
বঙাইগাঁওঃ এটি কুকুৰাৰ বাবে দেওবাৰে উত্তপ্ত হৈ পৰিল বঙাইগাঁও জিলাৰ মাণিকপুৰ থানা। কুকুৰাটোৰ বাবেই স্থানীয় একাংশ লোকে ঘেৰাও কৰে থানা।
আৰক্ষী থানাত হুলস্থুল লগাবলৈ সমৰ্থ হোৱা এই প্ৰভাৱশালী কুকুৰাটোৰ গৰাকী হৈছে মহিলা বিবি নামৰ এগৰাকী মহিলা। এই কুকুৰাটোৱে হৈছে মহিলা বিবিৰ একমাত্ৰ কুকুৰা।
প্ৰাপ্ত বাতৰি মতে, থানাখনৰ অন্তৰ্গত ২নং পাটকাটা গাঁৱৰ আনোৱাৰ আলী নামৰ লোকজনৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বিবিৰ কুকুৰাটোৱে কিছু ক্ষতিসাধন কৰে। ইয়াতে ক্ষুণ্ণ হৈ পৰে আনোৱাৰ। প্ৰথমে আনোৱাৰে বিবিৰ সৈতে লিপ্ত হয় কাজিয়াত।
পিছত কাজিয়াই মাৰ-পিটৰ ৰূপ লয়। আগপিছ নাভাবি কুকুৰাটোৱে ঘৰত প্ৰৱেশ কৰাক লৈয়ে আনোৱাৰে বিবিক প্ৰহাৰ কৰে। আনোৱাৰৰ প্ৰহাৰত বিবি সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে আৰক্ষী থানাত উপস্থিত হৈ আনোৱাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু ঘটনাৰ চাৰিদিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে অভিযুক্ত আনোৱাৰ আলীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি অসুস্থ মহিলা বিবিক লৈ গাঁওখনৰ প্ৰায় ডেৰ শতাধিক লোকে থানা ঘেৰাও কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
প্ৰতিবাদকাৰী গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষীয়ে আচামীজনৰ লগত বুজাবুজি কৰি কৰায়ত্ত কৰাৰ পৰা বিৰত আছে। কিন্তু আৰক্ষীয়ে এই অভিযোগক পোনছাটেই নাকচ কৰি অভিযুক্ত আনোৱাৰৰ সন্ধান অব্যাহত ৰখা বুলি জনায়।
ঘটনা সন্দৰ্ভত অভিযোগকাৰীয়ে দিয়া গোচৰৰ ভিত্তিত ২০৫/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰা হৈছে বুলিও মাণিকপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক জানিবলৈ দিয়ে। অভিযুক্ত আনোৱাৰে চিৰাং জিলাৰ কোনো এক ভিতৰুৱা অঞ্চললৈ পলায়ন কৰা বাবেই কৰায়ত্ত কৰাত সময় লাগিছে বুলিও আৰক্ষীয়ে সদৰী কৰে।
অৱশেষত আৰক্ষীয়ে অভিযুক্ত আনোৱাৰক শীঘ্ৰে কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আৰক্ষীৰ পৰা এই প্ৰতিশ্ৰুতি লাভ কৰি থানা ঘেৰাও কাৰ্যসূচী উঠাই লৈ ঘৰমুৱা হয় প্ৰতিবাদকাৰীসকল।