মানুহজনৰ নাম গংগা বাহাদুৰ শ্ৰেষ্ঠ। নেপালৰ বাসিন্দা মানুহজনে পেটৰ তাড়নাত অসমলৈ আহি খনন মাফিয়াৰ অধীনত কাম কৰিছিল কয়লা খনিত। বুধবাৰে পুৱাৰ ভাগত তেওঁৰেই মৃতদেহ উমৰাংছ’ৰ জলমগ্ন কয়লা খনিটোৰ পৰা উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰী দলে। গংগা বাহাদুৰৰ সৈতে একেলগে খনিটোত কয়লা খান্দি থকা আন শ্ৰমিকসকল এতিয়া জীৱিত নে মৃত সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোক কেন্দ্ৰ কৰি চৌদিশে কেৱল উদ্বেগৰ চাকনৈয়া।
ইতিমধ্যে ঘটনাই চাৰিটা দিন অতিক্ৰম কৰিছে। সোমবাৰেই ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ তিনিকিলোৰ এই কয়লা খনিটোত আৱদ্ধ হৈ পৰিছিল শ্ৰমিকসকল। হঠাৎ খনিটোৰ ভিতৰত বাঢ়িছিল পানীৰ স্তৰ। সুৰক্ষা অবিহনেই ভিতৰত কয়লা খননত ব্যস্ত হৈ থকা শ্ৰমিকসকলৰ মাজত সেয়া দেখি হাহাকাৰ আৰম্ভ হৈছিল। যিয়ে যেনেকৈ পাৰে কেৱল বিচাৰিছিল প্ৰাণ বচাবলৈ। বাঢ়ি অহা পানীত ওপঙি, দেৱাল বগাই তেওঁলোকে ওলাই আহিব বিচাৰিছিল অভিশপ্ত খনিটোৰ ভিতৰৰ পৰা।
কিছু শ্ৰমিকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষমো হৈছিল। কিন্তু সক্ষম নহ’ল গংগা বাহাদুৰ, হুছেইন আলী, সৰপা বৰ্মনৰ দৰে একাংশ শ্ৰমিকে। সংকীৰ্ণ খনিটোৰ ভিতৰতে তেওঁলোক আৱদ্ধ হৈ পৰে। এই ঘটনাৰ ৭২ ঘণ্টাৰ পিছত বুধবাৰে গংগা বাহাদুৰ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ সম্ভৱ হৈছে। কিন্তু এতিয়াও আৱদ্ধ হৈয়েই আছে পেটৰ তাড়নাত জীউটো হাতৰ মুঠিত সামৰি কয়লা খান্দিবলৈ যোৱা আন কেইবাজনো শ্ৰমিক। তেওঁলোক এতিয়া জীৱিত নে মৃত, সেয়াও ক’ব নোৱাৰি।
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনা?
ডিমা হাছাও জিলাৰ অসম-মেঘালয় সীমান্তৰ দূৰৱৰ্তী অঞ্চল উমৰাংছৰ তিনিকিলো নামৰ ঠাইটুকুৰাতে আছে এই কয়লা খনিটো। মাজে মাজে এনে খবৰ প্ৰকাশ পাই আহিছে যে উমৰাংছ’ত এনে বহু কয়লাৰ কুঁৱেৰী আছে। অৱশ্যে ইয়াৰে অধিকাংশই অবৈধ বুলিও অভিযোগ উত্থাপন হৈ আহিছে। অভিশপ্ত তিনিকিলোৰ খনিটোও অবৈধই আছিল বুলি এতিয়া নিশ্চিত হৈছে।
বিজেপি শাসিত ডিমা হাছাওৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচাৰ পত্নীৰ নাম কণিকা হোজাই। ক্ষমতাত থকা মানেই যি খুচি তাকেই কৰাৰ যেন পূৰ্ণ স্বাধীনতা। অভিযোগ অনুসৰি, গাৰ্লোচাৰ পত্নী আৰু আত্মীয়ৰ দ্বাৰাই ডিমা হাছাওত চলি আহিছে অবৈধ খনন মাফিয়াৰ ৰাজত্ব। এই ৰাজত্বত সহযোগ আগবঢ়াই আহিছে অসম চৰকাৰৰ অধীনৰ এম চি ডি চিয়েও।
দুবেলা দুমুঠি ভাত আৰু পৰিয়ালটো পোহপাল দিয়াৰ খাতিৰতে খনন মাফিয়াৰ অধীনত কাম কৰে দৰিদ্ৰ শ্ৰমিকে। দিনটোৰ মজুৰিৰ বাবে নিজৰ জীৱনকো বিপন্ন কৰিবলৈ তেওঁলোকে পিছ নোহোহকে। দৰঙৰ হুছেইন আলী, কোকৰাঝাৰৰ খুচি মোহন ৰায় অথবা শোণিতপুৰৰ শৰত গয়াৰী যেন তেনে শ্ৰমিকৰে উদাহৰণ।
অইন দিনাৰ দৰেই সোমবাৰেও শ্ৰমিকসকলৰ আৰম্ভ হৈছিল কৰ্ম ব্যস্ততা। ধীৰে ধীৰে অন্ধকাৰচন্ন খনিৰ ভিতৰলৈ প্ৰৱেশ কৰি তিনি ফুট উচ্চতাৰ খনিটোৰ ভিতৰত দেহা বেঁকা কৰি তেওঁলোকে আৰম্ভ কৰিছিল খনন কাৰ্য। তেতিয়াই নামে ভয়ংকৰ বিভীষিকা।
কেতিয়াও পাহৰিব নোৱাৰা বিভীষিকাময় দিনটোত নিজৰ জীৱন কেনেবাকৈ ৰক্ষা কৰিবলৈ সক্ষম হোৱা এইচ ইছলাম নামৰ এগৰাকী শ্ৰমিকে দিনটোৰ অভিজ্ঞতা বৰ্ণনা কৰি কয়, “আমাৰ মূৰৰ পৰা খনিৰ ভিতৰৰ চাদলৈ মাত্ৰ ৩ ইঞ্চিমানহে খালী থাকে। আমাক নূন্যতম মানদণ্ডৰ হেলমেট এটাও পিন্ধিবলৈ দিয়া নহয়। দেহা বেঁকা কৰি অতি কষ্টৰে আমি কয়লা খান্দিব লাগে।”
শ্ৰমিকজনে আকৌ কয়, “সিদিনা পুৱা ৬.৩০ বজাতে আমি কয়লা খনিটোত সোমাই গৈছিলো। এঘণ্টামানৰ পিছতে আমাৰ লগৰ কেইজনমান শ্ৰমিকৰ চিঞৰ শুনা পালো। অকস্মাতে পানী হোৰাহোৰে বৈ অহাৰ শব্দও কাণত পৰিল। তেতিয়া মই বুজিলো যে খনিৰ তলত থকা সুৰংগ বোৰেৰে পানী ববলৈ আৰম্ভ কৰিছে। তীব্ৰগতিত বাঢ়ি অহা পানীত মোৰ টুপী আৰু কাপোৰো হেৰাল। আমাৰ লগত কোনো সুৰক্ষা সঁজুলি নাছিল। আনকি মূৰত হেলমেটটোও নাছিল। অসহায় হৈ মই পানীৰ ওপৰতে শুই পৰিলো। ঈশ্বৰৰ কৃপাত মৃতদেহৰ দৰে ওপঙি ওপঙি মই ওপৰলৈ উঠি ওলাই আহিব পাৰিলো।”
প্ৰায় ৩০০ ফুট দ আৰু অতি সংকীৰ্ণ কয়লা খনিটোৰ এশ ফুটলৈকে জলস্তৰ বৃদ্ধি পাইছিল। সেই সময়ত এইচ ইছলাম আৰু আন কেইবাজনো শ্ৰমিকৰ জীৱন ৰক্ষা পৰে যদিও ভিতৰতে আৱদ্ধ হৈ পৰিল ইছলামৰ মোমায়েক আৰু আন কেইবাজনো শ্ৰমিক। এগৰাকী শ্ৰমিকৰ মতে এই দুৰ্ঘটনাৰ সময়ত ভিতৰত ৫০-৬০ জন শ্ৰমিকে কাম কৰিবলৈ সোমাইছিল।
ইফালে স্থানীয় লোকৰ অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে খনন মাফিয়াই। ঘটনাৰ বিষয়ে জানিব পৰাত লগে লগে উপস্থিত হোৱা স্থানীয় প্ৰশাসনে প্ৰথমে সাধাৰণ সা-সঁজুলিৰে উদ্ধাৰৰ প্ৰচেষ্টা চলায়। তেতিয়ালৈকে উমৰাংছ’ৰ এই ঘটনা সমগ্ৰ ৰাজ্য আৰু দেশৰ খবৰ হৈ পৰে।
অবৈধ আছিল কয়লা খনিটো! স্বীকাৰ মুখ্যমন্ত্ৰীৰো
উমৰাংছ’ৰ ঘটনাক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তত্পৰতা দেখুৱাই। আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে তেওঁ সেনাৰ সহায় বিচাৰে। ইয়াৰ পিছতে জোৰদাৰ গতিৰে উদ্ধাৰ অভিযান পুনৰ আৰম্ভ হয়। পৰৱৰ্তী সময়ত বিশাখাপট্টনমৰ পৰা ডুবাৰু বাহিনীও তাত উপস্থিত হয়। সেনা আৰু নৌ সেনাই আকাশ মাৰ্গৰ পৰা পৰিস্থিতি পৰ্যবেক্ষণ কৰি উদ্ধাৰকাৰ্যৰ ৰণনীতি প্ৰস্তুত কৰে। ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফ, এন ডি আৰ এফৰ জোৱানো।
ইফালে এই অভিশপ্ত খনিটো অবৈধ বুলি কৈ ভিতৰত ৯ জন শ্ৰমিক আৱদ্ধ হৈ থকা বুলি ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উমৰাংছ’ থানাত এটা গোচৰ ৰুজু কৰি পুনিশ নুনিছা নামৰ এজনক গ্ৰেপ্তাৰো কৰা হয়।
কিন্তু সেনা-নৌসেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু খনন বিশেষজ্ঞৰ আপ্ৰাণ প্ৰচেষ্টাইও যেন সফল কৰি তুলিব পৰা নাই উদ্ধাৰ অভিযান! ডুবাৰু বাহিনীয়ে আৰ অ’ ভিৰ সহায়ত পৰ্যবেক্ষণ কৰি খনিৰ গভীৰতাত মৃতদেহ প্ৰত্যক্ষ কৰে ঠিকেই, কিন্তু ভৱা ধৰণে উদ্ধাৰ অভিযান সহজ হৈ উঠা নাই। অশেষ প্ৰচেষ্টাৰ অন্তত ঘটনাৰ ৭২ ঘণ্টা পাৰ হৈ যোৱাৰ পিছত গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বিগত চাৰি দিন ধৰি চলি থকা উদ্ধাৰ অভিযানৰ এয়াই যেন একমাত্ৰ সফলতা।
অএনজিচিৰ পৰা অনা অত্যাধুনিক পানী নিষ্কাশণ মেছিনেৰে এতিয়া প্ৰতিঘণ্টাত প্ৰায় ১২ হাজাৰ লিটাৰ পানী নিষ্কাশণ কৰি থকা হৈছে। কিন্তু খনিৰ সংকীৰ্ণ পথ আৰু ভংগুৰ অৱস্থাই উদ্ধাৰৰ সময় ক্ৰমাত্ বৃদ্ধিহে কৰি আছে বুলি উদ্ধাৰকাৰ্য্যৰ সৈতে জড়িত এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
বিজেপি নেতাৰ পত্নীৰ ঘনিষ্ঠৰ দ্বাৰা পৰিচালিত এই কয়লা খনিটোৰ কাষত আছে আন কেইবাটাও কুঁৱেৰী। এই কুঁৱেৰীসমূহৰ সুৰংগবোৰ ইটোৰ সৈতে সিটো সংলগ্ন হৈ থকাটোৱেই বিভীষিকাৰ সৃষ্টি কৰা খনিটোত জলস্তৰ বৃদ্ধি পোৱাৰ মূল কাৰণ বুলি অনুমান কৰা হৈছে। স্থানীয় এগৰাকী বাসিন্দাই এটা সংবাদ মাধ্যমৰ সন্মুখত জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱা খনিটোৰ কাষতে থকা আন এটা কুঁৱেৰী পানীৰ বাবেই যোৱাটো ছিজনৰ পৰা বন্ধ কৰি ৰখা হৈছে। আন এটা কুঁৱেৰী বিগত ৪-৫ বছৰৰ পৰা বন্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
পেটৰ তাড়নাত হাতৰ মুঠিত জীৱটো...
ভোক প্ৰতিজন মানুহৰেই আছে। ভোকত পৰা নেতা-মন্ত্ৰীয়ে জনতাৰ ধন লুণ্ঠন কৰি ভোক গুচায়। বিজেপি নেতা দেৱলাল গাৰ্লোচাৰ পত্নী কনিকা হোজাইয়েও খনন ৰাজ চলাই গুচাই আহিছে সম্পত্তিৰ ভোক। কিন্তু এই শ্ৰমিক সকলৰ ভোক এনে নেতা-মন্ত্ৰীৰ পত্নীৰ ভোকতকৈ বেলেগ!
শ্ৰমিকৰ ভোক লাগে কেৱল পেটৰ তাড়নাত। দুবেলা দুমুঠি খাব পোৱাৰ বাসনাত শ্ৰমিকসকলে হাতত মুঠিত সামৰি ৰাখে কলিজাটো। ঘোৰ অন্ধকাৰছন্ন সুৰংগৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰে, ভয় লাগে তেওঁলোকৰে। ৩ ফুট ওখ সুৰংগৰ মাজত যেতিয়া শৰীৰটো ভাঁজ কৰি হাতুৰী চলাবলগীয়া হয়, কষ্ট তেওঁলোকৰো হয়। কিন্তু তাৰ পিছতো তেওঁলোকে তেনে কাম কৰে, একমাত্ৰ ভোকৰ খাতিৰত।
বিগত ৫ বছৰ ধৰি কয়লা খনিত কাম কৰি অহা ডিমা হাচাওৰে এগৰাকী শ্ৰমিকে কয়, “.. ভয় লাগিলেও আমাৰ উপায় নাই। অনাখৰী মানুহ আমি, বেলেগ কাম বিচাৰিলেও নাপাও। আগতে বাঁহ-বেতৰ কাম কৰিছিলো। কিন্তু আজিকালি মানুহৰ ঘৰত বাঁহ-বেতৰ কাম নোহোৱাই হ’ল। সেয়ে উপায়ন্তৰ হৈ কয়লা খনিতে কাম কৰি আছো। কি কৰিব! পেটৰ তাড়নাত যি হ’লেও কৰিব লগা হয়।”
উমৰাংছ’ৰ কয়লাখনিটোত যিসকল শ্ৰমিক আৱদ্ধ হৈ পৰিছিল, তেওঁলোকৰ পৰিচয় এতিয়া সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছে। সেই খনিটোত আছিল অসমৰ বিভিন্ন প্ৰান্তৰ শ্ৰমিক। তেওঁলোক আছিল- নেপালৰ উদয়পুৰ জিলাৰ গাংগা বাহাদুৰ শ্ৰেষ্ঠ, দৰঙৰ বগৰীবাৰীৰ হুছেইন আলী আৰু মুস্তাফা শ্বেখ, দৰঙৰে ৪নং শিয়ালমাৰী খুঁটিৰ জাকিৰ হুছেইন, কোকৰাঝাৰৰ গোসাঁইগাঁওৰ সৰপা বৰ্মন আৰু মাজেৰগাঁৱৰ খুশি মোহন ৰায়, পশ্চিম বংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, শোণিতপুৰৰ থিলাপাৰা, বতাশীপুৰৰ শৰত গয়াৰী আৰু উমৰাংছ’ৰ লিজান মাগৰ।
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলা মাজেৰগাঁৱৰ খুশিমোহন ৰায়ৰ বয়স ৫২ বছৰ। একেবাৰে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মানুহজনে মাত্ৰ ডেৰমাহমান পূৰ্বে কাম বিচাৰি গৈছিল উমৰাংছ’লৈ। আৰম্ভ কৰিছিল কয়লা খনিৰ শ্ৰমিকৰ কাম। আগতে তেওঁ নিজৰ এলেকাটোতে দিন মজুৰী কৰিছিল। কিন্তু লাহে লাহে কামৰ নাটনি হ’বলৈ ধৰাত পৰিয়ালৰ পোহপালৰ বাবে আন উপায় বিচাৰিবলৈ আৰম্ভ কৰিছিল খুশিমোহন ৰায়ে।
খুশিমোহনৰ ঘৰত আছে অশীতিপৰ মাতৃ, পত্নী আৰু হাইস্কুলত পঢ়ি থকা দুই সন্তান। ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ ভৰষা মানুহজন কয়লা খান্দিবলৈ গৈ আৱদ্ধ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে পৰিয়ালটো। কি কৰিব কি নকৰিব ভাবি উৱাদিহ নোপোৱা পৰিয়ালটোৱে দিনে-নিশাই কেৱল প্ৰাৰ্থনা জনাইছে নেদেখাজনক- ঈশ্বৰে সুকলমে ওভতাই আনক।
কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ ভাওঁৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত খলিচানিমাৰী গাঁৱৰ সৰপা বমৰ্নৰ পৰিয়ালটোতো এতিয়া একেই শোকাকুল পৰিৱেশ। প্ৰায় ২০ বছৰ ধৰি কয়লা খনিতে কাম কৰি আহিছে সৰপা বৰ্মনে। ডিচেম্বৰত ঘৰলৈ আহি ২৬ ডিচেম্বৰত পুনৰ উমৰাংছ’লৈ উভতিছিল তেওঁ। কিন্তু তাৰ পিছত ৬ জানুৱাৰীৰ দিনাখন খনিৰ ভিতৰত আৱদ্ধ হৈ পৰাৰ খবৰ পৰিয়ালে লাভ কৰাৰ পিছতে হাহাকাৰ আৰম্ভ হয়। দুই কন্যা সন্তানৰ পিতৃ সৰপা বৰ্মনৰ সৰুজনী কইনাৰ বিয়াৰ দিন ঠিক হোৱাৰ কথা আছিল কিছুদিনৰ ভিতৰতে। এতিয়া সকলোৱে তেওঁ সুকলমে উভতি অহাৰ কামনাৰে বাট চাই ৰৈছে।
খনিৰ ভিতৰত আৱদ্ধ হৈ থকা প্ৰতিগৰাকী শ্ৰমিকৰ পৰিয়ালৰ মাজতে এতিয়া হাহাকাৰ লাগিছে। আজি ঘটনাৰ চাৰিটা দিন পাৰ হৈ গৈছে। লাহে লাহে ক্ৰমাত নোহোৱা হৈ আহিছে আৱদ্ধসকলৰ জীয়াই থকাৰ সম্ভাৱনা। যদি তেওঁলোক সুৰক্ষিত আছেও, তেন্তে চাৰিদিন অনাহাৰে থাকি কি বা হৈছে তেওঁলোকৰ অৱস্থা! এতিয়া পৰিয়ালসমূহৰ একমাত্ৰ ভৰষা উদ্ধাৰকাৰী দল।
মেঘালয়ত অবৈধ কয়লা খনন, চৰকাৰৰ সংযোগ
নতুন বছৰৰ আৰম্ভণিতে সংঘটিত উমৰাংছ’ৰ এই ঘটনাই এতিয়া পুনৰ এবাৰ মানুহক মনত পেলাই দিছে আগৰ কেইবাটাও দুঃসহ স্মৃতি। ২০১৮ চনৰ ডিচেম্বৰ মাহত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰিছিল ১৫ জন শ্ৰমিক। ধাৰাসাৰ বৰষুণৰ বাবে খনিটোত পানী প্ৰৱেশ কৰাৰ বাবে তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’ল। সেই ঘটনাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ভাৰতীয় নৌসেনা আৰু বায়ুসেনাই দীৰ্ঘদিন ধৰি উদ্ধাৰ অভিযান চলাই অৱশেষত আশা এৰি দিছিল।
২০২১ চনত একেটা অঞ্চলতে আন এক দুৰ্ঘটনাত ৫ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল। ডাইনামাইট বিস্ফোৰণৰ ফলত খনিটোত পানী প্ৰৱেশ কৰি দুৰ্ঘটনাটো সংঘটিত হয়। ৰাষ্ট্ৰীয় পৰিৱেশ ন্যায়াধিকৰণৰ বিৰুদ্ধে মেঘালয় চৰকাৰে অবৈধ খনন কাৰ্যকলাপ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ২০১৯ চনত এই কাৰণতে মেঘালয় চৰকাৰক ১০০ কোটি টকা জৰিমনা বিহা হৈছিল। কিন্তু তাৰ পিছতো অবৈধ খনন কাৰ্যকলাপ বন্ধ নহ’ল।
দীৰ্ঘদিন ধৰি অবৈধ খনন কাৰ্য্যই পৰিৱেশ আৰু শ্ৰমিকৰ জীৱনলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। মেঘালয়ত থকা অধিকাংশ কয়লা খনিয়েই অবৈধ বুলি প্ৰকাশ পাইছে। অসমতো থকা বহু কয়লা খনিক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈ আহিছে।
কিন্তু ইয়াৰ পিছতো চৰকাৰে এনে কয়লা খনি বন্ধ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ আজিলৈকে কৰা নাই। এতিয়া উমৰাংছ’ৰ দুৰ্ঘটনা সংঘটিত হোৱা খনিটো অবৈধ বুলি মন্তব্য কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু যদি খনিটো অবৈধ বুলি তেওঁ জানিছিলেই, তেন্তে ইমান দিন কিয় তাত বাধাহীনভাৱে খনন কাৰ্য চলাই থাকিবলৈ সক্ষম হৈছিল কয়লা মাফিয়াই? বিৰোধী আৰু সচেতন মহলে কৰা এই প্ৰশ্ন নিশ্চয় অযুক্তিকৰ নহয়।
ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচা বিজেপিৰে এজন নেতা। অসমত আন বহু বিজেপি নেতাৰ বিৰুদ্ধে চিণ্ডিকেটৰাজ চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। বহুবাৰ তথ্যসহকাৰেও এনে অভিযোগ উত্থাপিত হৈছ। কিন্তু তাৰ পিছতো আজিলৈ তেনে নেতা-মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।
দেৱলাল গাৰ্লোচা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও ডিমা হাচাওত খনন মাফিয়াৰাজ চলাই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। এতিয়া পোহৰলৈ আহিছে আন বহু বিস্ফোৰক সত্য। বিৰোধীৰ অভিযোগ অনুসৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আৰু দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইৰ দ্বাৰা পৰিচালনা কৰা ডিমা হাচাওৰ ৬০-৭০ টা কয়লা খনিত দুই হাজাৰৰো অধিক শ্ৰমিক নিয়োজিত হৈ আছে।
এনে পৰিপ্ৰেক্ষিতত ৰৌ-বৰালি এৰি পুঠি-খলিহনা ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে দায় সাৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে এই অবৈধ কয়লা খনিৰ পৰিচালনাৰ সৈতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ প্ৰত্যক্ষ সম্পৰ্ক থকা বুলি দাবী কৰিছে।
অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এক প্ৰেছ বিবৃতিত কয়, "ডিমা হাচাও জিলাত অবৈধ কয়লা খনন আৰু 'ৰেট হোল মাইনিং'ৰ ঘটনাই ৰাজ্যখনৰ দুৰ্নীতি স্পষ্টভাৱে উদঙাই দিছে। এই খননৰ লগত জড়িত সকলোকে চিনাক্ত কৰি কঠোৰ শাস্তি দিব লাগিব।" আনহাতে, কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে কয়, "এই অবৈধ কয়লা খনিয়ে শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলি আহিছে। এই খনিটোত কণিকা হোজাইৰ নামো জড়িত হৈ পৰিছে। ইয়াৰ উচিত তদন্ত হওক আৰু প্ৰকৃত দোষীক শাস্তি বিহা হওক।"
তৃণমূল কংগ্ৰেছেও এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁলোকে দাবী কৰে যে এই অবৈধ খনিটো প্ৰশাসনৰ সহযোগত চলি আছে। উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দোষীৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে। মুঠতে অবৈধ কয়লা খনি আৰু এই খনিৰ সৈতে জড়িত ছিণ্ডিকেটৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগে ৰাজ্যখনৰ শাসন ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।