৫ বছৰ পূৰ্বে বিটকইনৰ মূল্য ২২ হাজাৰ আছিল। ২০২২ চনৰ ফেব্ৰুৱাৰীত সেয়া ৩০ হাজাৰ হয়গৈ আৰু আজিৰ তাৰিখত বিটকইনৰ মূল্য ৮০ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৬৭ লাখ অতিক্ৰম কৰিছে। ইয়াৰ দামৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। অধিকাংশ ক্ৰিপ্টোকাৰেন্সিৰেই এক নিৰ্দিষ্ট সীমা থাকে আৰু সেই সীমাতকৈ তাক অধিক কৰিব পৰা নাযায়। 

বিপৰীতে ডিজিটেল ৰূপিৰ মূল্যৰ কোনো পৰিৱৰ্তন নহয়। ১০ টকাৰ ডিজিটেল ৰুপি ১০ বছৰ পিছতো ১০ টকাই হৈ থাকিব। ডিজিটেল ৰুপিয়ে কেৱল আমাৰ লেন-দেনৰ পদ্ধতিহে সলনি কৰিব।