কলকাতাঃ ১৬২ দিনৰ অন্তত আজি প্ৰদান কৰা হ’ল দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাগোচৰৰ ৰায়দান। বিগত পাঁচমহীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি এই গোচৰত একমাত্ৰ অভিযুক্ত সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰিছে শিয়ালদাহ আদালতে।
অহা সোমবাৰে আদালতে শাস্তি ঘোষণা কৰিব অপৰাধী সঞ্জয়ৰ। আদালতে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ শাস্তি বিহিব পাৰে। উল্লেখ্য যে, এই ঘটনা সংঘটিত হৈছিল বিগত বৰ্ষৰ ৯ আগষ্টত। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত নৈশ কৰ্তব্যৰত সোদৰেপুৰৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল হাস্পতালখনৰ ছেমিনাৰ হলত। তদন্তত চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি ক্ষোভৰ উদগীৰণ ঘটে।
এই নৃশংস কাণ্ডৰ প্ৰায় ছমাহৰ পাছত ১৮ জানুৱাৰীত আদালতে ৰায়দান কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ), ৩০২ (হত্যা), আৰু ২০১ (প্ৰমাণ ধ্বংস কৰা) ধাৰাত সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰে। সমগ্ৰ দেশ জোকাৰি যোৱা এই গোচৰৰ বিচাৰ বিগত কেইমাহমানৰ পৰা অত্যন্ত অশান্তিপূৰ্ণ হৈ পৰিছিল। এই গোচৰক লৈ আৰম্ভ হৈছিল ৰাজনৈতিক বাক-বিবাদৰো। অৱশ্যে সঞ্জয় ৰায়ক সকলো অভিযোগতে দোষী সাব্যস্ত কৰি আদালতে দিয়া আজিৰ ৰায়দানে দীৰ্ঘদিনীয়া ক্ষোভ কিছু হ’লেও শাম কটাবলৈ সক্ষম হৈছে।
নিজকে নিৰ্দোষী বুলি দাবী দোষী সঞ্জয়ৰ
সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰাৰ পিছত আজি শিয়ালদাহ আদালতৰ ন্যায়াধীশ অনিৰ্বান দাসে কয়, “এতিয়ালৈকে দাখিল কৰা প্ৰমাণ আৰু সাক্ষ্যৰ ভিত্তিত অভিযুক্ত সঞ্জয় ৰায় দোষী। তেওঁ মহিলা চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু প্ৰমাণ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল।" ইয়াৰ পিছত সঞ্জয় ৰায়ৰ অধিবক্তাই দাবী কৰে যে তেওঁৰ মক্কেলক এই গোচৰত মিছাকৈ অভিযুক্ত কৰা হৈছে। সঞ্জয়ৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত লগতে দাবী কৰে যে এতিয়াও তেওঁলোকে 'ভিচচেৰা ৰিপ’ৰ্ট’ লাভ কৰা নাই।
এই ৰিপ’ৰ্টত যদি মহিলা চিকিৎসকগৰাকীৰ মৃত্যু পূৰ্বেই সংঘটিত হৈছিল বুলি পোহৰলৈ আহে, তেন্তে সঞ্জয় ৰায়ৰ নিৰ্দোষিতা প্ৰমাণিত হ’ব বুলিও দাবী কৰে অধিবক্তাই। কিন্তু আদালতে তেওঁৰ দাবীৰ মূল্যায়ন নকৰাকৈয়ে গোচৰটোৰ প্ৰমাণ আৰু চিবিআইৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰে। ইয়াকে লৈ ক'ৰ্টৰ সন্মুখত সঞ্জয়ে চিঞৰি কয়, "মই একো কৰা নাছিলো। মোৰ ডিঙিত ৰুদ্ৰাক্ষৰ মালা আছিল, আৰু ৰুদ্ৰাক্ষৰ মালা পিন্ধি অপৰাধ কৰাটো সম্ভৱ নহয়।" কিন্তু আদালতে তেওঁৰ দাবী নাকচ কৰে।
বিচাৰৰ দিনা সঞ্জয়ে আৰু অভিযোগ কৰে, "মই যদি এই অপৰাধ সংঘটিত কৰিলোঁহেঁতেন তেন্তে মোৰ ডিঙিৰ ৰুদ্ৰাক্ষৰ মালা ছিঙি পৰিলেহেঁতেন। কিন্তু তেনেকুৱা একো নহ'ল, মই নিৰ্দোষী।" অৱশ্যে সঞ্জয় ৰায়ৰ এই দাবীৰ কোনো প্ৰমাণ লাভ কৰা নাই তদন্তকাৰী দলে। চিবিআইৰ অধিবক্তাই কয়, “এয়া ভিত্তিহীন। প্ৰমাণৰ ভিত্তিত সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰা হৈছে।"
ইফালে, সঞ্জয়ৰ বিৰুদ্ধে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত লাভ কৰা চিচিটিভি ফুটেজ আৰু অন্যান্য দৃশ্যগত প্ৰমাণে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১৩ আগষ্টত শিয়ালদাহ আদালতে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পিছত চিবিআইয়ে গোচৰটোৰ ওপৰত গভীৰ দৃষ্টি নিক্ষেপ কৰি ৭ অক্টোবৰত অভিযোগনামা দাখিল কৰে। তাত সঞ্জয় ৰায়ৰ বাহিৰে আন কোনো অভিযুক্তৰ নাম উল্লেখ কৰা হোৱা নাছিল। চিবিআইৰ দাবী যে সঞ্জয়ৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে, যিটো তেওঁৰ দোষ প্ৰমাণ কৰিব পৰাকৈ শক্তিশালী।
ইয়াৰ বিপৰীতে অভিযুক্তই নিজকে নিৰ্দোষী বুলি দাবী কৰি কয় যে তেওঁ সাধাৰণ আৰু দুখীয়া পৰিয়ালৰ পৰা আহিছে আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সঞ্জয়ৰ অধিবক্তা কবিতা সৰকাৰে কয়, ''মোৰ মক্কেল নিৰ্দোষী। তেওঁক ফ্ৰেম কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে।"
আজি ৰায় প্ৰদানৰ পূৰ্বে সঞ্জয় ৰায়ক শুকুৰবাৰে শেষবাৰৰ বাবে সাক্ষাৎ কৰিছিল অধিবক্তা কবিতা ৰায়ে। সেই সময়ত সঞ্জয়ে অভিযোগ কৰে যে এটা ফোন কলেৰে তেওঁক ধৰ্ষণ আৰু হত্যা গোচৰত অভিযুক্ত সজোৱা হৈছে। কবিতা সৰকাৰে এই সন্দৰ্ভত কয়, "কলকাতা আৰক্ষীৰ কল্যাণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ দত্তই সঞ্জয়ক ফোন কৰিছিল। ঘটনাৰ দিনা প্ৰথমবাৰৰ বাবে তৃতীয় মহলালৈ গৈছিল। চিচিটিভিৰ ফুটেজত তেওঁৰ আচৰণ ধৰা পৰিছিল।’’ একে সময়তে আইনী কোষতো কিছু গাফিলতি হোৱা বুলি কবিতা সৰকাৰে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয়, "আমি কোনো প্ৰতিৰক্ষামূলক প্ৰমাণ অনা নাছিলো। আন বহু কাম মই পুংখানুপুংখভাৱে কৰিব পৰা নাছিলো। হাইকোৰ্টলৈ গ'লে সেইবোৰ কৰিব পৰা যাব।"
দোষী সঞ্জয়ৰ ভগ্নীয়ে প্ৰকাশ কৰিলে ঘৃণা!
এই গোচৰৰ ৰায়দানৰ পিছতে শোকবিহ্বল হৈ পৰে দোষী সঞ্জয়ৰ ভগ্নী। আদালতৰ কাঠগৰাত ভাতৃক দেখি চকুপানী ৰখাব নোৱাৰি উচুপি উঠে ভগ্নীয়ে। তেওঁ কয়, "আইনে যি উচিত বুলি ভাবিছে তাকেই কৰিছে। অপৰাধ কৰিলে শাস্তি পাব।’’ একে সময়তে ভুক্তভোগীৰ পৰিয়ালৰ ওচৰতো ক্ষমা বিচাৰে সঞ্জয়ৰ ভগ্নীয়ে।
তেওঁ লগতে কয়, ''এগৰাকী মহিলাৰ ওপৰত এনে নৃশংস নিৰ্যাতন চলোৱা হৈছে বুলি ভাবিলে হৃদয় কঁপি উঠে। মই ভগ্নী হিচাপে কষ্ট পাইছো, কিন্তু অন্যায়ক সমৰ্থন কৰাৰ কোনো প্ৰশ্নই নাহে।" ভাতৃৰ অপৰাধৰ প্ৰতি ঘৃণা প্ৰকাশ কৰি তেওঁ কয় যে আইনে তেওঁক দোষী বুলি ভাবে, গতিকে তেওঁক শাস্তি দিছে। মই ইয়াৰ বিৰুদ্ধে একো নকওঁ। তেওঁলোকে যি হেৰুৱালে, সেয়া কেতিয়াও পূৰাব নোৱাৰি। মই কেৱল ক্ষমা খুজিব পাৰো।
যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড...
আদালতৰ আজিৰ এই ৰায়দানে সমগ্ৰ ঘটনাটোক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। ৰাজ্যৰ এখন বৃহৎ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা চিকিৎসকৰ নৃশংস হত্যাকাণ্ডই কেৱল ৰাজ্যকে নহয়, সমগ্ৰ দেশকে স্তম্ভিত কৰি তুলিছে। এফালে এই হত্যাকাণ্ডৰ বিচাৰ, আনফালে দেশজুৰি চলি থকা প্ৰতিবাদ, ক্ষোভ, উত্তেজনা আদি সকলো মিলি এক তীব্ৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি কৰিছে। বিশেষকৈ কনিষ্ঠ চিকিৎসকসকলে এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু সেই প্ৰতিবাদ অৱশেষত এক বৃহৎ গণ আন্দোলনলৈ পৰিণত হৈছিল।
চিকিৎসালয়ৰ চৌহদত ব্যাপক উত্তেজনা, চিকিৎসক আৰু নাৰ্ছৰ ওপৰত আক্ৰমণ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণে ৰাজ্যখনৰ ভিতৰত উত্তেজনা বৃদ্ধি কৰে। আন্দোলন চৰম পৰ্যায়ত উপনীত হোৱাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰে বাৰে আশ্বাস দিয়ে যে অভিযুক্তক শীঘ্ৰে শাস্তি প্ৰদান কৰা হ’ব। অন্যহাতে, এই গোচৰৰ তদন্তৰ সময়ত আৰক্ষীৰ কাম-কাজক লৈও বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয়, আৰু একাধিক ৰাজনৈতিক দলে চিবিআইৰ তদন্তৰ দাবী জনায়। ইয়াৰ পিছতে ১৩ আগষ্টত কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইৰ তদন্ত আৰম্ভ হয়। আনুষ্ঠানিকভাৱে তদন্তত অংশগ্ৰহণ কৰা চিবিআইয়ে সঞ্জয়ৰ দোষী সাব্যস্ত কৰিবলৈ আদালতত সকলো প্ৰমাণ দাখিল কৰে।
আজি এই গোচৰৰ ৰায় প্ৰদান কৰি শিয়ালদহ আদালতে কয়, "সঞ্জয় ৰায়ক বিএনএছৰ ৬৪, ৬৬, ১০৩-১ ধাৰাত দোষী সাব্যস্ত কৰা হৈছে। তেওঁ ধৰ্ষণ কৰিছিল আৰু হত্যাৰ পিছত প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা কৰিছিল।" আনকি এই ধাৰাত সঞ্জয়ৰ শাস্তিৰ কথাও উল্লেখ আছে, যিটো ২৫ বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড বা আনকি মৃত্যুদণ্ডলৈকে হ’ব পাৰে। ইফালে এই গোচৰৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া কিমান গভীৰ আছিল সেয়া কোৱা বাহুল্য। এটা সময়ত বিভিন্ন বাওঁপন্থী আৰু অতি বাওঁপন্থী সংগঠনে চিবিআইৰ তদন্তৰ সপক্ষে থিয় দি কলকাতা আৰক্ষীয়ে পৰ্যাপ্ত তদন্ত কৰা নাই বুলি দাবী কৰিছিল। অৱশ্যে আদালতে চিবিআইৰ তদন্তৰ সপক্ষে ৰায়দান কৰাৰ লগতে ৰাজ্যৰ আৰক্ষীয়েও নিজৰ ভূমিকা স্পষ্ট কৰি দিয়ে৷
তৃণমূলৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে কয়, ''আজিৰ ৰায়দানে প্ৰমাণ কৰিছে যে কলকাতা আৰক্ষীৰ তদন্ত একেবাৰে শুদ্ধ আছিল। চিবিআইয়ে কলকাতা আৰক্ষীৰ তদন্ত শুদ্ধ আৰু সঠিক পথেৰে আগবাঢ়িছিল বুলি আজি নিশ্চিত কৰিছে। কিছুমান বাওঁপন্থী, অতি বাওঁপন্থী সংগঠনে আৰক্ষীৰ তদন্তক লৈ বিভ্ৰান্তি বিয়পাইছিল।" দেশ কঁপোৱা এই লোমহৰ্ষক কাণ্ডৰ আজি ৰায় প্ৰদান কৰিছে শিয়ালদাহ আদালতে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে- এইবাৰ সঞ্জয় ৰায়ৰ শাস্তি কি হ’ব? মৃত্যুদণ্ড, নে যাৱজ্জীৱন কাৰাদণ্ড? ২০ জানুৱাৰীত আদালতে ঘোষণা কৰিব সঞ্জয়ৰ চূড়ান্ত শাস্তি। সমগ্ৰ দেশে এতিয়া আদালতে ঘোষণা কৰা শাস্তিলৈ অপেক্ষা কৰিছে।