গুৱাহাটীঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ উদঙাইছে সাংবাদিক-ইউটিউবাৰ শ্যাম মীৰা সিঙে। 'আজটক’কে ধৰি কেইবাটাও আগশাৰীৰ ৰাষ্ট্ৰীয় নিউজ চেনেলত সাংবাদিকতা কৰাৰ অন্তত সম্প্ৰতি ইউটিউবৰ জৰিয়তে মুক্ত সাংবাদিকতা কৰি অহা শ্যাম মীৰা সিঙে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা বিভিন্ন অভিযোগে খলকনি তুলিছে ৰাজনৈতিক মহলত। ছাত্ৰাৱস্থাৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক গুৰু ভৃগু কুমাৰ ফুকনক লেং মাৰি নিজে বিধায়ক হোৱালৈ, আৰু আলফাৰ নামৰ ধনবাদীৰ অভিযোগৰ পৰা মানবেন্দ্ৰ শৰ্মা হত্যকাণ্ডত নাম সাঙোৰ খাই পৰালৈকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আৰু সাংগঠনিক দিশ উজাগৰ কৰি সাংবাদিক শ্যাম মীৰা সিঙে প্ৰস্তুত কৰা ভিডিঅ’টোৱে সামাজিক মাধ্যমত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীক লৈ শ্যাম মীৰা সিঙে প্ৰস্তুত কৰা ইউটিউব ভিডিঅ’টোৱে মাত্ৰ ৪ দিনতে লাভ কৰিছে ১.৩ মিলিয়ন ভিউজ। হিন্দীত প্ৰস্তুত কৰা এই ভিডিঅ’ৰ কমেন্ট বক্সত ভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। শ্যাম মীৰা সিঙে তেওঁৰ ভিডিঅ’ত অভিযোগ কৰা অনুসৰি আলফা স্বাধীনৰ সৈতে গভীৰভাৱে জড়িত আছিল হিমন্ত বিশ্ব শৰ্মা। ছাত্ৰ জীৱনৰ সময়তে আছুৰ প্ৰতি প্ৰভাৱিত হোৱা হিমন্ত বিশ্ব শৰ্মাই কটন কলেজত পঢ়ি থকা সময়তে জড়িত হৈ পৰিছিল স্বাধীন অসমৰ দাবী তোলা সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে।
ইউটিউবাৰগৰাকীয়ে তথ্যসহ দাবী কৰে যে কটন কলেজত পঢ়ি থকা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছিল পিষ্টল আৰু গুলী। ইয়াৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছিল। আনহাতে হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নাম লৈ ব্যৱসায়ীৰ পৰা ধন দাবী আৰু আলফাৰ জৰিয়তে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক হত্যা কৰা বুলিও বিস্ফোৰক অভিযোগ আনিছে ইউটিউবাৰ শ্যাম মীৰা সিঙে। কংগ্ৰেছৰ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ সৈতেও হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ কৰে ইউটিউবাৰজনে।
২০১৩ চনত সাৰদা চিট ফাণ্ড কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খাই পৰাৰ পৰা অসমত বাধাহীন ব্যৱসায়ৰ বাবে ধন বিচৰা বুলি সুদীপ্ত সেনে উত্থাপন কৰা অভিযোগলৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু কেলেংকাৰীৰো অভিযোগ উত্থাপন কৰিছে সাংবাদিক-ইউটিউবাৰ শ্যাম মীৰা সিঙে। তদুপৰি তেওঁৰ পত্নীৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰছৰ বিৰুদ্ধে গুৱাহাটীৰ এটা প্ৰাইম লকেচনত অবৈধভাৱে মাটি দখল কৰা বুলিও অভিযোগ কৰে ইউটিউবাৰজনে।
আনহাতে পত্নী ৰিণিকি ভূঞা শৰ্মাক খাদ্য সংশাধন কাৰখানা স্থাপনৰ বাবে কেবা কোটি টকাৰ চৰকাৰী ৰাজসাহায্য প্ৰদানক লৈও প্ৰশ্ন উত্থাপন কৰে শ্যাম মীৰাই। গুৱাহাটীত উৰণ সেতু মুকলি কৰাৰ পাঁচ মাহ পিছত কিদৰে সেই সেঁতুৰ নিবিদা হিমন্ত বিশ্ব শৰ্মাৰ আত্মীয়ক দিয়া হ’ল সেই প্ৰশ্ন উত্থাপন কৰি শ্যাম মীৰা সিঙে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ চৰকাৰত স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে হাৱালাৰ জৰিয়তে আলফা, ডি এইচ ডি জেৰ দৰে নিষিদ্ধ সংগঠনক শিক্ষা, বিকলাংগ সকলৰ বাবে আৱণ্টিত চৰকাৰী পুঁজি প্ৰেৰণ কৰিছিল।
লুইজ বাৰ্জাৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খাই পৰাৰ কথাও ভিডিঅ’ত উল্লেখ কৰিছে উত্তৰ প্ৰদেশৰ ইউটিউবাৰজনে। একে সময়তে 'দ্য ৱায়াৰ' আৰু গুৱাহাটীৰ ডিজিটেল সংবাদ প্ৰতিষ্ঠান 'ক্ৰছকাৰেণ্ট'ত প্ৰকাশিত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ক’ভিড-১৯ মহামাৰীৰ সময়ত তেওঁৰ পত্নীৰ কোম্পানী জেচিবি ইণ্ডাষ্ট্ৰীজক অধিক মূল্যত ৫,০০০ পিপিই কিট যোগান ধৰাৰ অৰ্ডাৰ প্ৰদানৰো অভিযোগ তোলে।
হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমত আইন-শৃংখলাৰ অৱনতি ঘটা বুলি তথ্য সহকাৰে দাবী কৰি শ্যাম মীৰা সিঙে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মাদ্ৰাছা বন্ধ কৰাৰ উপৰিও মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও আৰক্ষীৰ এনকাউণ্টাৰ বৃদ্ধি পোৱাৰ বাবে মানৱ অধিকাৰ সংগঠনৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। বুলডজাৰ অভিযানত বহু মুছলমান পৰিয়ালৰ ঘৰ ভাঙি পেলোৱাৰ ফলত জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, সাংবাদিক-ইউটিউবাৰ শ্যাম মীৰা সিঙে তেওঁৰ ভিডিঅ’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কোৱা প্ৰতিটো কথাতে তুলি ধৰিছে সেই অভিযোগৰ সৈতে সম্পৰ্কিত পেপাৰ কাট, ৱেবছাইটৰ খবৰ আদিও। ইতিমধ্যে মিলিয়ন ভিউজ অতিক্ৰম কৰা এই ভিডিঅ’ৰ অসমৰ ৰাজনৈতিক মহলত ব্যাপক খলকনি তুলিছে। অসমৰ তথাকথিত নামী-দামী সাংবাদিকে মুখ ফুটাই ক’ব নোৱাৰা কথাবোৰ বহিঃৰাজ্যৰ এগৰাকী সাংবাদিক-ইউটিউবাৰে নিৰ্ভীকভাৱে উদঙাই দিছে বুলিও বিভিন্নজনে মত ব্যক্ত কৰিছে। অৱশ্যে ইউটিউবাৰজনৰ এই তথ্যভিত্তিক অভিযোগ সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।