নতুন দিল্লীঃ লোকসভা নিৰ্বাচনৰ ছমাহৰ ভিতৰতে উত্তৰ আৰু পশ্চিম ভাৰতৰ একেৰাহে দুখন ৰাজ্যত পুনৰ ৰাজনৈতিক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বিজেপিয়ে। অক্টোবৰত হাৰিয়ানাৰ পিছত নৱেম্বৰত মহাৰাষ্ট্ৰত মহা বিজয় সাব্যস্ত কৰে গেৰুৱা দলটোৱে। এই দুয়োখন ৰাজ্যৰ লোকসভা নিৰ্বাচনত বিৰোধী দলৰ হাতত একপ্ৰকাৰ পৰাস্ত হ’বলগীয়াত পৰিছিল শাসকীয় দলটো। অৱশ্যে বিজেপিৰ অশ্বমেধৰ এই ঘোঁৰা পূব ভাৰতৰ ৰাজ্য ঝাৰখণ্ডত ৰৈ যাবলৈ বাধ্য হৈ পৰে। জনজাতি প্ৰধান ৰাজ্যখনত লোকসভা নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ সমৰ্থ হ’লেও বিধানসভা নিৰ্বাচনত "ইণ্ডিয়া"ৰ হাতত ৰণত পৰে নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ দল।

মন কৰিবলগীয়া যে, এইবাৰ দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে অসমসহ ১৪খন ৰাজ্যৰ উপ-নিৰ্বাচনত ‘প্ৰতিষ্ঠান বিৰোধী ঢৌ’ৰ কোনো লক্ষণ দেখা নগ’ল। মহাৰাষ্ট্ৰত কংগ্ৰেছ, শিৱসেনা, এনচিপি (শাৰদ)ৰ ‘মহাবিকাশ অঘাড়ি’ক পৰাস্ত কৰি দুই তৃতীয়াংশতকৈ অধিক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিছে বিজেপি-শিৱসেনা (একনাথ শিন্দে)-এনচিপি (অজিত)ৰ মিত্ৰজোঁট ‘মহাযুটি৷ একেদৰে, ঝাৰখণ্ডতো শাসকীয় জেএমএম-কংগ্ৰেছৰ মিত্ৰজোঁটেই জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে। অনুৰূপধৰণে উপ-নির্বাচনত অসমত বিজেপি, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, পঞ্জাৱত আপ, কৰ্ণাটকত কংগ্রেছ, উত্তৰপ্রদেশত বিজেপিয়ে ‘শাসকদল সুলভ’ আধিপত্য বৰ্তাই ৰখাত সফল হৈছে।

অসমৰ উপ-নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক শূন্য কৰি পেলোৱাৰ অনুৰূপ ধৰণে পশ্চিমবংগত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ ৬টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিক শূন্য কৰি তুলিছে। কেবাটাও সমষ্টিত আনকি বিজেপিৰ প্ৰাৰ্থীৰ আমানতৰ ধন পৰ্যন্ত বাজেয়াপ্ত হয়। উত্তৰ প্ৰদেশত ৯টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ২টাত বিৰোধী সমাজবাদী পাৰ্টীয়ে জয়লাভ কৰাৰ বিপৰীতে ৭টাতেই জয়ী হয় বিজেপি। এইবাৰ মহাৰাষ্ট্ৰৰ নিৰ্বাচনত মহিলা ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰা দেখা গৈছে।

মধ্যপ্ৰদেশৰ অনুৰূপ ধৰণে মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ ‘লাদলী বাহিন যোজনা’ৰ বাবে মহিলাসকলে একপক্ষীয়ভাৱে এনডিএক ভোট দিয়া বুলি অনুমান কৰা হৈছে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী সিন্ধেই মহিলাসকলক দিয়া আৰ্থিক সাহায্যৰ পৰিমাণ ১৫০০ টকাৰ পৰা ২১০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। বিপৰীতে বিৰোধী শিবিৰে মহিলাসকলক তিনি হাজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ৰাইজে সিন্ধেকেই আস্থাত লোৱা পৰিলক্ষিত হয়। ফলস্বৰূপে ২৮৮টা সমষ্টিৰে গঠিত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অকলেই দখল কৰে ১৩২ খন আসন। শিৱসেনাৰ সিন্ধে গোট বিজয়ী হৈছে ৫৭ খন আসনত আৰু অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে লাভ কৰে ৪১ খন আসন।

কংগ্ৰেছে মাত্ৰ ১৬খন, শিৱসেনাৰ উদ্ধৱ থাকৰে গোটে ২০ খন আৰু এনচিপিৰ শাৰদ পাৱাৰ গোটে লাভ কৰে ১০ খন আসন। সমাজবাদী পাৰ্টীয়ে ২খন আৰু অন্যান্যই ১০ খন আসনত জয়ী হয়। দেশৰ দ্বিতীয় বৃহৎ ৰাজ্যখনত বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে দুই আঞ্চলিক দলক ভাগ ভাগ কৰা বাবেই এনেদৰে যুটিৰ জোৰত সহজতে বৃহৎ জয় লাভ কৰিবলৈ সমৰ্থ হয়।

আনহাতে, ঝাৰখণ্ডত চল, বল, কৌশল সকলো প্ৰয়োগ কৰিও চৰকাৰ গঠনত ব্যৰ্থ হয় বিজেপি। জনজাতিপ্ৰধান ৰাজ্যখনত জেললৈ গৈয়ো মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে নিজৰ দল জেএমএমক ৩৪খন আসনত জয়ী কৰাবলৈ সমৰ্থ হয়। জেএমএমৰ সহযোগী কংগ্ৰেছে ১৬খন, আৰজেডিয়ে ৪খন আৰু চিপিআইএমএলে ২খন আসনত বিজয় সাব্যস্ত কৰে। বিজেপিয়ে মাত্ৰ ২১খন আসনতহে জয় লাভ কৰে। ৮১টা বিধানসভা সমষ্টিৰে গঠিত ৰাজ্যখনত ইণ্ডিয়া মিত্ৰজোঁটে ৫৬খন আসন লাভ কৰাৰ বিপৰীতে এনডিএই ২৪খনতে সন্তুষ্ট থাকে।

ইফালে, মহাৰাষ্ট্ৰত মহাবিজয় লাভ কৰাৰ পিছতে বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ক্ষমতাৰ ভোকত ভোকাতুৰ হৈ থকা কংগ্ৰেছে আজি পুনৰ সকলো হেৰুৱাই পেলাইছে বুলি দাবী কৰে মোদীয়ে। দলীয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰি দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দিয়া ভাষণত মোদীয়ে কংগ্ৰেছত আভ্যন্তৰীণ কলহ বৃদ্ধি পাইছে বুলিও কয়। তেওঁ লগতে কয় যে কংগ্ৰেছে সদায়েই আৰ্বান নক্সালবাদক প্ৰাধান্য দি আহিছে আৰু এয়া দেশৰ প্ৰগতিৰ বাবে বিপদজনক। কংগ্ৰেছ এতিয়া নিজে ডুবাৰ লগতে আনকো ডুবোৱা দলত পৰিণত হৈছে বুলিও কটাক্ষ কৰে মোদীয়ে।