আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰথম কেইঘণ্টামানৰ ভিতৰতে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি নিজৰ প্ৰচাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতি এক প্ৰকাৰৰ আনুগত্য প্ৰদৰ্শন কৰিছে ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকসকলৰ মতে, ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয় কাৰ্যকালত তেওঁ গ্ৰহণ কৰা সিদ্ধান্তই নতুন প্ৰশাসনৰ বাবে এক নতুন দিশ নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ ফলত আমেৰিকাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব। প্ৰথম কাৰ্যকালৰ সময়ত অসম্পূৰ্ণ হৈ ৰোৱা কামবোৰ দ্বিতীয় কাৰ্যকালত সম্পূৰ্ণ কৰা হ’ব বুলি পূৰ্বেই ইংগিত প্ৰদান কৰিছিল ড’নাল্ড ট্ৰাম্পে। এতিয়া পুনৰ হোৱাইট হাউচত ভৰি দি তেওঁ স্বাক্ষৰ কৰা কাৰ্যবাহী আদেশৰ ভিতৰত আছে অনুপ্ৰৱেশ নীতি, সীমান্ত নিৰাপত্তা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, পৰিৱেশ নীতি, চৰকাৰী ব্যয় কৰ্তনৰ ব্যৱস্থা আদি।
তেওঁৰ এই কাৰ্য্যই কেৱল ঘৰুৱা ৰাজনীতিতেই নহয়, সমগ্ৰ বিশ্বতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ কিছু সময়ৰ পিছতে সংবাদ মাধ্যম, ৰাজনৈতিক বিশ্লেষক আৰু সাধাৰণ জনতাৰ মাজত তেওঁৰ সিদ্ধান্তৰ বিষয়ে আলোচনা আৰম্ভ হয়। বহু ক্ষেত্ৰত তেওঁৰ সিদ্ধান্তৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰতিবাদ আৰু সমালোচনাও দেখা গৈছে। ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ কিছু ঘণ্টাৰ ভিতৰতে তেওঁ সীমান্ত নিৰাপত্তা শক্তিশালী কৰা, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰা, চীনৰ মালিকানাধীন টিকটক প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাম্পে তেওঁৰ এনে সিদ্ধান্তৰে আমেৰিকাত বৃহত্ পৰিৱৰ্তনৰ ইংগিত দিয়া বুলি এতিয়া চৰ্চা হৈছে।
ট্ৰাম্পৰ এই সিদ্ধান্তসমূহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আমেৰিকাৰ প্ৰত্যাৱৰ্তন সহজ কৰি তুলিব বুলি আশা কৰা হৈছে যদিও এই সিদ্ধান্তসমূহে এই কাৰ্য্যসমূহৰ বিৰুদ্ধেও ব্যাপক ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে। বহুতে কয় যে ট্ৰাম্পৰ এই কাৰ্যৰ লক্ষ্য কেৱল তেওঁৰ ৰাজনৈতিক ভিত্তি শক্তিশালী কৰা, বিশেষকৈ তেওঁৰ সমৰ্থন গোটক সুখী কৰি ৰখা। মানৱ অধিকাৰ সংগঠন, বিভিন্ন ৰাজনৈতিক দল, আৰু কিছুমান আন্তঃৰাষ্ট্ৰীয় নেতাইও তেওঁৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়াতো ট্ৰাম্পৰ উদ্দেশ্য সম্পৰ্কে চৰ্চা আৰম্ভ হৈছে। কিন্তু প্ৰশ্ন হয়, ট্ৰাম্পৰ এই কাৰ্য কিমান ফলপ্ৰসূ হ’ব, আৰু তাৰ ফলত সৃষ্টি হোৱা বিভাজন দেশখনৰ বাবে কিমান ক্ষতিকাৰক হ’ব?
অভিবাসন নীতি আৰু সীমান্ত সুৰক্ষা
ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ সীমান্তত জৰুৰী অৱস্থা ঘোষণা কৰি মেক্সিকান সীমান্তত দেৱাল নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰে। তেওঁ নিজৰ প্ৰশাসনৰ বিষয়াসকলক সীমান্ত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে। ট্ৰাম্পৰ মতে, মেক্সিকান সীমান্তত দেৱাল নিৰ্মাণ কৰাটো ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহ, অপৰাধ ৰোধৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ এই কাৰ্যক আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আভ্যন্তৰীণ শৃংখলা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় বুলি উল্লেখ কৰে।
তেওঁৰ মতে, সীমান্তৰ দেৱাল নিৰ্মাণ কৰাটো কেৱল অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ বাবেই নহয়, আমেৰিকাৰ শ্ৰম বজাৰ আৰু আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ বাবেও অপৰিহাৰ্য। তেওঁ কয় যে তেওঁৰ প্ৰশাসনে মেক্সিকান সীমান্তত এখন দেৱাল নিৰ্মাণৰ বাবে অধিক বাজেট আবণ্টন দিয়াৰ কাম কৰিব আৰু প্ৰয়োজনীয় যিকোনো উপায়েৰে ইয়াক কাৰ্যকৰী কৰা হ’ব। উল্লেখ্য যে, আমেৰিকাত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে সদা সৰৱ হৈ আহিছে ডোনাল্ড ট্ৰাম্প। তেওঁ কয় যে তেওঁৰ লক্ষ্যই হৈছে আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰা আৰু অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা, যিটো দেশৰ অৰ্থনীতি আৰু সামাজিক সুৰক্ষাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
ট্ৰাম্প প্ৰশাসনে নিজৰ কাৰ্যবাহী আদেশৰ জৰিয়তে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা ৩০ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ নিৰ্দেশ দিয়ে। ট্ৰাম্পৰ মতে, ইয়াৰ দ্বাৰা আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলা উন্নত কৰাত সহায়ক হ’ব। লক্ষ্যণীয় যে, নিজৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি ট্ৰাম্পে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰকাশ কৰা মতে, তেওঁৰ প্ৰশাসনে শীৰ্ষ অনুপ্ৰৱেশ কৰ্তৃপক্ষৰ জৰিয়তে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰিব। এই পদক্ষেপ আমেৰিকানসকলৰ সুৰক্ষা আৰু দেশৰ কল্যাণৰ বাবে অতি প্ৰয়োজনীয় বুলিও মন্তব্য কৰে ট্ৰাম্পে। এই নীতিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ট্ৰাম্পে কঠোৰতা আৰু ৰাষ্ট্ৰীয় আগ্ৰহৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ
ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লৈয়েই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক প্ৰত্যাহাৰৰ দৰে এক বিতৰ্কিত পদক্ষেপ লয় ট্ৰাম্পে । তেওঁ ঘোষণা কৰে যে বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চীনক পক্ষপাতিত্ব কৰিছিল আৰু সঠিক তথ্য প্ৰদান কৰাত ব্যৰ্থ হৈছিল, যাৰ ফলত বিশ্বৰ বহু দেশৰ প্ৰভাৱ পৰিছে। ট্ৰাম্পৰ মতে, বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ প্ৰতি পক্ষপাতিত্ব কৰি আমেৰিকাৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰিছে।
এই পদক্ষেপৰ জৰিয়তে ট্ৰাম্পে আমেৰিকাৰ স্বাস্থ্যসেৱা ব্যৱস্থাত অধিক স্বাধীনতা আৰু নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিব বিচৰা পৰিলক্ষিত হয়। তেওঁৰ মতে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে জড়িত হৈ আমেৰিকাৰ স্বাৰ্থৰ ক্ষতি হৈছে, আৰু আমেৰিকাক নিজা স্বাস্থ্য ব্যৱস্থা পৰিচালনাৰ ক্ষেত্ৰত অধিক স্বাধীনতাৰ প্ৰয়োজন। ফলত ট্ৰাম্পে আমেৰিকাৰ স্বাস্থ্য সুৰক্ষাৰ বাবে নিজা কৌশল গ্ৰহণৰ দিশত আগবঢ়াৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে ট্ৰাম্পৰ সমৰ্থকসকলে।
ট্ৰাম্পৰ মতে, WHOৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰি দেশখনে নিজৰ স্বাস্থ্য সন্দৰ্ভত স্বতন্ত্ৰ সিদ্ধান্ত ল’ব পাৰিব আৰু আন দেশৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব। তেওঁ এই পদক্ষেপক আমেৰিকাৰ বাবে অধিক কাৰ্যক্ষম আৰু ফলপ্ৰসূ স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাৰ বাবে অপৰিহাৰ্য বুলি অভিহিত কৰে।
ট্ৰাম্পৰ মতে, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাৰ অনুপস্থিতি সংস্থাটোৰ অকাৰ্যকৰীতা আৰু ভুল নীতিৰ পৰিণতি হিচাপে গণ্য কৰা হ’ব। এই সিদ্ধান্তৰ জৰিয়তে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কাম-কাজত আমেৰিকাৰ শক্তিশালী ভূমিকা হ্ৰাস কৰিব বিচাৰিছে।
টিকটকৰ ভিউজে সলনি কৰিলে ট্ৰাম্পৰ দৃষ্টিভংগী
চীনৰ মালিকানাধীন ছ’চিয়েল মিডিয়া কোম্পানী টিকটকক আমেৰিকাত নিষিদ্ধ কৰা আইন সন্দৰ্ভতো স্বাক্ষৰ কৰিছে ট্ৰাম্পে। এতিয়া টিকটক নিষেধাজ্ঞা ৭৫ দিনৰ বাবে পিছুৱাই দিয়া হৈছে। ট্ৰাম্পে কয় যে তেওঁৰ এই আদেশে টিকটকৰ মূল কোম্পানীক আমেৰিকাত এনে এজন অংশীদাৰ বিচাৰিবলৈ অধিক সময় দিব যিয়ে কোম্পানীটোৰ সৰ্বাধিক অংশীদাৰিত্ব ক্ৰয় কৰিব।
উল্লেখ্য যে, প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে টিকটকৰ বিৰুদ্ধে ২০২০ চনত ব্যৱস্থা গ্ৰহণ কৰিছিল ট্ৰাম্পে। সেই সময়ত তেওঁ অভিযোগ কৰিছিল যে টিকটকে আমেৰিকাৰ নাগৰিকৰ তথ্য চীন চৰকাৰক ফাদিল কৰি আছে আৰু ইয়াৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি নামিব পাৰে। টিকটক নিষিদ্ধকৰণৰ সপক্ষে মত ৰাখি ট্ৰাম্পে কৈছিল যে এয়া আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি বিপজ্জনক।
এনে পৰিপ্ৰেক্ষিততে ট্ৰাম্প প্ৰশাসনে প্ৰথম কাৰ্যকালত আমেৰিকাৰ বজাৰত টিকটক নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ পৰাই এই চীনা কোম্পানীৰ প্ৰতি দৃষ্টিভংগী সলনি হয় ট্ৰাম্পৰ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত টিকটকত তেওঁৰ ভিডিঅ’ই মিলিয়ন ভিউজ অতিক্ৰম কৰাৰ পিছত এতিয়া টিকটকৰ ওপৰত আমেৰিকা প্ৰশাসনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ড’নাল্ড ট্ৰাম্পে।
পৰিৱেশ আৰু শক্তি নীতিঃ পেৰিছ চুক্তিৰ পৰা গা এৰা
ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে তেওঁৰ পৰিৱেশ আৰু শক্তি সম্পৰ্কীয় নীতিত বৃহৎ পৰিৱৰ্তন হ’বলৈ ধৰে। বিশেষকৈ পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাই আঁতৰি অহাৰ সিদ্ধান্তৰ বিষয়ে বহুলভাৱে চৰ্চা আৰম্ভ হয়। ২০১৭ চনত তেওঁ এই চুক্তিৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয়, আৰু ২০২৫ চনত পুনৰ এই চুক্তিৰ কথা উল্লেখ কৰে। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে পৰিৱেশবিদসকলৰ মাজত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। তেওঁলোকৰ মতে এই পদক্ষেপে সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব।
অৱশ্যে ট্ৰাম্পৰ সমৰ্থকসকলে এই সিদ্ধান্তক আমেৰিকাৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লয়। ট্ৰাম্পে কয়, “পেৰিছ চুক্তিখন আমেৰিকাৰ উদ্যোগৰ বাবে ক্ষতিকাৰক আৰু ই দেশখনৰ অৰ্থনীতিক পিছুৱাই নিব পাৰে।” তেওঁ আমেৰিকাৰ প্ৰাকৃতিক সম্পদ, বিশেষকৈ তেল, গেছ আৰু কয়লা উদ্যোগত ব্যৱহাৰ বৃদ্ধিৰ পোষকতা কৰে। তেওঁৰ মতে, পেৰিছ চুক্তিখনে সকলো দেশৰ বাবে সমান সুযোগ প্ৰদান কৰা নাই, আৰু উন্নয়নশীল দেশসমূহৰ স্বাৰ্থৰ বাবেও ই বিশেষভাৱে উপকাৰী নহয়।
কিন্তু এই সিদ্ধান্তই আমেৰিকাৰ ৰাজনৈতিক শক্তিসমূহৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে। ট্ৰাম্পৰ সমৰ্থকসকলে তেওঁৰ পৰিকল্পনাক সমৰ্থন কৰাৰ বিপৰীতে বিৰোধীসকলে অভিযোগ কৰিছে যে ইয়াৰ ফলত দেশৰ পৰিৱেশৰ ক্ষতি হ’ব। পৰিৱেশবিদসকলৰ মতে ট্ৰাম্পৰ এই পদক্ষেপ বিপজ্জনক হ’ব পাৰে আৰু জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱ বিশ্বৰ ডাঙৰ ডাঙৰ চহৰবোৰত স্পষ্ট হ’ব পাৰে।
স্বাস্থ্যসেৱা আৰু সামাজিক নীতিৰ পৰিৱৰ্তন
ৰাষ্ট্ৰপতি ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত স্বাস্থ্যসেৱা নীতিত বৃহৎ পৰিৱৰ্তন সাধন কৰে। তেওঁৰ প্ৰশাসনে কয় যে এই নতুন স্বাস্থ্যসেৱা পৰিকল্পনা আমেৰিকাৰ জনসাধাৰণৰ বাবে সুলভ হ’ব আৰু দীৰ্ঘম্যাদীভাৱে দেশখনৰ স্বাস্থ্যসেৱাৰ খৰচ নিয়ন্ত্ৰণলৈ আনিব। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰী ব্যয় হ্ৰাস কৰিবলৈ মেডিকেড আৰু মেডিকেয়াৰৰ বাবে আবণ্টন কৰ্তন কৰাৰ সিদ্ধান্ত লয় ট্ৰাম্পে। তেওঁ কয়, ‘আমি এক ফলপ্ৰসূ, সুলভ মূল্যৰ, আৰু প্ৰতিযোগিতামূলক স্বাস্থ্যসেৱা ব্যৱস্থা সৃষ্টি কৰিব বিচাৰো। তেওঁৰ মতে, স্বাস্থ্যসেৱাক সুলভ কৰি তুলিবলৈ অধিক বজাৰভিত্তিক সমাধান প্ৰৱৰ্তন কৰা হ’ব, যাৰ ফলত ব্যৱস্থাটোৰ কাৰ্যক্ষমতা বৃদ্ধি পাব।
তদুপৰি ট্ৰাম্পে নিজৰ সামাজিক নীতিতো কেইবাটাও সালসলনি কৰিছে। তেওঁৰ প্ৰশাসনে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ লোৱা অন্যতম পদক্ষেপ হৈছে চৰকাৰী স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ পুনৰ্গঠন। তেওঁ দৰিদ্ৰ লোকৰ বাবে স্বাস্থ্যসেৱা অধিক সুলভ কৰি তোলাৰ সমৰ্থন কৰিছে যদিও বিৰোধীসকলে দাবী কৰিছে যে ইয়াৰ দ্বাৰা সকলোৰে বাবে সম সুযোগৰ সৃষ্টি নহ’ব।
ট্ৰাম্পৰ মতে, “জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা ফলপ্ৰসূ কৰি তুলিবলৈ সঠিক বিনিয়োগ আৰু বাজেট পৰিকল্পনা থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ।” তেওঁ ঘোষণা কৰে যে স্বাস্থ্যসেৱা ব্যৱস্থাৰ এই পৰিৱৰ্তন আমেৰিকাৰ জনসাধাৰণৰ বাবে সৰ্বোত্তম হ’ব। তেওঁৰ লক্ষ্য হৈছে চৰকাৰী ব্যয়ৰ বোজা হ্ৰাস কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক কাৰ্যক্ষম কৰি তোলা।
আনহাতে, ট্ৰাম্পৰ সমৰ্থকসকলে দাবী কৰিছে যে সামাজিক নীতিত বৃহৎ পৰিৱৰ্তন আনিবলৈ তেওঁৰ নতুন পদক্ষেপে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত সুৰক্ষা নিশ্চিত কৰিব। তেওঁলোকে কয় যে নতুন স্বাস্থ্যসেৱা পৰিকল্পনা আমেৰিকাৰ নাগৰিকৰ সুবিধাৰ বাবে অধিক ফলপ্ৰসূ হ’ব আৰু চৰকাৰী খৰচো হ্ৰাস কৰিব।
আমেৰিকা চৰকাৰৰ পৰা নোহোৱা হ’ল তৃতীয় লিংগ
ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছতে লিংগ আৰু পৰিচয় সন্দৰ্ভত নতুন নীতি ঘোষণা কৰা হয়। তেওঁ কাৰ্যবাহী আদেশত ঘোষণা কৰে যে আমেৰিকাত কেৱল পুৰুষ আৰু মহিলাকহে আইনী লিংগ হিচাপে স্বীকৃতি দিয়া হ’ব। ট্ৰাম্পৰ মতে, “আমি পৰম্পৰাগত লিংগ নিযুক্তিক সন্মান কৰো, আৰু আমাৰ সমাজত একমাত্ৰ বৈধ লিংগ হ’ব পুৰুষ আৰু মহিলা।” ইয়াৰ জৰিয়তে তেওঁ সমগ্ৰ দেশতে তৃতীয় লিংগৰ বাবে চৰকাৰী কিছু সুবিধাৰ ওপৰত বাধা আৰোপ কৰাৰ কথা ঘোষণা কৰে, যাৰ ফলত এক নতুন বিতৰ্কৰ সৃষ্টি হয়।
ইয়াৰ উপৰিও ট্ৰাম্পে “ডাইভাৰচিটি, ইকুইটি, এণ্ড ইনক্লুজন” (ডিইআই) কাৰ্যসূচীৰ বিৰোধিতা কৰি ৰাজহুৱা খণ্ডত এনে কাৰ্যসূচী বন্ধ কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁৰ প্ৰশাসনে দাবী কৰিছে যে ইয়াৰ দ্বাৰা চৰকাৰে যিকোনো বৰ্ণ আৰু লিংগ বৈষম্য হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণ কৰা হ’ব। ট্ৰাম্পে নিজৰ নীতিৰ জৰিয়তে সামাজিক বৈষম্য হ্ৰাস কৰিব বিচাৰে যদিও একাংশ লোকৰ মতে ই সমাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে।
এই পদক্ষেপৰ জৰিয়তে ট্ৰাম্পে বিভিন্ন সামাজিক প্ৰতিষ্ঠানৰ নীতিৰ পুনৰ মূল্যায়ন কৰে। তেওঁ ৰাজহুৱা খণ্ডত লিংগ আৰু বৰ্ণ বৈষম্য হ্ৰাস কৰাৰ বাবে নতুন পৰিকল্পনা গ্ৰহণ কৰাত সমৰ্থন জনায়, যিয়ে সমাজত শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰিব। অৱশ্যে ট্ৰাম্পৰ বিৰোধীসকলৰ মতে ইয়াৰ ফলত জনসাধাৰণৰ মৌলিক অধিকাৰৰ ক্ষতি হ’ব।
গৃহভূমিৰ নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধিতা
ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তা নীতিত বৃহৎ পৰিৱৰ্তন সাধন কৰে। বিশেষকৈ তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ অতি কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰে। ট্ৰাম্পে তেওঁৰ প্ৰশাসনৰ বিষয়াসকলক আমেৰিকাৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে গৃহভূমিৰ নিৰাপত্তা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আমাৰ দেশৰ সুৰক্ষা সৰ্বোচ্চ গুৰুত্বসহকাৰে সুৰক্ষিত কৰিম বুলিও তেওঁ কয়।
ইয়াৰ উপৰিও ট্ৰাম্পে সামৰিক বাহিনী আৰু সীমান্ত টহলদাৰীক মেক্সিকান সীমান্তত নিৰাপত্তা কটকটীয়া কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ ঘোষণা কৰে যে আমেৰিকাৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ’ব আৰু অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা হ’ব। তেওঁৰ মতে, এই পদক্ষেপে দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
অৱশ্যে ট্ৰাম্পে সন্ত্ৰাসবাদী সংগঠন আৰু উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে তেওঁৰ প্ৰশাসনে নতুন কৌশল গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে। তেওঁ কয় যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিম আৰু আমাৰ সেনাবাহিনীক নতুন সিদ্ধান্ত ল’বলৈ অনুমতি দিম। ইয়াৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়ে।
ডিঅ’জিই, ফেডাৰেল নিযুক্তি, ৱৰ্ক ফৰ্ম হোম আৰু চেন্সৰশ্বিপৰ ওপৰত ট্ৰাম্পৰ নিৰ্দেশ
ট্ৰাম্প প্ৰশাসন আৰম্ভ হোৱাৰ পিছত ডোনাল্ড ট্ৰাম্পে এটা নতুন সংস্থা স্থাপনৰ কথা ঘোষণা কৰে- ডিপাৰ্মমেণ্ট অৱ গৱৰৰ্মেণ্ট এফিচিয়েন্সি (ডিঅ’জিই)। এই সংস্থাৰ মূল উদ্দেশ্য হ’ব আমেৰিকা চৰকাৰৰ খৰচ হ্ৰাস কৰা আৰু প্ৰশাসনিক কাম-কাজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা। ডিঅ’জিইৰ জৰিয়তে ট্ৰাম্পে চৰকাৰী ধনৰ অপচয় ৰোধ কৰাৰ লগতে আমেৰিকা চৰকাৰৰ বিভিন্ন কাৰ্যসূচীক অধিক কাৰ্যক্ষম আৰু ব্যয়বহুল কৰি তুলিব বিচাৰিছে। ট্ৰাম্পে দাবী কৰে যে, “চৰকাৰী ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰিব লাগিব, আৰু এই ব্যৱস্থাই চৰকাৰী ব্যয় নিয়ন্ত্ৰণত ৰাখিব।”
ইয়াৰ উপৰিও ট্ৰাম্পে এই নতুন সংস্থাটোৰ নেতৃত্ব দিবলৈ টেছলা আৰু স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্কৰ নাম প্ৰস্তাৱ কৰিছে। মাস্কক ২০ জনীয়া বিষয়াৰ দলেৰে এটা কাৰ্যালয় দিয়া হ’ব, যাৰ কাম হ’ব চৰকাৰী খৰচ কমোৱা আৰু প্ৰশাসনিক কাম ক্ষিপ্ৰ কৰা। ট্ৰাম্পৰ মতে, মাস্কৰ অভিজ্ঞতা আৰু দক্ষতা এই কামত অত্যন্ত উপকাৰী হ’ব, কিয়নো তেওঁ উচ্চ প্ৰযুক্তি আৰু খৰচ হ্ৰাসৰ বিশেষজ্ঞ। অৱশ্যে মাস্কৰ নতুন ভূমিকাক লৈ বহু প্ৰশ্নৰে উত্থাপন হৈছে।
ইফালে ট্ৰাম্পে আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁ সকলো ফেডাৰেল নিযুক্তিৰ ওপৰত এক প্ৰকাৰৰ মৰেটৰিয়াম আৰোপ কৰিছে। এই সিদ্ধান্ত অনুসৰি সামৰিক বাহিনী আৰু কিছুমান বিশেষ গোচৰৰ বাহিৰে আন সকলো চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া বন্ধ থাকিব। ট্ৰাম্পৰ মতে, ইয়াৰ দ্বাৰা প্ৰশাসনিক কাৰ্যকলাপৰ গতিশীলতা বৃদ্ধি পাব আৰু চৰকাৰী কৰ্মচাৰীৰ মাজত অধিক দক্ষতা আৰু অধ্যৱসায় নিশ্চিত হ’ব। তেওঁ দাবী কৰে যে, “এই পদক্ষেপে প্ৰশাসনিক সংকট ফলপ্ৰসূভাৱে সমাধান কৰাত সহায় কৰিব আৰু দীৰ্ঘম্যাদীভাৱে চৰকাৰৰ কাৰ্য্যকলাপ উন্নত কৰিব।” বিৰোধীৰ মতে এই সিদ্ধান্তই চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া স্তব্ধ কৰিব পাৰে, কিন্তু ট্ৰাম্প সমৰ্থকসকলে ইয়াক সময়োপযোগী পদক্ষেপ হিচাপে অভিহিত কৰিছে।
ইয়াৰ উপৰিও ট্ৰাম্পে নতুন নিৰ্দেশনা জাৰি কৰিছে, যাৰ জৰিয়তে তেওঁ সকলো ফেডাৰেল কৰ্মচাৰীক কাৰ্যালয়ত কাম কৰিবলৈ আহিবলৈ নিৰ্দেশ দিছে। "ওৱৰ্ক ফ্ৰম হোম" অনুমতি এই নিৰ্দেশনাৰ অন্তৰ্ভুক্ত নহ'ব। ট্ৰাম্পৰ মতে, ইয়াৰ দ্বাৰা চৰকাৰী কামৰ প্ৰতি অধিক নিষ্ঠা আৰু দক্ষতা বৃদ্ধি পাব আৰু কৰ্মচাৰীসকলৰ দায়িত্ববোধ বৃদ্ধি পাব। দৰাচলতে চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ত কাম কৰিবলৈ দেখা নোপোৱালৈকে চৰকাৰৰ কাম-কাজ অধিক ফলপ্ৰসূ কৰি তোলা সম্ভৱ নহয়। এই সিদ্ধান্তক চৰকাৰী কৰ্মচাৰীৰ বাবে এক বৃহৎ পৰিবৰ্তন হিচাপে গণ্য কৰা হৈছে আৰু ইয়াৰ ফলত চৰকাৰী কামৰ গতি দ্ৰুত হ’ব বুলি আশা কৰা হৈছে।
অন্যহাতে পূৰ্বৰ প্ৰশাসনৰ সময়ত গ্ৰহণ কৰা ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিছে ট্ৰাম্পে। এই আদেশত উল্লেখ কৰা হৈছে যে ন্যায় বিভাগ, ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন, আৰু ফেডাৰেল ট্ৰেড কমিছনৰ বিষয়াসকলৰ তদন্ত কৰা হ’ব। ট্ৰাম্পৰ প্ৰথম কাৰ্যকালতো চৰকাৰী সংস্থাসমূহৰ ওপৰত তদাৰকী বৃদ্ধিৰ আহ্বান জনাইছিল। এতিয়া ট্ৰাম্পে পুনৰ এটৰ্নী জেনেৰেলক চৰকাৰী বিষয়াৰ ওপৰত কঠোৰ চোৰাংচোৱাগিৰি চলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও ট্ৰাম্পে নতুন আদেশো জাৰি কৰিছে, যাৰ জৰিয়তে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰিব। অৱশ্যে এই আদেশৰ সবিশেষ এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে ২০২১ চনৰ ৬ জানুৱাৰীত কেপিটেল হিলত সংঘটিত হোৱা আক্ৰমণত গ্ৰেপ্তাৰ হোৱা প্ৰায় ১৫০০ সমৰ্থকক ক্ষমা প্ৰদানৰ নিৰ্দেশ দিয়ে ডোনাল্ড ট্ৰাম্পে। তেওঁ একাধিকবাৰ দাবী কৰিছিল যে এই সমৰ্থকসকলক ‘পণবন্দী’ কৰি ৰখা হৈছে। এই আক্ৰমণৰ পিছত চৰকাৰী বিষয়াক আক্ৰমণ বা বাধা দিয়াৰ অভিযোগত প্ৰায় ৬০০ লোকক গ্ৰেপ্তাৰ কৰা হয়। ট্ৰাম্পৰ এই নিৰ্দেশত ক্ষমা লাভ কৰাসকলৰ ভিতৰত আছে সোঁপন্থী সংগঠন ‘অথ কীপাৰ’ আৰু ‘প্ৰাউড বয়ছ’ গোটৰ সদস্য, যিসকলে কম আস্থা আৰু দেশদ্ৰোহৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল। এই ঘটনাৰ বাবে প্ৰাউড বয়ছৰ প্ৰাক্তন নেতা হেনৰী তাৰিকক ২২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল যদিও তেওঁৰ অধিবক্তাই দাবী কৰিছে যে এতিয়া হেনৰীক মুকলি কৰি দিব পৰা যাব।
একে সময়তে, প্ৰশাসন আৰম্ভ কৰাৰ পিছৰে পৰা ট্ৰাম্পে সাধাৰণ মানুহৰ জীৱন-যাপনৰ ব্যয় বৃদ্ধিৰ নিৰ্দেশতো স্বাক্ষৰ কৰিছে যদিও এই সন্দৰ্ভত অধিক বিশদ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। এই আদেশৰ জৰিয়তে তেওঁ ৰাইজৰ বাবে অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰাৰ বাবে পদক্ষেপ ল’ব বিচাৰিছে যদিও ইয়াৰ ব্যৱহাৰিক প্ৰভাৱ এতিয়াও স্পষ্ট হোৱা নাই।
ইয়াৰ উপৰিও ট্ৰাম্পে ‘ৰাষ্ট্ৰীয় শক্তি জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰি আমেৰিকাৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ পুনৰ ভৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলাস্কাত তেল আৰু গেছ আহৰণৰ বাবে তেওঁ নতুন আদেশত স্বাক্ষৰ কৰিছে, যাৰ জৰিয়তে তেওঁ দেশখনৰ শক্তি খণ্ডত অধিক গুৰুত্ব দিব বিচাৰিছে। ট্ৰাম্পে কয় যে তেওঁ আমেৰিকাত অধিক ড্ৰিলিং আৰম্ভ কৰিব বিচাৰে।
ট্ৰাম্পে বাইডেন প্ৰশাসনৰ ‘গ্ৰীণ নিউ ডিল’ পদক্ষেপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কয় যে আমেৰিকাই আৰু উইণ্ড ফাৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে। এই পদক্ষেপৰ জৰিয়তে তেওঁ নবীকৰণযোগ্য শক্তিৰ পৰিৱৰ্তে পৰম্পৰাগত শক্তিৰ উৎসৰ ওপৰত গুৰুত্ব দি দেশখনক পুনৰ শক্তি নিৰ্ভৰশীল কৰিব বিচৰা বুলি মন্তব্য কৰে।
বাইডেনৰ নীতি বাতিল কৰাৰ নিৰ্দেশ
ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত ডোনাল্ড ট্ৰাম্পে তেওঁৰ পূৰ্বৰ জো বাইডেনে লাগু কৰা প্ৰায় ৮০টা নিয়ম বাতিল কৰি কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে। এই আদেশত কি কি নিয়ম বা আইন অন্তৰ্ভুক্ত কৰা হৈছে সেই বিষয়ে যদিও ট্ৰাম্পে বিশেষভাৱে কোৱা নাই, তথাপিও তেওঁৰ এই পদক্ষেপে স্পষ্ট কৰি দিছে যে তেওঁ বাইডেনৰ নীতি সলনি কৰিবলৈ বদ্ধপৰিকৰ। ট্ৰাম্পৰ লক্ষ্য হৈছে তেওঁৰ প্ৰশাসনে বাইডেনৰ সিদ্ধান্তৰ বিপৰীতে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ সৈতে মিল থকা নতুন নিৰ্দেশনা সৃষ্টি কৰা।
ইয়াৰ উপৰিও ট্ৰাম্পে নতুন আদেশো জাৰি কৰিছে, যাৰ জৰিয়তে তেওঁ সকলো ফেডাৰেল সংস্থাক নতুন নিয়ম সৃষ্টিৰ পৰা বিৰতি দিছে। এই আদেশ ট্ৰাম্প প্ৰশাসন সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱালৈকে কাৰ্যকৰী হৈ থাকিব, অৰ্থাৎ তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱালৈকে কোনো নতুন চৰকাৰী নিয়ম কাৰ্যকৰী নহ’ব। এয়াই ট্ৰাম্পৰ উদ্দেশ্য, যাতে তেওঁৰ প্ৰশাসনে তেওঁলোকৰ এজেণ্ডা কাৰ্যকৰী কৰিবলৈ সময় পায় আৰু পুৰণি নিয়মসমূহ পুনৰ কঠোৰভাৱে বলবৎ কৰিব পাৰে।
এই নিৰ্দেশৰ জৰিয়তে ট্ৰাম্পে মূলতঃ বাইডেন প্ৰশাসনৰ নীতিৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে। তেওঁ স্পষ্টকৈ কয় যে তেওঁৰ চৰকাৰে নতুন দিশত কাম কৰিব, যিটো দেশৰ বাবে অধিক লাভজনক আৰু শক্তিশালী হ’ব৷