নতুন দিল্লীঃ 'ভুল কৰাটো স্বাভাৱিক, ময়ো ভুল কৰিব পাৰো। মই মানুহ, ঈশ্বৰ নহয়।’ -২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মানৱ সেৱাৰ বাবে 'পৰমাত্মা’ই প্ৰেৰণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জীৱনৰ প্ৰথমটো প’ডকাষ্টত ভাগ লৈ নিজকে মানৱ সজোৱা পৰিলক্ষিত হ’ল। দৰাচলতে জেৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাতৰ সৈতে প্ৰথমটো প’ডকাষ্টত ভাগ লৈ কথা প্ৰসংগত তেওঁৱো ভুল কৰিব পাৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
দুঘণ্টীয়া এই প’ডকাষ্টত শৈশৱ, যৌৱন আৰু কৰ্মজীৱনৰ নানা কথাও ব্যক্ত কৰে তেওঁ। মোদীয়ে কয় যে তেওঁ এতিয়াও নিজৰ ৰিস্ক লোৱাৰ সৰ্বোচ্চ ক্ষমতা ব্যৱহাৰ কৰা নাই। তেওঁৰ ৰিস্ক লোৱা মানসিকতা অতি শক্তিশালী। প’ডকাষ্টত এটা ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই সময়ত তেওঁ আৰ এছ এছত কাম কৰি আছিল আৰু গাড়ী চলাবলৈ শিকিছিল। এবাৰ ঢাল ৰাস্তা এটাত গাড়ী চলাই থাকোতে তেওঁ ভাৱিলে যে ইঞ্জিনটো বন্ধ কৰি দিলে পেট্ৰ’ল ৰাহি কৰিব পৰা যাব আৰু গাড়ীখনো নিজে নিজে চলি গৈ থাকিব।
প্ৰধানমন্ত্ৰীয়ে কয়, "তেতিয়া মই বৰ বেছি জনা নাছিলোঁ। গাড়ীখন দ্ৰুতগতিত নামিবলৈ ধৰিলে। মই ব্ৰেক লগাবলৈ চেষ্টা কৰিলোঁ, কিন্তু ইঞ্জিন বন্ধ হৈ গ'ল। মোৰ কাষত বহি থকা কোনেও ধৰিব পৰা নাছিল যে মই আচলতে কি কৰিলোঁ।" লগতে তেওঁ কয় যে শিক্ষণ অভিজ্ঞতাৰ পৰাই আহে আৰু অভিজ্ঞতাই আপোনাক জীৱনত আগুৱাই লৈ যায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ কেতিয়াও আৰামদায়ক জীৱন কটাব পৰা নাই। সদায় কম্ফ’ৰ্ট জ’নৰ বাহিৰত তেওঁ কাম কৰি আহিছে। তেওঁ নিজকে কম্ফ’ৰ্ট জ’নৰ বাবে অনুপযুক্ত বুলি মন্তব্য কৰে।
তেওঁৰ মতে, "যদি কোনো উদ্যোগপতি নিজৰ কম্ফ’ৰ্ট জ'নৰ বাহিৰলৈ খোজ নিদিয়ে, তেন্তে তেওঁৰ প্ৰগতিৰ সীমা নিৰ্ধাৰণ কৰা হয়। জীৱন বা কৰ্মৰ যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ হ'লে নিজৰ কম্ফ’ৰ্ট জ'নৰ বাহিৰলৈ গৈ খোজ দিব লাগিব। ই হৈছে ৰিস্ক লোৱাৰ মানসিকতা, যিয়ে এজনক আগুৱাই লৈ যায়।" মোদীয়ে লগতে কয়, "মোৰ ৰিস্ক লোৱাৰ ক্ষমতা এতিয়াও সম্পূৰ্ণৰূপে ব্যৱহাৰ হোৱা নাই। মোৰ ৰিস্ক লোৱা ক্ষমতা বহুত বেছি কাৰণ মই নিজৰ বাবে চিন্তা নকৰো। নিজৰ বাবে চিন্তা নকৰা ব্যক্তিৰ ৰিস্ক লোৱা ক্ষমতা অপৰিসীম।"
প্ৰণিধানযোগ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে তেওঁৰ অনুভৱ হয় যেন পৰমাত্মাই তেওঁক মানৱ সেৱাৰ বাবে প্ৰেৰণ কৰিছে। সেই সাক্ষাৎকাৰত ঈশ্বৰৰ সৈতে চিধা সংযোগ থকা বুলিও মন্তব্য কৰিছিল নৰেন্দ্ৰ মোদীয়ে। এতিয়া প’ডকাষ্টত তেওঁ নিজকে 'মানুহ’ সজাই ভুল হ’ব পাৰে বুলি কৰা মন্তব্যই নেটিজেনক আলোচনাৰ খোৰাক দিছে।