নাওকাটাঃ গোৰেশ্বৰৰ নাওকাটাৰ আমতলত তীব্ৰবেগী যাত্ৰী বাহী বাছ দুৰ্ঘটনাত পতিত হৈ কেইবাজনো লোক গুৰুতৰভাবে আহত হয়।
জানিব পোৱা মতে বাক্সাৰ নাওকাটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS-12-A-3787 নম্বৰৰ ৰামকৃষ্ণ নামৰ বাছখন নাওকাটাৰ আমতলত বাগৰি পৰাৰ ফলত ৯ গৰাকী লোক গুৰুতৰভাবে আহত হয়৷
৯ গৰাকী গুৰুতৰভাবে আহত যাত্ৰীক নাওকাটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে আৰু অচ্যুত কলিতা আৰু দময়ন্তী কলিতা নামৰ লোক দুগৰাকী লোকক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।
নাওকাটাৰ পৰা গুৱাহাটী অভিমুখে AS-12-A-3787 নম্বৰৰ ৰামকৃষ্ণ নামৰ বাছখনে ২৫ গৰাকী যাত্ৰী লৈ আহি তীব্ৰ গতিত আহি আছিল৷
বাছখনৰ চালকে আন এখন যাত্ৰী বাহী বাছৰ সৈতে খেদা-খেদি কৰাৰ ফলত বাছখন বাগৰি পৰা বুলি অভিযোগ উত্থাপন হৈছে৷